সুগন্ধি নিৰ্য্যাস

180

মনস্বী শৰ্মা

দৰা সাজত ল’ৰাটোক চোৱাৰ হেঁপাহ আই পিতাইৰ নহ’ল।তথাপিও দুয়োজনৰ ফটো দুখনৰ সন্মুখত ৰৈ সি হাত যোৰ কৰি সেৱা এটি কৰি আয়তীৰ উৰুলিৰ মাজেৰে দৰাৰ গাড়ীত বহিল।চাই ৰ’লো মই গাড়ীখন যোৱালৈ।জেঠাই,খুড়ীহঁতক বিয়াৰ পিছত সি খাবলগীয়া চাহ মিঠাইৰ টোপোলাটো দি সোমাই আহিলোঁ।কোনোবা এগৰাকীয়ে ক’লে,’দিনটো দৌৰি ফুৰোঁতেই গ’ল তোৰ ।এতিয়া অলপ জিৰাই ল যা।কইনা আহি পাওঁতে পুৱা হ’ব।যা শু গৈ অলপ।’বিচনা এখন বিচাৰি হাবাথুৰি খালোঁ।নতুনকৈ বনোৱা ঘৰটোৰ কোঠাই কোঠাই বিচনা যদিও অকণমান ঠাই মই বিচাৰি নাপালোঁ।কোনোবাই শুইছে,কোনোবাই কথাৰ মেল মাৰিছে।আজি মোৰ মানুহৰ লগত শুবলৈ মন যোৱা নাই।ভাইটিৰ কোঠাটো খালী কৰি থোৱা হৈছে।কাইলৈ কইনাই অনা বস্তু ভৰাব লাগিব কাৰণে।বিচনা চাদৰ এখন আৰু চোফাৰ কোচন এটা লৈ মই পকাতেই শুই পৰিলোঁ।গৰমৰ দিনৰ সুবিধা ইয়াতেই।ফেনখন চলাই ল’লো।শুবলৈ অহা মইজনীয়ে বহু সময় ইকাটি সিকাটি কৰি পাৰ কৰিলোঁ।নাই টোপনি অহাৰ অলপো লক্ষণ নাই।ভাগৰুৱা দেহা,ভাগৰুৱা মন তথাপিও বহু ভাবনাই জুৰুলা কৰি তুলিছে মোক।

চাওঁতে চাওঁতে দুকুৰিৰ দেওনা পাৰ কৰা আজি পাঁচ বছৰেই হ’ল।ছোৱালী হেনো কুৰিতে বুঢ়ী।গতিকে,মই এতিয়া নিশ্চয়কৈ ছোৱালীৰ শাৰীত যে নাই তাত কোনো দ্বিধাই নাই।দেখাত মই অপেশ্বৰীও নাছিলোঁ, একেবাৰে পেলাই দিব পৰা বিধৰো নাছিলোঁ।পঢ়া শুনাতো মই আই পিতাইক গৰ্বিত কৰি তুলিব পৰা বিধৰ নাছিলোঁ। মেট্ৰিকৰ দেওনাটো পাৰ কৰি যেনেতেনে হায়াৰছেকেণ্ডেৰীটো চৰকাৰী বিদ্যালয়ৰ পৰাই উত্তীৰ্ণ হৈছিলোঁ।সেই বছৰ বানে আমাৰ অঞ্চলটো ধুৱাই নিছিল।পথাৰৰ ধান বুলিবলৈ সেই বছৰ ভঁৰালত এমুঠিও সোমোৱা নাছিল।মোৰ কলেজলৈ যোৱাৰ সপোনটো তাতেই তলা লাগিছিল।ভাইটি পঢ়াত ভাল হোৱাৰ বাবে আমাৰ সকলো সপোন,আশা ভৰসাৰ স্থল মাত্ৰ সিয়েই হৈ পৰিছিল।ঘৰতে থাকি থাকি মই ভাল শিপিনী হৈ পৰিছিলোঁ।আইৰ লাহে লাহে কঁকালৰ বিষটো বাঢ়ি গৈছিল,পিতায়ো আগৰ দৰে খেতিত লাগিব নোৱাৰা হৈছিল।খেতিৰ মাটিখিনি আঢি দিয়া হৈছিল।পাকঘৰৰ পৰা পথাৰলৈকে সকলো দায়িত্বভাৰ মোৰ ওপৰত পৰিছিল।পুৱাই উঠি বাহি চোতাল সৰাৰ পৰা,পাকঘৰৰ ৰন্ধা বঢ়াৰ পৰা,পথাৰত তদাৰক কৰালৈকে মই ব্যস্ত হৈ পৰিছিলোঁ মোৰ এই সৰু পৃথিৱীখনত।বিয়াৰ প্ৰস্তাৱ মোলৈ নহাকৈ নাছিল।আহিছিল কোনোবাজন যদি মোতকৈ বয়সত বেছি ডাঙৰ আছিল, কোনোবাজন আহিছিল অকালতে মৃত্যুক সাৱটি লোৱা পত্নীৰ সন্তানকেইটিৰ বাবে মাক বিচাৰি।কোনোবাজন আহিছিল নামনিৰ, কোনোবাজন আহিছিল ব্ৰহ্মপুত্ৰৰ সিপাৰৰ।আয়ে দিলে পিতাইৰ আপত্তি, পিতায়ে দিলে আইৰ আপত্তি।মুঠতে জোঁৱাই পচণ্ড কৰোঁতে কৰোঁতে মই মোৰ বাবে জীৱন সঙ্গী পচণ্ড কৰাৰ সুৰুঙাই বিচাৰি নাপালোঁ।ভাইটো লাহে লাহে ডাঙৰ হৈ আহিল।স্নাতক পঢ়ি সি বি. এড.ত নামভৰ্তি কৰিলে।আই পিতাইৰ বাবে এতিয়া মোৰ বিয়াখন এটা সমস্যাৰ ৰূপ ল’লে।ভাইটোৱে পঢ়াৰ লগে লগে সৰুকৈ চাহপাতৰ বাগান আৰু সৰু সুৰা ব্যৱসায়ত হাত দিলে।ময়ো গামোচা, চাদৰ-মেখেলা বৈ উলিওৱা পইচাকেইটাৰে আই পিতাইৰ ঔষধৰ খৰচ সৰু সুৰাকৈ উলিয়াই থাকিলোঁ।

গাঁৱৰ মোৰ সমনীয়া প্ৰায় সকলোৰে বিয়া বাৰু হৈ গ’ল।এতিয়া গাঁৱখনত যিকেইখন বিয়া হয় মোতকৈ সকলো সৰু সৰু ছোৱালীৰ।কোনোবাজনীয়ে যদি মোৰপৰা দৰা বৰণৰ গামোচা বৈ নিয়ে,কোনোৱে ৰুমালত ফুল তুলি নিয়ে।দৰা বৰণৰ গামোচা মই নিজৰ বাবেও বৈ থোৱা আছিল, কিন্তু বাকচৰ তলত সোমাই সোমাই সেইখনেও এতিয়া মদৰুৱা বৰণ ধৰিলে।দুদিনমান আগতে উলিয়াই সেইখন ময়েই ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ।বিয়া সবাহলৈ যাবলৈ আজিকালি মন নাযায়।তথাপিও মনৰ ভয়টো লুকুৱাই আনৰ চকুত পুতৌৰ পাত্ৰ নহ’বৰ বাবেই মই যাওঁ।এমুকুৰা হাঁহি বিৰিঙাই কইনাৰ দুহাতত উপহাৰটো গুজি দিয়াৰ সময়ত বুকুখনত এটি বিষে হুনা মাৰে।ৰভাতলৰ চকুবোৰে যেন মোক চাই বহু কথা কয়।তথাপিও তেওঁলোকক মোৰ মনৰ ভিতৰত চলি থকা ধুমুহাজাকৰ উমান নিদিয়াকৈ যোৱা মানুহ উভতি আহোঁ।মনটো দুদিনমানলৈ বেয়া লাগি থাকে।আকৌ দৈনন্দিন ব্যস্ততাৰ মাজত কথাবোৰ পাহৰণি হয়।গাঁৱৰ দুই এজনে মাজে মাজে বিয়াৰ খবৰ আনে।জানোঁ মই বিয়াৰ বজাৰত এতিয়া মোৰ কোনো মূল্য নাই।হয়তো আই পিতায়েও জানে।তথাপিও তেওঁলোকে মনে বিচৰা জোঁৱাইজন বিচাৰি নাপায়।ময়ো থিক ধৰিব নোৱাৰোঁ মোৰ বাবেনো এতিয়া কেনে ধৰণৰ দৰা যোগ্য হ’ব।ভাইটিয়েও আজিকালি কথাবোৰ বুজি পায়,ডাঙৰ হৈ আহিছে সিও।আই পিতাইক সি কয়,’তহঁতে ল’ৰা বাচোতে বাচোতে তাইক ঘৰতে ৰাখিম বুলি ভাবিচ নেকি?’ আই পিতাই আচৰিত হয়।’আমি তাইৰ জন্মদাতা,তাইৰ ভাল-বেয়াৰ হিচাপ আমাতকৈ বেছি কোনেও ল’ব নোৱাৰে।কিহত নাই তাই,হাতৰ কাম,পাকঘৰৰ কাম,মাথোঁ কলেজৰ দেওনাটোহে পাৰ নহ’ল।দেখাই শুনায়ো ইমান পেলাই দিব পৰা বিধৰ নহয়।আমি জানোঁ নহয় তাইৰ বাবে কি ভাল।’পিতাইৰ কথাত ভাইটি মনে মনে ৰয়।ময়ো ভাবোঁ মোতকৈ আই পিতাইৰ অভিজ্ঞতা বেছি, তেওঁলোকে ভালদৰে জানিব মোৰ ভাল বেয়াৰ হিচাপ।আকৌ নতুন খবৰৰ আশাত ৰওঁ মই।

পিতাইৰ বেমাৰটো লাহে লাহে বাঢ়ে,প্ৰায় এমাহ মান শৰ্য্যাশায়ী হৈ পিতায়ে আমাক এৰি গুচি যায়।সকাম খাবলৈ অহা মানুহবোৰৰ মাজত কথাৰ ফুচফুচনি হয়, ‘মানুহজনে ছোৱালীজনীৰ বিয়াখন চাই যাব নাপালে আৰু’ ভাইটিৰ লগৰ দুই এজন পত্নীৰ লগত সকামলৈ অহা দেখি আকৌ কথাবোৰে বাট সলাই,ভায়েৰৰ লগৰ ল’ৰায়েই বিয়া পাতিলে তাৰ বাবেও ছোৱালী এজনী চা এতিয়াৰে পৰা।’পিতাই যোৱাৰ এবছৰ মান পিছত ভাইটিয়ে স্কুলৰ চাকৰিটো পালে।ঘৰখনলৈ বহুত দিনৰ মূৰত সুখৰ খবৰ আহিল।সেই খবৰ লৈয়েই আয়ে তাৰ দুদিনমানৰ পিছতে চকু মুদিলে।ঘৰখনত থাকি গ’লো মই আৰু ভাইটি।মোৰ বিবেকে কাম নকৰা হ’ল।মোক আৱৰি ৰখা হাত দুখন ইমান সোনকালে হেৰাই গ’ল মই থিক তৰকিবৈ নোৱাৰিলোঁ।বিয়াৰ সপোন মোৰ তাতেই মৰহি গ’ল।কামৰ ব্যস্ততাত দিনটো পাহৰি থাকিলেও ৰাতি হ’লেই মোৰ দুখটো ওজাই আহে।ঘৰ ৰখীয়াৰ উজুহাত দি বিয়া বাৰু,মিতিৰ কুটুমৰ ঘৰলৈ যোৱা একেবাৰে বাদ দিলোঁ।ভাইটিয়ে মাজে মাজে দুই এজন ল’ৰাৰ খবৰ আনে,কিন্তু এতিয়া যে মোৰ চকুত বিয়াৰ সংজ্ঞাটোৱেই সলনি হৈ গ’ল।চুবুৰীয়াৰ বৰমাহঁতে কয়,’দুদিন পিছত সি ছোৱালী আনিব, তোৰ বোৱাৰী আহিব,পাৰিবি একেলগে খাই বৈ থাকিব জীৱন ভৰ।শাহু-শহুৰকে খোৱাবলৈ টান পায় আজিকালিৰ ছোৱালীয়ে আৰু বাই শাহুক চাব যে সেইটো দূৰৰ কথা।’আন এগৰাকীয়ে কয়,’বাইশাহু থকা ঘৰলৈ ক’ৰ ভাল ঘৰৰ ছোৱালী আহিব।’কথাবোৰ পাগুলীয়াই থাকোঁতে মোৰ নিশাবোৰ উজাগৰে পাৰ হয়।এদিন ভাইটিক ক’লো

তই ছোৱালী পচণ্ড কৰি থৈছ নেকি ক’ৰবাত?

নাই, কিয়?

আইৰ বছৰেকীয়া গ’লে তোৰ বিয়াখনকে পাতো বুলি ভাবিছোঁ, মোৰো লগ এটা হ’ব।

এইটো ঘৰলৈ ক’ৰ ছোৱালী আহিব।ৰ প্ৰথমতে ঘৰটো বনাই ল’ব লাগিব।তাৰ পিছত বিয়া আৰু মোৰ বিয়াৰ আগতে তোৰখন পাতি ল’ব লাগিব।

মোৰ আৰু বিয়া হোৱাৰ বয়স নাই বুজিছ।যিকেইটা দিন থাকোঁ ইয়াতে সহি সামৰি থাকিম আৰু।তই মোৰ বিয়াৰ চিন্তা কৰিব নালাগে।কোঠা দুটা তহঁতলৈ বনাই ল,মই পুৰণি ঘৰটোতে থাকিম‌।পিছে পইচা আছে জানো ঘৰ বনাবলৈ?

আজিকালি বেঙ্কে লোন দিয়ে নহয়,তাৰ পৰাই কিবা এটা ব্যৱস্থা কৰিব লাগিব।

আইৰ বছৰেকীয়াও চাওঁতে চাওঁতে পাৰ হ’ল।আগফালৰ চোতালত ইটা,বালিৰ দ’ম হ’ল।লাহে লাহে একোঠা দোকোঠাকৈ আমাৰ সেই জুপুৰি ঘৰটোৰ পৰা এটি অসম আৰ্হিৰ আহল বহল ঘৰ এটা হৈ উঠিল।মনটো লাহে লাহে ভাল লাগি থকা হ’ল।ভাইটিয়ে মোৰ বাবেও এটা কোঠা বনাই দিছিল।সি হয়তো জানিছিল মোৰ বিয়া হোৱাটো এতিয়া অলীক কল্পনা।নাম এভাগ পাতি দিন বাৰ চোৱাই এদিন আমি দুয়ো বাই ভায়ে গৃহ প্ৰৱেশ কৰিলোঁ।মোলৈ দৰা বিচৰা বৰমা,খুৰীহঁতে এতিয়া ভাইটিলৈ কইনা চাই।মোক আহি কয়হি,অমুকত এজনী আছে,সাইলাখ আমাৰ টি.ভি.ত ওলোৱা ছোৱালীকেইজনীৰ নিচিনা।অমুকত এজনী আছে এম.এ. পাছ কোম্পানীত কৰি আছে তোৰ বাবেই ভাল দিনটোলৈ ওলাই যাব,ঘৰত থাকিলেহে মাইকী মানুহৰ কাজিয়া লাগে বুজিছ।অমুকত এজনী আছে একদম ঠাণ্ডা মোণ্ডা তোৰ লগত মিলি থাকিব পাৰিব।ছোৱালীৰ গুণানুকীৰ্তনৰে মোৰ যন মগজু ভৰি পৰে।কল্পনা কৰোঁ ময়ো কোনজনী আহিলে ময়ো নিৰাপত্তাৰে থাকিব পাৰিম এই ঘৰখনত আজীৱন।

ছোৱালী ঘৰৰ ভয় চিন্তা মই বুজি পাওঁ।কোনেনো বাইশাহু থকা ঘৰলৈ আহিবলৈ ভাল পাব।তথাপিও ছোৱালী ঘৰৰ মানুহ আহিলে মই লুচি ভাজি,মিঠাই আদিৰে আপ্যায়ন কৰোঁ।মই নিবিচাৰোঁ মোৰ দৰে মোৰ ভাইটিটোও আজীৱন বৰলা হৈ ৰওঁক।তথাপিও বহু ছোৱালী ঘৰৰ মানুহ এবাৰ আহি আকৌ নহা হয়।ভাইটিৰো বয়স লাহে লাহে বাঢ়ি আহে।লগৰ ল’ৰাৰ ল’ৰা ছোৱালীও হ’ল।মাজে মাজে মোৰ ভয় হয় কেতিয়াবা যদি সি কৈ দিয়ে,’তোৰ কাৰণেই মোৰ বিয়াখন হোৱা নাই বুলি।’মই উঠি পৰি লাগিলোঁ তাৰ বিয়াখনৰ বাবে।এদিন সি মোক ক’লে,তাৰ হেনো একেখন স্কুলতে কৰা নতুনকৈ অহা সহকৰ্মী এগৰাকীৰ লগত মনৰ মিলন হৈছে।তাইৰ ঘৰত যদি আপত্তি নকৰে তাইকে সি বিয়া কৰাব।আজিকালি ল’ৰা যোৱাৰ দৰে ছোৱালীয়েও হেনো আগতীয়াকৈ গৈ ল’ৰাৰ ঘৰখন চাব পাৰে।তাক কৈ ছোৱালীজনীক এদিন ঘৰলৈ মাতিলোঁ।বুকুখন মোৰ দুৰুদুৰু কঁপিছিল সেইদিনা।ছোৱালীজনী বৰ মৰম লগা।আহিয়েই মোক বা বুলি সাৱটি ধৰিলে।ওজাই অহা চকুপানীখিনি যেনেতেনে ৰখাই মই তাইক আথে বেথে বহালো।তাই ভালপাই যাব পৰাকৈ মই যৎপৰোনাস্তি চেষ্টা কৰিলোঁ।ভাড়াঘৰত থকা ছোৱালী ভালপোৱা বস্তবোৰ বনাই খোৱালো।বহুত দিনৰ মূৰত যেন আমাৰ ঘৰলৈ আপোন কোনোবা আহিছে মোৰ তেনেকুৱা লাগিল।হাঁহি মাতি,কথা বতৰা পাতি তাই গ’লগৈ।যাওঁতে মোৰ গালতে তপককৈ চুমা এটা খাই গ’ল।আজিৰ যুগৰ ছোৱালীবোৰ যে বেছ স্মাৰ্ট মোৰ বুজিবলৈ বাকী নাথাকিল।পৰিস্মিতাৰ ঘৰৰ মানুহো মান্তি হ’ল।দীঘলীয়া নামটো মই ছুটি কৰি ল’লো,পৰি বুলি মাতিবলৈ ল’লো।

গণকৰ ওচৰলৈ গৈ দিন বাৰ চাই শুভ দিন এটা নিৰ্দ্ধাৰণ কৰা হ’ল।বিয়াৰ দিন লোৱাৰে পৰা ঘৰখনত উদুলি মুদুলি পৰিবেশ।নানাজনৰ নানা পৰামৰ্শ, নানা বিধি বিধান।মাজতে টাউনলৈ গৈ জোৰোণৰ কাপোৰ কানি,গহনাৰ বজাৰখনো কৰা হ’ল।ভাইটিয়ে মোৰ বাবেও দুযোৰ কাপোৰ কিনি দিলে।আইৰ ভাগৰ পুৰণি পাটৰ সাজ এযোৰ সৰু থাকোঁতেই পিন্ধিছিলোঁ,কিন্তু ডাঙৰ হোৱাৰে পৰা পাটৰ কাপোৰ লোৱাৰ কথা মনলৈয়ে অহা নাছিল।ঘৰখনৰ জোৰাটাপলিবোৰ কেনেকৈ মাৰিব পাৰি সেই চিন্তাতেই পাৰ কৰিলোঁ।নিজকে আজিকালি অলপ আধুনিকা কৰিবৰ চেষ্টা কৰোঁ।মানে বোৱাৰীৰ লগত মিলি থাকিবলৈ নিজৰো চিন্তাধাৰাবোৰ অলপ আধুনিক হ’ব লাগিব যে।সোণৰ ফুলি এযোৰ পিতায়েই বনাই দিয়া সেইযোৰ ভঙাই আঙুঠি এটা বনাই ল’লো পৰিক সেৱা কৰোঁতে দিবলৈ।আইৰ ভাগৰ আঙুঠিটো মোৰ কৰি লোৱা বহুত দিনেই হ’ল।

ভাইটিৰ হতোৱাই জোৰোণৰ বস্তুবোৰ চোৱাই আয়তীৰ উৰুলি আৰু জাউৰীয়ে জাউৰীয়ে বিয়া নামৰ মাজেৰে জোৰোণৰ গাড়ীখনত উঠিলোঁ।সি দিয়া পাটৰ সাজযোৰ পিন্ধি এইয়া জীৱনত প্ৰথম মই বিয়াৰ জোৰোণত যাবলৈ ওলাইছোঁ।ভাইটিৰ বিয়া ভাবিয়েই চকুপানী দুটুপাল মোহাৰি ল’লোঁ।নিজকে মোৰ মন্ত্ৰী, বিধায়ক যেন লাগিল।কইনা ঘৰত সকলোৱে হাতযোৰ কৰি কৰি দৰাৰ বায়েক বুলি ইমান সন্মানৰ চকুৰে চাইছে।ক’তো সেই বিয়া নোহোৱা বায়েকৰ অৱহেলিত চকুৰ চাৱনি দেখা নাপালোঁ।পৰিক একেবাৰে অপেশ্বৰী যেন দেখাইছে।কেমেৰা মেনে ফটো তুলিছে।তাই মোৰ লগত একপি উঠিবলৈ সাজু হৈছে।তাইৰ তুলনাত নিজকে বুঢ়ী বুঢ়ী অনুভৱ এটাই সেই মূহুৰ্তত চুই গ’ল মোক।সকলোকে সেৱা কৰিছে তাই, মোৰ ওচৰলৈ আহিলত মই আঙুঠিটো পিন্ধাই দিলোঁ।তাই মোৰ হাতত উপহাৰৰ সৰু টোপোলা এটি তুলি দিলে।

চাওকচোন খুলি,পচণ্ড হৈছেনে নাই?

তাইৰ কথাষাৰে লাজত পেলালে মোক।এনেদৰে ৰভাতলিতে উপহাৰ খুলি কোনোবাই চাই নেকি।লাজ লাগি গ’ল মোৰ।

ঘৰত গৈ চাম দিয়া।এতিয়া নালাগে।

থিক আছে গৈয়েই ক’ব কিন্তু কেনেকুৱা লাগিছে।

কইনা ঘৰৰ পৰা বিদায় লৈ আহিবৰ সময়তো তাই মনত পেলাই দিলে উপহাৰটিৰ কথা।ঘৰ পাই আলহী অতিথিৰে ভৰ্তি ৰভাতলি দেখি ব্যস্ত হৈ পৰিলোঁ।একেদিনাই জোৰোণ,বিয়া পাতিলে কষ্ট হয় বুলি জানোঁ যদিও আমাৰ গাঁৱত এতিয়াও দুদিনীয়া বিয়াৰ নিয়ম হোৱা নাই।ঘৰখনৰ প্ৰথম আৰু শেষ বিয়া গতিকে সকলো পৰিয়ালৰ লোকক নিমন্ত্ৰণ দিয়া হৈছে আৰু সেই মতে মানুহো আহিছে।দিনটো কেনেকৈ পাৰ হ’ল চিন্তা কৰিবলৈ অৱকাশেই নাপালোঁ মই।ৰাতি দৰাৰ লগত নাযাওঁ বুলি মই আগতেই কৈ থৈছোঁ।কাৰণ মই গ’লে ঘৰৰ দায়িত্ব কোনে ল’ব।মাহ হালধিৰে নোৱাই ধোৱাই দৰাক কইনা আনিবলৈ সাজু কৰাৰ সময়তো কিয় জানো কৰুণ সুৰ এটা বৈ থাকিল বুকুত।বৰমা,খুৰীহঁতে কোৱা কথাকেইষাৰে মনটো গোমোঠা কৰি ৰাখিলে।’আজিৰ পৰা আৰু সি আনৰ হ’ল ।’ভাইটি আনৰ হ’ল তেতিয়া হ’লে মোৰ কোন হৈ থাকিল?

কথাবোৰ ভাবি থাকোঁতেই ঘড়ীটোৱে তিনি বজাৰ সংকেত দিলে।মই গাটো তিয়াই লওঁ বুলি উঠি গ’লো।নিজৰ কোঠাটোত সোমাই আলমাৰিটো খুলি চাদৰ মেখেলা এযোৰ ওলিয়াই ল’লো।হঠাৎ চকুত পৰিল পৰিয়ে দিয়া উপহাৰটোলৈ।ইসঃ তাই ইমান কোৱাৰ পিছতো মই পাহৰি থাকিলোঁ উপহাৰটো চাবলৈ।উপহাৰৰ কাগজখন খুলি বাকচটো খুলিলোঁ।এযোৰ মৰম লগা সোণৰ ফুলি।তলতে এখন কাগজ।লিখা আছে  ‘মৰমৰ বালৈ ভন্টীৰ এটি ক্ষুদ্ৰ উপহাৰ।’ সামৰি থোৱা চকুপানীখিনিয়ে বাট ৰুধিব নোৱাৰিলে।বোৱাৰী বোৱাৰী বুলি ভাবি থকা পৰিজনীনো কেতিয়া মোৰ ভনী হৈ পৰিল মই গমেই নাপালোঁ।বাইশাহুৰ আসন ভাগ এৰি নিজকে পৰিৰ বায়েক কৰি তুলিলোঁ।ফুলিযোৰ পিন্ধি ধূপ চাকিৰে আৰতিৰ থালিখন যোগাৰ কৰিলোঁ।হৃদয়ত শিপাই ল’লো এটি নতুন পৰিচয়।সুগন্ধি সুবাস এটি বিয়পি পৰিল চৌপাশে।

ফোনঃ ৭০০২২-৮১০৩৮ 

You might also like

Comments are closed, but trackbacks and pingbacks are open.