মনোজ কুমাৰ ডেকা
ঝিলীৰ মাতত গভীৰ হোৱা সন্ধিয়াত
এগৰাকী ঋষি, মই আৰু মোৰ ভাষা…!
ড° প্রমোদ চন্দ্র ভট্টাচাৰ্যক সকলোৱে নাইবা অধিকাংশ মানুহেই জানে। চিনি পায়। পণ্ডিত ব্যক্তিগৰাকীয়ে অসমৰ অন্যতম প্রাচীন জনগোষ্ঠী, বড়োসকলৰ ভাষাৰ নিয়মমাফিক অধ্যয়ন কৰিছিল। বড়ো ভাষাৰ বিজ্ঞানসন্মত অধ্যয়ন কৰা তেওঁ প্ৰথম ব্যক্তি। তেওঁৰ অধ্যয়নে বড়ো ভাষাক প্রাণ দিছিল ৷ এই কথা বড়ো সমাজেও স্বীকাৰ কৰে।….
ভট্ট ছাৰৰ সৈতে কথা পাতোঁতে ওলাইছিল, ভাষাৰ মৃত্যুৰ প্ৰসংগ। চানমাৰিৰ ঘৰত এই বিষয়ে সোধোঁতে কৈছিল— ‘ভাষাৰ জীৱন নিৰ্ভৰ কৰে জাতিটোৰ ওপৰত। জাতিটোৱে ভাষাটোক কিমান ভাল পায়, তাৰ ওপৰত ৷ জাতিটোৱে ভাষাটোৰ কিমান যত্ন লয় তাৰ ওপৰত ।… মৃত্যুমুখী বুলি বহুতেই ভবা বা কোৱা বহুতকেই আচৰিত কৰি বড়ো ভাষা জাতিষ্কাৰ হৈছিল, জাতিটোৰ ভালপোৱাৰে। সেই ভাষাৰ সৃষ্টিয়ে পৰৱৰ্তী সময়ত আঁজুৰি আনিছিল ৰাষ্ট্ৰীয় সন্মান। আজিও আনিছে! ভৱিষ্যতেও আনিব।’
কথাষাৰ কোৱাৰ এটি কাৰণ আছে। কাৰণটো হ’ল, এটা জাতি জীয়াই থাকে ভাষাৰে। নিজৰ কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰা, লোক-বিশ্বাস, লোক-সংগীত আদিৰে। যি জাতিয়ে নিজৰ ভাষাৰ, নিজৰ লোক-সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰা, বিশ্বাস আদিৰ যত্ন নলয় সেই জাতি নিশ্চিহ্ন হয়। হ’ব পাৰে। কাৰণ, ৰীতি-নীতি, পৰম্পৰা, লোক-বিশ্বাস, কৃষ্টি-সংস্কৃতিত জাতিৰ পৰিচয় লিখা থাকে ৷
সেয়ে, কোনোবাই যেতিয়া চাইকেলৰ পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি ভণ্টিৰ ঘৰৰ আগেৰে ঘনাই অহা-যোৱাই কৰি থাকে বা শ্বিলঙলৈ গৈ টেক্সিত বহি মাথোঁ ছেলফি উঠে তেতিয়া ভয় হয় । ভাষাই আমাৰ হৃদয়লৈ, মন-মগজুলৈ চিন্তাৰ খোৰাক একো কঢ়িয়াই অনা নাই নেকি বুলি…! আমাৰ শব্দই আমাক অর্থ দিয়া নাই নেকি বুলি! ৰাজ্যখনত প্ৰায় ডেৰকুৰি, উত্তৰ-পূবত প্রায় দুইশ পঞ্চাশটা জাতি-জনগোষ্ঠী, তেওঁলোকৰ নিজস্বতা দেখুৱাব পৰাকৈ সকলো থকাৰ পিছত আমাৰ ভাষাই গীতত কিয় সেইবোৰ প্ৰকাশ কৰিব নোৱাৰে? এনেকৈ জাতি থাকেনে?
বোধকৰো নাথাকে। কাৰণ, ভাষাত আৱেগ থাকে। আৱেগত থাকে সৃষ্টিৰ অপাৰ সম্ভাৱনা ।
যদি মনত পেলায় দেখিব, ভূপেন ককাইদেৱে নিজৰ গীতত মিচিংসকলৰ ‘পেম্পা’টোক তেনেকৈয়ে আলফুলে ৰাখিলে। অখণ্ড অসমৰ দাবীত ফটা ভাষণ দিয়া বহুতেই মিবু গালুকক আজিও নিচিনিলে। এন্ধাৰ আঁকা মেখেলাখন আজিও নেদেখিলে…!
আমাৰ লিখকে কাকো নেদেখিলে। একো নেদেখিলে।
ভূপেন ককাইদেৱে সকলোকে চিনিলে, মূৰত বুকুত বা গীতত তুলিলে। সেয়ে তেওঁক সকলো জাতি-জনগোষ্ঠীয়ে মৰম দিলে।
দেৰিকৈ হ’লেও আমি কথাবোৰ ভবা ভাল!!!!
চানমাৰিৰ তীৰ্থনাথ শৰ্মা প্রেক্ষাগৃহ। সন্ধিয়া সময়। মঞ্চৰ একোণত লোক-সংগীতৰ গৱেষক, পণ্ডিত ড° বীৰেন্দ্ৰ নাথ দত্ত। একাষে গায়ক- গায়িকা। উঠিছে, ছাৰে গোৱা বিভিন্ন গীত গাইছে… নামিছে। ছাৰে চকু মুদি শুনিছে। ড° প্রদীপ মহন্তই আঁত ধৰিছে।…
বাহিৰত ঝিলীৰ মাত। সেই মাতত গভীৰ হৈছে নিৰ্জনতা…
“ঝিলীৰ মাতে
গভীৰ কৰে নিৰ্জনতা
নির্জনতাই মনত পেলায়
আইৰ কথা
আইৰ কথাই জ্বলাই মনত
দীপৰ শিখা
দীপৰ শিখাত তুলসী তলৰ
পৱিত্ৰতা…!”
-শুনিলেই শাঁত পৰে বুকু। ধৰি লওক আহাৰ মাহৰ দেওবাৰৰ দুপৰীয়া। ভাত পানী খাই অকণ বহিছে। কাষত ৰেডিঅ’টো। তেনেতে নাৰিকলৰ পাতত পৰি কা কা কা কৈ মাতিছে এজনী কাউৰীয়ে ৷ কাউৰীৰ মাতত দুপৰীয়াবোৰ বেছি শুকান নহয়নে? ইয়াত ঝিলীৰ মাতত গভীৰ হৈছে নিৰ্জনতা। সেই নিৰ্জনতাত উটি গৈছে দূৰলৈ বিয়া হোৱা ছোৱালীজনী। নিৰ্জনতাৰ সুযোগ লৈ দৌৰি আহিছে স্মৃতি। মাকলৈ মনত পৰিছে। মাকৰ স্মৃতিয়ে চাকিৰ পোহৰৰ দৰে পোহৰাইছে মন। সেয়া যেন তুলসী তলৰ পৱিত্ৰতা। মায়াময় আত্মিক সমন্ধ।…
তাৰ পিছত ? তাৰ পিছত ক্ৰমশঃ আগবাঢ়ি আহিছে চহৰখন… ঝিলি… দুপৰীয়া… নিজানৰ বাঁহী…!
‘কোলাহলৰ চহৰখনিত
ঝিলি আহি
দুপৰীয়া বজাই গ’লি
নিজান বাঁহী…..
কোন জনমৰ অৰণ্যখন
উঠিল ভাহি
কাৰ বাবে মোৰ আলিংগনৰ
ব্যাকুলতা…’
তাৰ পিছত? তাৰ পিছত, বড়োসকলৰ পৰম্পৰাগত সুৰে আগুৱাই আনিছে গীতৰ পিছৰ কথাংশক… ভাৱ নাইবা চিন্তাক । এখোজ দুখোজকৈ….
‘অৰণ্যৰে এটি কোণত
আমাৰ পঁজা
পানী পতাত দুলি আছে
পখীৰ সজা
নিমাত নিতাল নিকা
চোতাল ঘৰ
ঝিলীৰ মাতত আইৰ প্ৰাণৰ
আকুলতা…!’
শুনিলে আপুনি বুজিব। অনুভৱ কৰিব। আপুনি অনুভৱ কৰিব কিমান শক্তিশালী আমাৰ ভাষা। কিমান ধনী আমাৰ শব্দ ।
দত্ত ছাৰে তেওঁৰ গীতসমূহত সংগীতৰ বিভিন্ন ধাৰাৰ সম্পৰীক্ষা কৰিছিল। ছাৰৰ গীতত আছিল তেওঁৰ সাধনাৰ সত্তা। ছাৰে কৈ গৈছিল গীতৰ আঁৰৰ কথা ।
ছাৰে কৈছিল— ‘এই গীতটোত যে শিৱৰঞ্জনী বুলি এটি ৰাগ নিহিত হৈ আছে মই নাজানিছিলো। গানটো লৈ অহাৰ সময়ত মই আলোড়িত হৈ আছিলোঁ। গানটোৰ বাবে এটা উপযুক্ত সুৰ কিবা এটা হ’ব লাগে। কিন্তু মই নাজানো কি হ’ব সেই সুৰ! সেই সময়ত আমাৰ স্নাতকোত্তৰ শাখাৰ এজনী ছোৱালীয়ে গোৱা ভজন এটি মই শুনিছিলোঁ। সেই ভজনৰ সুৰটোৱে মোৰ ভিতৰখন আলোড়িত কৰিছিল। কিবা এটা যেন বিচাৰি পাইছোঁ। …মই ঘৰলৈ আহি আকৌ চেষ্টা কৰোঁ। কি হ’ব পাৰে! মই আকৌ এবাৰ বেলেগত শুনিছিলো সেই একেই সুৰ…! হাহাকাৰ লাগিছিল মোৰ। মই পিছত ৰেডিঅ’লৈ গাব গৈছিলোঁ। কলিকতা। তেতিয়া ৰেকৰ্ডিং প্রায় নহৈছিল। …মই পোনতে গালো, লক্ষহীৰা বাইদেউৰ –বন্ধু হে মোৰ ক্ষমিবা যতেক হৃদয়ৰ ব্যাকুলতা! তাৰ পিছত এইটো । মই গাৱতে শিৱেশ বোশ, তেতিয়াৰ প্ৰখ্যাত সৰোদবাদক, তেওঁ ক’লে, এয়া শিৱৰঞ্জনী… তুমি গোৱা, মই বজাম! মই তেতিয়ালৈ সেই ৰাগৰ কথা নাজানিছিলোঁ। মই শাস্ত্রীয় সংগীতৰ বহু কথা নজনাকৈ এই ৰাগৰ ব্যৱহাৰ কৰিছিলোঁ । ….
বহুসময়ত শাস্ত্রীয় সংগীত নজনাটো ডাঙৰ বিষয় হৈ নাথাকে। ডাঙৰ বিষয় কথা, সুৰ, শব্দ, উচ্চাৰণ। লেখকৰ ভাষাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু চিন্তাই কোনো কণ্ঠক প্ৰদান কৰিব পাৰে বিৰাট শকতি। যিয়ে জাতিক সমৃদ্ধ কৰে ।
মই কথাবোৰ শুনিছিলোঁ। ছাৰে কেতিয়াবা চকুমুদি, কেতিয়াবা হাঁহি কেতিয়াবা হাত মেলি আঙুলি টোঁৱাই ব্যাখ্যা কৰিছিল গীতৰ কথা। মই অপলক চকুৰে চাইছিলো। আমাক সমৃদ্ধ কৰা কথাবোৰ বুটলিছিলোঁ…!
ফটো লৈছিলোঁ।
সেয়া আছিল ঝিলীৰ মাতত গভীৰ হোৱা সন্ধিয়াৰ ফটো। নিৰ্জনতাত ডুবি তিতিবুৰি থকা এগৰাকী ঋষিৰ ফটো….!
Comments are closed, but trackbacks and pingbacks are open.