দৈনিক ৰাশিফল ২ মাৰ্চ ২০২৬

33

১৭ ফাগুন, সোমবাৰ , ইং ২ মাৰ্চ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব,মনত সুখ শান্তি বাঢ়িব লগতে আজি খেতিয়ক সকলৰ ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, কৰ্ম স্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপুনি প্ৰতিভা বিকাশৰ সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ ব্যস্ততা বাঢ়িব যদিও আজি আপুনি কৰ্মত সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, ধন- সম্পত্তি সঞ্চয় বাঢ়িব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কৰ্মৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ’লে মনত সৰু সুৰা চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আৰু কৰ্মত শুভ বুলি কব পাৰি, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপুনি সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি চিকিৎসকৰ ক্ষেত্ৰত সজাগ নহ’লে সামান্য খেলিমেলিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে, লগতে আজি আপোনাৰ দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত খেতিয়ক সকলৰ মনত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহয় সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলিমেলিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে মনত ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত মনত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে খৰচ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, লগতে আজি আপোনাৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.