আইৰন : আমাৰ শৰীৰৰ বাবে বিশেষভাৱে আৱশ্যক

12

লুকীমা বৰুৱা
খাদ্যবিশেষজ্ঞা
আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিতাল, ডিব্ৰুগড়

আইৰন বা লৌহ পদাৰ্থ আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় এবিধ খনিজ পদাৰ্থ। আমি জানো, আমাৰ তেজত প্ৰধানকৈ তিনিবিধ কণিকা থাকে। এই কণিকাসমূহ প্লাজমা নামৰ তৰল পদাৰ্থত ওপঙি থাকে। এই তিনিবিধ কণিকা হৈছে– শ্বেত ৰক্ত কণিকা, ৰঙা ৰক্ত কণিকা আৰু পেটেলেট। আইৰন ৰঙা ৰক্ত কণিকাৰ এটা প্ৰধান উপাদান। আইৰন ৰঙা ৰক্ত কণিকাৰ হিম’গ্লবিন ভাগত থাকে। সেইবাবে তেজৰ ৰঙ ৰঙা। হিম’ মানে ৰঙা আৰু গ্লবিন হৈছে এবিধ প্ৰ’টিন।এই হিম’ ভাগ প্ৰস্তুত হ’বৰ বাবে আইৰনৰ আৱশ্যক।

আইৰনৰ প্ৰধান কাম

আমি কিয় আইৰন থকা আহাৰ খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে সেইটো ভালদৰে উপলদ্ধি কৰিবলৈ আগতে জানি লওঁ আমাৰ শৰীৰত ই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কি কি কাম কৰে।
তেজৰ ৰক্ত কণিকাত থকা হিম’গ্লবিনৰ অক্সিজেন বহন কৰিব পৰা ক্ষমতা আছে। আমি উশাহত লোৱা অক্সিজেন খিনি হিম’গ্লবিনে হাঁওফাঁওৰ পৰা বহন কৰি শৰীৰৰ বিভিন্ন কোষলৈ কঢ়িয়াই নিয়ে আৰু কোষবোৰত বিভিন্ন ৰাসায়নিক ক্ৰিয়াৰ ফলত উৎপন্ন হোৱা কাৰ্বন -ডাই-অক্সাইডভাগ বহন কৰি শৰীৰৰ পৰা উলিয়াই দিবৰ বাবে পুনৰ হাঁওফাঁওলৈ কঢ়িয়াই আনে। এইদৰে আমাৰ শৰীৰত অত্যধিক কাৰ্বন -ডাই-অক্সাইড জমা হোৱাৰ পৰা বচাই ৰাখি আমাক সুস্থ হৈ থকাত সহায় কৰে আৰু আমাৰ শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ কামৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ যোগান ধৰে।

দ্বিতীয়তে, আমাৰ শৰীৰৰ কোষবোৰত কিছু আইৰন মায়’গ্লবিন হিচাপে সঞ্চিত থাকে। মায়’গ্লবিনৰ অক্সিজেন ধৰি ৰাখিব পৰা ক্ষমতা আছে। এই সঞ্চিত অক্সিজেন ভাগ শৰীৰৰ মাংসপেশীবোৰে সঞ্চালনৰ বাবে ব্যৱহাৰ কৰে।

তৃতীয়তে, আমি খোৱা আহাৰত থকা কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বী হজম প্ৰক্ৰিয়াৰ মাজেৰে যোৱাৰ পাছত ক্ষুদ্ৰান্তৰ (small intestine) বেৰৰ পৰা শৰীৰে শোষণ কৰে। এই শোষিত উপাদানবোৰ শৰীৰে গ্ৰহণ কৰিবৰ বাবে পুনৰ ৰূপান্তৰিত হ’ব লাগে। যি ৰাসায়নিক প্ৰক্ৰিয়াৰ মাজেৰে এই ৰূপান্তৰ হয় সেই প্ৰক্ৰিয়াক মেটাবলিজম বুলি কয়। এই প্ৰক্ৰিয়াত অক্সিজেনৰ প্ৰয়োজন। এইদৰে ৰূপান্তৰিত হোৱাৰ পাছতো কিছু অংশ কোষবোৰৰ ভিতৰত থাকি যায়। এই বাকী ৰোৱা উপাদানবোৰ সম্পূৰ্ণ ভাৱে ভাঙি শক্তি উৎপন্ন কৰাত আইৰনে সহায় কৰে। ইয়েই বুজায় আমাৰ দৈনিক কাম-কাজ কৰাত আয়ৰনৰ অৰিহণা কিমান।

চতুৰ্থতে, মগজুৰ কিছুমান বিশেষ কামৰ বাবে আইৰন অতি আৱশ্যক। যেনে — মনোযোগ শক্তি, কথা শিকাৰ ক্ষমতা, তাৎক্ষণিক স্মৰণ শক্তি ( immediate memory).

পঞ্চমতে, মেটাবলিজম প্ৰক্ৰিয়াৰ বাবে বিভিন্ন এনজাইমৰ দৰকাৰ। আয়ৰন এনে কিছুসংখ্যক এনজাইমৰ এটা প্ৰধান অংশ।

ষষ্ঠতে, যদি আমাৰ শৰীৰত আইৰন সঠিক মাত্ৰাত থাকে, তেন্তে সহজে আমি বীজাণুৰ দ্বাৰা আক্ৰান্ত নহওঁ। অৰ্থাৎ আমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা শক্তিশালী হয়।

আয়ৰন থকা খাদ্যৰ উৎস

সচৰাচৰ আমি খোৱা খাদ্যত পোৱা আয়ৰনৰ উৎসবোৰ হৈছে —

পাচলি: বিভিন্ন সেউজীয়া শাক, বিশেষকৈ মৰিছা, পালেং, কচুঁশাক, পদিনা, সৰিয়হ শাক, নৰসিংহ, ভেদাইলতা আদি। বিটৰুট, ভেণ্দি, কাচকল, চজিনা, তিতা কেৰেলা, কেচাঁ মটৰ, ফ্ৰেণ্সবিন, উৰহী, লেচেৰা মাহ , কলডিল আদি।

ফল : পকা কল, মধুৰিআম, আপেল, ডালিম আদি। শুকান ফল যেনে —খেজুৰ, বাদাম, খিচমিচ, ফিগ(fig), চেৰি।

শস্য : ঘেঁহু, চিৰা, য’ধান, বজৰা, অ’টচ, দালিয়া, ৰাগি ।

মাহ : গোটা মাহ, চয়াবিন, ৰাজমা, লবিয়া, বুট।

অন্যান্য : গুৰ, তিল, ৰঙালাউৰ গুটি, কেঁচা হালধি।

প্ৰাণীজ খাদ্য : কণীৰ কুহুম, মাংসৰ লিভাৰ, মাছ বিশেষকৈ কাৱৈ, শিঙি, মাগুৰ, কুচিয়া আদি।

বিভিন্ন খাদ্য বস্তুত থকা আইৰনৰ পৰিমাণ
(প্ৰতি ১০০ গ্ৰাম হিচাবত )

শস্য
খাদ্যৰ নাম পৰিমাণ(মি.গ্ৰাম)
ঢেঁকীৰ উখোৱা চাউল………৪ মি.গ্ৰাম
ঢেঁকীৰ অন্য চাউল…………৩.১ ‘’
ঘেঁহুৰ আটা………………..১১.৫ “
চিৰা……………………….২০ “
মুড়ি……………………….৬.৬ “
বজৰা…………………..…৫.০ “

মাহজাতীয় খাদ্য

ৰাজমা………………….৫.৮ মি.গ্ৰাম
চয়াবিন…………………১১.৫ “
ভজা বুট দাইল………….৯.৫ ‌ “
বুট দাইল……………….৯.১ ‌ “
মাটি দাইল ……………৯.১ ‌ “
গোটা মগু………………৭.৩ “
মচুৰ দাইল……………৪.১ “

সেউজীয়া শাক

ক’লা কচু………………৩৮.৭
মৰিছা শাক………… ২৫.৫
মূলা শাক………………১৮
ধনিয়া পাত…………..১৮
সৰিয়হ শাক……………১৬.৭
মেথি শাক……………..১৬.৫
পালেং…………………১০.৯
সেউজীয়া কঁচু…………১০.০
নৰসিংহ পাত………….৭
চজিনা পাত……………৭

অন্য পাচলি
পিয়াজৰ নলা…………..৭.৫
চজিনা………………….৫.৩
কলডিল………………..১.৬
সৰু তিতা কেৰেলা……..২
কেঁচা মটৰ……………..১.৫
ভেণ্দি………………….১.৫
বিন…………………….১.৪
কাচকল………………..০.৬

প্ৰাণীজ খাদ্য

হাঁহ কণী………………..৩.০
কুকুৰা কণী…………….২.১
ছাগলীৰ লিভাৰ………..২.৫
ছাগলী মাংস……………২.৫
শিঙি মাছ………………২.৩
ৰৌ মাছ………………..১
মিছা মাছ………………৫.৩

পকা ফল
মধুৰিয়াম……………….১.৪
মাটিকঁঠাল………………১.২
বগৰী……………………১.৮
কুঁহিয়াৰৰ ৰস……………১.১
কল…………………..…০.৯
আপেল…………………০.১

শুকান ফল

খেজুৰ……………. …..৭.৩
খিচমিচ………………..৭.৭
আখৰুট……………….৪.৮
বাদাম………………….২.৮

অন্যান্য খাদ্য

কুঁহিয়াৰৰ গুড়,…………..১১.৪
ৰঙালাউ গুটি………….৫.৫
কঁঠাল গুটি…………….১.৫
কেঁচা হালধি……………১৪.৮
তিল……………………১০.৫

(Source: Nutritive value of Indian Food, published by National Institute of Nutrition, Hyderabad)

ওপৰৰ তালিকাৰ পৰা দেখা গৈছে যে আমি সচৰাচৰ খোৱা বহু খাদ্য বস্তুত আইৰন থাকে। কিন্তু বহু সময়ত তেজ পৰীক্ষা কৰাওঁতে যেতিয়া দেখা যায় যে হিম’গ্লবিনৰ মাত্ৰা নিৰ্ধাৰিত মাত্ৰাতকৈ কম আছে, আমি আচৰিত হওঁ। ভাবোঁ, আমি দেখুন আইৰন থকা খাদ্য খাই থাকো তথাপি কিয় হিম’গ্লবিনৰ মাত্ৰা কম? এই প্ৰশ্নৰ উত্তৰ তলৰ আলোচনাৰ পৰা পোৱা যাব।

আমাৰ শৰীৰে আইৰনভাগ ভালদৰে গ্ৰহণ কৰিবৰ বাবে কিছু সাৱধানতা ল’ব লাগে। অলপ সতৰ্ক হৈ খোৱা – বোৱা কৰিলে আহাৰত থকা আইৰন শৰীৰে ভালদৰে শোষণ কৰাত আমি সফল হ’ম। অন্যাথাই আমি খোৱা আয়ৰনযুক্ত আহাৰৰ পৰা সম্পূৰ্ণ ভাৱে উপকৃত হ’ব নোৱাৰিম।

ওপৰত আলোচনা কৰা হৈছে যে সেউজীয়া শাক, শস্যজাতীয় খাদ্যত আইৰন থাকে। কিন্তু এই খাদ্যবোৰত এনে কিছু পদাৰ্থ থাকে যি আমাৰ দেহে ভালদৰে আইৰন শোষণ কৰাত বাধা দিয়ে।। এই পদাৰ্থবোৰক Iron Inhibitors বোলা হয়। চাহ, কফিত থকা টেনিন সেউজীয়া শাকত থকা অ’ক্সালেট, শস্যত থকা ফাইটেট এই পদাৰ্থ বোৰৰ ভিতৰত পৰে। গতিকে শস্য আৰু সেউজীয়া শাকত থকা আয়ৰন শৰীৰে ভালদৰে শোষণ কৰিবৰ বাবে এনে খাদ্য খোৱাৰ সময়ত ভিটামিন ‘চি’ যুক্ত আহাৰ যেনে —টেঙাফল, বিলাহী আদি খোৱা দৰকাৰ। উদাহৰণ স্বৰূপে ভাতৰ লগত নেমু, বিলাহী, বন্ধাকবিৰ চালাড অথবা দৈ খালে আমি এই সমস্যাৰ পৰা হাত সাৰিব পাৰো। নতুবা ভাত খাই উঠি টেঙা ফল খালেও শৰীৰে আইৰন শোষণ কৰাত সহায়ক হ’ব। আমিষভোজী সকলে যথাসম্ভৱ প্ৰাণীজ প্ৰ’টিন খাব লাগে। প্ৰাণীজ প্ৰ’টিনত থকা আয়ৰন শোষণত এই বাধা নাই। ঠিক সেইদৰে প্ৰধান আহাৰ খোৱাৰ এঘণ্টা আগতে আৰু এঘণ্টা পাছতহে চাহ, কফি খোৱা উচিত। অন্যথাই এই পানীয় বোৰত থকা টেনিনে আহাৰৰ পৰা ভালদৰে আয়ৰন আহৰণ কৰাত বাধা দিব। ফিকা মাহত নেমু চেপি খালে এনে সমস্যা অৱশ্যে বহু পৰিমাণে লাঘৱ হয়।

ৰক্তহীনতা আৰু আইৰন

দেহত উপযুক্ত পৰিমাণৰ আয়ৰনৰ অভাৱ হ’লে ৰক্তহীনতাৰ লক্ষণে দেখা দিয়ে। এই ৰোগত ভোগা সকল দুৰ্বল, কম কৰ্মশক্তিযুক্ত, সহজে ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা আদি সমস্যাত ভোগে। পঢ়া-শুনা কৰা ল’ৰা -ছোৱালীৰ ক্ষেত্ৰত কম মনোযোগ শক্তি, ভালদৰে কথা শিকিব নোৱাৰা, কথা মনত নথকা আদি নানা লক্ষণ দেখা যায়।

ভাৰতবৰ্ষত চলোৱা বিভিন্ন সমীক্ষাত দেখা গৈছে যে শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ অন্যতম কাৰণ — ৰক্তহীনতা। গৰ্ভাৱস্থাত মহিলাৰ শৰীৰত আয়ৰনৰ মাত্ৰা নিৰ্ধাৰিত পৰিমাণতকৈ বহু কম হ’লে জন্ম পাব লগীয়া শিশু অতি দুৰ্বল হয়, তেজৰ পৰিমাণ বহু কম হয় আৰু মৃত্যু মুখত পৰাৰ অধিক সম্ভাৱনা থাকে। প্ৰসৱৰ সময়ত মাতৃ গৰাকীৰ যদি অত্যধিক ৰক্তক্ষৰণ হয়, তেন্তে তেওঁৰো মৃত্যু হোৱাৰ আশংকা বেছি ধৰণে থাকে।

মুঠৰ ওপৰত আমাৰ শৰীৰত হিম’গ্লবিনৰ মাত্ৰা সঠিক ৰখাটো অতি গুৰুত্বপূৰ্ণ কথা, নহ’লে স্বাস্থ্যৰ অৱনতি ঘটিব। সেই হেতুকে আয়ৰনযুক্ত বিভিন্ন আহাৰ নিয়মিত ভাৱে আমি খোৱাৰ উপৰিও সেই আহাৰৰ পৰা যাতে সঠিক ভাৱে আইৰন শোষণ কৰি স্বাস্থ্য ৰক্ষাৰ কামত লগাব পাৰে তাৰ প্ৰতি সজাগ হোৱা উচিত। দুৰ্বল অনুভৱ কৰিলে হিম’গ্লবিনৰ মাত্ৰা পৰীক্ষা কৰোৱাই চিকিৎসকৰ পৰামৰ্শ লৈ সেইমতে নিজৰ যত্ন লোৱাটো প্ৰয়োজন।

You might also like

Comments are closed, but trackbacks and pingbacks are open.