শিশুৰ খাদ্য নিৰাপত্তা আৰু পুষ্টি

39

অভিভাৱকৰ বাবে এক সহজ গাইড

আজিৰ যুগত অভিভাৱকসকল নিজ নিজ শিশুক ভালতকৈ ভাল কি খোৱাব পাৰি সেই লৈ প্ৰায়ে সতর্ক। প্রটিন, ভিটামিনযুক্ত খাদ্য— যি শাৰীৰিক আৰু মগজুৰ বিকাশৰ কাৰণে পুষ্টি দিয়ে, তেনে খাদ্য খুৱাবলৈ চেষ্টা অনবৰতে চলি থাকে। কিন্তু এগৰাকী অভিভাৱক হিচাপে আমি প্ৰায়ে আওকাণ কৰোঁ । সেয়া হৈছে— ‘শিশুৱে দৈনন্দিন খোৱা খাদ্য বোৰ নিৰাপদ নে?’ কাৰণ খাদ্য পৰিচালনা ভুলকৈ কৰিলে পুষ্টিতত্ত্ব গাত নালাগে।

শিশুৰ ইমিউনিটি বিকাশমান আৰু পাচনতন্ত্র সং বেদনশীল, সেয়ে অশুদ্ধ বা ভুল পদ্ধতিৰে সংৰক্ষিত খাদ্য বস্তুৱে— খাদ্য সংক্রমণ, পেটৰ বিষ, ডায়েৰিয়া, অপুষ্টি, ভোক নলগা, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা আৰু বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে, যিয়ে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত বাধা হৈ পৰিব পাৰে। সেয়াই খাদ্যৰ পুষ্টিৰ লগে লগে খাদ্য নিৰাপত্তা পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।

আজিৰ সময়ত বাহিৰত প্ৰস্তুত খাদ্য প্ৰায়ে খোৱা যায়, কাৰণ সময় কম বা নাই। জমাটো, ছুইগী, ব্লিংকিট ১০-২০ মিনট, আঙুলিৰ এক টিপত সুস্বাদু খাদ্য ঘৰত উপস্থিত। তেনে ক্ষেত্ৰত অলপ বেছি সাৱধান হোৱাটো অতি গুৰুত্বপূৰ্ণ । কাৰণ আমি নাজানো যে ১) খাদ্যবস্তুখিনি পৰিচালনা কৰোঁতে চাফ-চিকুণৰ ওপৰত মন দিয়া হয় নে নহয় ৷ হাত ধোৱা, পাচলিসমূহ ভালকৈ ধোৱা ইত্যাদি। ২) খাদ্য সামগ্ৰীবোৰ পৰিচালনা কৰোঁতে সাৱধানতা অৱলম্বন কৰা হয় নে নহয়, খোৱা বস্তু, মচলাপাতিৰ ঢাকোন ভালকৈ দিয়া হয় নে নহয় ।

উদাহৰণস্বৰূপ ছেণ্ডউইচত যি চালাড ব্যৱহাৰ কৰা হয়, সেই চালাডখিনি কিমান সময় আগত কাটি ৰখা হৈছে, সেয়া জনা অতি প্রয়োজনীয়। কাৰণ বহু সময় ধৰি কাটি ৰখা কেঁচা পাচলি, পেটৰ অসুখ কৰিব পাৰে।

■ অৰ্ধ ৰন্ধন প্রক্রিয়া- ভালকৈ নৰন্ধা খাদ্য, যেনে অর্ধ-সিদ্ধ কণী, কিছুমান মাছ বা কম ৰন্ধা মাংস ব্যৱহাৰ কৰা হয়, তেন্তে সেইবোৰ খাই খাদ্য-সংক্রমণ হোৱাৰ সম্ভাৱনা অতি সহজে বৃদ্ধি পায়।

■ পেকেটযুক্ত খাদ্যবস্তুৰ বিষয়ে জ্ঞান- পেকেটযুক্ত খাদ্য বস্তুৰ লেবেলখিনি সদায় মনযোগ দি পঢ়িব লাগিব আৰু শিশুকো সেই বিষয়ে শিক্ষা দিব লাগিব। পেকেটযুক্ত খাদ্যত বিভিন্ন ধৰণৰ সংৰক্ষক (Preservatives), গোন্ধ (Flavours) আৰু ৰাসায়নিক পদাৰ্থ থাকিব পাৰে । লেবেলত কি ধৰণৰ তেল ব্যৱহাৰ কৰা হৈছে, কি কি উপাদান আছে বা নাই, সেয়া পার্থক্যসহ লক্ষ্য কৰাৰ প্ৰয়োজন। নিজক আৰু শিশুক এইবোৰৰ উপকাৰ আৰু অপকাৰৰ বিষয়ে অৱগত কৰাওক। সেয়া চিপছৰ পেকেট হওক বা চকচ্ (Chocos), কর্ণফ্লেক্সছ (Cornflakes) বা হেল্থ ড্রিংক, কেতিয়াবা পুষ্টিকৰ দেখা খাদ্যবোৰ সঁচাই পুষ্টিকৰ হৈ নুঠে।

কাৰণ কিছুমান উপাদানে শিশুৰ শৰীৰিক আৰু মানসিক বিকাশত প্রতিকূল প্রভাৱ পেলাব পাৰে। সেইবাবে অতি প্রস্তুত (Ultra-Processed) খাদ্য বস্তুৰ পৰা বিৰত থকাটো অতি মর্মস্পর্শী।

তেন্তে কি খোৱাব?

পাৰম্পৰিক খাদ্য = পুষ্টি + নিৰাপত্তা।
পাৰম্পৰিক, স্থানীয় আৰু ঋতুকালীন খাদ্য, প্রাকৃতিকভাৱে সুৰক্ষিত, ইয়াৰ বিজ্ঞানসন্মত কাৰণ কাৰণ আছে। যেনে-

  • বগৰী, কৰ্দৈ, ৰবাব টেঙা এই ধৰণৰ ফলমূল উৎপাদন কৰোঁতে অতি কম বা একেবাৰে ৰাসায়নিক দ্রব্য প্রয়োগ নহয়। যিয়ে পুষ্টিৰ লগে লগে নিৰাপত্তা সংৰক্ষণ কৰে।
  • পিঠাপনা, লাড়ু, মাকৈ— ঘৰত চাফ- চিকুণভাৱে বনোৱা, সতেজ জলপান।
  • ৰাগি ড্রিংক, হালধি গাখীৰ, বুটৰ ছাতুৰ চৰ্বত— কম সময়ত তৈয়াৰ হৈ যোৱা এক ‘ছুপাৰ ফুড’, আজিকালিৰ যান্ত্ৰিক যুগত য’ত সতেজ খাদ্য বনোৱাৰ সময় অতি কম, তেনে ক্ষেত্ৰত এনে ধৰণৰ খাদ্যৰ প্ৰয়োগ কৰা সহজ হ’ব।

স্থানীয়, ঋতুকালীন আৰু পাৰম্পৰিক (Local, Seasonal & Traditional Food) শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত অধিক অৰিহণা যোগাব পাৰে । ফেন্সী ছুপাৰ ফুডৰ প্ৰয়োজন নাই, দামী হ’লেই উত্তম হ’ব- এয়া মিছা। সৰল, পৰিচ্ছন্ন, ঘৰত বনোৱা ঋতুকালীন পাৰম্পৰিক খাদ্যই শিশুৰ বিকাশৰ আধাৰ ৷

ৰিতুমণি সাহা (খাদ্য বিশেষজ্ঞ)
লোকেল ফুড ৱিছডম ডায়েট ক্লিনিক,বঙাইগাঁও
ফোনঃ ৭৮৩৬৯-০৪১৩৭

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.