আইমণি গোহাঁই দিহিঙীয়া
ফোনঃ৭০৮৬৮-৮৬৬৪৮
মাছ আমাৰ দৈনন্দিন খাদ্যৰ এক অবিচ্ছেদ্য অংশ বুলি ক’বই পাৰি, বিশেষকৈ অসমৰ দৰে মাছেৰে ভৰা নদ-নদী আৰু পুখুৰীৰে সমৃদ্ধ ঠাইত। মাছত থকা প্ৰচুৰ পৰিমাণে প্র’টিন, অ’মেগা-৩ ফেটি এচিড, ভিটামিন ডি, আয়োডিন আৰু অন্যান্য খনিজে আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ই হাড় মজবুত কৰে, মগজুৰ বিকাশত সহায় কৰে, হৃদযন্ত্ৰ ভালে ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। অসমীয়া ৰন্ধনত মাছৰ স্থান সর্বোচ্চ— মাছৰ তৰকাৰী, পিতিকা, টেঙা, ভাজি, পাতত মাছ পোৰা, মাছৰ আঞ্জা… এটা দিন মাছ নোহোৱাকৈ যেন খোৱাৰ থালখন অসম্পূর্ণ যেন লাগে । এইবাৰ জুতি জীৱনৰ শিতানত কেইটামান সহজতে বনাব পৰা মাছৰ ৰেচিপি আগবঢ়ালোঁ।
১. চিতলমাছৰ কলথিৰ জোল
কি কি লাগিবঃ
চিতল মাছৰ কলথি ৪ টুকুৰা
বিলাহী তিনিটা পেষ্ট কৰি লোৱা
ৰষ্টেট ৰঙালাউৰ গুটিৰ এক চামুচ
কালজিৰা আধা চাহ চামুচ
মিহিকৈ কুটিলোৱা পিয়াজ এটা
কেঁচাজলকীয়া ৩/৪টা
নিমখ-হালধি জোখমতে
ধনিয়াপাত জোখমতে
তৈয়াৰ কৰা প্ৰণালীঃ
চিতল মাছ কেইডোখৰ ভালকৈ ধুই নিমখ হালধি সানি ননষ্টিক ফ্রাইপেনত আধা ভাজি ল’ব । মাছভজা তেলতে পিঁয়াজ, কালজিৰা আৰু কেঁচাজলকীয়া ফুৰণত দিব। পিঁয়াজ ৰঙচুৱা হ’লে বিলাহীৰ পেষ্ট দি অলপ সময় ভাজি থাকিব। বিলাহীৰ পানী শুকালে তাত ৰঙালাউগুটিৰ গুৰিখিনি দি পুনৰ অলপ ভাজি তাতে মাছকেইডোখৰ দি জোখত পানী দি উতলিবলৈ দিব। এনেকৈ কম জুইত উতলাই তেল বিৰিঙি আহিলে ওপৰত ধনিয়াপাত মিহিকৈ কুটি দি গেছৰ পৰা নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব।
২. বইল বৰিয়লা মাছ
কি কি লাগিবঃ
বৰিয়লা মাছ আধাকেজি
মিচিমি শুকান গাজটেঙা ২ চামুচ
মিচিমি মচলাপাত জোখমতে
বতৰৰ পাচলি অলপ নিজৰ পছন্দ মতে
জলকীয়া, ধনিয়াপাত জোখমতে
বিলাহী পেষ্ট ২টা
নহৰু আৰু আদাৰ পেষ্ট ২ চামুচ
নিমখ জোখমতে
তৈয়াৰ কৰা প্ৰণালীঃ
প্রথমে কেৰাহীত পানী উতলাই তাত বিলাহী, আদা, নহৰুৰ পেষ্টখিনি দিব । অলপ উতলাই তাত অলপ দীঘলীয়াকৈ কাটি লোৱা পাচলিবোৰ দিব। পাচলিখিনি অলপ সিজিলে তাত নিমখ, সানি লোৱা মাছখিনি দি উতলাই থাকিব। লগতে মিচিমি শুকান গাজটেঙাখিনি দিব। নিমখ, জলকীয়াও জোখমতে দিব। ৫/৬ মিনিট উতলাৰ পিছত পানী জোখত ৰাখি নমাই গৰমে গৰমে পৰিৱেশন কৰিব। ওপৰত ধনিয়া পাত দিব। তেলবিহীন এই ৰন্ধন প্রণালী অতি সুস্বাদু। বৰিয়লা মাছৰ বাহিৰেও অন্য ডাঙৰ মাছো এই পদ্ধতিৰে ৰান্ধিব পাৰি ।
৩. ৰৌ মাছৰ টেঙাজোল
কি কি লাগিবঃ
কুমলীয়া জাতিলাউ এফাল
আলু এটা
বিলাহী দুটা
ক’লা-বগা সৰিয়হৰ পেষ্ট ২ চামুচ
বনাই থোৱা মণ্ড দাইল সৰু বাটিৰে এবাটি
কেঁচা মটৰ জোখ মতে
কেঁচাজলকীয়া ২/৩টা
ৰৌ মাছ ৫/৬ ডোখৰ
পাঁচফুৰণ আধা চামুচ
তেজপাত এখিলা
ধনিয়াপাত জোখ মতে
তৈয়াৰ কৰা প্ৰণালীঃ
প্রথমে জাতিলাউ মিহিকৈ কাটি ল’ব। লগতে আলুও জোখত টুকুৰা কৰি ল’ব। সৰিয়হখিনি নহৰু কেইকোঁহমান আৰু কেঁচাজলকীয়া দি পেষ্ট বনাই ল’ব। বিলাহীও গুটি গুচাই পেষ্ট বনাই ল’ব। এতিয়া মাছ ভালকৈ ধুই নিমখ-হালধি সানি কেৰাহীত জোখত মিঠাতেল দি আধা ভাজি ল’ব। সেই মাছ ভজা তেলতে পাঁচফুৰণকেইটা ফুৰণত দিব। লগতে তেজপাত আৰু কেঁচাজলকীয়াও দিব। ফুৰণৰ ধুনীয়া গোন্ধ ওলালে কাটি থোৱা লাউ আৰু আলুখিনি দি ভাজি থাকিব। নিমখ-হালধি জোখমতে আৰু এচিকুট চেনিও দি কম জুইত ভাজি থাকিব। কুমলীয়া জাতিলাউ ঢাকোন দি ভজাৰ লগে লগে পানী ওলাব। সেই পানীতে লাউ সিজিবলৈ দিব। আধা সিজা হওঁতেই বিলাহীৰ পেষ্ট আৰু মটৰখিনি দি পুনৰ কম জুইত পুনৰ ঢাকি থ’ব। এনেকৈ জাতিলাউখিনি সিজি থুপথুপীয়া হ’লে ভাজি থোৱা মাছ, সৰিয়হৰ পেষ্ট, মণ্ডদাইল আৰু জোখত পানী দি ভালকৈ উতলাব। অলপ সময় কম জুইত উতলাই ওপৰত তেল বিৰিঙি আহিলে মিহিকৈ কুটি থোৱা ধনিয়াপাত দি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। লগতে নেমু সৰু এডোখৰো যদি জোলখনৰ ওপৰত চেপি দিয়ে টেঙা জোলৰ সোৱাদ সুন্দৰ আৰু সুগন্ধ হ’ব ।
Comments are closed, but trackbacks and pingbacks are open.