হাতৰ ক’লা দাগ বা টেনিং (Tanning) দূৰ কৰাৰ উপায়।

45

টেনিং দূৰ কৰি ছালৰ উজ্জ্বলতা ঘূৰাই আনিবলৈ আপুনি এই কেইটা অতি সহজ অথচ কাৰ্যকৰী ঘৰুৱা মাস্ক ব্যৱহাৰ কৰি চাব পাৰে

১. বেচন আৰু হালধীৰ প্যাক

*ই ছাল পৰিষ্কাৰ কৰাৰ লগতে ক’লা ভাব আঁতৰোৱাত সহায় কৰে।

প্ৰস্তুত প্রণালীঃ২ চামুচ বেচন, এচিকুট হালধী আৰু অলপ দৈত বা কেঁচা গাখীৰ মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক।

ব্যৱহাৰঃহাতত লগাই ২০ মিনিট ৰাখক আৰু শুকাই গ’লে পানীৰে ধুই পেলাওক। সপ্তাহত ২ বাৰ ব্যৱহাৰ কৰিব পাৰে।

২. নেমু আৰু চেনিৰ স্কাৰ্ব

*নেমুত থকা চাইট্ৰিক এচিডে প্ৰাকৃতিক ব্লিচ হিচাপে কাম কৰে।

প্ৰস্তুত প্রণালীঃআধা কটা নেমু এটাৰ ওপৰত অলপ চেনি ছটিয়াই লওক।

ব্যৱহাৰঃ সেইটোৰে হাতৰ ক’লা পৰা অংশবোৰত লাহে লাহে ৫ মিনিট স্ক্ৰাব কৰক। ই মৃত ছাল আঁতৰাই হাতখন নিমজ কৰিব।

৩. আলুৰ ৰসৰ ব্যৱহাৰ

*আলুৰ ৰস ছালৰ যিকোনো ক’লা দাগৰ বাবে মহৌষধ।

প্ৰস্তুত প্রণালীঃআলু এটা পিহি তাৰ ৰস উলিয়াই লওক।

ব্যৱহাৰঃ এটা কপাহৰ সহায়ত এই ৰস হাতত লগাওক আৰু ১৫-২০ মিনিট পিছত ধুই পেলাওক। আলুত থকা এনজাইমে ছালৰ ৰং উজ্জ্বল কৰে।

৪. মৌ আৰু অমিতাৰ মাস্ক

প্ৰস্তুত প্রণালীঃপকা অমিতা অলপ মোহাৰি লৈ তাৰ লগত এচামুচ মৌ মিহলাওক।

ব্যৱহাৰঃ এই প্যাকটো হাতত লগাই কিছু সময় মালিচ কৰক। ধুই উঠাৰ পিছত আপুনি নিজেই ছালৰ কোমলতা অনুভৱ কৰিব।

সাৱধানতাঃ

*যদি আপোনাৰ ছালত কটা-ছিঙা আছে, তেন্তে নেমু ব্যৱহাৰ নকৰিব।*

*যিকোনো মাস্ক ব্যৱহাৰ কৰাৰ পিছত মইশ্ব’ৰাইজাৰ লগাবলৈ নাপাহৰিব।*

You might also like

Comments are closed, but trackbacks and pingbacks are open.