সফলতা এক বিৰামহীন যাত্ৰা

6

ডাঃ কৰুণা হাজৰিকা

আমি জীৱনত সদায় পোৱা নোপোৱাৰ মাজত যুঁযি থাকো । বহু সময়ত আমি এই যুঁযত হাৰ মানো আৰু কেতিয়াবা যুঁযিবলৈ অপ্ৰাণ চেষ্টা কৰো। বহু সময়ত আমাক বিভিন্ন প্ৰকাৰৰ বিপৰ্যয়ে আগুৰি ধৰে আৰু আমাক বিচলিত কৰে আৰু আমি আমাৰ লক্ষ্য়ৰ পৰা আতৰি আহো । তেতিয়া আমাৰ সফলতা মাঠো মৰিচিকা হৈয়ে ৰয়। আকৌ বহু সময়ত জীৱনৰ বিপৰ্যয়বোৰ অতিক্ৰম কৰাৰ বাবে আমি প্ৰয়াস কৰো আৰু কেতিয়াবা আমি সফলতাৰ মূখ দেখাপাওঁ আৰু তেতিয়া আমি উৎফুল্লিত হৈ পৰো।  প্ৰকৃতাৰ্থত ইয়াকেই জীৱন বুলিব পাৰি। আজি আমি জীৱনৰ প্ৰতিটো ক্ষণত কি দৰে বিপৰ্যয়বোৰ অতিক্ৰম কৰাৰ প্ৰয়াস কৰিব পাৰো আৰু কিদৰে সফলতাই আমাক লগ নেৰা হ’ব তাৰ  বিষয়ে  ইয়াত আলোকপাত কৰিব বিচাৰিছো । সেয়ে আজিৰ বিষয়ৰ শিৰোনাম দিয়া হৈছে সফলতা এক বিৰামহীন যাত্ৰা।

আপুনি বাৰু কেতিয়াবা ভাবিছেনে যে আমাৰ এটা ধাৰণাক বাস্তৱত পৰিণত কৰিবলৈ আচলতে কি লাগে? আমি দেখাপোৱা সকলো  সফলতা বিশুদ্ধ প্ৰতিভাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে নে  সপোন পূৰণ কৰাত সহায় কৰিব পৰা কোনো বিশেষ প্ৰকাৰৰৰ প্ৰনালী বা চুটি সহজ পথ আছে? আচলতে আমি দেখা পাওঁ বা মন কৰিছো যে প্ৰতিটো মহান সফলতাৰ কাহিনী দায়বদ্ধতা, দৃঢ়তা , বিফলতা আৰু পুনৰ উত্থানৰ ইচ্ছাৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠিছে। আমি  কেৱল সফলতাৰ প্ৰতিকৃতিটোহে দেখা পাওঁ তাৰ আঁৰৰ কাহিনী কেতিয়াও গণ্য় নকৰো সেয়ে আমি কেৱল চাবলৈ পাওঁ-সফল ব্যৱসায়ী বা ব্যৱসায়ী মহিলা, প্ৰযুক্তিৰ কৌশলী লোক, খেলুৱৈ, সামাজিক কৰ্মী, কিন্তু আমি উপলব্ধি নকৰো যে সফলতাৰ আঁৰত কি আছে । আমি যদি আজিৰ মহান ব্য়ক্তি সকলৰ জীৱনৰ বিষয়ে অলপ খুচৰি চাওঁ দেখা পাম যে প্ৰায়বোৰেই আধৰুৱা অবস্থাতে কলেজ এৰিলে, বিফলতাৰ পিছত পুনৰ আৰম্ভ কৰিবলৈ সংগ্ৰাম কৰিছিল, বা একাধিকবাৰ পৰাজয় হোৱাৰ পিছত নতুনকৈ আৰম্ভ কৰিছিল। এই জীৱন সলনি কৰা কাহিনীবোৰ এনেকুৱা মুহূৰ্তৰে ভৰি আছে যিয়ে যিকোনো কৰ্মঠ লোকক বৰ্তমান কৰি থকা চাকৰি এৰি দিয়া পৰ্যায়লৈ ৰূপান্তৰিত কৰিব পাৰে।

আজিৰ যুগৰ অতি সফল লেখক  জে. কে. ৰাউলিঙে হেৰী পটাৰৰ  ৰচনা কৰিছিল। কিন্তু তেওঁৰ বাবে এই পৰ্যায়লৈ অহাটো বৰ সহজ নাছিল। তেওঁ বিভিন্ন বিপৰ্যয়ৰ মাজেৰে পাৰ কৰিছিল।  প্ৰথমে তেওঁ  মনৰ সংগী বিচাৰি এজনক বিয়া কৰাইছিল, যাৰ এগৰাকী ছোৱালী আছিল। কিন্তু কিছু সময়ৰ পাছত তেওঁলোক তিকি থাকিব নোৱাৰিলে আৰু পৃথক হ’ল। যিটো সঁচাকৈয়ে তেওঁৰ জীৱনৰ এটা বিপৰ্যয় আৰু টাৰ্ণিং পইণ্ট আছিল। নিবনুৱা পৰিস্থিতিৰ সৈতে অকলশৰীয়াকৈ জীয়াই থকাৰ সন্মুখত গোটেই জীৱনটোৰ সৈতে তেওঁৰ অসফল বিবাহ জীৱনৰ বিষয়ে তেওঁ নিজেই  উল্লেখ কৰে। জীৱন সংগী আৰু জীয়াই থাকিবলৈ চাকৰি নথকা এনে কঠিন পৰিস্থিতিয়ে তেওঁক গতিশীল লেখিকা হিচাপে নতুন জীৱন আৰম্ভ কৰিবলৈ বাধ্য কৰাইছিল। দুবছৰৰ পাছত তেওঁ হেৰী পটাৰ  ৰচনা কৰি প্ৰথম খন্দ শেষ কৰিলে। বাৰটা প্ৰকাশনে কিতাপখন  প্ৰকাশ কৰিবলৈ অপাৰগ হ’ল আৰু তাক নাকচ কৰিলে। বাৰে বাৰে প্ৰত্যাখ্যানৰ সন্মুখীন হোৱাৰ পাছতো একেগৰাকী জে.কে. ৰাউলিঙে  কিন্তু হাৰ নামানিলে আৰু অৱশেষত তেওঁৰ সৃষ্টিশীলতাই  সফলতাৰ শিখৰলৈ লৈ গ’ল। হেৰী পটাৰৰ বিপুল জনপ্ৰিয়তা আৰু সফলতাৰ কাহিনীটোৱেই হৈছে বিফলতাৰ পাছত সফলতাৰ এক জলন্ত উদাহৰণ। তেওঁ নিজৰ কাল্পনিক লেখাৰ দক্ষতাৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ সক্ষম হৈছিল আৰু এইদৰেই তেওঁ জীৱনৰ বাধাবোৰ অতিক্ৰম কৰিছিল। ডাইনী জগতখনৰ কল্পনাতীত আৰু যাদুকৰী যাত্ৰা আৰম্ভ হৈছিল, বিশ্বজুৰি লাখ লাখ লোকক  তেওঁ মোহিত কৰিছিল আৰু ইয়েই  ৰাউলিঙক  সাহিত্যিক  জগতত অনবদ্য় হাৰত সফল কৰি  তুলিছিল।

সফলতা আৰু বিফলতাক কেৱল এটা ঘটিযোৱা ঘটনা  বুলিয়েই গণ্য কৰিব লাগিব, আৰু আমি আমাৰ লক্ষ্য়ত আগবাঢ়ি যাব লাগিব ৷ কিয়নো সফলতা এক যাত্ৰা মাত্ৰ। ইয়াৰ সদায়েই  উত্থান-পতন আছে। ইয়াৰ প্ৰত্যাহ্বান আছে আৰু লগতে ইয়াৰ জয়ো আছে।  মনত ৰাখিব যদি আপুনি  আপোনাৰ যাত্ৰাত কোনো এটা বিপৰ্যয়ৰ সন্মুখীন হৈছে, তেন্তে সঁচাকৈয়ে  আপোনাক  উভতি চোৱাৰ বাবে ই মাত্ৰ  এটা সুযোগ। গতিকে আপুনি প্ৰথমে আপোনাৰ ভিতৰৰ শক্তি পৰ্যালোচনা বা অনুধাৱন কৰক। আমাৰ প্ৰত্যেকৰে এটা আভ্যন্তৰীণ শক্তি আছে যাৰ বিষয়ে আমি একে বাৰে সচেতন নহয়। আৰু বেছিভাগ সময়তে এই শক্তিবোৰ অজ্ঞাত হৈয়েই থাকে কাৰণ সেইবোৰ প্ৰকৃতাৰ্থত অনাবৃত। সেয়া হয়  এই কাৰণেই যে  আপুনি আপোনাৰ যাত্ৰত  বাহ্যিক কাৰকসমূহৰ ওপৰত অধিক মনোনিৱেশ কৰে, যেনে আপোনাৰ শাৰীৰিক ফিটনেছ, এজন উন্নত লোক হ’বলৈ দক্ষতা আহৰণ কৰা, যোগাযোগৰ দক্ষতা বৃদ্ধি কৰা আদি। কিন্তু এই বাহ্যিক কাৰকবোৰৰ কোনোটোৱেই আপোনাক আপোনাৰ আভ্যন্তৰীণ শক্তিয়ে যি দিব পাৰে, সেইখিনি দিব নোৱাৰে। গতিকে, আপোনাৰ আভ্যন্তৰীণ শক্তি কি আছে তাক  উদ্ভাৱন কৰিবলৈ চেষ্টা কৰক। তেনে কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল নিজৰ মানসিক, আৱেগিক আৰু শাৰীৰিক আত্মাক প্ৰশিক্ষণ দিয়াটো । আপুনি সাধাৰণতে  যিটো লাভ কৰাটো অসম্ভৱ বুলি ভাবে সেয়া লাভ কৰিবলৈ হ’লে ইতিবাচক মানসিকতা আৰু তাৰ কাৰণে আপোনাৰ প্ৰস্তুতিত সমগতি থাকিব লাগিব। এই দুয়োটা কাৰক একত্ৰিত কৰিলে আপুনি সহজেই আটাইতকৈ ৰুক্ষ সময়ৰ মাজেৰে  সুকলমে পাৰ হ’ব পাৰিব।

দ্ৱিতীয়তে আপুনি শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰক । ব্যায়ামৰ উপকাৰিতা সকলোৱে জানে। আৰু মন কৰিবলগীয়া যে শাৰীৰিক উপকাৰৰ বাহিৰেও ইয়াৰ মানসিক উপকাৰো আছে। হাৰ্ভাৰ্ড বিশ্ৱবিদ্যালয়ৰ এটা সমীক্ষাৰ মতে, যেতিয়া আপুনি নিয়মিতভাৱে ব্যায়াম কৰে তেতিয়া আপোনাৰ হৃদযন্ত্ৰ আৰু ঘামগ্ৰন্থিবোৰে অতিৰিক্ত ভাৱে কাম  কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আপোনাৰ হি’পকেম্পাছৰ আকাৰ বৃদ্ধি পায় । ই হৈছে  মগজুৰ সেই অংশ যিয়ে মৌখিক স্মৃতিশক্তি আৰু শিক্ষণত সহায় কৰে। কিন্তু কেতিয়াবা, আপুনি ইমান ব্যস্ততাত আবদ্ধ হৈ থাকিব পাৰে যে নিজৰ বাবে সময় বিচাৰি পোৱাটো কঠিন হৈ পৰে। গতিকে নিজকে সক্ৰিয় কৰি ৰখাৰ আন উপায় উলিয়াওক।  গোটেই দিনটো বহি থকাৰ পৰিৱৰ্তে উঠি ঘূৰি ফুৰিব। গতিশীল হৈ থাকিলে আপুনি শক্তিশালী আৰু সক্ৰিয় হৈ থাকে। গতিকে সময় উলিয়াই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ আপোনাৰ সহকৰ্মীসকলৰ ওচৰলৈ  যাওক আৰু সক্ৰিয় ভাৱে অংশ গ্ৰহণ কৰক। আপোনাৰ সৰু সৰু কামৰ বাবে গাড়ীৰে যোৱাৰ পৰিৱৰ্তে খোজ কাঢ়িবলৈ চেষ্টা কৰক। এনে সৰু সৰু কাম কৰিলে আপুনি এলেহুৱা হোৱাৰ পৰা বিৰত থাকিব আৰু গোটেই দিনটো উৎসাহী আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল উৎপাদনশীল হৈ থাকিবলৈ সহায় কৰিব।

কেতিয়াবা, আপুনি বহু চেষ্টা কৰিও নিজৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ’ব পাৰে। এনে সময়ত হতাশ হোৱাতো স্ৱাভাবিক কিন্তু ইয়াৰ পৰিবৰ্তে আৰু হতাশ হোৱাতকৈ নিজকে পৰৱৰ্তী স্তৰলৈ ঠেলি দিবলৈ চেষ্টা কৰক।  এই প্ৰক্ৰিয়াত আপুনি কেৱল উত্তম ফলাফল লাভ কৰাই নহয়, আপুনি নিজৰ এটা লুকাই থকা দিশো আৱিষ্কাৰ কৰিব পাৰে যিটোৰ বিষয়ে আপুনি  আগেয়ে সম্পূৰ্ণৰূপে অজ্ঞাত আছিল।

বেছিভাগ মানুহেই নিজৰ আৰামৰ অৱস্থা(Comfort zone)ৰ পৰা ওলাই আহিবলৈ অসুবিধা পায়। এনে ঠাইত থাকিলে আপুনি নিশ্চিতভাৱে নিৰাপদ আৰু নিশ্চিন্ত অনুভৱ কৰিব ৷ কিন্তু  মনত ৰাখিব এই জ’নৰ পৰা ওলাই নোযোৱাটোৱে আপোনাক পৰিৱৰ্তন, উন্নতি আৰু বৃদ্ধিত বাধাহে দিব পাৰে। এটা নতুন অৱস্থাৰ লগত খাপ খুৱাই লোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল কঠিন আৰু অস্বস্তিকৰ কামবোৰ যিমান পাৰে সঘনাই কৰা। ই আপোনাক আপুনি আটাইতকৈ অপছন্দ কৰা বস্তুটোত ভাল পাবলৈ সহায় কৰিব, আৰু আপুনি ইয়াক আপোনাৰ নতুন আৰামৰ অৱস্থা হিচাপে চাবলৈ আৰম্ভ কৰিব ৷ ই, ঠিক আমাৰ আখৰ লিখিবলৈ  শিকাৰ দৰেই । আৰম্ভনিতে আমি যেনেকৈ হাতৰ আখৰ লিখিছিলো আৰু পাছলৈ আমাৰ চেষ্টাৰ বলত প্ৰায়েই সুন্দৰ হাতৰ আখৰৰ গৰাকী হওঁ হ’ক ( অৱশ্যে বহুতৰ আকৌ আখৰৰ গঢ়-গতি নাথাকে,তাৰ কাৰণটো সকলোৰে জ্ঞাত)। গতিকে কামবোৰ কেনেকৈ  শিকিলে ই আপোনাৰ বাবে আটাইতকৈ উপযোগী  কাম হ’ব তাত গুৰুত্ব দিয়ক ৷ গতিকে  নিৰাপদ ঠাইৰ পৰা নিজকে বাহিৰলৈ উলিয়াই আনক। আৰম্ভণিতে নতুন পৰিৱেশৰ লগত খাপ খুৱাই লোৱাটো কঠিন হ’ব পাৰে। কিন্তু কিছু সময়ৰ পাছত আপুনি উপলব্ধি কৰিব যে ই আপোনাক ব্যক্তি হিচাপে বা উদ্যোগী হিচাপে উন্নতি কৰাত কিমান সহায় কৰিছে।

আনহাতে প্ৰতিদিনে এটা লক্ষ্য নিৰ্ধাৰণ কৰক। নিজকে পৰৱৰ্তী স্তৰলৈ নিয়াৰ  আন এটা উপায় হ’ল সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰা । মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ এক অধ্যয়নৰ লগতে তেনে অন্য়ান্য বহু সমীক্ষা অনুসৰি জীৱনত সফলতা লাভৰ বাবে  বাস্তৱসন্মত লক্ষ্য থকাটো গুৰুত্বপূৰ্ণ।  লক্ষ্য নিৰ্ধাৰণ কৰি আপুনি আপোনাৰ কৰ্মৰ যথাৰ্থতা দিব পাৰে আৰু উচ্চতৰ কিবা এটা লাভৰ উদ্দেশ্য থাকিব পাৰে। গতিকে প্ৰতিদিনে এটা সৰু লক্ষ্য নিৰ্ধাৰণ কৰক। সেই বিশেষ দিনটোৰ বাবে আপুনি লাভ কৰিব বিচৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো চিনাক্ত কৰি আপুনি সেইটো কৰিব পাৰে। সদায় কাম, নিৰ্দিষ্ট হ’ব নালাগে। আপুনি ব্যক্তিগত লক্ষ্যও সম্পন্ন কৰিবলৈ বাছি ল’ব পাৰে, যেনে আপোনাৰ সম্পৰ্কৰ ওপৰত কাম কৰা, কিতাপ এখনৰ ১০ পৃষ্ঠা পঢ়া, এটা বেয়া অভ্যাসৰ পৰা মুক্তিৰ দিশত কাম কৰা ইত্যাদি। দিনটোৰ শেষলৈকে নিজৰ কামৰ মূল্যায়ন কৰক আৰু চাওক আপুনি কিমানখিনি সফলতা লাভ কৰিছে। জীৱনত সফলতা লাভৰ বাবে অতি প্ৰয়োজনীয় লক্ষ্যত মনোনিৱেশ কৰাৰ ই, এক উত্তম উপায়।

আমি মসকলোৱে মনত ৰখা উচিত যে সফলতা লাভৰ বাবে আগবাঢ়ি যোৱাৰ মানসিক অৱস্থাৰ  ধাৰণাটোৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে যে অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমে অৰ্থপূৰ্ণ সাফল্যৰ সূচনা কৰিব পাৰে। সেয়ে সফলতা লাভ কৰিবলৈ আগবাঢ়ি যোৱাৰ বাবে  কিছুমান মন কৰিবলগীয়া কথা হ’লঃ-

প্ৰথমেই আপোনাৰ লক্ষ্য নিৰ্ধাৰণ কৰক- সৰু সৰু, বাস্তৱসন্মত লক্ষ্য নিৰ্ধাৰণ কৰক যাৰ দিশত আপুনি প্ৰতিদিনেই এই দিশত  কাম কৰিব পাৰে।

নিৰ্দ্দিষ্ট পদক্ষেপৰ পৰিকল্পনা কৰক-  আপোনাৰ কাম কৰাৰ স্পৃহা বা চেষ্টা পৰিৱৰ্তন কৰি আৰু পুনৰ বাৰ  চেষ্টা কৰক আৰু আপোনাৰ পৰ্যাপ্ত  শিক্ষণক কাৰ্য্যলৈ ৰূপান্তৰিত কৰক।  ইয়াৰ দ্বাৰা বিফলতাক ইতিবাচক অভিজ্ঞতালৈ ৰূপান্তৰিত কৰাত সহায়ক হ’ব। মাত্ৰ  কেৱল পৰৱৰ্তী পদক্ষেপটোতহে মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক । সেইটোৱেই গুৰুত্বপূৰ্ণ, যে ইয়াৰ পিছত আপুনি কি কৰিব ৷ এটা নিৰ্দ্দিষ্ট পৰিকল্পনা কৰক কাৰণ  এটা সুপৰিকল্পিত ব্য়ৱস্থাই সকলো কামৰে ফলাফল পোৱাত সহায় কৰে । গতিকে কোনো কামত আগবঢ়াৰ আগতে এটা পৰিকল্পনা  কৰক আৰু সেইটো অনুসৰণ কৰি কামত আগবাঢ়ক।

স্থিতিস্থাপক হওক- আপোনাৰ প্ৰতিটো খোজেই আপোনাক আগুৱাই লৈযাব যদিহে আপুনি যিকোনো বিফলতাই আপোনাক নিৰুৎসাহিত কৰিব নোৱাৰে। বৰঞ্চ বিফলতাক আপুনি পুনৰ চেষ্টা কৰিবলৈ প্ৰেৰণা হিচাপে ব্যৱহাৰ কৰক।

অলপ আবেগিক হওক- মনত ৰাখিব  প্ৰতিজন সফল মানুহৰ আবেগ আৰু ড্ৰাইভ  দুয়োতাই থাকে আৰু যিয়ে আগুৱাই যোৱাত প্ৰেৰণা দিয়ে ।  তেওঁলোক উৎসাহী মানুহ।  তেওঁলোকে কোনো কামৰ বাৱে এটা পৰিকল্পনা নিৰ্ণয় কৰে আৰু গোটেই বাটটো তাক অনুসৰণ কৰে, যিটো আমি এনে মানুহৰ পৰা অনুপ্ৰাণিত হোৱাৰ অন্যতম স্পষ্ট উপায়।

আনক সহায় কৰক- আপোনাৰ কৰ্মপন্থা আনৰ সৈতে ভাগ কৰি আনৰ লগত  সংযোগ স্থাপন কৰক আৰু নিজৰ লগতে আনকো সহায় কৰক। সন্মানজনক আৰু গঠনমূলকভাৱে সৎ মতামত দিয়ক। আনক গুৰুত্ব নিদিয়া মানুহৰ পৰা আপুনি অনুপ্ৰাণিত হ’ব নোৱাৰে। প্ৰেৰণাদায়ক মানুহে ইজনে সিজনক নিজৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰি ভাল পায়। সফল মানুহে কেৱল ইতিবাচক কথাহে কয় । তেওঁলোকে উপলব্ধি কৰে যে নেতিবাচকতাই কোনো পৰিস্থিতিত সহায় নকৰে আৰু ইতিবাচক শব্দই সকলো কামতে ডাঙৰ প্ৰভাৱ পেলাব পাৰে। সফল মানুহে নিজৰ চৌপাশৰ মানুহবোৰৰ লগতে আনকো সহায় কৰিবলৈ চেষ্টা কৰে। তেওঁলোক সদায় নিজৰ স্থিতিত থিয় দিয়ে আৰু সফল মানুহে পৰিস্থিতি যিয়েই নহওক কিয় নিজৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে । এইটোৱেই হৈছে মানুহক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰাৰ অন্যতম গুণ।

সৰু সৰু সফলতা উদযাপন কৰক- আপোনাৰ কৰ্মক্ষেত্ৰত পোৱা  সৰু সৰু সফলতা উদযাপন কৰক, কিয়নো ই আপোনাক অনুপ্ৰাণিত আৰু ট্ৰেকত ৰখাত সহায় কৰিব।

বিফলতাক আকোৱালি লওক- কামৰ  বিফলতা প্ৰক্ৰিয়াটোৰ এটা স্বাভাৱিক অংশ বুলি মানি লওক, আৰু ৰিস্ক ল’বলৈ আৰু নতুন কাম চেষ্টা কৰিবলৈ ভয় নকৰিব। চেষ্টা নকৰিলে আপুনি আগবাঢ়ি যোৱাত বা আপোনাৰ বৃদ্ধি হোৱাত বহু বাধা আহিব ৷ বিফলতাৰ পৰা  কি ভুল হ’ল আৰু পৰৱৰ্তী সময়ত আপুনি কি বেলেগ ধৰণে কৰিব পাৰে সেই বিষয়ে চিন্তা কৰক। ইয়াৰ দ্বাৰা আপুনি পুনৰ একে ভুলৰ পৰা হাত সাৰিব।  বিফলতাই আপোনাক নিৰুৎসাহিত কৰিবলৈ নিদিব। বৰঞ্চ ইয়াক প্ৰেৰণা হিচাপে ব্যৱহাৰ কৰক যাতে আপুনি চেষ্টা কৰি থাকিব আৰু নিজৰ লক্ষ্যৰ দিশত কাম কৰিব পাৰে। মাত্ৰ উঠি আকৌ এবাৰ চেষ্টা কৰক।

পৰাজয় স্বীকাৰ কৰক- পৰাজয় আৰু দোষ স্বীকাৰ কৰাটো এজন ব্যক্তিৰ বাবে এটা ডাঙৰ পদক্ষেপ আৰু ইয়াৰ ফলত বেছিভাগ সময়তে মানুহে সন্মান আৰু প্ৰশংসা লাভ কৰে।

প্ৰেৰণাদায়ক হ’বলৈ চেষ্টা কৰক- প্ৰেৰণাদায়ক মানুহে আচলতে আনৰ কথা শুনে। আত্মকেন্দ্ৰিক আৰু আত্মভোগী নহয়। এইটো সকলোৰে বাবে একেবাৰে সহজ কাম নহয়। আকৌ তেওঁলোক অভিলাষীও হয় । প্ৰেৰণাদায়ক মানুহে “গড়” বা মধ্যমীয়া সফলতাত সন্তুষ্ট নহয়। তেওঁলোকৰ বহু দূৰলৈকে লক্ষ্য থাকে আৰু তেওঁলোকে আচলতে বিশ্বাস কৰে যে তেওঁলোকে সেইবোৰ লাভ কৰিব পাৰিব। এটা ডাঙৰ লক্ষ্যত বিশ্বাস কৰাটো বেছিভাগৰে বাবে সহজ নহয়। তেওঁলোকে সদায়  গঠনমূলক মতামত আগবঢ়ায় ।  আগতে  কোৱাৰ দৰে প্ৰেৰণাদায়ক মানুহে নেতিবাচক কথা নক’বলৈ চেষ্টা কৰে আৰু আনৰ লগত ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰে। গঠনমূলক সমালোচনা (যেতিয়া বিচৰা হয়) প্ৰদান কৰাটো, মানুহে প্ৰশংসা কৰিব পৰা এটা বৈশিষ্ট্য! তেওঁলোকে সকলো মানুহক সমান ব্যৱহাৰ কৰে । এজন ব্যক্তিৰ হ’ব পৰা এটা প্ৰশংসনীয় গুণ হ’ল জাতি, লিংগ, সংস্কৃতি, শিক্ষা, পটভূমি আৰু অন্যান্য বৈশিষ্ট্য নিৰ্বিশেষে আনৰ প্ৰতি তেওঁৰ ব্যৱহাৰ। তেওঁলোক সাধাৰণতেই আত্মবিশ্বাসী আৰু নিজৰ ধাৰণা আৰু নিজৰ ওপৰত বিশ্বাস কৰে। তেওঁলোকে নিজৰ লগতে নিজৰ জীৱনৰ লক্ষ্যৰ ওপৰতো আত্মবিশ্বাসী, যিটোৱে তেওঁলোককো অতি বাঞ্ছনীয় কৰি তোলে । তেওঁলোকে আনৰ সহায় সততে  স্বীকাৰ কৰে  । প্ৰেৰণাদায়ক মানুহে ভয় নকৰে আৰু সহায় বিচাৰিবলৈও অনিচ্ছুক নহয়, ইয়াৰ বাবে বিনয়ৰ প্ৰয়োজন কিন্তু একে সময়তে আনৰ মতামতৰ প্ৰতি আত্মবিশ্বাস আৰু সন্মানৰ প্ৰয়োজন।

 নিজৰ প্ৰতিশ্ৰুতি পালনৰ দিশে মন দিয়ক- নিজৰ  প্ৰতিশ্ৰুতি পালন কৰাতো এজন কৰ্মঠ আৰু দায়িত্ৱশীল ব্য়ক্তিৰ বৈশিষ্ট্য় । প্ৰশংসনীয় মানুহে যি কোনো কথা ব্য়ক্ত নকৰে । নিজৰ কামৰ আৰু কথাৰ মাজত সামঞ্জস্যতা বজাই ৰাখে আৰু  পিছত আগবাঢ়ি গৈ আন কিবা এটা নকৰে। মানুহৰ আস্থা অৰ্জন কৰাৰ এটা উপায় হ’ল নিজৰ প্ৰতিশ্ৰুতি পালন কৰা আৰু মানুহে আপোনাৰ পৰা যি আশা কৰে সেয়া পূৰণ কৰা। মানুহক নিৰাশ নকৰাটো  আন এটা অতি প্ৰশংসনীয় বৈশিষ্ট্য।

আগতে কৈ অহাৰ দৰে প্ৰতিটো মহান সফলতাৰ কাহিনীয়েই দায়বদ্ধতা, দৃঢ়তা আৰু বিফল আৰু পুনৰ উত্থানৰ ইচ্ছাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। পৃথিৱীখন ইমানেই উজ্জ্বল আৰু অসাধাৰণ ব্যক্তিৰে ভৰি আছে যে কোনোবাই ক’ৰবাত  বা কোনোবাই লাভ নকৰা কথাটো ভাবিবই নোৱাৰে। তেওঁলোকৰ সকলোৱে নিজৰ বিভিন্ন ক্ষেত্ৰত অপৰিসীম অৰিহণা যোগাইছে আৰু সেয়েহে একেটা ক্ষেত্ৰতে উদ্যোগ ল’বলৈ চেষ্টা কৰা যিকোনো শিক্ষাৰ্থীৰ ওপৰত ই অহৰহ  মনোযোগ আকৰ্ষণ কৰি আহিছে । তেওঁলোকৰ কেৰিয়াৰ  যিয়েই নহ’ওক কিয় বিজ্ঞান জগত, সাহিত্য়, ফেশ্বন, মনোৰঞ্জন, ক্ৰীড়া বা ব্যৱসায়ৰ সৈতে জড়িত হওক, এনে বহুতো ব্যক্তিত্বই প্ৰমাণ কৰে যে যদি কোনোবাই সঁচাকৈয়ে কিবা এটা বিচাৰে আৰু চেষ্টা কৰে, তেন্তে সফলতা  নিশ্চয় আপোনাৰ দুৱাৰদলিত স্থিতি ল’ব আৰু আপুনি তাক সহজেই আদৰি আনিব পাৰিব।

ফোনঃ ৯৮৬৪০১৮৬৬৫

You might also like

Comments are closed, but trackbacks and pingbacks are open.