অজন্তা উপমন্যু
ছালৰ নানান সমস্যাৰ ভিতৰত শালমনৰ সমস্যাও অন্যতম।
শালমন হ’লে গোটেই মুখমণ্ডলত নাইবা মুখৰ এটা অংশত সৰু সৰু ফোঁহা হয়। ছাল ৰঙা পৰে আৰু সামান্য বিষ অনুভৱ হয়। শালমন বিশেষকৈ বয়ঃসন্ধি কালত বেছি হয়। এই সময়ত হৰমনৰ তাৰতম্য ঘটে। ছাল বেছি তৈলাক্ত হয় আৰু তেতিয়াই শালমন বেছি হয়। ছালত উৎপাদন হোৱা স্বাভাৱিক তেল নোমকূপৰ দ্বাৰা ছালৰ উপৰিভাগলৈ বিয়পি পৰে। এনে ছাল সঘনাই পৰিষ্কাৰ কৰি নাথাকিলে নোমৰ গুৰিত লাগি থকা তেলত বাহিৰৰ ধূলি-বালি আৰু বীজাণু জমা হৈ শালমনৰ সৃষ্টি কৰে। ছালৰ উপযোগী ফেচৱাচৰ সহায়ত ছাল পৰিষ্কাৰ কৰি ৰাখিব লাগে ।
অতিমাত্ৰা জাংকফুড আৰু বজাৰৰ ঠাণ্ডা পানীয় সেৱনৰ ফলতো শালমন বেছি হয়। ৰিফাইন খাদ্য, ময়দাৰে তৈয়াৰ কৰা খাদ্য দ্রব্য, মিঠাই, কেক, পেষ্ট্রি, চকলেট, আইচক্ৰীম আদি কমাই খোৱা উচিত। ঘৰতে তৈয়াৰ কৰা ফলৰ ৰস, বতৰৰ শাক- পাচলি, টেঙা, তিতা আদি খাব লাগে। অতিমাত্রা তেলত ভজা খাদ্য পৰাপক্ষত নোখোৱাই ভাল ।
কষ্টিপেচনৰ সমস্যা থাকিলেও শালমন হ’ব পাৰে। পেটত জমা হৈ থকা বেয়া পদাৰ্থৰ পৰা পেটৰ সমস্যাৰ সৃষ্টি কৰে আৰু তাৰ ফলত শালমন হ’ব পাৰে। অধিক পৰিমাণে পানী আৰু আঁহযুক্ত খাদ্য খালে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। পানীয়ে শৰীৰৰ টক্সিন ভাগ উলিয়ায় পেট পৰিষ্কাৰ কৰি ৰাখে। ইয়াৰ উপৰি সঘনাই টোপনি খতি কৰিলেও শালমনৰ সমস্যা হ’ব পাৰে।
কেতিয়াবা আকৌ অধিক প্রসাধন সামগ্রী ব্যৱহাৰৰ পৰাও শালমন হয়। ৰাতি শোৱাৰ আগত প্ৰসাধন সম্পূৰ্ণ পৰিষ্কাৰ কৰিহে শুব লাগে। তেজ পৰিষ্কাৰ হৈ থাকিলে শালমনৰ সমস্যাই দেখা দিব নোৱাৰে ৷ তেনে ক্ষেত্ৰত খাদ্য তালিকাত সপ্তাহত এদিনকৈ হ’লেও টেঙা, তিতা, খাৰ আদি অন্তৰ্ভুক্ত কৰিব লাগে।
শালমন নিৰাময়ৰ উপায়
- প্ৰথমতে এখন কপাহী কাপোৰত এটুকুৰা বৰফ বান্ধি শালমনৰ ওপৰত লাহে লাহে হেঁচি দিব লাগে। এনে কৰিলে জ্বলন-পোৰণ
কম হয়। - এটোপাল টী ট্রী তেল (Tree tea oil) লৈ শালমনৰ ওপৰত লগাই বিশ মিনিটৰ পিছত
তিতা কপাহেৰে লাহে লাহে তেল আঁতৰাওক। - দুই বা তিনি টোপাল নেমু ৰসত আধা চামুচ মৌ মিহলাই শালমনৰ ওপৰত লগাই বিশ মিনিটৰ পিছত তিতা কপাহেৰে আঁতৰাওক।
- আলুৰ ৰস উলিয়াই তাত এচিকুট দালচেনিৰ গুড়ি মিহলাই শালমনৰ ওপৰত লগাই পোন্ধৰ-বিশ মিনিটৰ পিছত তিতা কপাহেৰে আঁতৰাওক ।
- কেঁচা অমিতা ৰুকি ৰস উলিয়াই শালমনৰ ওপৰত দি তিতা কপাহেৰে আঁতৰাওক ।
- এচামুচ এল’ভেৰা জেলৰ লগত কেইটামান পদিনা পাত পিহি পেষ্ট তৈয়াৰ কৰি প্ৰথমে ফেচৱাছৰ সহায়ত মুখ পৰিষ্কাৰ কৰি এই পেষ্ট শালমনৰ ওপৰত লগাই কিছু সময়ৰ পিছত তিতা কপাহেৰে পৰিষ্কাৰ কৰিব লাগে।
- ক’লা তুলসী পিহি গোলাপ জলৰ লগত মিহলাই ছালত লগালেও শালমনৰ সমস্যা দূৰ হয়। নিমপাত আৰু তুলসী পাত সমপৰিমাণে লৈ সিজাই চেকি সেই পানী বটলত ভৰাই ফ্ৰীজত থৈ দিব লাগে। এই পানীৰে সঘনাই মুখ ধুই থাকিলেও শালমন ভাল হয়।
শালমন কেতিয়াও নখেৰে বা অন্য জোঙা বস্তুৰে ভাঙি দিব নালাগে। এনে কৰিলে বিয়পি পৰাৰ আশংকা থকাৰ লগতে ছালত দাগ ৰৈ যোৱাৰ সম্ভাৱনা থাকে ।
Comments are closed, but trackbacks and pingbacks are open.