তুলিকা দেৱী নাথ
এটা সুন্দৰ আৰু স্বচ্ছল জীৱন সকলোৱে কামনা কৰে ৷ সমাজত নিজকে প্ৰতিস্থা কৰি আৰামেৰে জীৱন যাপন কৰিবলৈ হ’লে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিব লাগিব। নিজক স্বাৱলম্বী কৰি প্ৰতিস্থা কৰা এই কথাখিনিৰ লগত সংপৃক্ত হৈ আছে কেৰিয়াৰৰ কথা ৷ কেৰিয়াৰ সততে আলোচনা কৰা এটা গুৰুত্বপূৰ্ণ বিষয় ৷ সকলো মানুহৰে বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ নিজা-নিজা কিছুমান সপোন থাকে। সেই সপোনবোৰে তেওঁলোকক জীৱনত এক উচ্চ শিখৰত উপনীত হ’বলৈ অহৰহ উৎসাহ দিয়ে ৷ আচলতে সকলোৱে জীৱনত প্ৰতিস্থা লাভ কৰি এটা সুখী আৰু সুন্দৰ জীৱনৰ কামনা কৰে ৷ সুখী আৰু সুন্দৰ জীৱন প্ৰাপ্তিৰ কাৰণে এটা শুদ্ধ কেৰিয়াৰ নিৰ্বাচন কৰাটো অতিকৈ প্ৰয়োজন ৷
সৰুতে ল’ৰাছোৱালীক যেতিয়া প্ৰশ্ন সোধা হয়
” ডাঙৰ হ’লে কি হ’বা ? ” প্ৰশ্নটোৰ উত্তৰ দিবলৈ কণমানি এটাক বেছি সময়ৰ প্ৰয়োজন নহয় ৷ কিন্তু সেই প্ৰশ্নৰ উত্তৰ আপেক্ষিক ৷ তেওঁ যি হ’বলৈ বিচাৰে সেই বিষয়টোৰ ওপৰত তেওঁৰ সম্যক জ্ঞান নাথাকে ৷ তেওঁ সেই উত্তৰটো দিয়ে হয়তু মাক দেউতাকে শিকোৱাৰ বাবে নাইবা কোনোবাই তেনে উত্তৰ দিয়া দেখিছে ৷ হয়তু ডাঙৰ হোৱাৰ লগে লগে সেই অকণমানটোৰ জীৱনৰ দিশ বেলেগ দিশতে গতি কৰিব ৷ একোজন ছাত্ৰ-ছাত্ৰীয়ে কি বিষয়ত পঢ়িব বা কেনে ধৰণৰ একোটা কেৰিয়াৰ গঢ়ি তুলিব, সেইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে ছাত্ৰ বা ছাত্ৰীজনৰ নিজৰ ওপৰতহে৷ কোনোবাই হয়তু বিজ্ঞান বিষয় ভাল পাই , কোনোবাই বাণিজ্য আৰু কোনোবাই কলা ৷ কোনোবাই আকৌ পঢ়াৰ সলনি নাচ , গান আৰু অভিনয় বেছি পচন্দ কৰে৷ জীৱনত নিজকে প্ৰতিস্থা কৰিবলৈ সপোন দেখিবই লাগিব , লক্ষ্য থাকিবই লাগিব ৷ লক্ষ্যবিহীন জীৱন নদীৰ ব’ঠা হীন নাওৰ দৰে ৷ কিন্তু সপোন দেখিলেই নহ’ব ৷ সপোন পূৰ্ণ কৰিবলৈ , মনে বিচৰা দৰে জীৱনত আগবাঢ়িবলৈ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ প্ৰয়োজন ৷ জীৱনত অসাধ্য একো নাই ৷ স্বামী বিবেকানন্দই কৈছিল “ প্ৰতিজন মানুহৰ মাজত ইমান কিছু প্ৰছণ্ড শক্তি আছে যে তাক মানুহে নিজেই উমান নাপায়। কিন্তু যেতিয়া সেই শক্তি চিনি পায়, সিংহ বলত বলীয়ান হৈ তেওঁ অসাধ্য সাধন কৰিব পাৰে ” ।
বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত সংস্থাপনৰ বাবে ছাত্ৰ ছাত্ৰীসকলে পূৰ্ব পৰিকল্পনা কৰটো অতিকৈ প্ৰয়োজন ৷ সংস্থাপনৰ লগত কেৰিয়াৰৰ বিষয়টো আহি পৰে ৷ এইখিনিতে কেৰিয়াৰ নো কি এই বিষয়ে আলোচনা কৰিব লাগিব ৷ কেৰিয়াৰ হ’ল এজন মানুহে তেওঁৰ জীৱনত বিভিন্ন পেছাৰ বাবে নিজকে প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া ৷ সঠিক কেৰিয়াৰ নিৰ্বাচনে ছাত্ৰ ছাত্ৰীক জীৱনত উন্নতিৰ শিখৰত আৰোহন কৰাত সহায় কৰে ৷ সেয়ে কেৰিয়াৰ নিৰ্বাচনৰ সময়ত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলো সাৱধান হোৱা উচিত ৷ এক চাপত পৰি নাইবা দেখাক দেখি কেতিয়াও কেৰিয়াৰ নিৰ্বাচন কৰাটো সঠিক নহয় ৷ আমাৰ সমাজত দেখা যায় যে কিছুমান সন্তানে পিতৃ মাতৃয়ে বিচৰা বাবে কেৰিয়াৰ একোটা বাছি লয় ৷ হয়তু পিতৃ মাতৃয়ে নিজে কৰিব নোৱাৰা বাবে সন্তানৰ জৰিয়তে নিজৰ আধৰুৱা সপোন পূৰ্ণ কৰিব খোজে ৷ কোনো কোনো লোকৰ এনেকুৱা মানসিকতাও দেখা যায় যে ডাক্টৰ ইঞ্জিনিয়াৰ বাহিৰে সকলো কেৰিয়াৰেই যেন মূল্যহীন ৷ ভুল কেৰিয়াৰ নিৰ্বাচনে ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংসৰ মুখে ঠেলি দিয়ে ৷ দেখা যায় অপচন্দ বিষয় এটা পঢ়ি কেতিয়াও ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ নহয় আৰু কেতিয়াবা প্ৰতিস্থা লাভ কৰিলেও ছাত্ৰজন মানসিকভাৱে সুখী নহয় ৷
একোজন ছাত্ৰ-ছাত্ৰীয়ে কি বিষয়ত পঢ়িব বা কেনে ধৰণৰ একোটা কেৰিয়াৰ গঢ়ি তুলিব, সেইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে ছাত্ৰ বা ছাত্ৰীজনৰ নিজৰ ওপৰতহে। ইয়াত অভিভাৱক বা অভিজ্ঞ ব্যক্তিয়ে একোটা সজ পৰামৰ্শ হে দিব পাৰে ৷ নিজক প্ৰতিস্থা কৰাৰ সেই যাত্ৰাত কেৱলমাত্ৰ ছাত্ৰজনে অকলে আগবাঢ়িব লাগিব ৷ গতিকে তেওঁৰ শক্তি সামৰ্থ্যৰে যিকোনো ধৰণৰ সমস্যা, বাধা-বিঘিনি অতিক্ৰম কৰি মূল লক্ষ্যত উপনীত হ’ব পাৰিবনে নাই সেইটো সম্পূৰ্ণ নিজৰ ওপৰতহে নিৰ্ভৰ কৰে। তাৰবাবে ছাত্ৰ ছাত্ৰীৰ আত্মমূল্যায়নৰ অতিকৈ প্ৰয়োজন ৷ দশম শ্ৰেণীত পোৱাৰ লগে লগে ছাত্ৰ জনৰ কি বিষয়ত গুৰুত্ব বেছি কি বিষয়ত গুৰুত্ব কম নাইবা ক’ত পাৰদৰ্শিতা আছে নিৰ্ধাৰন কৰিব পৰা যায় ৷ সেয়ে অভিভাৱক সকলেও কেইটামান কথাৰ প্ৰতি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন যেনে ছাত্ৰজনৰ পাৰদৰ্শিতা ক’ত বেছি ? কোনবোৰ বিষয়ৰ প্ৰতি ছাত্ৰজন বেছি আগ্ৰহী ? পঢ়া শুনাৰ উপৰিও নাচ গান , অভিনয় ইত্যাদিত ৰাপ আছে নেকি ? কি কি বিষয়বস্তুত ছাত্ৰজনৰ দুৰ্বলতা আছে ? পিতৃ মাতৃয়েও মনত ৰখা উচিত যিকোনো বৃত্তিতে সফল হ’বলৈ হ’লে বৃত্তিটো গভীৰভাৱে ভাল পাব লাগিব ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকৰ শাখা নিবাৰ্চন কৰাৰ সময়ত ছাত্ৰ ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলে মনত ৰাখিব লাগিব যে কলা , বিজ্ঞান বা বাণিজ্য যিকোনো শাখাতে খৰচি মাৰি পঢ়ি ভালদৰে উত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে। গতিকে ছাত্র ছাত্রীসকলৰ কি কি বিষয়ৰ প্রতি থকা ৰাপ অধিক সেই কথাখিনি বিবেচনা কৰিহে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা নে বাণিজ্য শাখাত নাম ভর্তি কৰিব তাৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে । কেতিয়াবা ছাত্ৰ ছাত্ৰী সকলৰ হ’বি চাইও তেওঁলোকৰ ৰূচি বা ভাললগ বেয়ালগা সমূহৰ কথা জানিব পৰা যায় ৷ হয়তু কেতিয়াবা হ’বিয়ে কেৰিয়াৰো হৈ পৰিব পাৰে। পৰীক্ষাত লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰি কি শাখাত পঢ়িব সেইয়া নিৰূপন কৰাটো উচিত নহয় ৷
নিজৰ যোগ্যতা আৰু অৰ্হতা থাকিলে জীৱনত অনায়াসে সফলতা লাভ কৰিব পাৰে ৷ মেধাৱী চাত্ৰ এজনে যদৰে পঢ়ি শুনি নিজে নিৰ্বাচন কৰা বৃত্তিত আগবাঢ়িব পাৰে সেইদৰে প্ৰতিভাশালী গায়ক , গায়িকা , নৃত্যকাৰ , অভিনেতাইও নিজৰ প্ৰতিভাৰ জৰিয়তে নিজ পচন্দৰ বৃত্তিটোত আগবাঢ়িব পাৰে ৷ আকৌ বহুলোকে পঢ়া শুনা কৰি কেৱলমাত্ৰ চৰকাৰী চাকৰিৰ আশাত বহি থাকে ৷ বৰ্তমান অৰ্থনৈতিক আৰু বিজ্ঞান প্ৰযুক্তিৰ বিকাশৰ যুগত কেৱল চৰকাৰী চাকৰিকে ধিয়াই থকাটো একেবাৰেই যুক্তিহীন । বৰ্তমান সময়ত বিভিন্ন ব্যৱসায়ৰ জৰিয়তেও বহু লোক স্বাৱলম্বী হোৱা দেখা যায় ৷ কেৰিয়াৰ নিৰ্বাচনৰ বাবে প্ৰত্যেকেই নিজক চিনি পাব লাগিব , নিজৰ মাজত থকা প্ৰতিভাসমূহ চিনাক্তকৰন কৰি নিজকে উন্নীতকৰণ কৰিব লাগিব । মুঠতে সুচিন্তিত আৰু সঠিক কেৰিয়াৰ নিৰ্বাচনে এজন ব্যক্তিক আজীৱন সুখী কৰিব পৰাটো চিৰন্তন সত্য । তাৰ বাবে শিক্ষাগত অৰ্হতাৰ লগতে কোনো নিৰ্দিষ্ট বৃত্তিত প্ৰয়োজন হোৱা মানসিক প্ৰস্তুতি বা অৰ্হতাখিনি অৰ্জন কৰাৰ বাবে চাত্ৰ চাত্ৰীয়ে অহোপুৰুষাৰ্থ কৰিব লাগিব ৷
পৰিৱৰ্তনশীল সময়ৰ লগে লগে সমাজৰো বহু পৰিৱৰ্তন হয় ৷ বৰ্তমান মানুহৰ মানসিকতাৰ বহু পৰিৱৰ্তন ঘটিছে ৷ পৰম্পৰাগত কিছুমান বৃত্তিৰ উপৰিও আজিকালি ছাত্ৰ ছাত্ৰী সকল নতুন নতুন কিছুমান দিশৰ প্ৰতি আগ্ৰহী হৈছে ৷ বিজ্ঞান শাখাত পঢ়ি কেৱল মাত্ৰ ডাক্তৰ ইঞ্জিনিয়াৰেই পঢ়িব সেই মনোবৃত্তি লাহে লাহে সলনি হৈছে ৷ আজিকালি ডাটা চায়ন্টিস্ট , এডভাৰটাইজিং, মেডিয়া চায়েন্স,ফেশ্বন টেকনলজী, ফিল্ম এডিটিং, ফটোগ্ৰাফী, ৰিটেইল মেনেজমেণ্ট, ইভেণ্ট মেনেজমেণ্ট , লাইফ ক’চ , ক’ৰিঅগ্ৰাফাৰ , চেফ , কন্টেন্ট ৰাইটাৰ (Content Writer), ডিজাইনাৰ, প্ৰগ্ৰেমাৰ, ৱেবছাইট ডেভেলপাৰ, চিত্ৰকৰ, অনুবাদকক আদি বিভিন্ন বৃত্তিত নিজকে সুসংস্থাপিত কৰা বহু উদাহৰণ সমাজত পোৱা যায় ৷ এজন শাৰীৰিকভাৱে অক্ষম চাত্ৰইও ভাললগা বিষয়ত লক্ষ্য স্থিৰ কৰি কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে সফলতাৰ উচ্চ শিখৰত আৰোহন কৰিব পাৰে ৷ অলপ দিনৰ আগতে Sriram Ayer ৰ ” Wings of Silence ” নামৰ কিতাপখন পঢ়িলো ৷ Wings of Silence কিতাপখনত দুজন ভাই ককাই সৌৰভ আৰু ৰাজৰ সম্পৰ্কৰ হৃদয়স্পৰ্শী কাহিনী ৷ কিদৰে শাৰীৰিকভাৱে অক্ষম ৰাজে নিজকে এজন খেলুৱৈ হিচাপে প্ৰতিস্থা কৰিলে কিতাখনত সুন্দৰকৈ বৰ্ণনা কৰিছে ৷ সৌৰভ আছিল বহুগুণৰ অধিকাৰী ৷ মিদাচৰ দৰে যেন সৌৰভে য’তে হাত দিয়ে সিয়ে সোণলৈ পৰিৱৰ্তন হয় ৷ পঢ়া শুনাৰ পৰা আৰম্ভ কৰি খেলা ধূলা সকলোতে নিপুণ সৌৰভ ৷ অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়া অক্ষয় চেঠীৰ চকুৰ মণি আলাসৰ লাড়ু পুত্ৰ সৌৰভ ৷ কিন্তু ৰাজ যে ক’লা আৰু ব’বা পঢ়া শুনা সকলোতে দুৰ্বল ৷ দেউতাকৰ ভাষাত ৰাজ “লুজাৰ”৷ দেউতাকৰ পৰা অৱহেলিত মৰম নোপোৱা ৰাজ সকলোৰে পৰা অৱহেলিত হৈছিল ৷ ৰাজৰ জন্মগত এই প্ৰতিবন্ধকতাক অহংকাৰী দেউতাকে স্বীকাৰ কৰিব নুখুজিছিল ৷ সেয়ে হয়তু ৰাজক সকলো সময়তে সৌৰভৰ লগত তুলনা কৰিছিল ৷ ৰাজেও সৌৰভৰ দৰে সকলোতে আগবাঢ়ি যোৱাটো তেওঁ বিচাৰিছিল৷ কিন্তু সেইয়া হৈ উঠা নাছিল৷ সেয়ে দেউতাকে ৰাজক ঘিন কৰিছিল ৷ দেউতাকে ৰাজক বিশেষ ভাৱে সক্ষম ল’ৰা ছোৱালী স্কুলত পঢ়োৱাৰ সলনি সৌৰভৰ স্কুলতে নাম লগাই দিছিল ৷ যাৰ বাবে ৰাজে লগৰ সহপাঠীৰ পৰাও বহু অপমান তিৰস্কাৰ সঁহিব লগা হৈছিল ৷ দেউতাকৰ ব্যৱহাৰ নিজৰ বন্ধু বান্ধৱৰ পৰা পোৱা অৱহেলাৰ ফলশ্ৰুতিতেই ৰাজ মানসিক ভাৱে ভাগি পৰিছিল৷ সকলো সময়তে সি হীনমান্যতাৰ স্বীকাৰ হৈছিল৷ কাহিনীটোৱে মোৰ সলাই যেতিয়া নিজৰ উজ্জ্বল কেৰিয়াকৰলৈ , নিজকে টেনিচ খেলুৱৈ ৰূপে প্ৰতিস্থিত কৰাত ব্যস্ত সৌৰভে তাৰ প্ৰেমিকা চালিনীক লগ পাইছিল ৷ চালিনী যাৰ এগৰাকী বায়েক শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবে হীনমন্যতাত ভুগি আত্মহত্যা কৰিছিল ৷ সৌৰভে অনুভৱ কৰিছিল সিহঁত সকলোৱে যেন ৰাজক অন্যায় কৰিছে৷ ৰাজৰ মনৰ অৱস্থাৰ বিষয়ে জানিবলৈ কোনোৱে প্ৰয়াস কৰা নাই ৷ লাহে লাহে সৌৰভে ৰাজৰ ওচৰ চাপিবলৈ যত্ন কৰে ৷ এদিন মনে মনে ৰাজৰ দিনলিপি পঢ়ি সৌৰভে প্ৰথমবাৰৰ বাবে বুজি উঠিছিল তাৰ দৰে ৰাজেও এটা সপোনক লালন পালন কৰিছে ৷ এৰা , সৌৰভে ভবাই নাছিল যে ৰাজৰো এটা সপোন থাকিব পাৰে ৷ ৰাজৰ সপোন আছিল অলিম্পিকত মাৰাথন দৌৰত সোণৰ পদক লাভ কৰাৰ সপোন ৷ সৌৰভে ভ্ৰাতৃৰ উজ্জ্বল ভবিষ্যতৰ বাবে নিজৰ কেৰিয়াৰ গঢ়াৰ সপোন বাদ দি ঘৰৰ বিপৰীতে গৈ ৰাজৰ কেৰিয়াৰ গঢ়াত ব্যস্ত হয় ৷ সৌৰভ সহযোগিতাত ৰাজে দিনে দিনে ফুল এপাহৰ দৰেই যেন প্ৰস্ফুটিত হয় ৷ নিজ যত্ন আৰু অধ্যৱসায়ৰ জৰিয়তে ৰাজে নিজ সপোনক দিঠকত পৰিণত কৰি ১৯৮০ চনৰ মস্ক’ অলিম্পিকত মাৰাথন দৌৰত সোণৰ পদক লাভ কৰে ৷
কিতাপখন পঢ়ি যাওঁতে বহু কথাই মন আলোড়িত কৰি গ’ল ৷ অভিভাৱক সকলে সচাঁই নিজ সন্তানৰ মানসিক জগতখন চলি থকা কথাবোৰ বুজিবলৈ যত্ন কৰিব লাগে ৷ আমাৰ সমাজত অক্ষয় চেঠীৰ দৰে বহু অভিভাৱক আছে যি নিজে বিচৰা দৰে সন্তানৰ জীৱনৰ দিশ নিৰ্ধাৰণ কৰিব খোজে ৷ যাৰ বিৰূপ ফল সন্তানৰ জীৱনত পৰে ৷ আজিকালি সঘনে ছাত্ৰ ছাত্ৰীৰ আত্মহননৰ ঘটনা শুনিবলৈ পোৱা যায়৷ পিতৃ মাতৃৰ উচ্চাকাংক্ষাই সন্তানক বিপথে পৰিচালিত কৰে ৷ পিতৃ মাতৃৰ উচ্চকাংক্ষাৰ বলী হৈ নিজে বলে নোৱাৰা এটা বিষয় পঢ়ি এটা সময়ত ছাত্ৰ ছাত্ৰী সকল ডিপ্ৰেচনৰ চিকাৰ হয়৷ আহকচোন সন্তানক তেওঁলোকে বিচৰা দৰে বিষয়বস্তু বাচনি কৰিবলৈ স্বাধীনতা দি কেৰিয়াৰ গঢ়াত সহায় কৰো৷ সন্তানৰ সীমাবদ্ধতাক স্বীকাৰ কৰি তেওঁৰ আন প্ৰতিভা সমূহ চিনাক্ত কৰি এটা সুন্দৰ কেৰিয়াৰ গঢ়াত অভিভাৱকে সহায়ৰ হাত আগবঢ়ালে সেই সন্তান সদায় সফলতাৰ উচ্চ শিখৰত আৰোহন কৰিব ৷
Comments are closed, but trackbacks and pingbacks are open.