হাৰছুটিজম্

99

বর্ণালী ভট্টাচার্য

হাৰছুটিজম আমাৰ শৰীৰৰ সৌন্দর্যৰ প্রধান শত্রু৷ কেতিয়াবা আমি দেখিবলৈ পাওঁ যে কিছুমান মহিলাৰ বা ছোৱালীৰ পুৰুষৰ দৰে বুকু, পিঠি, ওঁঠৰ ওপৰত বা গাৰ বিভিন্ন অংগত বেছিকৈ নোম বা চুলি গজে৷ যাৰ বাবে তেনে লোকে বহুত বেছি পৰিমাণে মানসিক সমস্যাৰ সন্মুখীন হবলগীয়া হয়ে৷ হ সঁচাকৈয়ে এটা ডাঙৰ সমস্যা৷

আমাৰ শৰীৰৰ চুলিৰ স্বাভাৱিক বৃদ্ধিত এনড্রজেন নামৰ হৰমনবিধে নিয়ন্ত্রণ কৰি থাকিলেও কেতিয়াবা নানা কাৰণত এহ এনড্রজেন তেজত বৃদ্ধি পাবলৈ ধৰে আৰু অত্যধিক এনড্রজেনে মহিলাৰ শৰীৰৰ বিভিন্ন অংগত চুলি গজা সমস্যা সৃষ্টি কৰে৷

আপোনাৰ শৰীৰত এনে হৈছে বা হব পাৰে তাৰ লক্ষণ কেহটামান দিলোঁ৷
সদায়েহ দিনটোত এবাৰ হলেও শৰীৰৰ ছালখন সুন্দৰভাৱে পৰীক্ষা কৰক৷ মুখমণ্ডলত বহুত দিন ধৰি শালমহনা হৈ আছে নেকি, ডিঙিৰ পাছফালৰ ছালখন ডাঠ, খহটা আৰু কলা বা মুগা বৰণৰ হৈ পৰিছে নেকি লগতে কপালৰ ওপৰৰ চুলি সৰিছে নেকি লক্ষ্য ৰাখিব৷ কেতিয়াবা অভাৰীৰ অসুখৰ সমস্যাৰ বাবেও এনে হব পাৰে৷

আনহাতে আপোনাৰ ঋতুস্রাৱ ঠিকেই হৈ থাকেনে, কেতিয়াবা নিজকে কিবা ঠৰঙা ঠৰঙা দৰে হোৱা কোমলতা ভাৱ নোহোৱাৰ দৰে হোৱা এইবোৰ এনড্রজেন হৰমন তেজত বাঢ়িবলৈ ধৰিলেও হব পাৰে৷ হঠাতেই ব্লাড প্রেছাৰ বাঢ়ি যোৱা, মাতটো সলনি হৈ মতা মানুহৰ দৰে হোৱা, শৰীৰৰ মাংসপেশীবোৰ আগতকৈ সবল হৈ উঠি মসৃণতা হেৰাই যোৱাৰ দৰে হব পাৰে৷
এনে সমস্যাৰ যদি আপুনি সন্মুখীন হব লগাত পৰে, তেনেহলে অলপো পলম নকৰি এগৰাকী চিকিৎসকৰ লগত সকলো সমস্যাৰ কথা খোলাকৈ আলোচনা কৰক৷ যিবোৰ আভ্যন্তৰীণ অসুস্থতাৰ বাবে আপোনাৰ গাত চুলি গজিছে সেহবোৰৰ চিকিৎসা কৰা অত্যন্ত দৰকাৰ৷

এনেধৰণৰ সমস্যা বিউটী পার্লাৰত গৈ ৱাক্সিং কৰি সমাধান কৰিব নোৱাৰিব৷
এনে সমস্যাত কিছুমান চিকিৎসা কৰা হয়
👉ঔষধ ব্যৱহাৰ কৰি
👉ছার্জিকেল
👉বিভিন্ন ৰশ্মি ব্যৱহাৰ কৰি

এনেধৰণৰ চিকিৎসা কৰাৰ ফলত সমস্যা বেলেগ ধৰণৰ হব পাৰে, গতিকে গোটেই বিষয়টো আপুনি এজন এজন চিকিৎসকলৈ এৰি দি ধৈর্য আৰু বিশ্বাসেৰে চিকিৎসা কৰি যাওক৷ নিষ্চয় আপোনাৰ এনে সমস্যাৰ সমাধান হবই৷

বাহ্যিক সৌন্দর্য ৰক্ষা সহায় কৰিবলৈ এনে অনেক পদ্ধতি থাকিলেও চুলি গজাৰ প্রকৃত কাৰণ নির্ণয় কৰিবলৈ শৰীৰৰ বিভিন্ন হৰমন(free test steron, Follicle stimulating hormone, Androstenedione, Cortisol, prolactin) ইত্যাদিৰ মাত্রা আৰু ধর্ম নির্ধাৰণ, আলড্রাছাউণ্ড হত্যাদি কৰোৱাটো অতি প্রয়োজন৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.