প্ৰদীপ গগৈ
ব্যস্ততাপূৰ্ণ জীৱনত মানুহৰ আহৰি নাই। ক্ষন্তেক ৰৈ ভাবিবলৈও সময় নাই। মুঠতে মানুহে গতি কৰিব লাগে আৰু নিজৰ লক্ষ্য স্থানত উপনীত হ’ব লাগে। এই লক্ষ্য স্থানলৈ গতি কৰি থাকোঁতেও মানুহৰ সমস্যাৰ শেষ নাই। সেই সমস্যাৰ স’তে যুঁজি একাংশ মানুহ আগবাঢ়ে, আৰু একাংশ ভাগৰি পৰে ৷ আচলতে আমাৰ হাতত, কাষত যি আছে তাক লৈয়ে আমি সুখী হ’বলৈ চেষ্টা কৰিব লাগে । কিন্তু আমি সুখী হ’ব নোৱাৰোঁ। মানুহে সকলো বিচাৰে, বিচাৰিলেই জানো মানুহে সকলো লাভ কৰে৷ বহু মানুহে সুখ বিচাৰিবও নাজানে, সুখী হৈ থাকিবলৈও নিশিকে। যাৰ বাবে সমস্যাবোৰ ক্ৰমাৎ বাঢ়ি যায়। মানুহে বাহ্যিক দিশত শক্তিশালী হৈ থাকিবলৈ চেষ্টা কৰে, কিন্তু বহু মানুহ মানসিকভাৱে শক্তিশালী নহয় ৷ মনটোক কিদৰে শক্তিশালী কৰি ৰাখিব পাৰি সেই কথাবোৰত মানুহে গুৰুত্বই নিদিয়ে ৷ বহু শাৰীৰিকভাৱে শক্তিশালী মানুহেও সাধাৰণ সমস্যা এটাৰ বাবেও আত্মহত্যা কৰা দেখিছোঁ। কিন্তু সেইধৰণৰ সমস্যাক সমাধান কৰি জীৱন যুঁজত জয়ী হোৱা জীৱনৰ সৈনিককো দেখিছো। তেওঁলোকে সমস্যাক পৰাজয় কৰি জীৱন যুঁজত জয়ী হৈছে। তেওঁলোকৰ বাবে যেন সমস্যাই জীৱনৰ শক্তি। তেওঁলোকে সমস্যাৰ মাজেৰেই জীৱন পোহৰাইছে। তেওঁলোকে জানে ছাঁ দিয়া গছে নিজেই কেতিয়াও ছাঁ নাপায়।
আধুনিক সমাজত যৌথ পৰিয়াল প্ৰায় নোহোৱাই হৈছে। থাকিলেও সংখ্যাত একেবাৰেই তাকৰ । বহু মানুহে যৌথ পৰিয়ালত অসুবিধা হয় বুলি এককভাৱে থাকিবলৈ আৰম্ভ কৰিলে । এককভাৱে থাকি সমস্যা লাঘৱ হ’ব বুলি এক ধাৰণা গঢ় লৈ উঠিল। যৌথ পৰিয়ালত থকাসকলৰ মুখত প্ৰায়ে শুনিবলৈ পাওঁ— ‘একেলগে থাকিলে বহুত কষ্ট হয়, এককভাৱে থকাসকলৰহে ভাল।’ আনফালে এককভাৱে থকাসকলে ভাবে— ‘যৌথ পৰিয়ালত থকাই ভাল আছিল। বিপদে-আপদে ঘৰৰ মানুহখিনি কাষত থাকে।’ মুঠতে দুই পক্ষৰ কথাবোৰ সদায় পৃথক। গুৱাহাটীৰ বেলতলাত এবাৰ নৃশংসভাৱে এহাল বৃদ্ধ দম্পতীক হত্যা কৰা হৈছিল। সেই বৃদ্ধ দম্পতীহালক লৈ বহুতো চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছিল। তেতিয়াই বহুজনে বহুধৰণৰ চিন্তা ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল। কিন্তু মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ— এককভাৱে থাকিলেই যে এনেধৰণৰ নৃশংস ঘটনা হয় তেনে নহয়, যৌথভাৱে থাকিলেও তেনেধৰণৰ সমস্যা হোৱা দেখিছোঁ। সমস্যাবোৰ একক বা যৌথভাৱে থকাৰ বাবে হোৱা নাই, সমস্যাবোৰ সৃষ্টি হৈছে মানুহে মানুহক বিশ্বাস দিব নজনাৰ বাবে। ঘৰৰ আপোন মানুহজনে যেতিয়া আপোনজনক ল’বলগীয়া যতনখিনি, দায়িত্বখিনি নলয়— সম্পত্তিৰ বাবে, টকাৰ বাবে নিজৰ চৰিত্ৰক উলংগ কৰিব পাৰে, তেনেস্থলত মানুহৰ সমস্যাবোৰৰ বাবেই মানুহেই প্ৰকৃততে দায়ী । বহু মানুহৰ অট্টালিকা, ঘৰ-বাৰী, টকা-পইচা থকাৰ পিছতো জীৱনত সুখ নাথাকে ৷ এবাৰ এগৰাকী ভণ্টিয়ে কৈছিল— ‘মই বহুত হতাশ হৈছোঁ দাদা। নিজাকৈ এটা চাকৰি লাগে ।’ তাই পঢ়া-শুনা সকলোতে প্রথম আছিল, কিন্তু তাৰ পিছতো ১/২ নম্বৰৰ বাবে চৰকাৰী চাকৰিটো হৈ নুঠে। মোৰ ক’বলগীয়া বিশেষ নাছিল। মই কেৱল কৈছিলোঁ ‘…তুমি তোমাৰ জীৱনৰ ছবিখন যিমান ডাঙৰকৈ আঁকিবা তাত সিমানেই ৰং দিব লাগিব। ৰং দিবলৈ সময়ো লাগিব। কিন্তু জীৱনৰ ছবিখন আঁকি ৰং নিদিয়াকৈ হতাশ মনেৰে বহি থাকিলে কেতিয়াও ৰং দি সম্পূৰ্ণ কৰিব নোৱাৰিবা ৷ জীৱনত বিফলহে হ’বা। সেয়ে জীৱনত ৰং দিয়া, নিজৰ কাৰ্যৰে বহি নাথাকিবা। এদিন দেখিবা তুমি অঁকা ছবিখনত ৰং দি সম্পূৰ্ণ কৰিছা, আৰু ছবিখনক সকলোৱে আঁকোৱালি লৈছে, তাৰ বাবে তোমাক কেৱল প্ৰয়োজন হ’ব ধৈৰ্য আৰু কৰ্মত একাগ্ৰতাৰ। মানুহে ছবিখন সম্পূৰ্ণ নোহোৱালৈ হাজাৰ কথা শুনাব, গুৰুত্ব নিদিব, কিন্তু সম্পূৰ্ণ হ’লে তাকে লৈ প্ৰশংসাও কৰিব।’
আমি কেতিয়াবা বহুতৰে মুখত শুনিবলৈ পাওঁ— মই জীৱনত হাৰি গ’লোঁ, মই একো কৰিব নোৱাৰোঁ । ভবাবোৰো নহ’ল, আশাবোৰো আশা হৈয়ে ৰ’ল। আচলতে আমি মানুহবোৰ প্ৰতিটো সময়তে ইতিবাচক হৈ থাকিব নোৱাৰোঁ। তথাপি বিপদৰ সময়ত, অশান্ত সময়খিনিত ইতিবাচক চিন্তাৰে, ইতিবাচক কামেৰে আগুৱাই যাব পৰাটোহে ডাঙৰ কথা । অশান্ত সময়ত, ইতিবাচক চিন্তাৰে আগুৱাই যাব বিচৰা এজন যুৱকৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। যুৱকজনৰ নাম বাবা জেকছন (যুৱৰাজ সিং)। এসময়ৰ টিকটক ষ্টাৰ আছিল। ঘৰ ৰাজস্থান যোধপুৰত। মাইকেল জেকচনৰ দৰে নৃত্য কৰিব পৰা যুৱকজনৰ ইতিবাচক দৃষ্টিভংগী দেখি মই আচৰিত হৈছিলোঁ । ঋত্বিক ৰৌচন, টাইগাৰ শ্রফ, কেটৰিনা কাঈফ, আলিয়া ভাটক ভালপোৱা যুৱকজনে সেই সময়ৰ ইণ্ডিয়া বেষ্ট ডান্সাৰৰ অনুষ্ঠান এটাত অংশগ্ৰহণ কৰিছিল। সেই অনুষ্ঠানত যুৱকজনে নৃত্য কৰাৰ আগতে বিচাৰকজনে সুধিছিল— ‘তুমি নৃত্য ক’ত শিকিছা?’ যুৱকজনৰ উত্তৰ আছিল— ‘মোৰ দুগৰাকী ভণ্টি আৰু মোৰ মাজত কেৱল এটাই ম’বাইল। সেই ম’বাইলটো দিনটোত তিনিজনৰ বাবে নিৰ্দিষ্ট সময় থাকে। মোৰ ভাগত পৰা সময়খিনিত মই ইণ্টাৰনেটত ভিডিঅ’ চাই চাই শিকোঁ।’ পিছত যুৱকজনে নৃত্য কৰিলে যদিও বিচাৰক সন্তুষ্ট নহ’ল । যাৰ বাবে তেওঁ নিৰ্বাচিত নহ’ল। নির্বাচিত নহ’লেও মই তেওঁৰ মুখত বিষাদৰ কোনো চিন দেখা পোৱা নাছিলোঁ। তেওঁ বিচাৰকক কৈছিল— “মই জীৱনত কেতিয়াও নিজকে বেষ্ট বুলি নাভাবোঁ। বেষ্ট বুলি ভাবিলেই মোৰ যাত্ৰাৰ ইতি পৰিব।’ বিচাৰকে কৈছিল— ‘আমি তোমাক নিৰ্বাচন নকৰোঁ।’ তেতিয়া যুৱকজনে কৈছিল— ‘মোক নির্বাচন নকৰিলেও মোৰ দুখ নাই। মই আজি সফল নহ’ব পাৰো, কিন্তু শিকিছোঁ। নিজক জনাৰ বাবে সুবিধা পালোঁ। মোৰ নিজৰ দক্ষতাক বিচাৰ কৰিলোঁ । জীৱনত হয় জিকিছো, নতুবা শিকিছোঁ । এই চিন্তাৰে মই আগুৱাইছোঁ।’
এই কথাবোৰে মোক বৰকৈ আকৰ্ষণ কৰিছিল। এইধৰণৰ চিন্তাৰে আগবাঢ়িলে মানুহ জীৱনত সফল হ’বই। তাৰ বাবে মানুহে সঠিকভাৱে আগবাঢ়িব লাগিব। আন্ধাৰে কেতিয়াও আন্ধাৰ আঁতৰাব নোৱাৰে । পোহৰেহে আন্ধাৰ আঁতৰাব । সেই জীৱনক পোহৰময় কৰিবলৈ হ’লে, আন্ধাৰ আঁতৰাবলৈ হ’লে আমি থকাখিনিৰেই নিজক সন্তুষ্ট কৰি ভেটি নিৰ্মাণ কৰিবলৈ শিকিব লাগিব, ধৈৰ্যৰে পৰিস্থিতিৰ সৈতে যুঁজ দিব পাৰিব লাগিব। পৰিস্থিতি পৰিৱেশ অনুযায়ী নিজকে আগবঢ়াই নিবলৈ শিকিব লাগিব । ভাঙি পৰিলে নহ’ব। জীৱন জিন্দাবাদ।
ফোনঃ ৮৪৮৬9-95530
Comments are closed, but trackbacks and pingbacks are open.