মালা দিহিঙীয়া হাজৰিকা
সি একেৰাহে চাই থাকে উদেষ্ণালৈ।
প্ৰথম ক্লাছটোৰ পৰাই সি একেৰাহে তাইলৈ চাই থাকে। তাই জানে। আঁৰ চকুৰে তায়ো চাই তাক। কিবা এটা ভাল লাগে। আগতকৈ অলপ সাজি কাচি আহিবলৈ ভাল লাগে তাইৰ ।
গালখনত অকণ পাওদাৰ লগাবলৈ মন যায়। দেউতাকে নেদেখাকৈ লিপষ্টিক অকণো সানে। দীঘল ক’লা চুলিকোছাৰে চেলা বেণী এডাল গাঁঠি দিবলৈ পেহীয়েক ৰম্যাৰ পিছে পিছে লাগি ফুঁৰে । মূঢ়া এটাত বহি সূতা কাটি থকা পেহীয়েকৰ হাতৰ পৰা টাকুৰীটো আঁতৰাই তাই পীৰা এখন লৈ সন্মুখত বহি দিয়ে। পেহীয়েকে মনৰ হেঁপাহেৰে তাইৰ চেলা বেণীডাল গুঁঠি মাজে মাজে ৰঙা নীলা “চলজাৰ” গুটিবোৰ লগাই দিয়ে। কিমান যে জহ উদেষ্ণাৰ পেহীয়েকে গুঁঠি দিয়া বেণীডালক লৈ !
আনফালে তাইৰ দৰে জাধলী ছোৱালীজনীৰ নিজক লৈ সচেতন হোৱা কথাটো আইতাকৰ চকুত পৰে।
এইখিনি ভয় লগা সময়। তাতে মাক নোহোৱা ছোৱালী । এনেও আগতেই এদিন এই সময়ে দিয়া একুৰা জুই পৰিয়ালটোৱে কঢ়িয়াই ফুৰিছে আজিও। সেয়ে ভয় কৰে আইতাকে।
“তই কলেজত পঢ়িবলৈ গৈছ’ নে ধুন মাৰিবলৈ ঊণা ? পাখি নগজাবি বেছিকৈ।মই চাই আছো।”
আইতাকে দবিয়াই উঠে । উদেষ্ণাৰ চকুহাল সজল হয়। ৰম্যাই বুকুত সামৰি লয় তাইক।
“নতুনকৈ ডাঙৰ হৈছে তাই । তইনো সব কথাতে কিয় চিঞৰি থাক’ আই ?” ।উদেষ্ণা ওলাই যোৱাৰ পিছত ৰম্যাই কয়। তাইৰ কথাত মনে মনে থাকে তেওঁ । খং উঠে বহুত। কৈ দিবলৈ মন যায়, ” তই কৰা ভুলৰ পৰা আমি উদ্ধাৰ নাপালোঁ কোনোদিনেই ।এতিয়া ঊণাই একে ভুলকেই কৰাটো নিবিচাৰো। সেই সময় আকৌ ঘূৰি আহিব বুলি ভয় খাওঁ “। তেওঁ নকয়। ভগা কলিজাবোৰ ভাঙি দিয়া নাযায়। ৰম্যা যে জীয়াই থাকিল সেইটো ডাঙৰ কথা তেওঁলোকৰ বাবে।
ঊণা ওলাই যোৱাৰ পিছত তাঁতৰ শালত বহি লয় ৰম্যা। তাই জানে মাকজনীয়ে কিয় এনেকুৱা কৰে। মাকৰ দোষ নাই। দোষ ঊণাৰো নাই। দোষ তাইৰ। তাইও তেতিয়া ইমানজনীয়েই আছিল। গাঁৱৰ ছোৱালী স্কুলখনতে পঢ়ি মেট্ৰিক পাছ কৰাৰ পিছত কলেজত পঢ়িবলৈ মন মেলিছিল। মৰমৰ জীয়েকক দেউতাকে সেই সুবিধা কৰি দিছিল ।তেতিয়া অকল চাকৰি কৰা দেউতাকৰ জীয়েকবোৰেহে কলেজত পঢ়িবলৈ যায়। তাইৰ দেউতাকে খেতিহে কৰিছিল। তথাপিও তাইৰ ইচ্ছাক সন্মান জনাই তাইক কলেজত পঢ়িবলৈ পঠিয়াইছিল। চুবুৰীয়াই তাইৰ দেউতাকক কথা শুনাইছিল বোলে “দেখাক দেখি কুকুৰেও পাতে একাদশী”। দেউতাকে হাঁহিছিল। “কিনো ফালিব পঢ়ি শুনি । এনেও এঘৰত গৈ গেবাৰিয়েই খাটিব লাগিব। তাতে তাইৰ দৰে এজনীৰ কাৰণে যে এঘৰ সতকাই ওলাব সেইটোও ক’ব নোৱাৰি”।কথাবোৰে বিন্ধিছিল তাইক। বুকুৰ বিষ, মনৰ আঘাত লুকুৱাই মাক দেউতাক আৰু ককায়েকে সাহস দিছিল। সেই সাহসতে সকলোবোৰ আওকাণ কৰি কলেজত পঢ়িবলৈ গৈছিল ৰম্যা।
কলেজৰ পৰা ওলাওঁতে সোমাওঁতে এহাল চকুৱে পিছা কৰিছিল ৰম্যাক অনবৰতে। জোখতকৈ বেছি শকত ক’লী ছোৱালীজনীক মাক দেউতাক আৰু ককায়েকৰ বাহিৰে প্ৰথমবাৰৰ বাবে আৰু এহাল চকুৰে ৰ’ লাগি চাইছিল। তায়ো আঁৰ চকুৰে চাইছিল ।কেতিয়াবা চকুৱে চকুৱে পৰি তাই চকুহাল আঁতৰাব নোৱাৰাকৈ আঠা লাগি ধৰিছিল। কেতিয়াবা লগৰ জোনাকীক খুঁচি আছিল,
: অই জোনা, চা না , চাচোন সি চাইছেনে নাই?
জোনাকীৰ খঙ উঠিছিল। কেতিয়াবা গেঙেৰি একোটাও দিছিল। দিন বাগৰিছিল ।লাজ লাজকৈ তাইৰ বুকুত সেই চকুহালে ঘৰ কৰিছিল।
এদিন সি আহিছিল ৰম্যাহঁতৰ ঘৰলৈ। ঘৰখন পোহৰ হৈছিল। তাই জনাইছিল এটাই আনটোক চাই থকাৰ কথা। লাহে লাহে কথাটো ইকাণ সিকাণ বাগৰিছিল আৰু তেনেতে এদিন তাইৰ লগৰ জোনাকীৰ লগত সি বিয়া পাতিছিল। তাই থৰ লাগিছিল আৰু গোটেই চুবুৰীটোৰ মানুহবোৰ যেন সিদিনা সিহঁতৰ পদূলি মুখেদি সঘনাই অহা যোৱা কৰিছিল।
“বাওনা হৈ চন্দ্ৰলৈ হাত মেলে”।
“ক’লী ভেঁচে আকৌ বগা বলধত চকু দিয়ে “।
উফ্! সেইবোৰ শব্দ নহয় যে এটুকুৰা জলন্ত অগ্নিপিণ্ড। যি বুকুৰ ভিতৰখন লুৰুকি পেলাইছিল। সুহুৰিবোৰে, ইতিকিং বোৰে ঘৰখন কোঙা কৰাৰ দিনবোৰতে ককায়েকে প্ৰথমবাৰৰ বাবে চৰ এটা মাৰিছিল তাইক। তাইৰ ভুল হোৱা নাছিল।সঁচাকৈয়ে সি তাইৰ চকুলৈ চাইছিল। তেনে কি হ’ল ?
ক’ত ভুল হ’ল?
সি তাইক কেনেকৈ ঠগিলে ? নে জোনাকীয়ে ! প্ৰিয় বান্ধৱী জোনাকী !
অৱশ্যে এই প্ৰশ্নৰ উত্তৰ বিচৰা নাছিল ৰম্যাই কাকো। কিন্তু বুকুত বহি ৰোৱা চকুহালৰ ঠাই কেতিয়াও বেলেগক নিদিয়াৰ প্ৰতিশ্ৰুতি দিছিল নিজক।
দিন বাগৰিছিল।
কেইবাবছৰৰ মূৰত ৰম্যা অকণমান মুকলি হৈছিল। ককায়েকৰ বিয়াৰ বাবে গামোচা দুখনমান লগাবলৈ মন মেলিছিল। মাক দেউতাক আৰু ককায়েকে যেন উশাহবোৰহে নিজাকৈ পাইছিল। তাই সিদিনা পকোৱা সূতাৰ মুঠি কেইটা লৈ দোকানখনৰ পৰা ওলাই আহিছিলহে পোনেই। খৰখোজেৰে সোমাই অহা মানুহ এটাৰ গাত খুন্দা লাগি হাতৰ পৰা পৰি গৈছিল সূতাৰ টোপোলাটো। তাই মূৰ দাঙি চাই থৰ লাগিছিল। বুকুত যেন এজাক প্ৰচণ্ড বা মাৰলী। তাইৰ গাল দুখন ,কাণ দুখন ভমভমাই ভৰিহাল কঁপি উঠিছিল। সি মাত লগাইছিল ,”ৰম্যা”!
আস্ ! তাইৰেই নাম নে সেইটো! যেন এইমাত্ৰ ফুলি উঠা এপাহি পাৰিজাত। তাই মূৰ তুলি চাইছিল। চকুহালত যেন একুৰা জুই। কঁপা কঁপা ওঁঠযুৰিত শেষ নোহোৱা কথাই ভৰ কৰিছিল তাৰ।
“কিয় এনে হ’ল জানিব নোখোজা নে ৰম্যা ? “
কোনো সাগৰৰ অতল তলিৰ পৰা যেন বৰ কষ্টৰে উঠি আহিছে মাতষাৰ। এইবাৰ তাৰ দুচকুত ভালপোৱাৰ সমস্ত আকুলতা। তাইৰ দুচকুতো ভালপোৱাৰ দুফোট সজলতা। এইয়া পুৰুষ নাৰী উভয়ৰে ভয়লগা দুৰ্বলতা। যি পুৰুষ নাৰী উভয়ে চিনে। সি তাইৰ হাতখন নিজৰ হাতত লৈ ক’লে, “অকণমান সময় দিবা নে মোক তোমাৰ? শুনিবানে মই কি চক্ৰবেহুৰ পৰা ওলাব নোৱাৰিলো? জোনাকী…”।
সি হাতখনত ধৰোঁতেই ৰম্যাৰ হাতৰ পৰা সৰি পৰিছিল সূতাৰ টোপোলাটো। ৰম্যাৰ বুকুত এক অচিন সুৰে এহেজাৰ ঘোঁৰা হৈ দৌৰিছিল। এক ভাললগা, এক ভয়লগা মিশ্ৰিত অনুভৱে ৰৈ ৰৈ জোকাৰিছিল তাইক। কিন্তু ঠিক সেই মুহূৰ্ততে সিহঁতৰ কাষেদি পাৰ হৈ যোৱা ট্ৰাকখনৰ হৰ্ণটোৱে তাইক যেন এখন স্বপ্নৰ , নহয় নহয় ভ্ৰমৰ পৃথিৱীৰ পৰা ঘূৰাই আনিছিল। তাই এপলক তালৈ চাই খপজপাই সূতাৰ টোপোলাটো বুটলি লৈ তাৰ কাষৰ পৰা আঁতৰি আহিছিল এবাৰো ঘূৰি নোচোৱাকৈ। কিন্তু বুকুত লৈ আহিছিল জীৱনৰ প্ৰতি দুৰ্বাৰ স্পৃহা।
তাই ভুল নাছিল। ভুল তাৰো নাছিল। হয়তো জোনাকীৰো। কিন্তু ৰম্যাই তাৰ চকুত সিদিনা নিজৰ প্ৰতি যি ভালপোৱা দেখিছিল সেই ভালপোৱাই তাইক সলাই পেলাইছিল। তাই হাঁহিবলৈ শিকিছিল। ভালপোৱা আছিল। তাইৰ সেই অনুভৱ ভুল নাছিল। কিন্তু ক’ৰবাত কিবা এটা শুধৰাব নোৱৰা ছন্দপতন ঘটিল। সেয়ে তাই তাৰ কথা নুশুনিলে। তাই ভাবিলে , জোনাকীৰ কথা শুনি তাই কি কৰিব ! তাৰ দুৰ্বলতাক তাই কিয় প্ৰশয় দিব ! এতিয়া দুটি সন্তানৰ সৈতে জোনাকীৰ এখন সুখী সংসাৰ আছে। থাকক। সুখী হওক তেনেকৈয়ে সিহঁত। তাৰপিছত যে তাইৰ নিজৰো সুখী হোৱাৰ অজুহাত এটা পাইছিল …।
” পী , কি হাঁহি আছ’ অকলে অকলে? আইটি ক’ত গ’ল ? আৰু দ’দ’ ! বাবা তো নায়েই তঁহতকে কথা এটা ক’বলৈ আছে …” ।
ঊণাই একেবাৰে কাষলৈ আহি গাটোত ধৰি জোকাৰি দিয়াতহে থতমত খাই উঠিল ৰম্যা। তাই ঊণালৈ চালে। চকুৰ আগতে যে ইমান বছৰ বাগৰি গ’ল ! তাইক জন্ম দিয়েই নোহোৱা হোৱা বৌৱেকজনীৰ শেঁতা আকুল চকুহাল আজিও যেন ৰম্যাৰ চকুৰ আগতে আছে। তাৰপিছত ককায়েকক সবেই কিমান জোৰ দিলে বিয়া পাতিবলৈ। নাই ! সি কাণসাৰেই নকৰিলে। আইতাক আৰু পেহীয়েকৰ আদৰতে ডাঙৰ হৈ এধানমানি ঊণাজনী এতিয়া বিশ বছৰীয়া হ’ল। ৰম্যাই কৃত্ৰিম খং দেখুৱাই ঊণালৈ চাই ক’লে,
: উফ্ ! এইজনী ! কিয় জোকাৰি দিছ’ এনেকৈ ?
: নোজোকাৰি কি কৰিম ? অথনিৰে পৰা মাতি আছোঁ তইহে নাইশুনা। অকলে অকলে যে মিচমিচাই হাঁহি আছিলি ! কি কথা ভাবি আছিলি ক’চোন পী ?
তাই শেষৰ কথাকেইটা সুধোতে ডিঙিতে পাকমাৰি ধৰি লেনিয়াই
: ধেই , একো নাই অ। কিবা এটা মনত পৰিছিল আৰু ।
তেতিয়াও ৰম্যাৰ ওঁঠত হাঁহিটো লাগিয়েই আছিল। তাই ভতিজাকৰ গৰমত ৰঙা হৈ অহা গালদুখনলৈ চাই কপালত পৰি ঘামত তিতি থকা মিহি চুলিকেইডাল আঁতৰাই ক’লে,
: ক’বি বাৰু, যা আগতে কাপোৰ সলাই হাত মুখ ধুই আহ । সৰু ছোৱালী নেকি তই সদায় সদায় একেটা কথা ক’ব লাগে যে! কাইলৈ পৰহিলৈ এঘৰলৈ উলিয়াই দিবৰ হ’ল। যা, মই তোলৈ খোৱাৰ যোগাৰ কৰোঁ। খাই বৈ ল’ ।তেতিয়ালৈ আই পিতাইও আহি পাবহি।
ৰম্যাই লাহেকৈ উঠি আহিল তাঁতশালৰ পৰা। পিছে পিছে ঊণা । ” জাননে পী, কলেজত ল’ৰা এটাই মোক ভালপাওঁ বুলি কৈছে তাৰ নাম অনন্ত । মোৰো ভাল লাগে তাক। বহুদিনৰ পৰাই আমি ইটোৱে সিটোক চাই থাকোঁ। আজি সি মোক প্ৰ’পজ কৰিলে পী। মই কি ক’লো জান?”।
ৰম্যাৰ বুকুখন ধককৈ মাৰিল। “আজিৰ দিনটো চাগে এনেকৈ বুকুৱে ধান বানিয়েই পাৰ হ’ব”। তাই নিজকে ক’লে। আঁৰ চকুৰে ক্ষন্তেকতে ডাঙৰজনী হৈ পৰা ঊণালৈ চাই তাইৰ চকুহাল সজল হ’ল। এইজনী ঘৰখনৰ উশাহ, ঘৰখনৰ হেঁপাহ, মানুহকেইটাক একেলগে বান্ধি থোৱা, থিয় কৰি থোৱা এডাল নেদেখা জৰী। এদিনতো এই এইখন ঘৰ এৰি যাবগৈ ! তেতিয়া বাৰু কেনেকৈ জীয়াই থাকিব সিহঁত ! এইবাৰ বুকুৰ ধপধপনিটো কিন্তু অলপ বেলেগ। ৰম্যাৰ হঠাতে কেনেবা লাগি গ’ল মনটো। তথাপি সেই কেনেবাখিনি একাষৰীয়াকৈ থৈ তাই সুধিলে,
: কি ক’লিনো তই ?
: মই তাক কৈ দিলোঁ, এতিয়া এইবোৰ কথা নাপাতো। ভালপোৱা যদি সঁচাই আছে মোলৈ তেনে সদায়েই থাকিব। আগতে ডাঙৰ হোৱা।
তুমিও নিজৰ ভৰিত থিয় দিয়া আৰু ময়ো। তাৰপিছত তুমি আমাৰ ঘৰলৈ যাবা আৰু মই যাম তোমালোকৰ ঘৰলৈ। আৰু সি একেআষাৰেই মান্তি হ’ল পী। এইটো কথাকে মই তঁহত সবৰে আগত ক’ম বুলিছিলো। কিন্তু ৰৈ থাকিবই নোৱাৰিলো। মই ভুল ক’লো নেকি পী ? আইটিয়ে খং কৰিব নেকি বাৰু ?
লাহে লাহে চেলা বেণীডাল খুলি খুলি পৰম আকুলতাৰে তাইলৈ চাই থকা ছোৱালীকণক কি উত্তৰ দিয়ে তাই ! তাই জানে ,মাকে এইটো কথা সহজভাবে নল’ব। কি বা হুলস্থূল কৰে তেওঁ! তাৰপৰা যদি এইৰ বিশ্বাসত আঘাত লাগে ! সৰুৰে পৰাই ৰম্যাই ঊণাক এক বিশ্বাস দিছে। এক অভয় দিছে। যি তাইক সঁচা ক’বলৈ সহায় কৰে। সৎ হ’বলৈ শিকাইছে। কিন্তু মাকে ভয় কৰে। তেওঁ ভয় কৰাটো স্বাভাৱিক । সেইবুলিয়েই…।
ৰম্যাই পাকঘৰৰ পিৰালিতে পীৰা দুখন ওপৰা ওপৰিকৈ পাৰি তাতে বহি তলতে এখন পীৰাত ঊণাক বহুৱাই বেণীডাল খুলি খুলি অপাৰ মমতাৰে ক’লে,
: এতিয়াই আইটিক ক’ব নালাগে ঊণা। তই ডাঙৰ হৈছে। ভাল বেয়া, শুদ্ধ অশুদ্ধ বিচাৰ কৰিব পৰা হৈছ’। জীৱনৰ সিদ্ধান্ত এনেকৈ লৈছ’ যেতিয়া নিজৰ সিদ্ধান্তত অটল থাকিবি। মই আছোঁ ।আমি আছোঁ দেই সদায়েই।
ঊণাই পেহীয়েকৰ গাতে ভেজা দি বুকুত মূৰটো পেলাই দিলে এক অনন্য মমতাৰ আশ্বাসত। তাই পেহীয়েকৰ সকলো কথাই জানে। সঁচা ভালপোৱা যে সদায়েই বুকুতে থাকে সেই কথাটো তাই পেহীয়েকৰ পৰাই শিকিছে। ঊণাৰ ওঁঠত চিন নিচিন হাঁহিৰ ৰেশ।
ৰম্যাৰ সজল চকুহালে আবেলিৰ হেঙুলীয়াই আৱৰি থকা আকাশখনত শেঁতা পৰা আকুল চকু এহাল বিচাৰি বিৰবিৰাই উঠিল, ” মোৰ সামৰ্থ্যৰে মই ঊণাক আৱৰি থাকিম নবৌ। অদেখা শক্তিৰ পৰা লগাখিনি তুমি দিয়া যেন তাইক”। ৰম্যাই জানে ভালপোৱাৰ বাট ইমানো সহজ নহয়। ঊণাক অসহজ বাটেৰে আগুৱাই যোৱাৰ অন্তহীন শক্তি লাগে।
আবেলিটো চঞ্চল কৰি হঠাতে বতাহ এজাক বলিল। পলকতে আহি ঊণাৰ খেলিমেলি কৰি থৈ যোৱা চুলিকোছা ৰম্যাই পাক এটা মাৰি খোপা এটা বান্ধি দিলে।
: উফ্ ! এই আখৰুৱা বতাহজাক !
ৰম্যাই ভোৰভোৰাই উঠিল। কেতিয়াবা পৰিস্থিতি এটা সলাবলৈ ভোৰভোৰাই উঠিবলৈও এটা অজুহাত লাগে।
ফোন : ৯৯৫৪৪১৯৮৭১
Comments are closed, but trackbacks and pingbacks are open.