এলিনা বৰুৱা
কার্টুননো কাৰ প্ৰিয় নহয়? শিশুৰ পৰা বৃদ্ধ বয়সৰ সকলো লোকে কার্টুন চাই ভাল পায়। কিন্তু আমি অভিভাৱকসকল অলপ সজাগ নহয় জানো!! কাৰণ বেছিকৈ টিভি, ম’বাইলত ব্যস্ত হৈ থাকিলে শিশুসকলৰ চকুৰ লগতে শাৰীৰিক দিশত যথেষ্ট ক্ষতি হয়। কিন্তু মই কোনো শিশু বিশেষজ্ঞ নহয়। এজন আপোনাৰ দৰেই সাধাৰণ অভিভাৱকহে। প্রত্যেক বস্তুৱেই ধনাত্মক-ঋণাত্মক দুয়োটা দিশেই থাকে। তাৰে ধনাত্মকখিনি বাছি লৈ নিজৰ শিশুটিক কেনেকৈ আগবঢ়াই নিওঁ, তাৰেই আমাৰ সকলো অভিভাৱকৰ চিন্তা। নহয় জানো? কার্টুনে শিশুৰ সংবেদনশীল মনটোত যথেষ্ট প্ৰভাৱ পেলায়।
কার্টুন চোৱাৰ কিছু ধনাত্মক দিশো আছে। কিন্তু আপুনি বা আপোনাৰ শিশুটিয়ে কেনেধৰণৰ কাৰ্টুন উপভোগ কৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব । বিশেষকৈ কার্টুনে মানসিক, সামাজিক বুদ্ধিমত্তাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়। যেনেধৰক—
সৃষ্টিশীলতা আৰু কল্পনাশক্তি বৃদ্ধিঃ
কার্টুনত প্ৰায়ে কল্পনাতীত জগত এখনৰ কথা, কাল্পনিক চৰিত্ৰ আৰু দৃশ্যপট সৃষ্টি কৰা দেখা যায়, যিয়ে শিশু আৰু প্রাপ্তবয়স্কক সমানেই সৃষ্টিশীলভাৱে চিন্তা কৰিবলৈ আৰু দৈনন্দিন জীৱনৰ বাহিৰৰ জগতখনক কল্পনা কৰিবলৈ অনুপ্ৰাণিত কৰে ।
শিক্ষামূলক আহিলাঃ
কিছুসংখ্যক কার্টুন শিক্ষামূলক বিষয়ক প্রাধান্য কৰি ডিজাইন কৰা হয়, সংখ্যা, আখৰ, ৰং, আনকি বিজ্ঞান আৰু ইতিহাস আদিৰ ধাৰণা ও সহজভাৱে শিকোৱা হয়। জীৱনৰ মূল্যবোধৰ আভাষ দিয়ে যেনে- সমনীয়াৰ লগত ভাগ- বাটোৱাৰা কৰিবলৈ শিকা, দলীয় কাম, সমস্যা সমাধান ইত্যাদি ইত্যাদি। তাৰে এটা উৎকৃষ্ট উদাহৰণ হ’ল . ‘ড’ৰেমন’ (Doraemon) ৰ মূল স্রষ্টা জাপানৰ ফুজিকো এফ ফুজিঅ’ৰ (Fujiko F Fujio), ভাৰতীয় মূলৰ ‘চোটা ভিম’ (Chota bhim) আৰু অনেক আছে। কার্টুনে শিশুৰ চিন্তা আৰু যুক্তি, দৃশ্য আৰু শ্ৰৱণ প্ৰক্ৰিয়াকৰণ আৰু মনোযোগ বিকাশত সহায় কৰিব পাৰে।
ভাষাৰ বিকাশঃ
কার্টুনে শিশুসকলৰ শব্দভাণ্ডাৰ আৰু ভাষাৰ দক্ষতা গঢ়ি তোলাত সহায় কৰে।
সাংস্কৃতিক সজাগতাঃ
বিশ্বৰ বিভিন্ন প্ৰান্তৰ কাৰ্টুনে দর্শক তথা শিশুৰ মাজত বিভিন্ন সংস্কৃতি, পৰম্পৰা আৰু দৃষ্টিভংগীৰ সৈতে পৰিচয় কৰাই দিয়ে। মানসিক চাপৰ পৰা উপশম আৰু শিথিলতা কাৰ্টুনৰ হাস্যৰস আৰু লঘুতাই সকলো বয়সৰ লোকৰ বাবে সকাহ আৰু শিথিলতাৰ অনুভূতি প্রদান
কৰে।
মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱঃ
কাৰ্টুনৰ হাস্যৰস সমাদৃত চৰিত্ৰসমূহে আমাক হাঁহিৰ খোৰাক জগাই মানসিক চাপৰ পৰা কিছো মুহূৰ্তৰ কাৰণে উপশম ঘটায় আৰু সপৰিয়ালে কার্টুন উপভোগে পাৰিবাৰিক বন্ধন অটুট ৰাখে ৷
সামাজিক দক্ষতা আৰু সহানুভূতিঃ
কার্টুনত প্ৰায়ে বন্ধুত্ব,পাৰিবাৰিক সম্পৰ্ক আৰু নৈতিকতাৰ পাঠ প্ৰদৰ্শন কৰা হয়। চৰিত্ৰৰ পাৰস্পৰিক ক্রিয়াকলাপ পর্যবেক্ষণ কৰিলে দর্শকে সামাজিক ৰীতি-নীতি, সহানুভূতি আৰু আৱেগিক বুদ্ধিমত্তাৰ এক আভাষ পায় ৷
ইতিবাচক মূল্যবোধঃ
কার্টুনে দয়া, সততা, সাহস আৰু অধ্য ৱসায়ৰ দৰে বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে দৰ্শকক এই ইতিবাচক মূল্যবোধসমূহ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে ।
বুদ্ধিমত্তাৰ বিকাশঃ
কার্টুনত সমস্যা সমাধান আৰু কাহিনীভাগ জ্ঞানমূলকভাৱে বুজন ক্ষমতা বিকাশত সহায় কৰে। ইয়ে শিশুৰ স্মৃতিশক্তি প্ৰখৰ আৰু যুক্তিৰ দক্ষতা বৃদ্ধি কৰে।
আত্মবিশ্বাস গঢ়ি তোলাঃ
শিশুসকলৰ মাজত আত্মবিশ্বাসৰ গঢ় দিয়াটো নিতান্তই আৱশ্যকীয়। অধ্যয়ন, ক্রীড়া, নৃত্য,গীত, অভিনয় আদি কলাসমূহত নিজকে আত্মপ্রকাশ কৰিবলৈ অনুপ্ৰাণিত কৰে।
সামগ্রিকভাৱে কার্টুনে মনোৰঞ্জন আৰু শৈক্ষিক মূল্যৰ এটি মিশ্রণ প্ৰদান কৰে, যিয়ে সকলো বয়সৰ ব্যক্তিৰ মাজত মানসিক, সামাজিক আৰু আৱেগিক বিকাশৰ মূল্যবোধ জগাই তোলে।
ফোন : ৭৮৯৬৭-৪৫২১৯
Comments are closed, but trackbacks and pingbacks are open.