হামিং সম্রাট জুবিন গার্গ

59

মলয় বৰুৱা

মানুহভৰা পৃথিৱীত মানুহৰ মানুহ বিচাৰি হাহাকাৰ হোৱা একবিংশৰ এই দশকৰ এগৰাকী মানুহৰ মানুহক সময়ে হেৰুৱালে পৃথিৱীৰ বুকুত৷ জীৱনৰ প্রতিপল শান্তিৰ সন্ধান কৰি পৃথিৱীৰ বাবে সৃষ্টি কৰিলে গীতিসাহিত্যৰ এটি নতুন যুগ৷ এটা মৌলিক জীৱনশৈলীৰে এটা মৌলিক গীতিসাহিত্যৰ সুৰীয়া ধাৰাৰ নামেই যেন জুবিন গার্গ৷ পৃথিৱীৰ বাবেই তেওঁ সংগীত আৰু সাংস্কৃতিক সাধনাৰ উৎকৃষ্টতম উদাহৰণ৷ জীৱনটো উপভোগ কৰিব লাগে, উদ্যাপন কৰিব লাগে মনে বিচৰা ধৰণে– এই আদর্শৰ ব্যক্তিত্ব যদিও জুবিন গার্গ যে এগৰাকী দূৰদর্শী সম্ভাৱনা সেই কথা ওচৰৰ পৰা পোৱা যুৱজনতাই সুন্দৰকৈ হূদয়ংগম কৰিলে যদিও সময় সাপেক্ষে জুবিনে যেন নাপালে মনে বিচৰা সামাজিক প্রশান্তি আৰু স্বীকৃতি৷ এতিয়া ইমান হুলস্থূল, ইমান আর্তনাদ ,অজস্রজনৰ অসহনীয় উচুপনিত সমগ্র ৰাজ্যখনতে অৰোধ্য কাৰুণ্য ৰোদন৷ জুবিনবিহীন গীতৰ সুৰবোৰ আজি চকুপানীৰ উৎস৷ চৌদিশে মমতাৰ মায়াজাল ফালি জনতাৰ জনস্রোতত ম্রিয়মাণ প্রকৃতি৷ সকলোৱে যেন নয়ন ভৰি চাব প্রাণৰ পাপৰিক, গুঁজি দিব এপাহি দৰদী ফুলৰ থোপা৷ ৩৮ হাজাৰ গান গোৱা, ৪৪খন চিনেমাত সংগীত পৰিচালনা কৰাৰ উপৰি ৪০টা ভাষাৰ গীতেৰে জগত পোহৰ কৰাৰ প্রতিশ্রুতিবদ্ধ অসমীয়া সংস্কৃতিৰ সাম্প্রতিক বিপ্লৱৰ সৈনিক তেওঁ যুগমীয়া জুবিন৷ যাক সাংস্কৃতিক শ্বহীদ হিচাপে স্বীকৃতি দিবলৈহে মনেটোৱে বৰকৈ নির্দেশনা দিয়ে৷ কি যে এক অসহনীয় পৰিক্রমা
বিংশ আৰু একবিংশৰ গীতৰ বয়সন্ধি কালৰ চেতনা তেওঁ৷ জ্যোতিৰ জেউতী বিষ্ণু ৰাভাৰ আপোচবিহীন আদর্শৰ আভা পার্ৱতি প্রসাদৰ সুৰীয়া সংগ্রাম জয়ন্ত হাজৰিকাৰ অজেয় কণ্ঠ সত্তা আৰু ড০ ভূপেন হাজৰিকাৰ দৰে সাগৰ বিশাল শব্দৰ যুগজয়ী সুৰৰ সম্রাট অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গ৷ এন্ধাৰ সঁচা বুলি সুৰৰ যাদুৰে প্রমাণ কৰি যোৱা এই যুৱকণ্ঠই পদ্মশ্রী, পদ্মভূষণ, সংগীত–নাটক একাডেমীৰ মূল্য বিচাৰি গোৱা নাছিল হূদয় জিনা গান৷ প্রায় তিনিটা দশক ধৰি মঞ্চসম্রাটৰ মুকুট পিন্ধি সাগৰ তলিত শুবৰ মন যোৱা বাবেই তেওঁ উভতি নহা বাটেৰে গুচি গ’ল৷ নাই কোনো প্রাপ্য স্বীকৃতিৰ বাসনা, নাই কোনো অভিমান৷ সৰলতা আৰু মানৱতাক বুকুত লৈ তেওঁ গ’লগৈ৷ এইগৰাকী মহান শিল্পী সংস্কৃতিৰ সুৰীয়া সংগ্রামৰ অক্লান্ত সৈনিকলৈ কোটি প্রণাম কৰোঁ যদিও তেওঁ প্রতিগৰাকী অসমীয়াৰ বাবেই যেন শেষ নোহোৱা আৱেগ৷ এইগৰাকী মহান পুণ্যাত্মাৰ বিষয়ে থাকিল বহু আলোচনা৷ তথাপি এবুকু বেদনাৰ স্মৃতিক যেন জীয়াই ৰখাটো আমাৰ জাতীয় দায়িত্ব৷

ধুমুহাৰ স’তে বহু যুগ নাচি সাগৰৰ সোঁতেৰে সৰগী হ’ল হামিং সম্রাট অসমীয়াৰ সাংস্কৃতিক অম্লান জেউতি জুবিন গার্গ৷ ১৯৭২ চনৰ ১৮ নৱেম্বৰত পৃথিৱীলৈ আহিছিলহে মাথোঁ৷ ২০২৫ চনৰ ১৯ ছেপ্ঢেম্বৰত যেন সৰগৰ দেৱতাৰ মনোৰঞ্জনৰহিত আমন্ত্রণ ৰক্ষা কৰিলে যদিও অসমীয়াৰ বুকু খহি চিৰাচিৰ হ’ল৷ এতিয়া যেন জাতিৰ জ্বলন্ত বেদনা৷

ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ এগৰাকী প্রসিদ্ধ কণ্ঠশিল্পী, এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্র অভিনেতা গুণমুগ্ধৰ চকুপানীৰ উৎস নতুবা হূদয়ৰ হাহাকাৰ হ’ব বুলি ভুলতেও হয়তো কোনেও নাভাবিলে৷ অসমীয়া, হিন্দী ভাষা, বঙালী, বডো, কোচ–ৰাজবংশী (কমতাপুৰ/গোৱালপাৰীয়া), চাহ বাগানীয়া, হাজং, মিচিং, কার্বি, গাৰো, ৰাভা, ডিমাচা, টাই–আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্রিয়া মণিপুৰী, ককবৰক, ওডিয়া, তামিল, তেলুগু, কন্নড, ইংৰাজী, আদিৰ লগতে, গালো, মালয়ালম, মাৰাঠী ইত্যাদি বিভিন্ন ভাষা আছিল তেওঁ কণ্ঠদানৰ চিৰলগৰী সুৰ৷ সেয়েহে আজি সকলোৱে স্বীকাৰ কৰে, সাধনাৰ অনন্ত অমিয়া জুবিন গার্গ৷ জন্মৰ সময়ত বা স্কুলীয়া জীৱনৰ নাম জুবিন বৰঠাকুৰ যদিও নিজেই নিজৰ গকাৰী হৈ নামটোও নিজেই গঢ়ি খ্যাতিৱান হ’ল৷ জুবিনৰ ঘৰুৱা নাম গ’ল্ডী, যদিও অসমৰ হার্টথ্র’ব, লুইতকণ্ঠ নতুবা হামিং সম্রাটৰ দৰে আৰু হয়তো অজস্র ওলাব ভৱিষ্যতৰ দিনত৷ মেঘালয়ৰ তুৰাত জন্মগ্রহণ কৰা এই মহান কণ্ঠই ৫২ বছৰ বয়সতে ছিংগাপুৰৰ সাগৰ সংগমৰ পৰা মেলানি মাগিলে সুখভৰা জীৱনৰ পৰা৷ জ্যোতি বিষ্ণুৰ লগতে পার্ৱতি প্রসাদৰ সুৰৰ আর্হিৰে উজাই গৈ মৌলিক গায়কিত্বৰ গৰিমাত লাভ কৰা প্রতিভাৰ বাবেই প্রতি অসমীয়াৰ হূদয়ে হূদয়ে চিৰদিন শিপাই থাকিল আৰু অনন্ত কাললৈ থাকিব৷

অসমীয়া লোকগীতৰ বিহুগীত, কামৰূপী লোকগীত, জিকিৰ, টোকাৰী গীতকে ধৰি ৰক সংগীতৰ তেওঁ অনন্য প্রতিভা৷ চলচ্চিত্র সংগীত, অসমীয়া গীতিসাহিত্য, ভাৰতৰ বহু প্রান্তীয় লোক–সংগীতৰ প্রাণ জুবিন গার্গ৷ কণ্ঠশিল্পী, নেপথ্য গায়ক, সংগীত পৰিচালক, সুৰৰ যাদুকৰ,ব্যতিক্রমী গীতিকাৰ, সংগীতৰ সর্বশ্রেষ্ঠ ব্যৱস্থাপক, আনকি চলচ্চিত্রৰ এগৰাকী সুদক্ষ অভিনেতা, পৰিচালককে ধৰি শ্রেষ্ঠ বাদ্যযন্ত্রী শিল্পীও তেৱেঁই৷ এগৰাকী কবি হোৱাৰ উপৰি তেওঁ আচল অর্থত এগৰাকী সমাজকর্মী৷ জীৱনৰ কৈশোৰত বাদ্যযন্ত্রী শিল্পী হিচাপে কী–ব’ড, গীটাৰ, তবলা, মেণ্ডোলিন, দগৰ, প্যাৰকাচনিষ্ট হিচাপে ১৯৯২ চনৰ পৰা ২০২৫ চনলৈ তেওঁ অনন্য প্রতিভা৷

জীৱনৰ চকৰিৰ গতি কোনদিশে হয়তো মৰতৰ কোনো অনামী শক্তিয়েও নির্ধাৰণ কৰিব নোৱাৰে৷১৯৯২ চনতেই অনামিকাৰ যাদুৰে সুৰ সাগৰত জুবিনে মানুহক সাঁতোৰাব পাৰিছিল৷ পৰৱর্তী সময়ত জুবিন গার্গ পেছাদাৰী সংগীতৰ জখলাৰে উচ্চ শিখৰলৈ গতি কৰিলে৷ জুবিন গার্গ ঢ়োল, দোতাঁৰা, মেণ্ডোলিনৰ দৰে বাদ্যযন্ত্র বজোৱাৰ উপৰি এজন কৃতী কীবর্ড প্লেয়াৰ হিচাপে বহুকেইগৰাকী শিল্পীক চিনাকি সুৰৰ পৃথিৱীখনৰ স’তে পৰিচয় কৰাইছে৷

প্রান্তীয় ভাষাৰ বহু বোলছবিকো উজলাই গৈছে এই গৰাকী মহান শিল্পীয়ে৷ বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰি অসমীয়াৰ মান বঢ়াইছে৷ হিন্দীৰ য়া আলী গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱার্ড GIFA) আৰু ষ্টাৰডাষ্ট এৱার্ডত শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ) বঁটা লাভ কৰিছিল৷ ইয়াৰ উপৰিEchoes of Silence (ইংৰাজী–খাচী) ছবিৰ বাবে শ্রেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্রীয় বঁটা (ৰজত কমল) লাভ কৰিছিল৷আধুনিক অসমীয়া সংগীতত নতুন মাত্রা প্রদান কৰাৰ বাবে ২০১৪ চনত জুবিন গার্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়৷

মেঘালয়ৰ তুৰাত জুবিন গার্গৰ জন্ম হোৱাতেই যেন জীৱনৰ সাম্প্রতিক কলাৰ সমগ্র প্রতিভাৰ ৰক্তবীজ৷ পিতৃ মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃ প্রয়াত ইলি বৰঠাকুৰ৷ প্রথমতে জুবিনৰ নাম আছিল জুবিন বৰঠাকুৰ৷ প্রসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নামত জুবিনৰ নাম ৰখা হৈছিল আৰু গোত্রৰ নামটো তেওঁ উপাধি হিচাপে ব্যৱহাৰ কৰে৷

জুবিন গার্গৰ পৰিয়ালটো মূলতে শিৱসাগৰ জিলাৰ জাঁজীৰ৷ তেওঁৰ দেউতাক কর্মসূত্রে এগৰাকী মেজিষ্ট্রেট আছিল বাবে চাকৰি জীৱনৰ প্রথমছোৱাত সঘনাই ইঠাই–সিঠাইলৈ বদলি হ’বলগীয়া হোৱাটোও আছিল তেওঁৰ বাবে অভিজ্ঞতাৰ ফচল৷ সেয়েহে কণমানি জুবিনৰ ল’ৰালি কালছোৱা বহু ঠাইৰ অভিজ্ঞতাৰে পৰিপুষ্ট৷ জুবিনৰ পিতৃয়েও কপিল ঠাকুৰৰ ছদ্মনামত কবিতা আৰু গল্প লিখি অসমীয়া ভাষা–সাহিত্যৰ পূজা কৰিছে৷ জুবিনৰ মাতৃ প্রয়াত ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্রী আৰু সুগায়িকা আছিল৷ তথাপি তেওঁ নিজৰ প্রতিভাক পেছা হিচাপে লোৱা নাছিল৷ ইয়াৰ পৰিৱর্তে তেওঁ কণমানি জুবিনক ঘৰতেই সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল৷ জুবিনে জীৱনৰ প্রথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে যদিও কথাটো ৰাজহুৱা হোৱা নাই৷ জুবিনৰ ভগ্ণী দুগৰাকী ক্রমে জংকী বৰঠাকুৰ আৰু পাল্মী বৰঠাকুৰ৷ জংকী এগৰাকী গায়িকা আৰু অভিনেত্রীও আছিল৷ দুর্ভাগ্যজনকভাৱে ২০০২ চনত তেজপুৰত ঘটা এটা শোকাৱহ মটৰ দুর্ঘটনাত জংকীৰ মৃত্যু হয়৷ ইয়াৰ পিছতে জুবিনে জংকিৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দি মনৰ প্রশান্ততাক আমন্ত্রণ জনাই যদিও দুখবোৰ যেন সীমাহীন৷ আনগৰাকী ভগ্ণী পাল্মী ভাৰত নাট্যম নৃত্যশিল্পী৷ ২০০২ চনৰ ৪ ফেব্রুৱাৰীত জুবিন গার্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈ বহু আধৰুৱা পৰিক্রমাৰ সম্পূর্ণ কৰে যদিও অসমীয়াৰ সাংস্কৃতিক জীৱন যেন সদায় আধৰুৱা৷

শিক্ষা সাধনাৰ প্রথম স্তৰত জুবিনে জীৱনৰ প্রথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে৷ মাতৃৰ তাগিদাত গুৰু ৰবীন বেনার্জীৰ পৰা জুবিনে তবলা শিক্ষাৰে সংগীত শিক্ষা আৰম্ভ কৰি তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোকসংগীত শিকি সুৰীয়া যাত্রাৰে সাংগীতিক শিক্ষা অব্যাহত ৰাখিছিল৷ তেওঁ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেড্রিক পাছ কৰি পাছত তেওঁলোকৰ পৰিয়ালে গুৱাহাটীলৈ স্থায়ীভাৱে থাকিবলৈ গুচি অহাৰ কাৰণে জুবিনেও যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বিবৰুৱা কলেজলৈ বিদ্যায়তনিক ঠিকনা সলনি কৰি বিজ্ঞানৰ স্নাতক ডিগ্রীৰ শিক্ষা গ্রহণ কৰে৷ কিন্তু সংগীতৰ ক্ষেত্রখনৰ লগত সম্পূর্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে, তেওঁৰ স্নাতক শিক্ষা আধৰুৱা হৈ থাকিল৷

মানুহ প্রতিভাৰ খনিকৰ হ’লেই যেন শিল্পী সাহিত্যিক আদি উপমাৰে উপমায়িত হয়৷ জুবিন গার্গ এগৰাকী সাধনাৰ মনীষী৷ ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বর্ণপদক অর্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টার্নিং পইণ্ট৷ ইয়াতেই জুবিনে কণ্ঠশিল্পীৰূপে জীৱনত প্রথমবাৰৰ বাবে সফলতা আৰু বিশ্বাসৰ সোৱাদ৷ এই সন্মান লাভ কৰি তেওঁ সুৰীয়া যাত্রাৰ যাত্রী হ’বলৈ নিজকে মানসিকভাৱে প্রস্তুত কৰিলে৷ ঢ়োল, দোতাঁৰা, মেণ্ডোলিনৰ দৰে বাদ্যযন্ত্র বজোৱাৰ উপৰি জুবিন এজন কৃতী কী–ব’ড প্লেয়াৰ হোৱাৰ সুবাদতে অসমত তেওঁ বহু বাদ্যযন্ত্রী শিল্পী সৃষ্টি কৰি জীৱিকাৰ সন্ধান দি গৈছে৷ প্রথম এলবাম অনামিকা মুক্তি হোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতখনত অভাৱনীয়ভাৱে সোমাই পৰে৷ এই অগতানুগতিক এলবামটোৱে অতি কম সময়তেই সমগ্র উত্তৰ–পূব ভাৰতত ইন্ষ্টেণ্ট হিটৰূপে জনপ্রিয়তাৰ শীর্ষত আৰোহণ কৰে৷ একৈশ শতিকাৰ অসমীয়া সংগীতৰ দৃশ্যপটৰে নতুন সংজ্ঞা আৰু শৈলী দাঙি ধৰি পৰৱর্তী সময়ত জুবিনে পিছলৈ আৰু ঘূৰি চাব লগা নহ’ল৷ নিজৰ নামতে অজস্র এলবামৰ উপৰিও ভালেকেইখন হিন্দীৰ লগতে বঙালী আৰু ২৪খনতকৈ অধিক অসমীয়া চলচ্চিত্রৰ সংগীত পৰিচালনাৰে সংগীত কেৰিয়াৰ অব্যাহত ৰাখি খ্যাতিৱান হ’ল৷ তেওঁৰ বঙালী চিনেমা ‘শুধু তুমি’ৰ কাৰণে ২০০৫ চনত তেওঁ শ্রেষ্ঠ সংগীত বঁটা লাভ কৰিছে৷ যদিও জুবিনে নিজকে এজন সংগীতজ্ঞ বুলিহে বোধগম্য কৰাই এতিয়ালৈকে হিন্দী, তামিল, তেলুগু, পঞ্জাবী, ওডিয়া, মাৰাঠী, নেপালী আদিকে ধৰি বিভিন্ন ভাষাত তেওঁ ৯,০০০তকৈ অধিক গীত গাই ইতিহাস সৃষ্টি কৰি গৈছে৷ জুবিন গার্গে শেহতীয়াকৈ মুঠ ৩৮,০০০টা গীত বাণীবদ্ধ কৰা বুলি নিজেই ৰাজহুৱা কৰি যোৱাটো অসমৰ সংস্কৃতিৰ বাবে এটা স্বয়ংস্বীকৃত তথ্যৰ ইতিহাস৷ সৌভাগ্যৰ কথা মৃত্যুৰ আগদিনা গুৱাহাটীৰ এজন জুবিন অনুৰাগীয়ে সংৰক্ষণ কৰা জুবিন গার্গৰ সমগ্র গীত আৰু ছবিৰ এলবাম আৰু বাণীবদ্ধ আহিলাৰ এটা লাইব্রেৰীও নিজ হাতে উদ্বোধন কৰি গ’ল৷ ফিজা, কাঁটে, মুড্ডা, ব্রাইডছ ৱাণ্টেড, গেংষ্টাৰ, প্যাৰ কে ছাইড এফেক্ট ইত্যাদিৰ দৰে চলচ্চিত্রতো হিন্দী ভাষাত জুবিনৰ সংগীত আৰু কণ্ঠৰ কর্মৰাজিৰ নিদর্শন পোৱা যায়৷ ২০০০ চনত জুবিনে তেওঁৰ নিজা অসমীয়া চলচ্চিত্র ‘তুমি মোৰ মাথোঁ মোৰ’ৰ কাহিনী লিখি পৰিচালনা আৰু অভিনয়ো কৰিছিল৷ ২০০৫ চনত ৰাষ্ট্রীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্চিত্র ‘দীনবন্ধু’ত জুবিনে অভিনয় কৰাৰ উপৰি সহ–প্রযোজনা কৰাৰ লগতে সংগীতেৰে সজাই বোলছবিখনক নতুনৰ সোৱাদ দান কৰিছিল৷ তেওঁ সঞ্জয় ঝাৰ দ্বাৰা পৰিচালিত হিন্দী চিনেমা ‘ষ্ট্রীংছ’ৰো সংগীত পৰিচালনা কৰিছিল৷ তেওঁ কণ্ঠদান কৰা অন্যান্য ছবিসমূহ ভিতৰত ভাৰতীয় হিন্দী ছবিবোৰ হ’ল –গেংষ্টাৰ, গুড বয় বেড বয়, প্যাৰ কে ছাইড এফেক্টছ, বিগ ব্রাদাৰ, হামাৰি অধুৰি কাহানী আদি৷ তেওঁ দক্ষতাৰে জীপাল কৰা অসমীয়া ছবিবোৰৰ ভিতৰত ২০২২ (ৰাজনীতি) মঞ্জিত শর্মা, ২০১৯ (কাঞ্চনজংঘা) জুবিন গার্গ, ২০১৮ (দ্য আণ্ডাৰৱ’ল্ড) ৰাজেশ যশপাল, ২০১৭ (প্রিয়াৰ প্রিয়) মুনিন বৰুৱা, ২০১৭ (মিছন চাইনা) জুবিন গার্গ, ২০১৬ (গানে কি আনে) ৰাজেশ যশপাল, ২০১৬ (সাত নম্বৰৰ সন্ধান)ত আব্দুল মজিদ পৰিচালিত বিশেষ এভূমুকি মৰাৰ লগতে ২০১৫ (অহেতুকৰ বাণী দাস বিশেষ এভূমুকি, ২০১৪ (ৰ’দৰ চিঠি) বাহাৰুল ইছলাম, ২০১১ (ৰামধেনু) মুনিন বৰুৱা বিশেষ এভূমুকি, ২০০৮ (মন যায়) এম মণিৰাম, ২০০৪ (দীনবন্ধু) মুনিন বৰুৱা ২০০২ (প্রেম আৰু প্রেম) শম্ভু গুপ্তা বিশেষ এভূমুকি ২০০০ (তুমি মোৰ মাথো মোৰ) জুবিন গার্গ নির্মিত ছবিৰ লগতে ২০২৩ (ডক্তৰ বেজবৰুৱা ২) নিপন গোস্বামীৰ প্রতি শ্রদ্ধা জনাই নির্মাণ কৰা ছুপাৰ হিট ছবি৷

বঁটা আৰু সন্মানেও বান্ধি কোনো ব্যক্তিবিশেষ নতুবা ৰাইজৰ শৰণাপন্ন কৰিব নোৱাৰিলে জুবিন গার্গক৷ মানুহজন যেন নিজে নির্মাণ কৰা সাংস্কৃতিক সাম্রাজ্যৰ এগৰাকী একচ্ছত্রী সম্রাট৷ মানুহৰ মৰমৰ আকলুৱা নহয় মৰমৰ উভৈনদীত জীৱন নাও বাই যোৱা এগৰাকী অনন্য অদ্বিতীয় শিল্পী৷ জুবিন গার্গৰ জীৱনৰ প্রাপ্তি হ’ল বিভিন্ন সময়ত লাভ কৰা বঁটাসমূহ৷ যদিও তেওঁ কোনোদিনে আশা কৰা নাছিল৷

২০০৫ শ্রেষ্ঠ সংগীত পৰিচালক শুধু তুমি BFJA

২০০৬ শ্রেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) গেংষ্টাৰ (য়া আলী) ফিল্ম ফেয়াৰ এৱার্ড

২০০৬ নিউ মিউজিকেল ছেন্সেচন বঁটা (পুৰুষ) গেংষ্টাৰ (য়া আলী) মেক্স ষ্টাৰডাষ্ট এৱার্ড (৫)

২০০৬ শ্রেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) গেংগষ্টাৰ (য়া আলী) গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱার্ড GIFA) (২৬)

২০০৭ শ্রেষ্ঠ সংগীত পৰিচালকEchoes of Silence Short film) ইংৰাজী–খাচী ভাষা ৰাষ্ট্রীয় বঁটা (ৰজত কমল)

২০১৪ ৰেনেছাঁ সন্মানৰ লগতে অজস্র সন্মানৰ গৰাকী জুবিন গার্গ৷ সময়সাপেক্ষ অগণন সন্মান আৰু মৰমৰ সঁফুৰা জুবিন গার্গ৷

বিদেশত সমাপ্ত হ’ল অসমীয়া গীতিসাহিত্যৰ এটা যুগ৷ সময়ো নিষ্ঠুৰ হয় প্রাকৃতিক দুর্যোগৰ দৰে৷ সাধাৰণ জীৱনৰ দৰেই অসাধাৰণ হৈ পৰে জীৱনৰ সমস্ত যন্ত্রণা৷ দায়িত্ববোৰ যেতিয়া কর্তব্যৰ তাগিদাত মমতা মৰম আৰু সামূহিক চেতনাৰ বিচ্ছিন্ন হয়, তেতিয়াই সেয়াই বহু জীৱনে বিচাৰি নোপোৱা অমূল্য ৰত্ন৷ তথাপি লালসা আৰু শংকাৰ স’তে একাত্ম নাছিল জুবিন গার্গৰ সমস্ত পৰিক্রমা৷ অমূল্য মানৱ জীৱনবোৰ কাৰোবাৰ প্রতিভাৰ পোহৰত কোনোবাই আজীৱন জিলিকি থাকি ৰঙীন ৰঙীন সমস্ত প্রয়াসক কিনা–বেচাৰ ফেষ্টিভেল নহয় যদিও অসমী আৰু সুৰীয়া বুকু মুহূর্ততে উদং হ’ল৷ আমি চিৰদিনৰ বাবে হেৰুৱালো অসমীয়াৰ গৌৰৱ সঁফুৰা৷ মানুহৰ দায়িত্ববোধক নিলাজ কৰি নীৰৱে সৰগী হোৱা প্রাণৰ শিল্পী জুবিন গার্গ দেশমাতৃৰ সুৰক্ষাৰ সৈনিক নাছিল যদিও তেওঁ এগৰাকী সংস্কৃতিৰ সুৰক্ষা সৈনিক৷ সেই বাবেই তেওঁ এগৰাকী শ্বহীদ৷ হে স্বজাতিৰ স্বাভিমানী বীৰ শ্বহীদ প্রণামো তোমাক৷

ফোনঃ ৮২৫৬০–৩৯২১৫

You might also like

Comments are closed, but trackbacks and pingbacks are open.