খাদ্য সুৰক্ষা

26

লুকীমা বৰুৱা (খাদ্য বিশেষজ্ঞা)
আদিত্য ডায়েগনষ্টিক ও হাস্পতাল,
পল্টনবজাৰ, ডিব্ৰুগড়

স্বাস্থ্যৰ ওপৰত খাদ্য-বস্তুৰ পোনপটীয়া প্ৰভাৱ আছে। গতিকে আমি খোৱা খাদ্য যদি সুৰক্ষিত নহয় অর্থাৎ মানুহে খোৱাৰ যোগ্য নহয়, তেন্তে নিশ্চয় স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। এই সকলোখিনি দিশ চালিজাৰি চাই ভাৰত চৰকাৰে ‘খাদ্য সুৰক্ষা আইন (The Prevention of Food Adulteration Act), 1954 প্ৰৱৰ্তন কৰিছিল। ইয়াৰ উপৰি খাদ্য বিশেষে বেলেগ বেলেগ আইন, নিয়মাৱলী, মাপকাঠী আছিল ৷ ইয়াৰ জৰিয়তে ভেজাল খাদ্য বিক্ৰী প্ৰতিৰোধ কৰাত কিছু সফলতা লাভ কৰিছিল। তদুপৰি পেকেট খাদ্য সামগ্রী, খাদ্য সংৰক্ষণৰ বাবে ব্যৱহৃত বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ মানৰ ওপৰতো কেইবাখনো আইন প্রণয়ন কৰিছিল।

ইয়াৰ পিছৰ পৰ্যায়ত ভাৰত চৰকাৰে সকলো শ্ৰেণীৰ খাদ্য সামগ্ৰী আৰু খাদ্য প্ৰস্তুতকৰণৰ পদ্ধতিৰ মান, পেকেজিং, সংৰক্ষণ আদি বিজ্ঞানসন্মতভাৱে কৰিবৰ বাবে খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ (Food Safety and Standard Act, 2006) প্রণয়ন কৰি উপৰিউক্ত সকলোখিনি এইখন আইনৰ আওতালৈ আনে। যাক চমুকৈ FSSAI বুলি কোৱা হয়, সেয়া আমি সকলোৱে পেকেটৰ বস্তু কিনোতে তাৰ লেবেলত দেখা পাওঁ। FSSAI লিখা দেখা পালে গ্রাহকে সেই সামগ্রী উচ্চ মানৰ বুলি বিবেচিত কৰে। এই আইনৰ দ্বাৰা খোৱা বস্তু উৎপাদন কৰাৰ পৰা গ্ৰাহকে কিনালৈকে প্ৰতিটো পৰ্যায়ত ধৰা বন্ধা নিয়মৰ মাজেৰে যোৱাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ প্রধান উদ্দেশ্য বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি বীজাণুমুক্ত, পৰিষ্কাৰ, উন্নতমানৰ খাদ্যবস্তু গ্ৰাহকে পোৱাটো নিশ্চিত কৰা আৰু জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষিত কৰা।

FSSAI আইন প্ৰৱৰ্তন কৰাৰ প্ৰধান কাৰণ হৈছে—

ভেজাল, নিম্নমানৰ খাদ্য সামগ্ৰীৰ পৰা হ’ব পৰা বিভিন্ন ৰোগ ৰোধ কৰা। খাদ্য সংৰক্ষণ আৰু খেতি কৰোঁতে ব্যৱহাৰ কৰা পোক মাৰা দৰবৰ পৰিমাণ, সাৰৰ পৰিমাণ বৈজ্ঞানিক হিচাপত প্ৰয়োগ কৰা, ফেক্টৰীত উৎপাদিত খাদ্য সামগ্ৰীত মিলিত হ’ব পৰা বিভিন্ন ধাতুৰ পৰিমাণ নিম্ন কৰা, উৎপাদনৰ প্ৰতিটো পর্যায়তে উন্নত পদ্ধতি অৱলম্বন কৰি প্ৰস্তুত খাদ্য সামগ্রী যাতে বীজাণুমুক্ত হয় তাক নিশ্চিত কৰা ৷ তদুপৰি খাদ্য সামগ্ৰীৰ মজুতকৰণ আৰু বিতৰণ আদিৰ বাবেও নিৰ্দেশনা আছে।

খাদ্য সুৰক্ষা আইন চৰকাৰে প্ৰণয়ন কৰিছে যদিও ইয়াৰ সফলতা আৰু সঠিক প্ৰয়োগ নিৰ্ভৰ কৰে চৰকাৰে নিয়োজিত কৰা তদাৰকাৰী বিষয়াসকলৰ কৰ্তব্যনিষ্ঠা আৰু সেৱাৰ ওপৰত ৷ সঠিক ৰূপায়ণে খাদ্য বিশেষকৈ ফল-মূল, কেঁচা শাক-পাচলি, মাছ-মাংস, গাখীৰ আদিৰ জৰিয়তে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি আহিব পৰা ভাবুকি বহুখিনি হ্ৰাস কৰিব পৰা যায়। এই বিষয়া-কৰ্মচাৰীসকলৰ কৰ্তব্যৰ ভিতৰত পৰে বিভিন্ন খাদ্য উদ্যোগ, খেতিপথাৰসমূহত খাদ্য উৎপাদনৰ প্ৰতিটো স্তৰতে পৰিষ্কাৰ-পৰিচ্ছন্নতা মানি চলিছেনে নাই সেইয়া নিৰীক্ষণ কৰা, ফেক্টৰীত কেঁচা সামগ্ৰী সমূহ উচ্চমানৰ ব্যৱহাৰ কৰিছেনে নাই সেয়া চোৱা যাতে পোক লগা, নিম্নমানৰ কেঁচা সামগ্ৰীৰে উৎপাদন নকৰে৷ তদুপৰি বিক্রেতা সকলক খাদ্য ঞ্জসুৰক্ষা সম্বন্ধে শিক্ষিত কৰা লগতে গ্রাহকসকলকো এই বিষয়ে যথোচিত সজাগ আৰু সচেতন কৰা ।

খাদ্য দূষিত হোৱাৰ কাৰক-
খাদ্য বস্তু জৈৱিক, ৰাসায়নিক, ভৌতিক প্ৰদূষকৰ দ্বাৰা প্ৰদূষিত হ’ব পাৰে ৷

ভৌতিক প্ৰদূষকঃ পঁইতাচোৰা, পলু, নখ, চুলি, চৰাইৰ পাখি, মাখি, প্লাষ্টিক, শিলগুটি, লোহাৰ সৰু টুকুৰা, পিন, কাঁচৰ টুকুৰা, জুইশলা কাঠী, বিড়ি, চিগাৰেটৰ টুকুৰা ইত্যাদি খাদ্য সামগ্ৰীত মিহলি হ’লে খাদ্য দূষিত হয়। এই বস্তুসমূহ উৎপাদনৰ বিভিন্ন স্তৰত মিহলি হ’ব পাৰে।

জৈৱিক প্ৰদূষকঃ বেক্টেৰিয়া, ভেঁকুৰ, ভাইৰাছ, প্ৰট’জৱা আদি। জৈৱিকভাৱে দূষিত হোৱা খাদ্য খোৱাৰ ফলত খাদ্যৰ বিষক্ৰিয়া হোৱা, নানা সংক্ৰমিত ৰোগ হোৱাৰ সম্ভাৱনা প্রবল ।

ৰাসায়নিক প্ৰদূষকঃ এনে প্রদূষণ উৎপাদন প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যৰ পৰা হ’ব পাৰে। যেনে খাদ্যত ব্যৱহৃত ৰং, গোন্ধ দিয়া বস্তু, খাদ্য বস্তুখিনি বেছিদিন ভালে ৰাখিবৰ বাবে প্ৰয়োগ কৰা (stabilizer and emulsifier), পোকমৰা দৰব অথবা তাৰ থাকি যোৱা অংশ, কাঠফুলাত হোৱা বিষাক্ত পদাৰ্থ আদি ৷

খাদ্যবস্তু দূষিত হোৱাৰ উৎস-

বিভিন্ন উৎসৰ পৰা খাদ্য দূষিত হ’ব পাৰে— মাটি, পানী, পচা খাদ্য, বীজাণুযুক্ত গাখীৰ, ৰোগাগ্রস্ত জন্তু, বেমাৰ লগা উদ্ভিদ, মানুহ বা জন্তুৰ মল মূত্ৰ, পোক, পেকেজিং সামগ্ৰী আদি । তদুপৰি ফেক্টৰীত উৎপাদনত ব্যৱহাৰ কৰা মেচিন আৰু অন্যান্য সামগ্রী, অপৰিষ্কাৰ হাত, হোটেল, ফেক্টৰীত কাম কৰা সংক্ৰমিত ৰোগ থকা বেমাৰী লোক ইত্যাদি।

দূষিত খাদ্যৰ পৰা বিভিন্ন ৰোগ হয় যেনে টাইফয়েড, কলেৰা, জণ্ডিচ, ডিচেনট্ৰী, ডায়েৰিয়া, লিভাৰৰ সংক্ৰমণ, বটোলিজম (বেয়া হোৱা কেনফুড খালে হয়) আদি ।

আমি কিদৰে খাদ্য বস্তুৰ পৰা হোৱা সং ক্ৰমণৰ পৰা বাচি থাকিব পাৰোঁ?

ঘৰুৱাভাৱে ৰন্ধা বঢ়াৰ প্ৰতিটো স্তৰতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাই উত্তম উপায়। ইয়াৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা মানি চলা উচিত। সেয়া হৈছে—

  • খোৱা বস্তু চোৱাৰ আগতে আৰু তাৰ পিছত হাত দুখন চাবোনেৰে ২০ ছেকেণ্ড ভালকৈ ধোৱা।
  • খাদ্য বস্তু তৈয়াৰ কৰা টেবুল/শ্লেব পৰিষ্কাৰ ৰখা।
  • পৰিষ্কাৰ বাচন-বৰ্তন ব্যৱহাৰ কৰা।
  • পাচলি বা অন্যান্য সামগ্রী কটা ব’ৰ্ডখন গৰম পানীৰে প্ৰতিবাৰ ব্যৱহাৰৰ পিছত ধোৱা।
  • ফল-মূল, কেঁচা শাক-পাচলি, বজাৰৰ পৰা আনি টেপৰ তলত কিছু সময় ৰাখি লেতেৰাসমূহ চাফা কৰা।
  • কেঁচা সামগ্ৰীসমূহ বিশেষকৈ মাছ-মাংস, কণী ৰন্ধা বস্তুৰ সংস্পৰ্শলৈ আহিব নিদিয়া ৷ বজাৰ কৰোঁতে পেকেট বস্তু, কেঁচা বস্তু বেলেগকৈ অনা ৷
  • মাছ-মাংস বজাৰৰ পৰা আনি পৰিষ্কাৰ কৰি অতি সোনকালে ৰেফ্ৰিজেটৰত থোৱা।
  • খাদ্য সদায় ভালকৈ সিজাই খোৱা- বিশেষকৈ মাছ, মাংস, কণী। গাখীৰ ভালদৰে উতলাইহে ব্যৱহাৰ কৰা। অপৰিষ্কাৰ উৎসৰ পৰা অহা গাখীৰ খোৱাতকৈ, পেকেটত পোৱা পেষ্টুৰাইজ গাখীৰ খোৱা শ্ৰেয়।
  • ৰন্ধা-বঢ়াত সদায় পৰিষ্কাৰ পানী ব্যৱহাৰ কৰা। ফিল্টাৰ কৰা অথবা উতলাই ঠাণ্ডা কৰা পানী হ’ব লাগে।

এইখিনিৰ উপৰি খোৱা খাদ্য সদায় ঢাকোন দি থ’ব যাতে মাখি, পোক-পৰুৱা, ধূলি আদিয়ে প্ৰদূষিত নকৰে।

সামৰণিত কওঁ যে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ সজাগতা আৰু সচেতনতাৰ প্রয়োজন। তেওঁলোকে পেকেটৰ খাদ্য সামগ্রী FSSAI লেবেল থকা চাইহে কিনা যুগুত। কেঁচা সামগ্ৰীসমূহ ভালদৰে চাইচিতি কিনাৰ উপৰি ঘৰত চাফ-চিকুণ আৰু সংৰক্ষণৰ নিয়মসমূহ সঠিকভাৱে মানি চলি দূষিত খাদ্যৰ পৰা হ’ব পৰা বিভিন্ন ৰোগৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে।

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.