ডাঃ কৰুণা হাজৰিকা
“Just as a monkey swinging through the trees grabs one branch and lets it go only to seize another, so too, that which is called thought, mind or consciousness arises and disappears continually both day and night.”
চাৰিজন সন্ন্যাসীয়ে দুসপ্তাহ ধৰি একো কথা নোকোৱাকৈ নীৰৱে ধ্যান কৰাৰ সিদ্ধান্ত লৈছিল। এই দৰে দুদিন মান যোৱাৰ পাছত ৰাতি হোৱাৰ লগে লগে, মোমবাতি জ্ৱলাই তেওঁলোকে নিৰবে ধ্য়ান কৰি আছিল। হঠাৎ এজাক বতাহ আহিল আৰু মমবাতিডাল নুমাই থাকিল। সেই সন্য়াসী কেইজনৰ ভিতৰত এজনে ‘ক’লে মমবাতি ডাল নুমাই গ’ল’। তাকে শুনি আন এজনে ক’লে ‘আমি কথা নপতাকৈ থাকিব নোৱাৰো নেকি?’ প্ৰত্যুত্তৰত তৃতীয়জন সন্য়াসীয়ে ক’লে ‘ আপোনালোক দুয়োজনে কিয় এই নীৰৱতা ভংগ কৰিব লাগে?’ তেতিয়া চতুৰ্থজন সন্ন্যাসীয়ে হাঁহি মাৰি ক’লে ‘হা!হা! কেৱল মইহে কথা কোৱা নাছিলোঁ ।‘ এইয়া হ’ল আমাৰ মনৰ ধ্য়ান ধাৰণা । আমাৰ মনটো সদায় এনে দৰেই প্ৰতিটো বস্তুৰে প্ৰতি আকৰ্ষিত হৈ থাকে আৰু এটা প্ৰতিক্ৰিয়াৰ জন্ম হয়। ওপৰৰ কাহিনিটোৰ যোগেদি আমি ইয়াকেই গম পালো যে আনকি সন্য়াসী সকলৰ মনটোও এইদৰে সকলো সময়তে সক্ৰিয় হৈ থাকে যদিওবা তেওঁলোকে কথা নাপাতিবলৈ সংকল্প লৈছিল।
সেয়ে বৌদ্ধ ধৰ্মৰ মতে আমাৰ সকলোৰে মন এটা বান্দৰৰ দৰে এটাৰ পৰা আন এটালৈ জাপ মৰাৰ দৰে দুলি থাকে আৰু মনটোৱে সদায় কিবা নহয় কিবা পাবলৈ বা যিকোনো অনুভুতিৰ প্ৰতিক্ৰিয়া কৰিবলৈ আগ্ৰহ কৰি থাকে। বৌদ্ধ ধৰ্মত ইয়াক ‘মাঙ্কি মাইণ্ড’ বুলি জনা যায়। আমাৰ অধিকাংশই কেতিয়াও আমি কি ভাবি আছো তাক লক্ষ্য নকৰো আৰু চাৰিজন সন্ন্যাসীয়ে তেওঁলোকৰ ধ্যান অনুশীলন কৰাৰ দৰে একে ধৰণে কাম কৰো, প্ৰতিটো চিন্তাই এক অনুভূতিৰ সৃষ্টি কৰে আৰু প্ৰতিটো অনুভূতি সেই চিন্তাৰে প্ৰতিক্ৰিয়া মাত্ৰ। আমাৰ বিচক্ষণ মনটো সেই বান্দৰৰ ব্য়ৱহাৰৰ দৰেই। ই আমাক ভালদৰে পৰিচালিত কৰে কিন্তু আমাক কেতিয়াও এক মুহূৰ্তৰ বাবেও বিশ্ৰাম নিদিয়ে। আনকি ৰাতিও আমি নাটকীয় জীৱন যাপন কৰোঁ আৰু আমাৰ সপোনৰ সমস্যাবোৰ সমাধান কৰোঁ, ই আমাৰ এটা মানসিক ব্য়ৱস্থা মাত্ৰ। যদি আপুনি সুখী অনুভৱ কৰে, ইয়াৰ কাৰণ হ’ল আপুনি সুস্থ চিন্তা কৰি আছে, যদি আপুনি নেতিবাচক চিন্তা কৰি আছে তেন্তে আপোনাৰ মনত বেয়া অনুভৱ হয় আৰু আপুনি তাৰে ফল পায়। আমি যদি আমাৰ মনবোৰক ধ্যানৰ দ্ৱাৰা প্ৰশিক্ষণ দিব পাৰো ই কেৱল আমাৰ মনটোক শান্ত কৰাই নহয়, আমাৰ মানসিক চাপ, উদ্বিগ্নতা বা বিষণ্ণতা হ্ৰাস কৰিব।
অন্য অৰ্থত ক’বলৈ গ’লে, আমাৰ মনোযোগ বান্দৰৰ দৰে। প্ৰতিদিনে, আমাৰ মনটোৱে হাজাৰ হাজাৰ ভিন্ন চিন্তাৰ সৃষ্টি কৰে আৰু আমাৰ মনটো গতিশীল। গতিকে আমি আমাৰ মনোযোগ একে ঠাইতে ৰাখিবলৈ সংগ্ৰাম কৰিব লাগে। ইয়াৰ পৰিৱৰ্তে আমাৰ মনটো এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ ঘূৰি যায় (thought to thought)। উদাহৰণ স্বৰূপে, ধৰক আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত এটা কামত ব্য়স্ত আছে ,আৰু তাত আপোনাৰ সকলো মনোযোগ দিবলৈ চেষ্টা কৰি আছে। কিন্তু, হঠাতে, আপোনাৰ মনটো আন কোনো ঠাইত ঘূৰি ফুৰে… আপুনি অহা সপ্তাহত আপোনাৰ সংগীৰ বা প্ৰিয়জনৰ জন্মদিনৰ কথা ভাবি আছে ; আপুনি কি উপহাৰ দিব তাকে ভাৱিবলৈ ধৰিলে বা, আপোনাৰ কাইলৈ এটা গুৰুত্বপূৰ্ণ প্ৰদৰ্শন আছে, আপুনি তাৰ কথা ভাৱিব লৈ ধৰিলে, সেইটো বেয়া হব নেকি? নতুবা যোৱা মাহৰ বিদ্যুৎৰ বিল বেছি হ’ল তাৰ কাৰণটো বিশ্লেষণ কৰিবলৈ ধৰিলে ইত্য়াদি ইত্য়াদি । কেতিয়াবা আকৌ ঘৰতে থাকিও আমাৰ মনটো বিভিন্ন ঠাই ভ্ৰমণ কৰি থাকে । এইদৰেই আমাৰ মনটো সদায়েই উৰি ফুৰে আৰু তাৰ কোনো সীমা-সংখ্য়া নাই।
গতিকে, ইয়াৰ পৰা এইটো দেখা গৈছে যে আমাৰ মনটো “বান্দৰৰ মন” অৰ্থাৎ ই হৈছে অস্থিৰতা, উত্তেজনা পূৰ্ণ আৰু বিভ্ৰান্তিৰ এক আভ্যন্তৰীণ অৱস্থা। ই হৈছে আমাৰ মগজুৰ সেই অংশ যি সচেতনভাৱে মনোযোগ দিবলৈ সংগ্ৰাম কৰিব লাগে। অৱশেষত, ই আমাৰ উৎপাদনশীলতা আৰু সৃজনশীলতাত বাধা দিয়ে। তদুপৰি, বান্দৰৰ মনটো আমাৰ আভ্যন্তৰীণ সমালোচকৰ সৈতেও সংযুক্ত থাকে। আমাৰ মনটোৱেও সেই দোলাই থকা বান্দৰটোৱে গছৰ বেয়া শাখাত ধৰি থাকিবলৈ কেতিয়াবা ভাল পোৱাৰ দৰেই হতাশাবাদী চিন্তাধাৰা ধৰি ৰাখিবলৈ ভাল পায়। অৱশেষত নেতিবাচক চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ মগজুৱে বহু চেষ্টা কৰিব লগাত পৰে। গতিকে আমাৰ বান্দৰৰ দৰে মনটোৱে কিয় হতাশাবাদী, বা নিৰাশাবাদী আভ্যন্তৰীণ অৱস্থাৰ সৃষ্টি কৰিব পাৰে তাত আমি আচৰিত হোৱাৰ কোনো কাৰণ নাই। মানুহৰ মন সঁচাকৈয়ে বিস্ময়কৰ। আমাৰ বহুতো বস্তুৰ বিষয়ে একেৰাহে দ্ৰুতভাৱে চিন্তা কৰাৰ সহজাত ক্ষমতা আছে। এটা চিন্তাই আন বহুতো সম্পৰ্কিত চিন্তালৈ শাখা স্থাপন কৰে বা নতুন নতুন অনুভূতিৰ সৃস্তি কৰে । এইটো স্বাভাৱিক, আৰু ই সময়ত অপৰিহাৰ্য। ই আমাক বস্তুবোৰৰ শীৰ্ষত ৰাখে আৰু আমাক আমাৰ ব্যস্ত জীৱনত চলাচল কৰিবলৈ অনুমতি বা সুবিধা প্ৰদান কৰে। অৱশ্যে, যেতিয়া আমাৰ আভ্যন্তৰীণ বাৰ্তালাপে আমাক নিয়ন্ত্ৰণ কৰিবলৈ লয় আৰু আমি অত্যাধিক নেতিবাচক ভাৱৰ মাজত সোমাই পৰো তেতিয়া আমাৰ সমস্যাৰ সৃস্তি হয়।
আজিকালি আমাৰ বান্দৰৰ দৰে মনটোক বিকশিত কৰাটো সহজ। বৰ্তমান আমি এনে এখন পৃথিৱীত বাস কৰোঁ যি আমাৰ মনটোক চৌব্বিছ ঘণ্টাই তথ্য আৰু অডিঅ’ভিজুৱেল উদ্দীপনাৰে আমাক সক্ৰিয় কৰি ৰাখিব পাৰে। যেতিয়া আমাৰ ছ’চিয়েল মিডিয়া ফিডৰ জৰিয়তে স্ক্ৰ’ল কৰি থাকো, আমি আমাৰ মনোযোগ আকৰ্ষণ কৰা বা প্ৰতিযোগিতা কৰা বহুতো বিজ্ঞাপন দেখা পাওঁ। একেদৰেই, আমাৰ ওচৰত পৃথিৱীত সংঘটিত হোৱা সকলো ঘটনাৰ লাইভ আপডেটৰ সুবিধাও নোহোৱা নহয়। এই সকলোবোৰে আমাৰ ভিতৰৰ বান্দৰটোক গছৰ ওলমি থকা ফলৰ দৰে আকৰ্ষিত কৰে আৰু ইয়াক বুদ্ধিহীনভাৱে বান্দৰৰ দোলনা খেলাৰ দৰে আমাক ইয়াৰ প্ৰতি প্ৰলোভিত কৰে আৰু তাকে আমি অব্যাহত ৰাখিবলৈ চেষ্টা কৰো।
বান্দৰৰ মন কেনেকৈ শান্ত কৰিব লাগে তাৰ বাবে বুদ্ধৰ উত্তৰ আছিল ‘বনৰীয়া হৰিণৰ দৰে মন’ বিকশিত কৰা। বুদ্ধই লক্ষ্য কৰিছিল যে হৰিণবোৰ কোমল প্ৰাণী, পৰিস্থিতি যিয়েই নহওক কিয় সদায় সচেতন আৰু সতৰ্ক হৈ থাকে। গতিকে সিহঁত প্ৰকৃততে পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিবলৈ বা যিকোনো পটভূমিতে নিজকে পৰিচালনা কৰিবলৈ সক্ষম হয় । আমাৰ মনটো শান্ত কৰাটো কঠিন যদিও ই অসম্ভৱ নহয়। মাইণ্ডফুলনেছ মেডিটেশ্যন আৰু গভীৰ শিথিলতাৰ দৰে অভ্যাসসমূহে আমাক আমাৰ চিন্তাধাৰা বুজি পোৱাত সহায় কৰে। এই কৌশলবোৰৰ জৰিয়তে, আমি আমাৰ মন কিমান সহজে ঘূৰি ফুৰে আৰু সেই হতাশাবাদী বা অবিবেচক চিন্তাধাৰাবোৰ নাইকিয়া কৰাত সহায় হয়।
বিৰতি বা আৰাম অপৰিহাৰ্য্য়
যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিৰতি লোৱা বা আৰাম কৰাতোৱে আমাৰ ভিতৰৰ মনটোক আত্মসমৰ্পণ কৰা নুবুযায়। ই মাত্ৰ আমাক ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰা হয় আৰু আমাৰ পক্ষত ব্যৱহাৰ কৰাৰ বিষয়ে সহায় কৰে। আনহাতে আমাৰ মনবোৰ প্ৰতিদিনে সহজে আৱেগিক হৈ পৰে আৰু অতিৰিক্তভাৱে ভৰি পৰে। এইটোৱে কিন্তু আমাক কোনো ক্ষেত্ৰতে সহায় নকৰে। বৰঞ্চ ইয়াৰ দ্ৱাৰা আমাৰ ক্ষতিহে হয়। আমি সকলোৱেই অধিক সফল, অধিক জ্ঞানী আৰু অধিক সামৰ্থবান হ’বলৈ চেষ্টা কৰো। স্বাভাৱিকভাৱেই, এইটো অবিশ্বাস্যভাৱে চাপযুক্ত হয়। নিৰন্তৰ ভাৱে মনত বিভিন্ন ভাৱৰ ভিৰ আৰু মানসিক চাপৰ বাবেই আমাৰ মনটো সদায়েই অস্থিৰ হৈ থাকে আৰু যাৰ ফলত ইয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। সেয়েহে আমি সময় সাপেক্ষে বিৰতি লোৱাটো বা আৰাম কৰাটো অতি গুৰুত্বপূৰ্ণ। আৰাম কৰাৰ অৰ্থ বিচনাত শোৱা আৰু আমাৰ বাস্তবিক সমস্যা সমূহ আৰু ইয়াৰ দায়িত্ববোৰ উপেক্ষা কৰা নুবুজায়। এই ধৰণৰ স্ৱাভাৱিক শিথিলতাই আমাৰ মন আৰু শৰীৰক পুষ্ট কৰাত সহায় কৰে। গতিকে আৰাম কৰাটো এটা ক্ষতিকাৰক মানসিক চাপ হ্ৰাস কৰিবলৈ আৰু আমাৰ মানসিক সুস্থতা বৃদ্ধি কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ হিচাবে গন্য় কৰা হয়।
ধ্য়ান কৰা
আমাক নিৰ্দ্দিষ্ট সময়ত প্ৰতিদিনে শান্তভাৱে বহি থাকি বা প্ৰয়োজনীয় ধ্যান কৰিবলৈ কেইমিনিটমান সময় স্থিৰ কৰি লোৱাটোৱে মনটোক শান্ত কৰাত সহায় কৰে আৰু ইয়াৰ দ্ৱাৰা যঠেষ্ট লাভ হোৱাৰ স্থল আছে। সাধাৰণতে আমি ধ্যান কৰাৰ সময়ত আমাৰ নাকৰ জৰিয়তে উশাহ লওঁ আৰু নিশাহ বাহিৰলৈ উলিয়াই দিওঁ। মূলতঃ এই ধাৰণাটো হ’ল গভীৰভাৱে উশাহ লোৱা আৰু লাহে লাহে নিশাহ এৰা, আৰু আমি আমাৰ মনটো উশাহ লোৱাৰ ওপৰত সংযুক্ত কৰো; অৰ্থাৎ আমি কেৱল আমাৰ উশাহৰ ওপৰত গুৰুত্ব দিয়াত মনোনিবেশ কৰো। এই ব্য়ৱস্থাৰ যোগেদি আমাৰ মূৰত থকা হাজাৰতা চিন্তাক আতৰ কৰি ৰাখিবৰ বাৱে চেষ্টা কৰো। এইক্ষেত্ৰত আমি কোনো ধৰণৰ বিচাৰ-বিবেচনা নোহোৱাকৈ চিন্তাধাৰাবোৰক আতৰাই পঠাবলৈ আৰু আমাৰ শ্বাস-প্ৰশ্বাসৰ ওপৰত মনোনিৱেশ কৰিবলৈ নিজকে ঘূৰাই আনিবলৈ যত্ন কৰাটোকে ধ্য়ান কৰা বুজায়। যেতিয়া আমি এই প্ৰক্ৰিয়াটো বাৰে বাৰে কৰো, আৰু আমাৰ মনোযোগ কেন্দ্ৰীভূত কৰাৰ ক্ষমতা শক্তিশালী হয় আৰু আমাৰ বান্দৰৰ স্ৱভাৱৰ দৰে হোৱা মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিম।
মননশীলতা বৃদ্ধি কৰা
এনে কৰাৰ প্ৰথম পদক্ষেপটোৱেই হ’ল ইয়াৰ কৰণে নিৰ্দ্দিষ্ট পৰিস্থিতি সৃস্তি কৰা আৰু মনক শান্ত কৰা – অৰ্থাৎ মনটোক য’তে আছে ত’তে ৰাখিবলৈ চেষ্টা কৰা। এনেদৰে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি নিৰ্দ্দিষ্ট স্থানত ৱা পৰিস্থিতিৰ লগত খাপখুৱাই ৰখাটোকে মননশীলতা বুলি কোৱা হয়। আমি আমাৰ সকলো ধৰণৰ পৰিস্থিতিকে অনুপ্ৰেৰণা দিয়াৰ বাবে ই এক অত্যাৱশ্যকীয় অৱস্থা কিয়নো ই আমাৰ হৃদয় আৰু আত্মাৰ বাৰ্তাবোৰ অনুসৰণ কৰে। মনোযোগ দিয়াৰ ফলত আমাৰ আভ্যন্তৰীণ আৰু বাহিৰৰ পৃথিৱীৰ মাজত সজাগতা আৰু আন্তঃসংযোগ গঢ়ি উঠে । যদি আমি অধিক সজাগ আৰু সতৰ্ক হওঁ, আমি আমাৰ মনৰ পৰা আৰু লগতে বিশ্বব্ৰহ্মাণ্ডৰ পৰাও অধিক সহজে বাৰ্তা পাব পাৰো। আমাৰ প্ৰচলিত বান্দৰৰ মন আমাৰেই অংশ, সেয়েহে ইয়াক উপেক্ষা কৰি বিশেষ লাভ নহয়! সেয়ে আমি ইয়াৰ সৈতে এটা সংযোগ স্থাপন কৰিব লাগে আৰু আমাৰ প্ৰয়োজন অনুসৰি তাক পৰিচালিত কৰিব লাগে। এইটো লক্ষ্য় কৰিব লাগিব যে আমাৰ মনটোৱে আমাক কি ক’বলৈ গৈ আছে। বা আমাৰ মনটো কিয় বিচলিত হৈছে? আৰু তাৰ বিষয়ে ধ্য়ান দিয়া নিতান্তই দৰকাৰ। হয়তো ই আমাক কৰিব লগা কিবা এটাৰ বিষয়ে মনত পেলাই দিছে আৰু আমাক চিন্তিত অনুভৱ কৰাইছে। গতিকে আমি এই বিষয়ত মনোনিবেশ কৰিলেই তাৰ সমাধান পাম আৰু আমাৰ উৰণীয়া মনটো আমাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সমৰ্থ হম । সেয়ে আমি এইটো কথাত গুৰুত্ৱ দিব লাগিব যে আমি য’তেই নাথাকো কিয়, আমি তাত সম্পূৰ্ণভাৱে উপস্থিত থাকিব লাগিব আৰু কেৱল কি আলোচনা কৰা হৈছে তাৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব লাগিব। অস্তিত্বৰ এই সচেতন অৱস্থাটো হৈছে চেতনা। চেতনা থাকিলে আমাৰ মননশীলতা বৃদ্ধি পায় আৰু ই আমাৰ মনটোক নিয়ন্ত্ৰণ কৰাত যঠেষ্ট সহায় কৰে।
কৃতজ্ঞতা জ্ঞাপন
বিভিন্ন গৱেষণাই দেখাইছে, বাৰে বাৰে চিন্তা কৰিলে স্নায়ৱিক পথৰ সৃষ্টি হয় আৰু আমাৰ মানসিক ভাৱ ধাৰাৰ সলনি হয়। আমি আমাৰ জীৱনত যিমান বেছি ইতিবাচক চিন্তা ক’ৰো, সেই ব্য়ৱস্থাবোৰ বা পথবোৰ সিমানেই গভীৰ আৰু অধিক স্পষ্ট হৈ পৰিব আৰু আমাক আগুৱাই যোৱাত সহায় কৰিব। আমি যদি সকলো দিশতে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ চেষ্টা কৰো তেতিয়া আমাৰ মনটোৱে কিবা এটা কৰাৰ বাবে উৎসুক হৈ পৰিব আৰু তাক সমাধা নকৰা পৰ্য্য়ন্ত নতুন চিন্তাৰ আবিৰ্ভাৱ নহয় আৰু এইদৰেই আমাৰ অস্থিৰ মনটোক স্থিৰতা দিবৰ বাবে চেষ্টা কৰিব পাৰো। সেয়ে আমি আমাৰ দৈনন্দিন জীৱনত কৃতজ্ঞতা পত্ৰিকা এখন ৰখাৰ কথা বিবেচনা কৰিব পাৰো আৰু ইয়াৰ পৰা আমাৰ মানসিক শান্তিও পাব পাৰো। সময়ৰ লগে লগে, এই ধৰণৰ দৈনন্দিন অনুশীলনে আমাৰ মস্তিষ্কৰ ভিতৰত ইতিবাচক দিশ বিচাৰিবলৈ চেষ্টা কৰে আৰু সময়ত ই এক সুস্থ প্ৰক্ৰিয়া হৈ পৰে।
ইতিবাচক চিন্তা-চৰ্চ্চা
আমি যিমানে ইতিবাচক চিন্তাধাৰাত জঁপিয়াই পৰো আৰু চাপপূৰ্ণ মুহূৰ্তবোৰত ইতিবাচক বস্তুবিলাক বিচাৰি উলিওৱাৰ অভ্যাস কৰোঁ, আমি সকলোতে সিমানেই ইতিবাচক দেখিম আৰু নেতিবাচক চিন্তাৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হ’ম। এই ক্ষেত্ৰত আমি যদি দুটা পথ হিচাপে চাবলৈ চেষ্টা কৰো, আৰু ভালৰ ওপৰত গুৰুত্ব দি, ইতিবাচক পথটো অনুসৰণ কৰাটো আমাৰ বাবে সিমানেই সহজ হ’ব, অৰ্থাৎ আমি অধিক ইতিবাচক আৰু ভাল ফল পাম। সেই কাৰণে প্ৰতিটো পৰিস্থিতিতে বস্তুবোৰৰ ইতিবাচক দিশত গুৰুত্ব দি আমি কেনেবাকৈ যদি সেই পথেৰে গতি কৰিব পাৰো, যি টোৱে আমাক প্ৰয়োজনীয় দৃষ্টিকোণেৰে বস্তুবোৰ চাবলৈ সহায় কৰিব আৰু আমি পৰিস্থিতিটোৰ পৰা সৰ্বশ্ৰেষ্ঠ ফলাফল পাবলৈ সক্ষম হ’ম ।
নিজকে সক্ৰিয় ৰাখক
আমাৰ মাজৰ কিছুমানে যেতিয়া মানসিক চাপত থাকে বা এক নিবিড়, দাবীপূৰ্ণ আৰু চাপপূৰ্ণ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰে তেতিয়া আমাৰ মনটো প্ৰায়ে মৰহি যোৱাৰ প্ৰৱণতা থাকে। এনে অনুভৱ হয় যেন আমাৰ মনটোৱে চিন্তা-চৰ্চ্চা কৰা বন্ধ কৰি দিছে আৰু ফলত কোনো সিদ্ধান্ত ল’ব নোৱাৰা পৰিস্থিতিৰ সৃস্তি হয়। সেয়ে শাৰীৰিক, আধ্যাত্মিক আৰু মানসিকভাৱে সক্ৰিয় হৈ থকাটো গুৰুত্বপূৰ্ণ, যাতে আমি পৰিস্থিতিটোৰ বিষয়ে কিবা এটা কৰিব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে খোজ কঢ়া, কিতাপ পঢ়া, দৌৰা,গান শুনা,খোৱা বস্তু বনোৱা আদি বিভিন্ন ব্য়ৱস্থাই আমৰ মানসিক চাপৰ পৰিস্থিতিৰ পৰা আমাৰ মনটো আঁতৰাবলৈ সময় পায় আৰু নতুন শক্তিৰে ঘূৰি আহিবলৈ উদ্দিপনা যোগায় ।
বাধ্যতামূলক অহেতুক চিন্তাধাৰা বন্ধ কৰিবলৈ আৰু মানসিক অস্থিৰতা হ্ৰাস কৰিবলৈ, আমি ইয়াৰ সৈতে যুঁজ দিয়াৰ সলনি ইয়াৰ সৈতে সংযুক্ত হৈ নিজকে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ শিকিব লাগিব। এইদৰে আমি আমাৰ উৰণীয়া মনটোৰ পাখী কাটিবলৈ সক্ষম হ’ব পাৰো আৰু জীৱনৰ সকলো ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি মানসিকভাৱে সুস্থ জীৱন প্ৰনালী পৰিচালনা কৰি এটা সুন্দৰ জীৱন পাব পাৰো।
ফোনঃ ৯৮৬৪০১৮৬৬৫
Comments are closed, but trackbacks and pingbacks are open.