গল্প : চন্দ্ৰা অ’ চন্দ্ৰাৱলী

51

ৰিণু দেৱী গোস্বামী

টিকট কাউণ্টাৰৰ ওচৰত দীঘলীয়া শাৰী। সকলোৱে টিকট লবলৈ হেতা-ওপৰা কৰিছে।  ভ্ৰাম্যমান  নাট্যদল ‘হিমালয়ৰ’ থিয়টাৰৰ  দশম বছৰৰ আজি প্ৰথম নিশাৰ নাটকৰ শুভ উদ্ধোধন। পাঠশালাৰ হিমালয় থিয়েটাৰৰ স্থায়ী শিবিৰৰ কাষতে থকা খেলপথাৰতে ভ্ৰাম্যমান নাট্যদলটিৰ প্ৰথম নিশাৰ নাটক উদ্ধোধন কৰিবলৈ নিমন্ত্ৰ্ণ কৰিছে স্থানীয় জনপ্ৰিয় চিৰসেউজ অভিনেতা  শংকৰ বৰুৱাক। প্ৰায় সত্তৰ বছৰীয়া বৰুৱা এতিয়াও যেন  চফল ডেকা হৈ আছে। সকলোৰে চকু মঞ্চত। এসময়ত মঞ্চ কপাই থকা শংকৰ বৰুৱাক চাবলৈ সকলোৱে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । মাইকত বাৰে বাৰে ঘোষণা  কৰি আছে , জনপ্ৰিয় নাট্যকাৰ ইন্দ্ৰকমল কৌশিকৰ নাটক ‘যোদ্ধা’ আজি ‘হিমালয় থিয়েটাৰৰ’ প্ৰথম নিশাৰ বলিষ্ঠ নিবেদন। খন্তেক পিচতে  মঞ্চস্থ হ’ব প্ৰথম নিশাৰ নাটক ‘যোদ্ধা’। সময় আগবাঢ়ি যোৱাৰ লগে লগে  সকলো অভিনেতা অভিনেত্ৰীয়ে নটৰাজৰ ওচৰত প্ৰাৰ্থনা কৰি গ্ৰীণৰুমত  ৰূপ সজ্জাত ব্যস্ত হ’ল।  প্ৰেক্ষাগৃহত প্ৰথম সংকেত ধ্বনি বাজি উঠাৰ  লগে লগে অভিনেতা অভিনেত্ৰী সকলৰ যেন বুকুৰ ধপ-ধপনিও বাঢ়ি আহিল। প্ৰায় এমাহ জোৰা আখৰা সামৰি আজি প্ৰথম নিশা মঞ্চত উঠিবলৈ  সাজু হৈছে। তিনিটি নিশাৰ তিনিখন নাটক সফল মঞ্চায়নৰ কাৰণে সকলোৱে  যথেষ্ট কষ্ট কৰিছে। প্ৰথম নিশাৰ নাটক ‘যোদ্ধা’, প্ৰত্যেক গৰাকী অভিনেতা অভিনেত্ৰীয়ে যেন ‘যোদ্ধাৰ’ কাৰণে যুদ্ধকালিন প্ৰস্তুটিৰে সাজু হৈছে । ঠিক সেই সময়তে সদায় চাহৰ যোগান ধৰা চক্ৰই সকলোকে একাপ চাহ দিবৰ কাৰণে হাতত কেটলিটো লৈ আহি সকলোকে চাহ দি গ’ল। চক্ৰইয়ো ভাল দৰে উপলব্ধি কৰিব পাৰে যে এই  চাহ কাপে  সকলোকে বিশেষ ভাৱে সজীৱ  কৰি তোলে। সময় বাগৰি যোৱাৰ লগে লগে দ্বিতীয় সংকেত ধ্বনি বাজি ঊঠিল আৰু  দৰ্শকৰ কিৰিলিয়ে প্ৰেক্ষাগৃহটি মুখৰিত কৰি তুলিলে। গেলেৰিৰ পৰা  অহা চেঙেলীয়া ল’ৰাবোৰৰ হাত চাপৰি আৰু কিৰিলিত প্ৰেক্ষাগৃহটো আৰু অধিক যেন মুখৰ হৈ পৰিল। এইবাৰ ‘হিমালয়’ থিয়েটাৰলৈ নতুনকৈ অহা নায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হোৱা অৰিন্দমৰ অভিনেতা হিচাপে এইটো দ্বিতীয় বৰ্ষ। নাটক আৰম্ভ হোৱাৰ আগে আগে  ফোনটো হাতত লৈ গ্ৰীণৰুমৰ পৰা বাহিৰলৈ ওলাই আহি পেণ্ডেলটোৰ কাষতে ৰৈ মাকলৈ ফোন লগালে,

 ঃ মা আমাৰ নাটক আৰম্ভ হবলৈ বেছি সময় নাই , তোমাৰ আৰ্শীবাদ বিচাৰি ফোন কৰিলো। আজি প্ৰথম নিশা যদিও দৰ্শকৰ যথেষ্ঠ সহাৰি দেখা পাইছো , তুমি মাত্ৰ আৰ্শীবাদ কৰিবা। মাকৰ সহাৰিত অৰিন্দমৰ মনটো আৰু অধিক সজীৱ হৈ পৰিল ।  জোনাক নিশা , আকাশলৈ চাই অৰিন্দমে দেখিলে যেন জোনটোৱেও তেওঁলোকৰ কথাবোৰ শুনি বৰ হেপাঁহেৰে  চাই আছে । সৰুৰ পৰাই জোনাক ভাল পোৱা অৰিন্দমৰ মনটো  অজানিতে বৰ ভাল লাগি গ’ল।  লাহে লাহে গ্ৰীণৰুমৰ ফালে আগবাঢ়ি আহোতেই দেখিলে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হোৱা চন্দ্ৰালী অৰিন্দমৰ ফালে আগবাঢ়ি আহিছে, ওচৰ পাই চন্দ্ৰালীয়ে এটি ধুনীয়া হাঁহিৰে অৰিন্দমক শুভেচ্ছা জনালে আৰু আৰিন্দমেও প্ৰতি শুভেচ্ছা জনাই দুয়ো একেলগে মঞ্চৰ ফালে আগবাঢ়িল আৰু প্ৰতি গৰাকী সহ-অভিনেতা অভিনেত্ৰীয়েও ইজনে সিজনক শুভেচ্ছা জনাই নিজৰ নিজৰ স্থানলৈ গ’ ।

 তৃতীয় সংকেত ধ্বনি বজাৰ লগে লগে আকৌ সেই একেই কিৰিলি হাত  চাপৰিৰ যেন জোৱাৰ উঠিল । মঞ্চৰ সন্মুখ ভাগত ঘোষকে ঘোষণা কৰাৰ লগে লগে শংকৰ বৰুৱাক কেইজন মান কলা-কুশলীয়ে  মঞ্চলৈ  আদৰি আনিলে । হৃষ্ট-পুষ্ট ওখ-পাখ ৰঙা-বগা শংকৰ বৰুৱা মঞ্চলৈ লাহে লাহে উঠি আহিল । পাটৰ চাৰ্ট আৰু বগা ধূতি খনৰে বৰুৱা মঞ্চত উঠাৰ লগে লগে সকলোৱে হাত চাপৰিৰে শুভেচ্ছা জনালে । হাঁহিমুখীয়া শংকৰ বৰুৱাৰ গহীন-গম্ভীৰ মাতত প্ৰেক্ষাগৃহ যেন কাঁহ পৰি জিন গ’ল । ৰসাল ভাষণেৰে বৰুৱাই থিয়েটাৰ দলৰ প্ৰযোজককে আৰম্ভ কৰি নাটকৰ সকলো অভিনেতা অভিনেত্ৰী  প্ৰমুখ্যে  সকলো কলা-কুশলীলৈ শুভেচ্ছা জনাই ‘হিমালয় থিয়েটাৰৰ’ নাটকৰ শুভাৰম্ভ কৰিলে । ‘হিমালয়’ থিয়েটাৰৰ প্ৰথম নিশাৰ নাটকে দৰ্শকক যথেষ্ট আমোদ দিলে । নায়ক অৰিন্দম চৌধুৰী আৰু নায়িকা চন্দ্ৰালীৰ  নাম সকলোৰে মুখে মুখে ।

অৰিন্দম ঘৰৰ ডাঙৰ ল’ৰা । তেওঁৰ ভনীয়েক এজনী আৰু ভায়েক এটা । অৰিন্দমে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাচতেই দেউতাক ঢুকালে । ভনীয়েক নিবেদিতাৰ বয়স তেতিয়া প্ৰায় দহ বছৰ মান আৰু ভয়েক নিলীমৰ বয়স মাত্ৰ পাচঁ বছৰ । দেউতাকে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত পিয়নৰ চাকৰি কৰিছিল । কৰ্তব্যৰ প্ৰতি অতি সচেতন  খগেন্দ্ৰ  চৌধুৰীয়ে আনৰ খবৰ বিলাই থাকোতে নিজৰ পৰিয়ালৰ খবৰ লবলৈ যেন সময় মিলাব পৰাই নাছিল । হঠাৎ এদিন দূৰ্ঘটনাত পতিত হৈ খগেন্দ্ৰ চৌধুৰীয়ে পৰিয়ালটোক অকলশৰীয়া কৰি মৃত্যুক আকোৱালী ললে । মাক নিৰ্মালীয়ে চকুৰে যেন ধোঁৱা-কোৱা দেখিলে। কি কৰিব কি নকৰিব কিংকৰ্তব্য বিমুখ হৈ পৰিল । অৰিন্দমে মাকক সান্তনা দিলে, আৰু তাৰ পচৰ পৰাই  অৰিন্দমে  নিজৰ পঢ়া-শুনাৰ খৰচ নিজেই উলিয়াই ঘৰ চলাবৰ কাৰণে মাককো সহায় কৰাত হাত উজান দিছিল। নাটক ভাল পোৱা খগেন্দ্ৰ চৌধুৰীয়ে পুত্ৰ অৰিন্দমক সৰুৰে পৰা  অভিনয় কৰিবৰ বাবে বৰ উৎসাহ দিছিল । অৰিন্দমে ছাত্ৰ অৱস্থাৰ পৰাই নাটক কৰিছিল। এজন ভাল অভিনেতা হিচাপে প্ৰশংসাও বুটলিছিল। সেয়েহে সময়ৰ সোতঁত এজন ভাল অভিনেতা হিচাপে ভ্ৰাম্যমান থিয়েটাৰ দল ‘হিমালয়লৈ’ নিমন্ত্ৰণ পাইছিল অৰিন্দমে ।

বিভিন্ন  ঠাইত ‘হিমালয়’ থিয়েটাৰে প্ৰশংসা বুটলি বুটলি প্ৰায় ছয়-মাহ মানৰ পাছত ‘হিমালয়’ থিয়েটাৰৰ  এইবাৰ  অৰিন্দমৰ নিজৰ অঞ্চল যোৰহাটৰ চিনামৰাত নাটক প্ৰদৰ্শন কৰিবৰ বাবে সাজু হ’ল। নিজৰ অঞ্চলত নাটক কৰিবৰ কাৰণে অৰিন্দম বৰ উৎসাহিত হৈ পৰিল ।  ইফালে বাতৰি কাকত টি ভি নিউজত ‘হিমালয়’ থিয়েটাৰৰ কথা শুনি সকলোৱে চাবলৈ বৰ আগ্ৰহৰে বাট চাই আছে ।

 হঠাৎ অৰিন্দমে অনুভৱ কৰিলে যেন  চন্দ্ৰালীক আজি কালি তাৰ বৰ ভাল লাগে ।  চন্দ্ৰালী দেখিবলৈও বৰ ধুনীয়া।  দুয়োটাই প্ৰায় কেইখন নাটকতে নায়ক-নায়িকাৰ চৰিত্ৰত অভিনয় কৰি আহিছে. গহীন গপচ সুন্দৰ ব্যক্তিত্বৰ চন্দ্ৰালীৰ প্ৰতি আকৰ্ষিত হোৱাটো একো ডাঙৰ কথা নহয় । অৰিন্দমৰো সেইয়ে হৈছে । কিন্তু কোৱা শুনিছে চন্দ্ৰালী হেনো বিধৱা । আজি কালি তাইয়ো কিবা এটা  অজুহা উলিয়াই  অৰিন্দমৰ লগত বৰকৈ কথা পাতে । অৰিন্দমৰো  বৰ ভাল লাগে । চন্দ্ৰালীৰ কথাবোৰো বৰ ভাল লগা , কথা পাতিলেই পাতি থাকিবলৈ মন যায়। প্ৰথম দেখাতে অৰিন্দমৰ চন্দ্ৰালীক  ভাল লাগিছিল। কিন্তু নিজৰ কেৰিয়াৰ কথা ভাবি থাকোতে এইবোৰ মনলৈ অহাই নাছিল । কিন্তু  এতিয়া লাহে লাহে দিন বাগৰি যোৱাৰ লগে লগে অৰিন্দমক চন্দ্ৰালীৰ কথাই বৰকৈ আমনি কৰা হ’ল ।  এটা কথাৰ কাৰণে  চন্দ্ৰালীক  ভাল পাওঁ বুলি  ক’ব পৰা নাই  কাৰণ তাই বিধৱা । দেউতাক নোহোৱাৰ পৰা মাকে কষ্ট কৰি সিহঁত তিনিওটাকে ডাঙৰ দীঘল কৰিছে । তাতে সি ঘৰৰ ভিতৰত ডাঙৰ । সেইকাৰণে  মাকৰ কথা  ভাবিয়েই চন্দ্ৰালীক  একো ক’ব পৰা নাই । যদিহে  মাকে আপত্তি কৰে  আৰু সমাজেও যদি মানি নলয় , তেতিয়াহ’লে । অৰিন্দমহঁতক থাকিবলৈ দিয়া স্কুলৰ বাৰাণ্ডাখনত বহি  ভাৱৰ বুৰ-বুৰণিত  সোমাই থাকোতে অৰিন্দম দেখা পালে স্কুলখনৰ সিটো মুৰৰ পৰা চন্দ্ৰালী  তাৰ ওচৰলৈকে আহি আছে। পাতল গুলপীয়া ৰঙৰ শাৰীখন চন্দ্ৰালীৰ গাৰ বৰণৰ সৈতে  একেবাৰে  মিলি গৈছে  । যেন  এইমাত্ৰ স্নান কৰি অহা কোনোবা আকাশী পৰী হে । হাত কটা ব্লাউজ আৰু পাতল  শাৰীখন  দেহৰ ভাজে ভাজে  একেবাৰে লিপিত খাই ধৰিছে । আতঁৰৰ পৰা দেখি এনে লাগিছে যেন কোনোবা চিত্ৰকাৰে তেওঁৰ প্ৰিয় ৰংবোৰ কেন্‌ভাছত বোলাই গৈছে। চন্দ্ৰালী ওচৰ পোৱাতো যেন অৰিন্দমৰ ভ্ৰুক্ষেপ নাই সি যেন সপোনৰ ৰাজ্যত বিচৰণ কৰি আছে। চন্দ্ৰালীৰ  শাৰীৰ ভাজে ভাজে  প্ৰকট হৈ পৰা সুন্দৰ খলা-বমা অংশবোৰত চন্দ্ৰালীৰ চকুৰ অগোচৰে  অৰিন্দমে লাহেকৈ চকু ফুৰালে। নিখুত খনিকৰৰ যেন অনুপম সৃষ্টি ।  খন্তেক সময়  একেথিৰে তাইলৈ চাই ৰ’ল । ভাৱৰ বুৰ-বুৰণিত তন্ময় হৈ থকা অৰিন্দম চন্দ্ৰালীৰ মাতত থত-মত খাই গ’ল ।

: ইমানকৈ নো কি চাই আছা । আগতে মোক  দেখা নাই নেকি ?

অৰিন্দমে ধুনীয়াকৈ হাঁহি এটা মাৰি ক’লে : তোমাকে চাইছো । কালি কৰা অভিনয়ৰ লগত তুলনা কৰি চাইছো । নাটকৰ চৰিত্ৰত একেবাৰে শোকে দুখে জৰ্জৰিত হৈ থকা  চন্দ্ৰালী জনীৰ আজিৰ যি মোহনীয়া  ৰূপ দেখি চকু থৰ হৈ যাবই ।

অৰিন্দমৰ কথাষাৰে চন্দ্ৰালীক ৰোমাঞ্চিত কৰি তুলিলে , ওঁঠত এটি লাজৰ হাঁহি বিৰিঙি উঠিল । তাই লাহেকৈ উত্তৰ দিলে

  ঃ হ’ব বাৰু  মই এতিয়া মোৰ ৰূপৰ বৰ্ণনা মই শুনিবলৈ অহা নাই । অৰিন্দমে আকৌ ধেমালী কৰিয়েই  ক’লে ,

: তেতিয়াহ’লে  কিয় আহিছিলা ?

অৰিন্দমৰ কথা শুনি চন্দ্ৰালীৰো মনে মনে বৰ ভাল লাগিল । কিন্তু মুখ ফুটাই একো ক’ব নোৱাৰে। তাইৰো একে কথা, এবাৰ এনেকুৱা হোৱাৰ পাচত আকৌ  দ্বিতীয়বাৰৰ কথা কেনেকৈ ভাৱিব , আকৌ যদি একে ঘটনাৰ পুনৰাবৃত্তি হয় । নাই নাই তাই নোৱাৰে কেতিয়াও  সমাজৰ চকুত অৰিন্দমক হেয় প্ৰতিপন্ন হোৱাটো  নিবিচাৰে । যিহেতু তাই অৰিন্দমক বহুত ভাল পায় । কথাবোৰে  তাইৰ বুকুৰ  ধপ-ধপনিটো বঢ়াই দিলে । অৰিন্দমৰ  লগত অভিনয় কৰিও চন্দ্ৰালী বেচ সুখী  আৰু সকলোৰে মুখে মুখে এইবাৰ অৰিন্দম আৰু চন্দ্ৰালীৰ যুতি ‘হিমালয়’ থিয়েটাৰৰ এক বিশেষ আকৰ্ষণ । থিয়েটাৰৰ প্ৰযোজক  সুশান্ত কাকতিয়ে  দুয়োকে বৰ  মৰম কৰে ।  কথাবোৰ মনতে গুণা-গঠা কৰি থাকোতেই অৰিন্দমে ক’লে,

 ঃ এতিয়া তুমি আকৌ কি ভাবি আছা , মোৰ প্ৰশ্নৰ উত্তৰ নিদিলা দেখোন ।

অৰিন্দমৰ ওচৰতে থকা চকীখনত বহি এটি ঈষত হাঁহিৰে চন্দ্ৰালীয়ে ক’লে, দৰ্শকে যে  আমাৰ নাটক  এনেকৈ আকোৱালী ল’ব  ভবাই নাছিলো।  সকলোৰে মুখত কথাবোৰ শুনি মনটো বৰ ভাল লাগি গৈছে ।

: হয় আমাৰ আটাইকেইখন নাটকেই ভাল। নাটকৰ পাচত যে গ্ৰীণৰুমত লগ কৰিবলৈ মানুহৰ  যি ভীৰ  হয় দেখি নিজকে বৰ ভাগ্যবান যেন লাগে। তেওঁলোকৰ মৰম আৰু আৰ্শীবাদেই আমাৰ সফলতাৰ মাপকাঠী ।

ঃ হয় তুমি ঠিকেই কৈছা অৰিন্দম। তেওঁলোকৰ আৰ্শীবাদ অবিহনে আমি একো কৰিব নোৱাৰিলোহেঁতেন ।

অৰিন্দম আৰু চন্দ্ৰালীয়ে বহুত সময় বিভিন্ন কথা পাতিলে । চন্দ্ৰালী আতৰি যোৱাৰ লগে লগে যেন অৰিন্দমৰ মনটো কিবা উকা উকা লাগি গ’ল । চন্দ্ৰালী যোৱালৈ চাই বহু সময় তাইৰ কথা ভাবি থাকিলে । ইমান ধুনীয়া ছোৱালীজনী ইমান কম সময়তে বিধৱা হ’ল । তাই বাৰু গোটেই জীৱন কেনেকৈ কটাব । তাইৰো এটা সপোন আছে । সঁচাকৈ আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে এনেকুৱা কম বয়সতে বিধৱা হোৱা ছোৱালীবোৰে গোটেই জীৱনটো জীয়াতু ভুগিব লগা হয়  ।কথাবোৰ ভাবি অৰিন্দমৰ বুকু খন যেন বিষাই গ’ল। এইবাৰ  যেনে তেনে মাৰ কাণত কথাটো পেলাব লাগিব ।

 চিনামৰাত প্ৰথম নিশাৰ নাটকৰ অন্তত স্থানীয় প্ৰায়বোৰ যুৱকে অৰিন্দমক লগ কৰিবলৈ আহি বহুত প্ৰশ্ংসা কৰিলে । নাটকৰ  বিৰতিৰ সময়ত কেইবাজনীও ছোৱালীয়ে অৰিন্দমক দেখা কৰি  অভিনয়ৰ প্ৰসংশা কৰাৰ লগতে  মোবাইল নম্বৰ বিচাৰিলে। অৰিন্দমে  নম্বৰ নিদিও বুলি কবও নোৱাৰা হ’ল  তাতে নিজৰ অঞ্চলৰ  ছোৱালী। অৱশ্যে অৰিন্দমে আগতে লগ পোৱা নাই, কিন্তু  ধুনীয়া  ছোৱালীবোৰে  কণ্টেক নম্বৰ বিচাৰি ব্যস্ত হোৱাত  অৰিন্দমৰ  নিজৰো  বৰ ভাল লাগিল। বহুত মিঠা মিঠা লগা মুহুৰ্ত মনত সামৰি আকৌ নতুন ঠাইলৈ ৰাওনা হোৱাৰ সময় সমাগত । বেলেগতকৈও নিজৰ মানুহবোৰে আৰু অধিক প্ৰশংসা কৰাত তেওঁ সকলোৰে ওচৰত মুৰ দোঁৱালে। ইফালে চন্দ্ৰালীৰো একেই অৱস্থা । ল’ৰা-ছোৱালী প্ৰায়বোৰে ফোন নম্বৰ লগতে কিছুমানে একেলগে  ফটো  তোলাত ব্যস্ত হৈ পৰিল । ৰঙীণ মুহুৰ্ত কিছুমান বুকুত বান্ধি আকৌ নতুন  ঠাইলৈ যোৱাৰ প্ৰস্তুতি চলিল । ‘হিমালয়’ থিয়েটাৰৰ নাম সকলোৰে মুখত। এইবাৰ ‘হিমালয়’ থিয়েটাৰে বৰ নাম কৰিছে। আৰু নতুন যুতি ‘অৰিন্দম আৰু চন্দ্ৰালীয়ে’ সকলোৰে মন চুই গৈছে ।

প্ৰথম নিশা নাটক হৈ যোৱাৰ পাচত অৰিন্দমে চন্দ্ৰালীক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলে । অৰিন্দমৰ ঘৰ ওচৰতে হোৱা কাৰণে লগৰ প্ৰায়বোৰ তাৰ ঘৰলৈ গৈছে মাত্ৰ চন্দ্ৰালীহে যোৱা নাই । সেইকাৰণে চন্দ্ৰালীক অৰিন্দমে মাকক চিনাকি কৰি দিবৰ বাবে দ্বিতীয়  দিনা ঘৰলৈ লৈ গ’ল । ঃ মা এওঁ চন্দ্ৰালী , আমাৰ নাটকৰ  হিৰইন , মানে নায়িকা । তুমি নাটকত দেখিছিলা নহয় আজি তোমাক লগত চিনাকি কৰি  দিবৰ বাবে মাতি আনিলো । নাটকৰ চৰিত্ৰত দেখাতকৈ আজি চন্দ্ৰালী  সম্পূৰ্ণ বেলেগ লাগিছে ।  প্ৰথম দৃষ্টিতেই অৰিন্দমৰ মাক নিৰ্মালীৰ চন্দ্ৰালীক বৰ ভাল লাগিল । বগা শাৰীখনে দীঘল চুলিটাৰিৰ সৈতে সাইলাখ সৰস্বতী যেন লাগিছে ।

: কি নাম  তোমাৰ

: চন্দ্ৰালী, চন্দ্ৰালী বৰুৱা ।

: বৰ ধুনীয়া নামটো ,  ঘৰ ক’ত

:  লক্ষীমপুৰৰ ৰজাবাৰীত ঘৰ ।

দুপৰীয়া ভাত-পানী খাই আজৰি হৈ চন্দ্ৰালীৰ লগত কথা পাতিবৰ কাৰণে নিৰ্মালী আকৌ ওচৰতে বহিলহি ।

: তোমালোকৰ ঘৰত কোন কোন আছে চন্দ্ৰালী ।

: ঘৰত কোন কোন আছে বুলি সুধিলে কি উত্তৰ দিম মই ভাবিয়েই নাপাও ।

: কিয় তেনেকৈ কৈছা

: সেইবোৰ বহুত কথা খুড়ী । মোৰ মা-দেউতা আৰু এটা ভাইতি আছে ।  মোৰ  বিয়াৰ প্ৰায় ছয় মাহ মানৰ পিচতে  মোৰ মানুহজন মোক অকলশৰীয়া কৰি  একেবাৰে আতৰি গ’ল ।

: এইবোৰ কি কৈছা চন্দ্ৰালী ,

: হয় খুড়ী ঘটি যোৱা ঘটনাবোৰৰ কথাই কৈছো ।  মই বিয়াৰ আগত  এবাৰো গম পোৱা নাছিল যে তেওঁ ড্ৰাগচ আসক্ত আছিল । সিহঁতৰ ঘৰৰ মানুহেও এই কথা একেবাৰে লুকুৱাই ৰাখিছিল। ঘৰৰ মানুহে ভাবিছিল বিয়া পাতি দিলে  তেওঁ হেনো ঠিক হৈ যাব।  অতি কম সময়ৰ ভিতৰতে মই তেওঁৰ  বিবাহ পাশত আৱদ্ধ হৈছিলো  । সেই সময় খিনি মোৰ বাবে যে সৌভাগ্য নহৈ ৰ্দুভাগ্য হৈ আহিছিল মই গমেই পোৱা নাছিলো। বিয়াৰ পাচত দুদিন মানৰ পাচৰ পৰাই মই কথাবোৰ লাহে লাহে গম পাইছিলো। তাৰ পাচত  সেই মৰ্মান্তিক ঘটনাটো ঘটিল। মই একেবাৰে দিশহাৰা হৈ  পৰিলো।  ঘৰৰ মানুহে নিজৰ ভূল স্বীকাৰ কৰি  মোক  নিজৰ ঘৰলৈ পঠাই দিলে । মই  আগৰ পৰাই  অভিনয় কৰিছিলো  আৰু অভিনয়ত মোৰ নাম আছিল।  ঘৰলৈ ঘুৰি যোৱা প্ৰায় এবছৰ মান পাচত কেইবাটাও ভ্ৰাম্যমান দললৈ নিমন্ত্ৰণ কৰিছিল কিন্তু তেতিয়া মই একেবাৰে মন কৰা নাছিলো।  দেউতা-মাৰ লগতে ওচৰ চুবুৰীয়াই যথেষ্ট উৎসাহ দিয়াৰ পাচত  ‘হিমালয়’ থিয়েটাৰ দলৰ লগত  চুক্তিবদ্ধ হয়। তাৰ পিচত আৰু এইয়া, চন্দ্ৰালীয়ে শাৰীৰ আচলঁটোৰে চকুপানীখিনি মচি মচি কথাবোৰ কৈ গ’ল ।

: অৰিন্দমে বৰকৈ লগ ধৰা কাৰণেহে মই  আপোনালোকৰ ঘৰলৈ আহিলো  খুড়ী , বহুত কষ্টত জীয়াই থকিব লগা হৈছে ।

চন্দ্ৰালীৰ কথাবোৰ শুনি অৰিন্দমৰ মাকৰ দুচকুৰে দুধাৰী লোতক বৈ গ’ল। তেওঁ নিজেও উপলব্ধি কৰিলে বিধৱা হোৱাৰ যাতনা কিমান । তিনিটা সন্তানৰ সৈতে অকলশৰীয়া কৰি খগেন্দ্ৰ চৌধুৰীয়ে এৰি থৈ যোৱা দিন ধৰি কিমান জীয়াতু ভুগিব লগা হৈছিল।  চন্দ্ৰালীলৈ তেঁওৰ বৰ মৰম লাগিল । ওখ-পাখ লাহি-পাহি মৰম লগা ছোৱালীজনীক তেওঁ বোৱাৰী কৰিবলৈ মনে মনে সিদ্ধান্ত কৰিলে চন্দ্ৰালীৰ মুৰত হাত ফুৰাই  ক’লে,  দুখে সুখেহে জীৱন। জীৱনটো আকৌ  নতুনকৈ সজাবলৈ যত্ন কৰা চন্দ্ৰালী  , মোৰ আৰ্শীবাদ  সদায় আছে ।

 অৰিন্দমৰ মাকৰ মৰমত  চন্দ্ৰালী আবেগিক হৈ  পৰিল । নিজ মাতৃৰ পৰা বহু দুৰৈত থকা চন্দ্ৰালীয়ে  নিৰ্মালীক  নিজ মাতৃৰ  দৰেই লাগিল। বুকুৰ বেদনাবোৰ খুলি কবলৈ পাই তাইৰ বুকুখন বৰ পাতল পাতল লাগিল। বৈ অহা চকুপানীখিনি পুণৰ মচি  অৰিন্দমৰ মাকৰ আৰ্শীবাদ শিৰত লৈ  আন এখন নতুন ঠাইত  অভিনয় কৰিবৰ বাবে সাজু হৈ তেঁওৰ পৰা বিদায় ললে ।  অৰিন্দমেও মাকৰ পৰা বিদায় লৈ পুণৰ নিজৰ কৰ্মৰ বাবে অগ্ৰসৰ হ’ল । কিন্তু যি কথা মাকৰ আগত ক’ম বুলি আশা কৰি গৈছিল সেই কথা উলিয়াবলৈ কোনো সুৰুঙাই নাপালে।

চাওঁতে চাওঁতে হিমালয় থিয়েটাৰৰ প্ৰায় নমাহ জোৰা নাট্য যাত্ৰাৰ সামৰণি পৰি আহিছে। আৰূ মাত্ৰ মাজত এমাহ মান সময় বাকী আছে। সকলোৰে মনবোৰ যেন ভাৰাক্ৰান্ত্ৰ হৈ আহিছে। প্ৰত্যেকৰ সমস্যা বেলেগ বেলেগ। কিছুমানে আৰ্থিক সমস্যা লৈও ভাৰাক্ৰান্ত্ৰ। চন্দ্ৰালীও তাৰ ব্যত্তিক্ৰম নহয় । কথাবোৰ চিন্তা কৰি থাকোতে অৰিন্দমৰ মাকে চন্দ্ৰালীলৈ ফোন কৰিলে । ফোনটো তুলি লৈ অৰিন্দমৰ  মাকৰ মাততো শুনি চন্দ্ৰালীৰ কিবা এটা বৰ আপোন আপোন লাগিল ।  তাৰ পাচত তেওঁ কোৱা কথাখিনি শুনি চন্দ্ৰালীৰ যেন মুখৰ মাত নাইকিয়া হ’ল। বুকুখন দুৰু দুৰুকৈ কপি উঠিল । মনে মনে ভাবিলে অৰিন্দমক কথাবোৰ তাই ক’ব নে নকয় । সেই দোমোজাখিনি বুকুৰ মাজত সাৱতিয়েই অভিনয়ৰ কাৰণে মঞ্চত উঠিলে। মাজে মাজে অৰিন্দমৰ মাকে চন্দালীৰ খবৰ লৈ থাকে । কিন্তু সিদিনা কথা কেইটাই তাইক যেন বিমোৰত পেলাইছে ।

অৰিন্দমেও চন্দ্ৰালীক কেইদিনমান লক্ষ কৰিছে তাই যেন আগতকৈ অলপ গহীন হৈ পৰিছে। কিন্তু কিয় ? সি নিজকে নিজে প্ৰশ্ন কৰিলে । চন্দ্ৰালীক সুধিম বুলিও একো সুধিব নোৱাৰিলে । ঘৰলৈ গৈ মাকৰ আগত কথাটো ক’ম বুলিও ক’ব নোৱাৰিলে। অহা বছৰৰ বাবে  আকৌ  ‘হিমালয় থিয়েটাৰতে’ ইতিমধ্যে  অৰিন্দম আৰু চন্দ্ৰালী চুক্তিবদ্ধ হ’ল । নাটক শেষ হোৱাৰ পাচত অৰিন্দমে  কথাবোৰ ভাবি ভাবি  শিবিৰৰ চাদৰ ওপৰতে পায়চাৰি কৰি আছে ।  ফৰিংফুটা জোনাক নিশা , কি যে মোহনীয়া  , জোনাকে  গোটেই ধৰণীখন উজ্বলাই তুলিছে ।  অৰিন্দমে চকুৰে ঢুকি পোৱালৈকে আকাশখনলৈ চাই ৰ’ল। ক’তো অকণমান ডাৱৰো নাই । ডাৱৰীয়া হৈ থকা  মনটো যেন হঠাৎ তাৰ মুকলি মুকলি লাগি গ’ল। তিৰবিৰাই থকা তৰাবোৰ দেখি অৰিন্দমৰ এনে ভাৱ হ’ল যেন  তৰাবোৰে আনন্দতে ইটোৱে সিটোৰ লগত মনৰ কথা পাতিছে ।  এটি  শিহৰণ  জাগি  উঠিল । সি নিজকে সুধিলে, চন্দ্ৰালীয়ে বাৰু মোৰ কথা কিবা ভাবেনে ?  চন্দ্ৰালীৰ চকুলৈ চাই মই যি সপোন দেখিছো , তাই বাৰু দেখে নে ?  আৰু দুটা পেণ্ডলৰ পাচতে আমি নিজ ঘৰ অভিমুখে ৰাওনা হ’ম। তাৰ পাচত ?  সেইসময়তে অৰিন্দমৰ ফোনটো বাজি উঠিল,

: ইমান ৰাতি মায়ে ফোন কৰিছে  কিয় কৰিছে । কিবা এটা অজান আশংকাত তাৰ মনটো কপি উঠিল । ফোনটো কাণত লৈ সুধিলে

: মা ইমান ৰাতি ফোন কৰিলা কিহ’ল , ভাল নে তোমাৰ ?

: মোৰ ভাল , এটা বিশেষ কথাৰ কাৰণে তোক  ফোন কৰিলো ।

: কোৱা মা ,

: মই  তোৰ  বিয়া ঠিক কৰিছো ।

: মোৰ বিয়া ?

: অ, ছোৱালী মই ঠিক কৰিলো , বৰ  ভাল ছোৱালী, তই না নকৰিবি ।

: মোৰ কথা শুনা মা

: তোৰ একো  কথা মই নুশুনো । এই বছৰতেই বিয়া হ’ব বুলি মই ইতিমধ্যে কথা দিলো । মাক নিৰ্মালীয়ে  আৰু বহুত কিবাকিবি কথা কৈ আছে, সি মাত্ৰ নিৰৱে মাকৰ কথাবোৰ শুনি গ’ল। মাকৰ লগত কথা পাতি থাকোতেই অৰিন্দমে চিৰিটোত এটা ছায়ামূৰ্তি দেখা পালে। ছায়ামুৰ্তিটো কোন হ’ব পাৰে বুলি চাওঁতেই  মাকে হ’ব বুলি থও বুলি ফোনটো কাটি দিলে। অৰিন্দমে ফোনটো হাতত লৈ আগবাঢ়ি অহা ছায়ামুৰ্তিটোলৈ চাই ৰ’ল । ছাঁ-পোহৰৰ দোমোজাত উজ্জল হৈ থকা চিনাকি মুখখন দেখি  আচৰিত হৈ ক’লে  ,

: তুমি, ইমান ৰাতি ইয়াত? কোনোবাই দেখিলে কি হ’ব ? প্ৰযোজক সুশান্ত কাকতিক যদি বেয়াকৈ লগাই দিয়ে ।

: মই কাকতি দাদাৰ পৰা অনুমতি লৈ থৈছো । চিন্তা কৰিব নালগে ।  কোনে ফোন কৰিছিল ?

: মায়ে  ফোন কৰিছিলে। মোৰ বাবে ছোৱালী চাইছে। এই বছৰতে হেনো মই বিয়া পাতিব লাগিব।

: তুমি কি ক’লা

: আজিলৈকে মাৰ কোনো কথাত মই আপত্তি কৰা নাই  আৰু কৰিবও নোৱাৰো। তোমাৰ কিবা ক’ব লগা আছে নে কি —— ?

কথাষাৰ কৈ অৰিন্দমে বৰ উৎসুকতাৰে চন্দ্ৰালীলৈ চাই ৰ’ল। এটি ঈষত হাঁহিৰে চন্দ্ৰালী অৰিন্দমৰ ওচৰলৈ এখোজ আগুৱাই  আহিল। এচাটি মৃদু মলয়াই যেন দুয়োকে জোকাৰি  গ’ল । উপচি পৰা জোনাকত  দুটি মন  বিলীন হৈ গ’ল আৰু তিৰ-বিৰাই থকা তৰাবোৰেও যেন খন্তেক সময় স্তব্ধ হৈ অৰিন্দম আৰু চন্দ্ৰালীলৈ চাই ৰ’ল। দুয়ো যেন  বছৰৰ সৰ্বশ্ৰেষ্ঠ  ‘যোদ্ধা’ নাটকখনৰ শেষ দৃশ্যত উপনীত হৈছে আৰু বাজি উঠিছে সেই মন চুই যোৱা গীতটো ‘চন্দ্ৰা অ, চন্দ্ৰাৱলী, জিকি-মিকি জোনাক ৰাতি’ —

ফোন নং – ৯৫০৮৮৮৭৪২৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.