ড° শান্তনা বৰদলৈ
” হয়তু নহ’ব পাৰে মোৰ আই সবাতকৈ শুৱনি
তথাপি আপোন মোৰ আই,
গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী
তেৱে মোক দিলেহি চিনাই।
কবি নৱকান্ত বৰুৱাদেৱৰ এইশাৰী কবিতাতে পৰিস্ফুট হৈ উঠিছে আইৰ মূল্য। সঁচা, আইৰ সমান কোনোৱেই নাই, সকলো দেৱ- দেৱীৰ উৰ্দ্ধত আইৰ চৰণ কমল। যি গৰাকী মাতৃয়ে ৯ মাহ ১০ দিন নিজ গৰ্ভত সাৱটি লৈ ভুমিষ্ঠ কৰি প্ৰত্যেক গৰাকী মানৱক দিয়ে মনোমোহা পৃথিৱী দেখাৰ সৌভাগ্য আৰু জীৱন জীয়াৰ মাদকতা। সেইয়াই মহিমাময়ী উপমাবিহীন চেনেহৰ আই।
মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই
জীৱনৰ আদিম পুৱাত,
ক’তনা কষ্ট কৰি, দুখকো সুখ বুলি
ৰাখিছিলা নিৰ্ভেজাল মৰমৰ উমত।——
আইৰ কথা ক’লেই চকুৰ আগত ভাঁহি উঠে ত্যাগৰ অনন্য প্ৰতিমুৰ্তি, যাৰ আলোকত উদ্ভাসিত হয় মানৱ জীৱন। সন্তান আৰু মাতৃৰ এই আপুৰুগীয়া সম্পৰ্কটোৱেই পৃথিৱীত চিৰ শ্বাশত, চিৰ প্ৰৱাহিত। কৰ্তব্যবোধ, দায়িত্ববোধ আৰু মানৱতাবোধৰ পাঠ পঢ়োৱা মৰমৰ আইয়েই আমাক জীৱন যুদ্ধৰ যুঁজাৰু ৰূপে গঢ়ি তুলিবলৈ যথাসাধ্য চেষ্টা কৰে। নিজৰ সমস্ত দুখ – বেদনা – সমস্যা একাষৰীয়া কৰি থৈ কেৱল মাতৃয়েহে সন্তানৰ সমস্যাৰ সমাধানৰ পথত অনুসন্ধানত বৰ্তি থাকিবলৈ কুণ্ঠাবোধ নকৰে।জীৱনৰ দায়িত্ব বুজি আত্মবিশ্বাস আৰু আত্মবলৰ জৰিয়তে সন্তানক সমাজত সুপ্ৰতিস্থিত হোৱা পথৰ বুলনি দি যায় মৰমী আইগৰাকীয়ে। প্ৰশান্তিৰ এক অদ্ভুত কল্লোল ধাৰা হৈ মাতৃয়ে আৱৰি ৰাখে সন্তানৰ সত্বাক। দয়া, মমতা, কৰুণা, সহিষ্ণুতা, ত্যাগৰ সুউচ্চ শিখৰত আৰোহন কৰিও নিৰহংকাৰী মাতৃয়ে নিজ সন্তানক সযতনে আগবঢ়াই দিয়ে সন্মুখৰ স্বৃষ্টিশীল পৃথিৱী প্ৰাংগনলৈ, সন্তানৰ কাৰ্য – কৰ্ম – কৃতকাৰ্যতাত নিৰৱে ধন্যবাদ দিয়ে অদেখাজনক, আত্মিক তৃপ্তিৰে ভৰি পৰে মাতৃৰ সুকোমল হৃদয় ।
ভগৱানৰ যেন অন্য এক ৰূপ ” মা” যাৰ মাজত নিহিত হৈ থাকে দয়া , ক্ষমা , মমতা , বিশ্বাস, ধৈৰ্য আৰু সততাৰ নিজৰা। মা , আই, বৌ , বৌটি যি নামেৰে নামাতো কিয় তেওঁ যেন মানুহৰ মন , মগজু , হৃদয় আৰু আত্মাক আলোড়িত কৰা এটি শব্দ। কিয়নো এই গৰাকী মহিমাময়ী মাতৃয়ে সুচিন্তা ও সবল নেতৃত্ব – পৰিকল্পনাৰে গঢ়ি তোলে একোটি পৰিয়াল যি ভৱিষ্যতৰ দিনত এখন সমাজৰ , একোটা জাতিৰ , এখন দেশৰ গৌৰৱৰ ধ্বজ্জা বহন কৰে। মমতা আৰু নিৰাপত্তাৰ জীৱন্ত প্ৰতিমুৰ্তি মা চিৰ বন্দিতা, মাৰ অবিহনে যেন আতৰি যায় আমাৰ ভৰিৰ তলৰ পৃথিৱীখন , শূণ্যতে দুদ্যোল্যমান হৈ ৰয় শৰীৰ আৰু মন।
কবি হীৰেণ ভট্টাচাৰ্য দেৱে শব্দৰ তুলিকাৰে পূজনীয়া আইৰ ছবিখন সুন্দৰকৈ আঁকিছে ——-
” উজাগৰ ৰাতি
সপোন দেখিছো মই
ফুল আলসুৱা তোমাৰ মুখৰ
শইচ সোনালী হাঁহি,
অযুত তৰাৰ ঘুমতি ভাঙি
যেন সূৰ্য আহিছে নামি। “
মাতৃৰ মুখৰ একোটি হাঁহিত প্ৰস্ফুটিত হোৱা হাজাৰ তৰাৰ পোহৰে মানুহৰ জীৱন আলোকিত কৰে। এক প্ৰেৰণাময়ী মহাশক্তি ৰূপেৰে প্ৰতিগৰাকী মাতৃয়ে নিজ সন্তানৰ কাৰণে অপৰিসীম নিস্বাৰ্থ ত্যাগ কৰিছে , সন্তানৰ বাবেই মাতৃসকলে পথৰ ভিক্ষাৰী হ’বলৈও আগবাঢ়ি গৈছে। মাতৃৰ এই ত্যাগৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। প্ৰত্যেকগৰাকী মানুহৰ জীৱনত মাতৃৰ গুৰুত্ব অতুলনীয়।
সেয়েহে সৰ্বগুণসম্পন্না মাতৃৰ সন্মানাৰ্থে আৰম্ভ হৈছিল ” বিশ্ব মাতৃ দিৱস( World Mothers Day ) “। সৰ্বপ্ৰথমে আমেৰিকাত এই দিৱস পালনৰ সুচনা হৈছিল। ১৮৭২ চনতে জুলীয়া ৱাৰ্ড নামৰ মহিলা গৰাকীয়ে ” Mothers Day For Peace ” প্ৰসংগৰে এটা দিন পালন কৰিবলৈ মহিলাসকলক আহব্বান জনাইছিল। এই আহব্বানৰ পূৰ্ণ সহযোগিতাত ১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াৰ আন্না জাৰ্ভিছ নামৰ মহিলাগৰাকীয়ে মাতৃ গ্ৰাফটনৰ সন্মানাৰ্থে মাতৃ দিৱস পালন কৰিছিল। পৰৱৰ্তী সময়ত ১৯১৪ চনত সমগ্ৰ বিশ্বতে ” মাতৃ দিৱস ” পালনৰ পৰম্পৰা গঢ়ি উঠে আৰু পিছত ইংৰাজী বছৰৰ মে মাহৰ দ্বিতীয় ৰবিবাৰ টোকে সমগ্ৰ বিশ্বত ” মাতৃ দিৱস ” ৰূপে পালন কৰিবলৈ সিদ্ধান্ত লোৱা হয়।
আমাৰ প্ৰতিটো উশাহ – নিশাহত সম্পৃক্ত হৈ আছে আইৰ আঁচলৰ উম। বাৰে বাৰে মনত ভাঁহে একেটাই সুৰ——
কোনে মোক তুলি তালি কৰিলে ডাঙৰ,
মৌসনা মিঠামাতে পাহৰি ভাগৰ ,
কৰিছিল স্নেহ মোক দুগালত চুমা খাই,
তেঁৱে মোৰ মৰমৰ পূজনীয়া আই ।
( আনন্দ চন্দ্ৰ আগৰৱালা )
ভাৰতৰ ভুতপূৰ্ৱ ৰাষ্ট্ৰপতি,বিজ্ঞানী , দাৰ্শনিক ড° এ পি জে আব্দুল কালামে কৈছিল —–
” When mother is happy , family is happy,
When family is happy , then Nation is happy. “
মৰমী আইৰ প্ৰতি সন্তান সকলো হ’ব লাগিব দায়িত্বশীল, ” মোৰ আইক ভাল পাওঁ বুলিলে জানো আনৰ আইক ঘিণ কৰাতো বুজাব –” কথাষাৰ হৃদয়াংগম কৰিব পাৰিব লাগিব। মাতৃৰ প্ৰতি কৰা সন্মানৰ মাজতেই অনুভুত হয় সৰগী সুখৰ জোৱাৰ ।
পিছে বৰ্তমান বিজ্ঞান – প্ৰযুক্তিৰ চুড়ান্ত অগ্ৰগতিৰ সময়ত ” মাতৃ আৰু সন্তান” ৰ মাজৰ এই আপুৰুগীয়া সম্পৰ্কটোতো ঘূণে ধৰিছে যেন অনুভৱ হয়। বিলাস বহুল পৃথিৱীত নিজৰ পৰিয়ালৰ সৈতে একাত্ম হৈ থাকোতেই পাহৰি যোৱা যায় আইৰ কথা , মূল্যহীন হৈ পৰে আইৰ চোতাল, সন্তানৰ ভাবিবলৈ আহৰি নহয় আইৰ আবেগ – অনুভুতিৰ কথা , নিজৰ সন্তানৰ হাততে লাঞ্চিত, অপমানিত আৰু শোষিত হয় জন্মদাত্ৰী ” আই” গৰাকী । আজিৰ সমাজত উচ্চ শিক্ষিত সন্তানসৱৰো মানসিকতাৰ স্খলন হৈছে, চিন্তা শক্তিৰ অৱনতি ঘটিছে, ক্ৰমান্বয়ে যেন লোপ পাবলৈ ধৰিছে চেতনাশক্তি যাৰ ফলশ্ৰুতিত বিদ্যা – শিক্ষা , ধন- দৌলতেৰে সুসজ্জিত হৈয়ো বেছিসংখ্যক মানুহেই পৰ্যবসিত হৈছে অমানুহলৈ। পৰিহাসৰ কথা এয়ে যে আমাৰ চৌপাশৰ পৰিবেশ – পৰিস্থিতিৰ মাজতে চকুৰ আগতে প্ৰতিদিনে শোষিত , অৱহেলিত , লাঞ্চিত তথা অপমানিত হৈছে বহু গৰাকী ” আইমাতৃ” । বৰ্তমান সময়ত বৃদ্ধি পোৱা ” বৃদ্ধাশ্ৰম”ৰ সংখ্যাই মানুহৰ মানসিক স্খলনৰ কথাহে দোহাৰিছে। মাতৃৰ প্ৰতি থকা সন্তানৰ কৰ্তব্যবোধ, দায়িত্ববোধ তথা কৃতজ্ঞতাবোধেহে নিৰূপন কৰে এখনি সুস্থ সমাজৰ পৰিছয়। এনে লাগে বৰ্তমান সময়ত ” মাতৃ দিৱস” উদযাপনতো উৎসৱ আৰম্ভ হৈছে। প্ৰকৃততে ” মাতৃ”ৰ তাৎপৰ্য উপলদ্ধি কৰিলেহে মাতৃদিৱস উদযাপনৰ সাৰ্থকতা হ’ব আৰু লগতে পূজনীয়া আই মাতৃৰ সন্মান তেতিয়াহে অটুট থাকিব যেতিয়া একোগৰাকী মাতৃয়ে নিজৰ সন্তানৰ মৰমৰ মাজতেই উপলদ্ধি কৰিব পাৰিব জীৱন জীয়াৰ অশীতিপৰ মাদকতা ।
ঈশ্বৰ তুল্য , আটাইতকৈ সৌন্দৰ্যশালী প্ৰতিগৰাকী ” আই মাতৃ ” ৰ সুস্বাস্থ্য কামনা কৰি মাতৃ দিৱসৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো। মাতৃৰ আঁচলৰ শীতল ছাঁত প্ৰশমিত হওঁক সংসাৰৰ মায়াময় ক্লেশ – যাতনা আৰু বন্দিত হৈ ৰওঁক আইমাতৃ চিৰ দিনলৈ। পৰিশেষত বিখ্যাত ইংৰাজ লেখক, কবি সাহিত্যিক , সাংবাদিক ৰুডয়াৰ্ড কিপলিঙৰ ” মাতৃ” অনুভৱেৰে ৰঞ্জিত স্বৃষ্টিৰে —
*Mother O’ mine*
If I were hanged on the highest hill,
Mother o’ mine ,O mother o’ mine,
I know whose love would follow me still,
Mother o’ mine, O mother o’ mine,
If I were drowned into the deepest sea,
Mother o’ mine, O mother o’ mine,
I know whose tears would come down to me ,
Mother o’ mine, O mother o’ mine,
If I were demmed of body and soul ,
Mother o’ mine, O mother o’ mine,
I know whose prayers would make me whole,
Mother o’ mine ,O mother o’ mine,
Comments are closed, but trackbacks and pingbacks are open.