সুগন্ধি সময়ৰ গান…

32

মনোজ কুমাৰ ডেকা

১৯৯৮ চনত হলীউডৰ এখন ছবিয়ে মুক্তি লাভ কৰিছিল। সেইখন আছিল এখন ৰোমাণ্টিক থ্রীলাৰ। কাহিনী অনুসৰি ষ্টিফেন এজন কোটিপতি উদ্যোগপতি। এখেতে হঠাৎ গম পালে যে তেখেতৰ পত্নীয়ে গোপনে সম্পৰ্ক ৰাখিছে ডেভিদৰ সৈতে । তাৰ পিছত এটি হত্যাকাণ্ড সংঘটিত হয়।

….আৰু সেয়া ছবিখনৰ কাহিনীৰ আলমত বলীউডত আন এখন ছবি নির্মাণ হৈছিল। পৰিচালক আছিল আব্বাছ মস্তান। ছবিখনৰ নাম আছিল ‘হামৰাজ’। অভিনয়ত আছিল আমিষা পেটেল, অক্ষয় খান্না আৰু ববী দেউল। ববী দেউল উদ্যোগপতি ৰাজ সিংহানিয়া। আমিষা হ’ল প্ৰিয়া আৰু অক্ষয় খান্না হৈছে কৰণ মালহোত্রা।

এটি অনুষ্ঠানত প্ৰিয়া আৰু ৰাজ মালহোত্ৰাৰ সাক্ষাৎ হয়। কৰণ আৰু প্ৰিয়াই পৰিকল্পনা কৰে ৰাজৰ সম্পত্তি হাত কৰিবলৈ। প্ৰিয়াই ৰাজৰ সৈতে প্ৰেমৰ অভিনয় কৰে। প্ৰিয়া কৰণৰ ওচৰৰ পৰা ক্ৰমাৎ আঁতৰিব ধৰে। তেনেতে সংঘটিত হয় হত্যাকাণ্ডটো। কোনে কাক কিয় মাৰিলে সেয়া ছবিখন চোৱাসকলে জানে। আপুনি চালেও বুজিব ।…

১৯১৩, ১৯৩১,১৯৩৫ – এইকেইটা চনৰ মাজত এটি সম্পৰ্ক আছে। সেয়া হৈছে— ১৯১৩ চনত ভাৰতবৰ্ষৰ প্রথম ছবিখনে মুক্তি লাভ কৰিছিল। ছবিখনৰ নাম আছিল ‘ৰজা হৰিচন্দ্ৰ’। ছবিখন নির্বাক আছিল। কোনো সংলাপ, শব্দ বা বচন নাছিল ছবিখনত। কিন্তু এই ছবিখনেৰে ভাৰতবৰ্ষই বিশ্ব চলচ্চিত্ৰৰ সভাত নিজৰ উপস্থিতি সদম্ভে ঘোষণা কৰিছিল। দ্বিতীয়তে, ১৯৩১ চনত ভাৰতবৰ্ষৰ প্ৰথমখন সবাক ছবি নির্মাণ হয়। নাম ‘আলম আৰা’। আকৌ, আমাৰ অসম দেশত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত নিৰ্মাণ কৰিছিল জয়মতী। যাৰ নিৰ্মাণৰ আঁৰৰ কথা শুনিলে আপোনাৰ হৃদয় কঁপি উঠিব।

ভাল লাগিব। দুখ লাগিব। বহু কথা। কম কেতিয়াবা।

আজিও বিশ্ব চলচ্চিত্ৰৰ সভাত ‘জয়মতী’ জিলিকি আছে। জয়মতী নিৰ্মাণ কৰি আৰ্থিকভাৱে ৰূপকোঁৱৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল। কিন্তু ৰূপকোঁৱৰে তাহানিয়েই পেছাদাৰিত্ব কি তাক দেখুৱাই দিছিল। শিল্পী বিচাৰি কাকতত বিজ্ঞাপন দিছিল। শিল্পীক তেতিয়াই মাননি দিছিল—

০১) ল’ৰা ৰজা… বয়স ২০/২৫ … পাতল দীঘলীয়া… ১০০/- টকা ।
০২) গদাপাণি… ২৯/৩০… শকত আৱত… ২০০/- টকা।
০৩) বুঢ়াগোহাঁই… ২৫/৩০… ওখ… ২০০/- টকা ৷
০৪) জয়মতী… 20 / 25… বগা শকত … ২০০/- টকা।
০৫) ডালিমী… ১২/১৫… সুন্দৰী শকত… ২০০/- টকা।

জয়মতী আছিল ভাৰতবৰ্ষৰ প্ৰথমখন ডাবিং কৰা ছবি । জয়মতী ছবিৰ পৰিচালনা, কেমেৰা নিৰ্দেশনাৰ কথা আজিও আলোচিত হয়। আমি সেইখন অসমৰ মানুহ। আজিও জ্যোতিপ্ৰসাদে দেখুৱাই দিয়া বাটেৰে অগণনে বাট বুলিছে। ছবি নিৰ্মাণ কৰিছে। আমাৰ মান বঢ়াইছে।

…অনুৰাধা ছবিগৃহলৈ গৈছিলোঁ। কিয়? মনত নাই। কিন্তু, ছবিঘৰৰ বাৰাণ্ডাৰে আগবাঢ়োঁতে দেখিলোঁ সেই ভাল লগা দৃশ্য। “The perfect murder”ৰ ভাৰতীয় সংস্কৰণ ‘হামৰাজ’ৰ পোষ্টাৰ চাই আছে হীৰুদাই। আমাৰ আলফুলীয়া কবি হীৰেন ভট্টাচার্যই। সন্মুখত আমিষা পেটেল, অক্ষয় খান্না, ববী দেউল।

এইখন ৰূপকোঁৱৰৰ দেশ। কবিয়ে মাথোঁ কবিতাই লিখি থাকিবনে?

নাজানো, হীৰুদাই ছবিখন চাইছিল নে? সোধা নহ’ল। ভাবিছিলো, দেশ আৰু প্ৰেমৰ কবিয়ে ছবিখন চাই প্ৰেম আৰু হিংসাক কেনেকৈ ব্যাখ্যা কৰিলেহেঁতেন বাৰু।
সোধা নহ’ল।
শুনা নহ’ল।

অনুৰাধাৰ বাৰাণ্ডাৰ এটা মূৰৰ পৰা ম‍ই আনটো মূৰত ফুলি উঠা ফুলৰ গোন্ধ পাইছিলোঁ। সুগন্ধি পখিলাৰ পাখিৰ শব্দ শুনিছিলোঁ । বিশেষ শব্দ নকৰাকৈ বেগাই খোজ দিছিলোঁ। ফটো ল’ব লাগে । সময় ৰৈ নাথাকে।…

সেয়া আছিল সুগন্ধি সময়ৰ গান।
মই শুনিছিলোঁ ।
মুহূৰ্ততো ৰাখি থৈছিলোঁ।
একমাত্র আপোনাৰ বাবে।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.