ৰুদ্ৰাক্ষ

ড° শান্তনা বৰদলৈ

পূজা-পাৰ্বনত পুৰোহিতসকলৰ অপৰিহাৰ্য ভূষণ হিচাবে ব্যৱহাৰ কৰা “ৰুদ্ৰাক্ষ মালা” যিদাল ৰুদ্ৰাক্ষ গুটিৰে তৈয়াৰ কৰা হয়, আজি তাৰেই কথা জনাবলৈ বিচাৰিছো। এই ৰুদ্ৰাক্ষ মালাডালৰ সৈতে আমাৰ সকলোৰে চিনাকী। সৰুকালত এই ৰুদ্ৰাক্ষৰ মালা মন্দিৰৰ কোনোবা পুৰোহিত, সন্যাসী বা পুজাৰীৰ ডিঙিত দেখিলেই মনটো কৌতুহলেৰে ভৰি পৰে। পিছতহে আমি বুজি উঠিছিলো যে এই ৰুদ্ৰাক্ষ মনি বা গুটিটো প্ৰকৃতিৰে দান আৰু এই গুটি উৎপন্ন কৰা উদ্ভিদজোপাৰ কথা। কত’ শত বছৰৰ আগৰেপৰাই এই ৰুদ্ৰাক্ষ গুটিৰে তৈয়াৰী মালা প্ৰাৰ্থনা বা উপাসনাৰ জপমালা হিচাবে ব্যৱহাৰ হৈ আহিছে।

চিৰহৰিৎ বহল পাতেৰে সমৃদ্ধ এই ৰুদ্ৰাক্ষ গছজোপাৰ জন্মস্থান ভাৰতবৰ্ষ বুলি ঠাৱৰ কৰা হৈছে। গংগা-ব্ৰহ্মপুত্ৰৰ সমতলভুমি, পৰ্বত পাহাৰৰ নামনিত এইবিধ উদ্ভিদ হয়। ইয়াৰ পৰাই এইবিধ উদ্ভিদ পূৱ এচিয়া, নেপাল , ইণ্ডোনেচীয়া, নিউগিনি, অষ্ট্ৰেলিয়া, গুৱাম আৰু হাৱাইলৈকে বিস্তৃত হৈ আছে। ইয়াৰ বৈজ্ঞানিক নাম এলাইঅকাৰপাছগেনিট্ৰাছ (Elaeocarpusganitrus)। উদ্ভিদ জগতৰ এলাইঅ’কাৰপেছি ( Elaeocarpaceae ) পৰিয়ালৰ অন্তৰ্ভুক্ত এই ৰুদ্ৰাক্ষ গছৰ বহু প্ৰজাতি আছে যদিও প্ৰধানত এইবিধ প্ৰজাতিৰ গুটিহে বিশেষভাৱে ধাৰ্মিক কাৰ্যত জপমালা হিচাবে ব্যৱহৃত হয়। উচ্চ উচ্চতাসম্পন্ন এইবিধ উদ্ভিদৰ ৩০০ বিভিন্ন প্ৰজাতিৰ ভিতৰত মাত্ৰ ৩৫ টা প্ৰজাতিহে ভাৰতত পোৱাৰ তথ্য পোৱা গৈছে।

জনবিশ্বাস অনুসৰি এইবিধ পৱিত্ৰ উদ্ভিদ ভগৱান শিৱই নিজৰ তৃতীয় অক্ষৰ চকুপানীৰ পৰা প্ৰত্যক্ষভাৱে স্বৃষ্টি কৰিছিল আৰু সেয়ে এই গছৰ গুটিৰ মাহাত্ম্য তথা শক্তি অধিক। এই ৰুদ্ৰাক্ষৰ বিষয়ে পুৰাণ সমুহ ( শিৱ পুৰাণ, পদ্ম পুৰাণ আৰু ভাগৱত পুৰাণ) ত উল্লেখ আছে। ইয়াৰ বিষয়ে বহুতো পৌৰাণিক কাহিনীও আছে। এটা পৌৰানিক সাধুকথাত কোৱা হৈছে যে এবাৰ মহাদেৱে মৰ্ত্যৰ মানৱৰ কথা চিন্তা কৰি গভীৰ তপস্যাত নিমগ্ন হৈছিল আৰু শিৱৰ চকুৰ পৰা টোপ টোপকৈ পানী পৰিবলৈ ধৰিলে। পানী আহি পৃথিৱীত পৰিলহি আৰু এই টোপাল টোপাল চকু পানীয়েই হেনো একো একোটা পূৰ্ণাংগ ৰুদ্ৰাক্ষ গুটিলৈ পৰিবৰ্তিত হ’ল। ইয়াকে দেখি ভগৱান বিষ্ণুৱে এই আশ্বৰ্যকৰস্বৃষ্টিৰ কথা মহাদেৱক সুধোতে ক’লে যে এই চকু পানীৰ টোপালবোৰৰ পৰা স্বৃষ্টি হোৱা গছজোপাৰ গুটিবোৰ প্ৰেম আৰু মানৱতাৰ চানেকী হৈ মৰ্ত্যত থাকিব চিৰদিন আৰু ইয়াক ভক্তিপূৰ্ণভাৱে পিন্ধিলে মানৱক সকলো অপায় – অমঙ্গলৰ পৰা ৰক্ষা কৰিব পাৰিব। ভগৱান বিষ্ণুৱেও মহাদেৱৰ “ৰুদ্ৰাক্ষ” ৰ এই আশীৰ্বাদ বানী পৃথিৱীৰ মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ ধৰিলে। তাৰ মাজতে ” অন্ধকা ” নামৰ এটা লুভীয়া ৰাক্ষসে নিজকে শক্তিশালী কৰিবলৈ ইয়াক পিন্ধিবলৈ মন কৰিলে। মহাদেৱে তাৰ বুদ্ধি – সন্ধিৰ উমান পাই ” ৰাক্ষসৰ ডিঙিত এই ৰুদ্ৰাক্ষই শোভা কেতিয়াও নাপায়” বুলি মহাদেৱে বিধান কৰি অন্ধকা অসুৰক ধ্বংস কৰিলে । উপনিষদতো ইয়াৰ অনেক কাহিনী উল্লেখ আছে।

ৰুদ্ৰাক্ষ গছৰ পুৰঠ ফলবোৰ ডাঠ নীলা ৰঙৰ বাকলিৰে আবৃত হৈ থাকে আৰু ফলবোৰ সেয়ে নীলা ৰঙৰ হয়। সেয়েহে ইয়াক ব্লুবেৰীবিডছ ( Blue berry beads ) বুলি কোৱা হয়। ইয়াৰ ভিতৰৰ বীজটোহে পাতল বা গাঢ় মুগা বৰণৰ ৰুদ্ৰাক্ষ গুটি।

ভাৰতবৰ্ষত প্ৰধানত অসম , বিহাৰ , হৰিদ্বাৰত এই ৰুদ্ৰাক্ষ গছ হয়। বৰ্তমান এইবিধ উদ্ভিদ দুষ্পাপ্য উদ্ভিদৰ দিশলৈ অগ্ৰসৰ হৈছে। হাৰিয়ানাৰ যমুনানগৰ জিলাত ঔষধি উদ্ভিদ হিচাবে ইয়াক ৰোপন কৰা হৈছে। গছজোপা প্ৰায় ৬০ ৰ পৰা ৮০ ফুট পৰ্যন্ত ওখ হয়। এইজোপা উদ্ভিদ ইয়াৰ মূল্যৱান বীজৰ বাবেই বিখ্যাত। ইয়াৰ ফুলবোৰ বগা ৰঙৰ যদিও ফলবোৰ নীলা ৰঙৰ , বগৰীৰ দৰে। নীলা ৰঙৰ বাকলিৰ ভিতৰত মুগা ৰঙৰ বিশেষ আকৃতিৰ কঠিন ৰুদ্ৰাক্ষ বীজটো হয়। এই ৰুদ্ৰাক্ষ ফলটোক ” অমৃত ফল ” বুলিও জনা যায়। এই ৰুদ্ৰাক্ষ ফলটোত নিহিত হৈ থকা ৰাসায়নিক পদাৰ্থ সমুহ যেনে — এলকালয়ডছ ( Alkaloids) , ফ্লেভিনয়ডছ (Flavinoids), টেনিন (Tannins), ট্ৰাইটাৰপিনছ (Tryterpenes), কাৰ্বহাইড্ৰেট (Carbohydrates) আৰু গ্লাইক’চাইদ (Glycosides) ৰ কাৰণে ই ঔষধি গুণসম্পন্ন। ৰুদ্ৰাক্ষৰ বীজত প্ৰধানত এলাইঅকাৰপিডিন (Elaeocarpidine) আৰু আইচ’এলাইঅকাৰপিডিন (Isoelaeocarpidine) যুক্ত হৈ থকাৰ তথ্য বৈজ্ঞানিক গৱেষণাত পোৱা গৈছে। ১৯৭৯ চনত ইয়াৰ বীজত যুক্ত হৈ থকা “ৰুদ্ৰাকাইন (Rudrakine)” নামৰ ৰাসায়নিক সংযুতিৰ আৱিষ্কাৰ হৈছিল। দ্ৰুতবৃদ্ধিৰএইজোপা উদ্ভিদে ৩ৰ পৰা ৪ বছৰৰ ভিতৰতে ফল উৎপাদন কৰে। একোজোপা গছে বছৰি প্ৰায় ১ৰ পৰা ২ হাজাৰ গুটি উৎপাদন কৰে। ইয়াৰ গুটি বা বীজৰ আকৃতি প্ৰজাতি অনুসৰি বিভিন্ন ধৰণৰ হয়। বীজৰ ওপৰৰ বাকলিখনৰ সজ্জা অনুসৰি ইয়াক মুখ বা ফেচ ( Face) হিচাবেনামাকৰণ কৰা হয়। প্ৰতিবিধ ৰুদ্ৰাক্ষৰে বিশেষ আধ্যাত্মিক গুণ বিশিষ্ট বুলি চিনাক্ত কৰা হৈছে। প্ৰায় ১ ৰ পৰা ২১লৈকে ৰুদ্ৰাক্ষ বীজত মুখা থাকে। মুখ্যত পাঁচ মুখীয়া অৰ্থাৎ পঞ্চমুখী ৰুদ্ৰাক্ষ বীজেই অধিক জনপ্ৰিয় , আধ্যাত্মিক গুণ সম্পন্ন আৰু ব্যৱহৃত। জীৱৰ মুখ্য উপাদান পঞ্চভুতত অৰ্থাৎ বায়ু, পানী, অগ্নি, মাটি আৰু আকাশ একত্ৰিত হোৱাটোকে এই পঞ্চমুখী ৰুদ্ৰাক্ষই বুজায় বুলি বিশ্বাস আছে আৰু ইয়াক ধাৰণ কৰিলে বহুতো উপসৰ্গৰ পৰা নিৰাময় পাব পাৰি। আয়ৰ্বেদিকস্বাস্থ্যশাস্ত্ৰত উল্লেখ আছে যে ৰুদ্ৰাক্ষই মানুহক মানসিকভাৱে শক্তিশালী কৰে, শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে আৰু মানসিক স্বাস্থ্যৰ উন্নতি কৰে। ইয়াৰ পাত বেক্টেৰিয়া প্ৰতিৰোধী হিচাবে ব্যৱহাৰ কৰা হয়। আনহাতে ইয়াৰ গুটি মুৰৰ বিষ, মৃগী ৰোগৰ নিৰাময়তো ব্যৱহাৰৰ তথ্য পোৱা গৈছে। ৰুদ্ৰাক্ষ গুটিৰ আকৃতি অনুসৰি ইয়াৰ নামাকৰণ কৰা হয়। এক প্ৰকাৰ প্ৰজাতিৰ ৰুদ্ৰাক্ষ গুটি বোৰ দুটাকৈ প্ৰাকৃতিক ভাৱে সংযোজিত হৈ থাকে। ইয়াক “গৌৰীশংকৰ” নামেৰে নামাকৰণ কৰা হৈছে। আকৌ আন এক প্ৰকাৰ ৰুদ্ৰাক্ষ প্ৰজাতিৰ গুটিবোৰত হাতীৰ শুড়ৰ দৰে অংশ থকাৰ কাৰণে “গণেশ” নামেৰে নামকৰণ কৰা হৈছে। হিন্দুসকলে এই ৰুদ্ৰাক্ষৰ মালা সাধাৰণতে প্ৰাৰ্থনা, পূজা নাইবা উপাসনা, মন্ত্ৰ জপ কৰোতে পিন্ধি লয়। ১০৮টা ৰুদ্ৰাক্ষ গুটিৰে তৈয়াৰী মালা পৱিত্ৰ বুলি গন্য কৰা হয়। বিশেষকৈ শিৱপূজাত ইয়াক নিত্যান্তই পৰিধান কৰা উচিত বুলি ভবা হয়।

আজিৰ বিশ্বৰ গোলকীকৰণৰ সময়ত প্ৰেম আৰু আশীৰ্বাদৰ সোপান ৰূপে যুগ যুগান্তৰৰ পৰা ব্যৱহাৰ কৰি অহা এই গছৰ অমূল্য গুটিৰ কাৰণেই এইবিধ বিচিত্ৰ উদ্ভিদৰ সংৰক্ষনৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়। কিয়নো বৰ্তমান সময়ত অবাধ বনধ্বংসই বহু অপুৰুগীয়া গছ গছনি নিঃশেষ কৰি পেলাইছে। সেয়েহে এইসমুহ ৰক্ষা কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতাও সমানেই আদৰণীয়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.