ইতিবাচক চিন্তাৰ শক্তি

34

হিমাংশু ৰণ্‌জন ভূঞা

সাম্প্ৰতিক সময়ৰ আমাৰ পৰিৱৰ্তনশীল সমাজখন বিশ্লেষণ কৰিলে আমি এটা কথা অতি সহজে অনুভৱ কৰোঁ সমাজত দিনক দিনে বৃদ্ধি পাই অহা ঋনাত্মক চিন্তাৰ প্ৰয়োভৰ আৰু ই সৃষ্টি কৰা সামাজিক ভয়াবহতাৰ কথা। বৰ্তমান আমাৰ চৌদিশে পয়োভৰ ঘটা বিভিন্ন নেতিবাচক কথা-বাৰ্তা, চিন্তা-চৰ্চাই ব্যক্তিৰ মন-মগজুত কেনেদৰে ক্ৰিয়া কৰিবলৈ ধৰিছে, সেয়াও এক চিন্তনীয় বিষয়৷ পুৱা সাৰ পোৱাৰ পৰা ৰাতি পুনৰ বিছনাত পৰাৰ আগমুহূৰ্তলৈকে ছ’চিয়েল মেডিয়াৰ বিভিন্ন আলোচনা, ডিজিটেল আৰু টেলিভিশ্যনৰ নিউজ চেনেল, বাতৰি কাকত, ওচৰ-পাজৰৰ মানুহৰ আলোচনা আদিবোৰে মন-মগজুক কি যোগান ধৰে বাৰু? বেছিভাগেই ঋণাত্মক চিন্তাধাৰা নহয়নে? আমাৰ সমাজখন অতি সুক্ষ্মভাৱে বিশ্লেষণ কৰিলে এটা কথা অতি সহজেই অনুভৱ কৰিব পাৰি যে সমাজত দিনক দিনে ঋণাত্মক চিন্তাৰ পয়োভৰ সোঁচৰা ব্যাধিৰ দৰে বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত অনেকৰে জীৱন হতাশাত পতিত হ’ব লগা হৈছে৷ তাৰোপৰি, আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল, বর্তমান সময়ত সমাজৰ আটাইতকৈ জনপ্ৰিয় চিন্তা চৰ্চাৰ মাধ্যম ছচিয়েল মিডিয়াত এই ঋনাত্মক চিন্তাৰ ব্যক্তিসকলে প্ৰতিনিয়ত সমাজখনত এনে কিছুমান বিষবাষ্প বিয়পাব ধৰিছে যে সি এক গভীৰ চিন্তনীয় বিষয় হৈ পৰিছে ৷ গতিকে আমি কেনে চিন্তাৰ আৱেষ্টনীত আমাৰ নিজস্ব চিন্তাক গঢ় দিছোঁ সেই কথা নিশ্চয়কৈ ভবাৰ থল আছে। আমি সময় থাকোতেই এই দিশবোৰ উপলব্ধি কৰা ভাল ৷ আমাৰ সুস্থিৰ ধনাত্মক বা ইতিবাচক চিন্তাক সুৰক্ষিত কৰা স্বার্থতে এই ঋনাত্মক চিন্তাসমূহক অৱজ্ঞা কৰা প্ৰয়োজন আছে।

আমাক নেতিবাচক বা ঋনাত্মক চিন্তাৰ প্ৰতি আকৃষ্ট কৰা অনেক কাৰণ সমাজত বতর্মান সময়ত বিৰাজমান। তাৰে ভিতৰত আমাৰ দৃষ্টিত অতি চিন্তনীয় কাৰণ এটা হ’ল ব্যক্তিৰ নৈতিক স্খলন আৰু ধনাত্মক বা ইতিবাচক চিন্তা বা ইতিবাচক  দৃষ্টিভংগীৰ অভাৱ। যদিও এই বিষয়টো আমাৰ সমাজৰ বাবে অতি চিন্তনীয়, সাধাৰণতেই এই বিষয়টো কিন্তু আমি আওকান কৰি চলোঁ। আমি অনুভৱ কৰোঁ এই বিষয়ৰ ওপৰত গভীৰ অধ্যয়ণৰ প্ৰয়োজন আছে। সেয়ে আজি আমি আমাৰ সীমিত জ্ঞান আৰু অভিজ্ঞতাৰে ইতিবাচক চিন্তা আৰু দৃষ্টিভংগী বিষয়টোৰ ওপৰত কিছু আলোচনা কৰা প্ৰয়াস কৰিছোঁ।

এক কথাত ক’ব পাৰি, ইতিবাচক চিন্তাৰ অসীম শক্তি আছে৷ এটা ইতিবাচক চিন্তাই একহেজাৰ নেতিবাচক চিন্তাক জয় কৰিব পাৰে৷ ইতিবাচক চিন্তাৰ শক্তিৰে গোটেই বিশ্বতে উদ্ভাসি উঠা বিজ্ঞানী- ষ্টিফেন হকিং, কবি জন কীটছ, সংগীতজ্ঞ বিথোফেন আদি মনিষী সকলৰ প্ৰেৰণাদায়ী জীৱনৰ কথা কিতাপৰ পাতে পাতে আমি পঢ়িবলৈ পাওঁ৷ এই মনিষী সকলৰ জীৱনৰ সাফল্যৰ আঁৰত কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা, অপৰাজেয় ইতিবাচক মন তথা আশাবাদ আৰু প্ৰৱল অনুসন্ধিৎসাৰ সংমিশ্ৰন ঘটিছিল ৷ জেক কেনফিল্ডে Chicken Soup For The Soul গ্ৰন্থত লিখিছে – “আশাবাদী চিন্তাই যে কেৱল তোমাক সমৃদ্ধ কৰে সেইয়া নহয়, তোমাৰ শুভচিন্তাই গোটেই বিশ্বতে এক ইতিবাচক তৰংগৰো সৃষ্টি কৰে৷ ” আমি জীৱনত যেতিয়া কিবা এটা পাব বিচাৰোঁ তেতিয়া আমাৰ মনত এক সন্মোহন শক্তি উন্মুক্ত হয় আৰু বিশ্বব্ৰহ্মাণ্ডৰ আকৰ্ষণ সূত্ৰানুযায়ী আমি বিচৰা বস্তুটো আমাৰ নিচেই কাষতে আহি ৰয়হি৷ কিন্তুু যেতিয়া আমি বেয়া হ’ব বুলি আশংকা কৰোঁ, তেতিয়া আমাৰ মনত এক বিকৰ্ষক শক্তিৰ উদ্ৰেক হয় আৰু সেই শক্তিয়ে আমাৰ মনৰ পৰা আটাইতকৈ ভালটো আঁতৰাই পেলায়৷ বিশ্বাস, আস্থা, পৰিশ্ৰম আৰু আশাবাদী মনৰ মিশ্ৰণে অসম্ভৱ বুলি ধৰি লোৱা কথা একোটাকো সম্ভৱ কৰি তোলে৷

আন যিকোনো বস্তুৰ দৰে ইতিবাচক চিন্তা বা ইতিবাচক দৃষ্টিভংগী গঢ়ি তুলিবলৈ সময় আৰু আন্তৰিক পৰিশ্ৰমৰ প্ৰয়োজন। যিমানেই ইতিবাচক বা সুখী চিন্তাধাৰাৰ অভ্যাস কৰিব সিমানেই আপোনাৰ বাবে যিকোনো কাম কৰিবলৈ সহজ হ’ব।  প্ৰথমে প্ৰতিগৰাকী ব্যক্তিয়ে নিজে ইতিবাচক চিন্তা সৃষ্টি কৰিব লাগিব । প্ৰকৃততে, গণিত, বিজ্ঞান, কম্পিউটাৰ আদিৰ দৰে আন যিকোনো দক্ষতা বিকাশ কৰিব পৰাৰ দৰেই সময়ৰ লগে লগে ইতিবাচক চিন্তা বা দৃষ্টিভংগী গঢ়ি তুলিব পাৰি ৷ তাৰোপৰি, ইতিবাচক চিন্তাধাৰাৰ অভ্যাস কৰিবলৈ সময় আৰু ধৈৰ্য্যৰ সৈতে থিয় দিব লাগিব।

ইতিবাচক চিন্তা আৰু দৃষ্টিভংগীৰ বহু উপকাৰৰ ভিতৰত এটা হ’ল ইয়াৰ পোনপতীয়া  প্ৰভাৱ পৰে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত ৷ গৱেষকসকলৰ মতে, ইতিবাচকভাৱে চিন্তা কৰা বয়সস্থ লোকসকলৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সমস্যা কম হয় আৰু ইতিবাচক লোকসকলৰ সাধাৰণতে হতাশাৰ হাৰ কম।  তেওঁলোকৰ মানসিক চাপ কম হয় চাগে।  ইতিবাচক মনোভাৱৰ লোকে হেঁচাত পৰি সমস্যাবোৰ সহজেই সমাধান কৰিব পাৰে ৷ ইতিবাচক চিন্তাই উদ্বেগ হ্ৰাস কৰে।  অধ্যয়নত দেখা গৈছে যে উদ্বেগজনক বিকাৰে উচ্চ মাত্ৰাৰ দুখ বা আৱেগৰ সৈতে ইতিবাচকভাৱে মোকাবিলা কৰিব পাৰে ৷

তাৰোপৰি, জীৱনৰ  বাধাবোৰৰ সন্মুখীন হ’ব লাগে সদায় ভাল মন আৰু ইতিবাচক তথা ধনাত্মক চিন্তাৰে ৷ যদি নেতিবাচক মনোভাৱ থাকে তেতিয়া যিকোনো সমস্যাতে সোনকালে খং উঠিব, মেজাজ বেয়া হব, মন ভাল নহব।  আটাইতকৈ ডাঙৰ কথা, যিকোনো  বিপদত পৰিলেও এই ইতিবাচক মনোভাৱৰ বাবে মানুহে এক অদৃশ্য মানসিক শক্তি লাভ কৰিব পাৰে যাৰ ফলশ্ৰুতিত বিপদৰ সৈতে মোকাবিলা কৰাৰ বিভিন্ন উপায় সহজেই উলিয়াব পাৰিব। আনহাতে সদায় ইতিবাচক মানসিকতা অনুসৰণ কৰিলে আনন্দময় মনেৰে সকলো বাধা অতিক্ৰম কৰিব পাৰি। ইতিবাচক চিন্তা কৰা লোকসকল কেতিয়াও হতাশ নহয়।  যিমানেই বাধা নাহিলেও তেওঁলোকে নতুন ধৰণে কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰোপৰি, ইতিবাচক চিন্তাধাৰাই মানসিক চাপ বহু পৰিমাণে হ্ৰাস কৰে।  ই শৰীৰক শাৰীৰিক আৰু মানসিকভাৱে ভাল কৰি ৰাখে।  ই শৰীৰৰ অসুস্থতা কমায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আগৰ দিনত ঋষিসকলে কৈছিল যে বেছি চিন্তা কৰিলে চুলি শুকান হৈ যাব।  আচলতে যেতিয়া  অত্যধিক নেতিবাচক চিন্তা কৰা যায় তেতিয়া ক্ৰমান্বয়ে অসুস্থ অনুভৱ কৰাই নহয়, নিজকে বয়সীয়াল যেনো অনুভৱ হ’ব।  নেতিবাচক চিন্তাই শৰীৰত শক্তি লোপ পোৱায় ।  যেতিয়া অধিক ইতিবাচকভাৱে চিন্তা কৰিব তেতিয়া শৰীৰো ভালে থাকে ৷ দেহ মন প্ৰফু্ল্লিত হৈ থাকে ৷ আকৌ, গৱেষকসকলৰ মতে, ইতিবাচকভাৱে চিন্তা কৰা বয়সস্থ লোকসকলৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সমস্যা কম হয় আৰু ইতিবাচক লোকসকলৰ সাধাৰণতে হতাশাৰ হাৰ কম।  তেওঁলোকৰ মানসিক চাপ কম হয় চাগে।  ইতিবাচক মনোভাৱৰ লোকে হেঁচাত পৰি সমস্যাবোৰ সহজেই সমাধান কৰিব পাৰে।তেওঁলোকে সহজে হাৰ নামানে আৰু চিনাকি মানুহৰ সৈতে সহায়ক নেটৱৰ্ক গঢ়ি তুলিব পাৰে।  ইতিবাচক চিন্তাই উদ্বেগ হ্ৰাস কৰে।  অধ্যয়নত দেখা গৈছে যে উদ্বেগজনক বিকাৰে উচ্চ মাত্ৰাৰ দুখ বা আৱেগৰ সৈতে ইতিবাচকভাৱে মোকাবিলা কৰিব পাৰে ৷

এটা কথা মনত ৰাখিব লাগে যে,  ইতিবাচক চিন্তা, কৰ্ম, অভ্যাস আৰু স্বভাৱে আমাক এজন ভাল চৰিত্ৰ আৰু সুখী মানুহ হিচাপে গঢ়ি তোলাত  গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইতিবাচক দৃষ্টিভংগী বা মানসিকতাই  সদায় ভাল কাম কৰাত সহায় কৰে। অন্যহাতেদি নেতিবাচক মানসিকতাই আমাৰ মন মগজুত বেয়া প্ৰভাৱ পেলায়, যাৰ ফলত বেয়া কাম, বেয়া চিন্তাৰ সৈতে সংযোগ হয়।  সেইবাবেই নিজকে ইতিবাচক ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ দৈনন্দিন জীৱনত ইতিবাচক চিন্তা আৰু ইতিবাচক কাৰ্য্যৰ অভ্যাস কৰাটো অতি প্ৰয়োজনীয়। ইতিবাচক মনোভাৱসম্পন্ন ব্যক্তি এজনে যিকোনো বাধা আৰু হতাশা সহ্য কৰিব পাৰে।  প্ৰতিজন মানুহৰ জীৱনত বিষণ্ণতা আৰু বিফলতা আহে; এনেবোৰ বিফলতাই আমাৰ জীৱনত একো একোটা অভিজ্ঞতা প্ৰদান কৰে কিন্তু এনেবোৰ অভিজ্ঞতাৰ পৰা শিকিব আৰু তাক পৰৱৰ্তী সময়ত ইতিবাচক দৃষ্টিভংগীৰে সঠিক প্ৰয়োগ কৰিব  নাজানিলে জীৱনৰ মূল লক্ষ্যত উপনীত হোৱাটো কঠিন হৈ পৰে ৷ আকৌ, জীৱনৰ প্ৰতিটো অভিজ্ঞতাই নতুন কিবা এটা শিকাই ।  তেনে অভিজ্ঞতাৰ শলাগ লোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে।  যেতিয়া আমাৰ মগজুৱে কিবা এটা ভাল বস্তুৰ শলাগ লয়, তেতিয়া আমাৰ মনত আচৰিত ধৰণে সুখদায়ক প্ৰভাৱ পৰে।  যিমানেই এনে ধৰণৰ সুখ উপভোগ কৰিব পাৰি, সিমানেই আমাৰ জীৱনলৈ ভাল সময় আহিব স্বাভাৱিক।

বিশেষজ্ঞসকলৰ মতে মানুহৰ প্ৰাথমিক আৱেগিক প্ৰয়োজন হৈছে স্বাধীনতা, দক্ষতা আৰু জ্ঞানলাভ।  স্বাধীনতা হ’ল জীৱনত নিজৰ পথ নিজে বাছি ল’ব পৰা ধাৰণা।  দক্ষতা হ’ল আপুনি নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব বুলি বিশ্বাস কৰা।  আৰু সম্পৰ্ক বা জ্ঞান হৈছে সেই বিশ্বাস যিয়ে আপোনাক আপোনাৰ জীৱনৰ উল্লেখযোগ্য ব্যক্তিৰ সৈতে সংযুক্ত হৈ থাকিবলৈ সহায় কৰে। সকলো ব্যক্তিয়ে এই প্ৰয়োজনীয়তাসমূহ (স্বাধীনতা, দক্ষতা, আৰু জ্ঞান) সদায় সঠিকভাৱে নাপাবও পাৰে, কিন্তু আত্ম বিশ্বাসে ব্যক্তিগৰাকীক সেইবোৰ লাভ কৰাত সহায় কৰিব পাৰে।  সেইবাবেই আমি নিজৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি ইতিবাচক চিন্তাৰে কেনেকৈ অনুপ্ৰাণিত হ’ব পাৰি তাৰ ওপৰত গুৰুত্ব দিব লাগে।

দেখা যায়, বহুতে কেৱল নিজৰ ভুল আৰু নেতিবাচক পৰিঘটনা বা গুণৰ ওপৰত গুৰুত্ব দিয়ে— কম অভিজ্ঞতা থকা কামবোৰ, আনতকৈ কম জনা কামবোৰ বা বিফল হোৱা কামবোৰৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি নেতিবাচক দৃষ্টিভংগীৰে নিজৰ জীৱনটো হতাশগ্ৰস্থ কৰি তোলে।  নিজৰ আত্মবিশ্বাস আৰু ধনাত্মক দৃষ্টিভংগী গঢ়ি তুলিবলৈ সদায় ভাল গুণবোৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু সেইবোৰৰ সৰ্বোত্তম ব্যৱহাৰৰে জীৱনটো অন্যৰূপত সজাই তোলাৰ চেষ্টাত অগ্ৰসৰ হ’ব লাগে । যিবোৰ কামত নিজে পাৰ্গত তথা যিবোৰ কাম কৰিলে সুখী হৈ থাকিব পাৰি, সেইবোৰ কামত অধিক মনোনিৱেশ কৰিব লাগে। এইদৰে সদায় নিজৰ ইতিবাচক গুণসমূহৰ ওপৰত আলোকপাত কৰিব লাগে।  লগতে নিজৰ ভাল ভাবমূৰ্তি সৃষ্টি কৰিবলৈ ইতিবাচক গুণ, চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিভিন্ন দিশসমূহৰ ওপৰত গুৰুত্ব দিব লাগে।  ই ব্যক্তি এজনক অধিক আত্মবিশ্বাসী আৰু ইতিবাচক চিন্তাৰ ব্যক্তি হোৱাত সহায় কৰিব।

ইয়াৰ উপৰিও ইতিবাচক মনোভাৱে সামাজিক সম্পৰ্কত গভীৰ প্ৰভাৱ পেলায়। খঙাল বা নিষ্ঠুৰ প্ৰবৃত্তিৰ ব্যক্তি এজনক কোনেও ভাল নাপায় বা তেনে লোকৰ পৰা মানুহ সততে আঁতৰি ফুৰে ৷  সকলোৱে আশাবাদী, সহনশীল আৰু দয়ালু মানুহৰ সৈতে  থাকিব বিচাৰে বা কথা বতৰা, মত বিনিময় কৰিব বিচাৰে। গতিকে আন মানুহৰ নেতিবাচক দিশবোৰ চোৱাৰ পৰিৱৰ্তে  ইতিবাচক দিশবোৰত গুৰুত্ব দিব লাগে।  চৌপাশৰ মানুহক চিনি লৈ, তেওঁলোক কোন আৰু তেওঁলোকৰ লগত যোগ্যতানুসাৰে সন্মান প্ৰদৰ্শনৰে কথা বতৰা পাতিব লাগে।  এইবোৰৰ জৰিয়তেও  ব্যক্তি এজনৰ ইতিবাচত মনোভাৱ গঢ়ি তোলাত সহায়ক হয় ৷ একে সময়তে আনৰ বিষয়ে ইতিবাচকভাৱে চিন্তা কৰি প্ৰেম-দয়াৰ দৃষ্টিভংগী গঢ়ি তোলাৰ চেষ্টা কৰিব লাগে ৷ এই ধৰণৰ চিন্তাধাৰাই প্ৰথমে নিজৰ প্ৰতি, তাৰ পিছত ওচৰৰ মানুহৰ প্ৰতি, অচিনাকি মানুহৰ প্ৰতি আৰু শেষত সকলো জীৱৰ প্ৰতি যত্নশীল আৰু দয়ালু কৰি তুলিব।  নিয়মিতভাৱে এইদৰে সকলোৰে প্ৰতি ভাল, ইতিবাচক চিন্তা কৰিলে আমাৰ মনটোৱে আনৰ প্ৰতি সুখদায়ক, মৰমলগা চিন্তাবোৰ গঢ়ি তোলাত সহায় কৰিব আৰু লাহে লাহে সমাজৰ পৰা হিংসা, দ্বেষ, অসূয়া অপ্ৰীতিবোৰ নোহোৱা হৈ আহিব ৷

তেনেদৰে, দৈনন্দিন ভাল কামত নিজকে মনোনিৱেশ কৰি ৰখাৰ চেষ্টা কৰিব লাগে ৷ বেয়াৰ ওপৰত গুৰুত্ব দিয়াটো সহজ কিন্তু ভালৰ ওপৰত গুৰুত্ব দিয়াটো কঠিন।  আমাৰ নিৰাশাবাদৰ প্ৰতি স্বাভাৱিক প্ৰৱণতা আছে, যাৰ বাবে ইতিবাচক দিশত মনোনিৱেশ কৰাটো কঠিন হৈ পৰে।  সেইবাবেই আমাৰ মনোযোগ অপ্ৰীতিকৰ চিন্তাৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা কৰিব লাগিব।  সাধাৰণতে আপোনাৰ মনটোৱে বেছিভাগ সময়তে গভীৰ আন্ধাৰত ভ্ৰমণ কৰি ফুৰে আৰু সকলো বেয়া কথাৰ বিষয়ে অধিক চিন্তা কৰে ৷ সেয়েহে ইতিবাচক দৃষ্টিভংগী গঢ়ি তুলিবলৈ ভাল কিবা এটাত মনোনিৱেশ কৰি  আৰু ভুল চিন্তাবোৰৰ যিমান পাৰি নিজকে আঁতৰাই ৰাখিব লাগে ৷ এই প্ৰক্ৰিয়াই নেতিবাচক চিন্তাৰ পৰা মুক্তি কৰাত সহায় কৰিব আৰু ইতিবাচক চিন্তাৰ ওপৰত অধিক মনোনিৱেশ কৰাত সহায় কৰিব।

আশাবাদী হোৱাটো আত্মবিশ্বাসৰ এক বৃহৎ অংগ, যিটোৱে সদ্ভাৱৰ অভ্যাস গঢ়ি তুলিব পাৰে।  গতিকে জীৱনৰ সৰ্বোত্তম দৃশ্যপটটো কল্পনা কৰি বা ইয়াৰ পৰা ঘটিব পৰা ইতিবাচক কথাবোৰত মনোনিৱেশ কৰিব লাগে ।  ভৱিষ্যতৰ ইতিবাচক গুণবোৰৰ ওপৰত গুৰুত্ব দি আৰু ইতিবাচক চিন্তা কৰি ইয়াৰ ফলাফলৰ প্ৰতি গুৰুত্ব দিলে নিশ্চিতভাৱে এটা ভাল ফলাফল লাভ কৰিব পৰা যায়।

আমি সদায় ইতিবাচক চিন্তাধাৰাৰ মানুহৰ লগত কথা বতৰা পতা বা বন্ধুত্ব স্থাপন কৰিব লাগে ৷ সততে দেখা যায়, আমাৰ সৈতে সম্পৰ্কীত  বহু মানুহেই কথা বতৰা পাতোতে  সদায় নিজৰ জীৱনৰ অভিযোগ কৰি থাকে, নিজৰ সমস্যাৰ বাহিৰে আন একো কথা নকয়।  এনে মানুহৰ সংস্পৰ্শত লাহে লাহে ভাল চিন্তাৰ মানুহ এজনো তেনেকুৱা নেতিবাচক চিন্তাধাৰাৰ হ’বলৈ বাধ্য হ’ব।  মন ভাল হ’লেও বেয়া হৈ যাব।  গতিকে ইতিবাচক মানুহৰ লগত সদায় চলা ফুৰা কৰা বা কথা বতৰা  পতাৰ চেষ্টা কৰিব লাগে।  যেতিয়া চৌপাশৰ মানুহ ইতিবাচক হয় তেতিয়া কোনো নেতিবাচক চিন্তা আমাৰ মনত প্ৰৱেশ কৰিব নোৱাৰিব ৷

শেষত ক’ব পাৰি, জীৱনৰ গতিপথত এনেকুৱা সময়ো আহে যেতিয়া ইতিবাচক চিন্তাধাৰা বজাই ৰখাটো কঠিন হৈ পৰে। প্ৰকৃতপক্ষে, ইতিবাচক চিন্তা আৰু দৃষ্টিভংগী গঢ়ি তুলিবলৈ হ’লে আমি জীৱনটোক সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ শিকিব লাগিব । আনে কি কৈছে বা ওচৰ-চুবুৰীয়া আন মানুহবোৰে কোৱা নেতিবাচক কথাবোৰ, সমাজখনত প্ৰত্যহ ঘটি থকা ঋণাত্মক কাম কাজবোৰ, লাহে লাহে আওঁকান কৰি প্ৰতিদিনে সকলো বস্তুতে ইতিবাচক দিশ বিচাৰি উলিওৱাৰ চেষ্টা কৰিব লাগিব।  যেতিয়া ব্যক্তি এজনে ইতিবাচক চিন্তা কৰিবলৈ আৰম্ভ কৰিব তেতিয়া ক্ৰমান্বয়ে তেওঁৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব।  ইতিবাচক চিন্তাধাৰাক নিজৰ চৰিত্ৰৰ অংশ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ ৰূপে গ্ৰহণ কৰিব পাৰিলে  জীৱনটো বহু পৰিমানে  সহজ আৰু সুখকৰ হৈ পৰিব ৷ সমাজৰ প্ৰতিজন ব্যক্তিয়েই যদি সকলোধৰণৰ বেয়া কথা, অসৎ কাম, ঋণাত্মক চিন্তাধাৰা পৰিহাৰ কৰি ইতিবাচক চিন্তা তথা  দৃষ্টিভংগীৰে মানসিক দিশটো নিকা কৰি সমাজ তথা জাতিটোৰ উত্তৰণত খোজ দিব পাৰে, তেনেহ’লে অচিৰেই আমি এখন সৰ্বাংগসুন্দৰ, সফল সমাজ যে লাভ কৰিবলৈ সক্ষম হ’ম সেয়া নিশ্চিত ৷

( লিখক শিক্ষাবিভাগৰ বিশ্বনাথ জিলাৰ নলবাৰী মণ্ডলৰ মণ্ডল সমল কেন্দ্র সমন্বয়ক)

You might also like

Comments are closed, but trackbacks and pingbacks are open.