পৰোঁ যদি বাগৰি উজুটিত, বন্ধু ধৰিবা তুমি

স্বপ্না দাস

(১)

“ঐ কৰবী আহিছে গুৱাহাটীৰ পৰা ।”
“কি ক !”
“অ, চানডে’ লগ লাগিম হা গোটেইকেইটা।”
না কৰাৰ কথাই নাহে। নিৰ্দিষ্ট সময়ত গোটেইমখা লগ লাগো। আৰম্ভ হৈ যায় আড্ডা। অনৰ্গল কথা আৰু হাঁহিৰ খিলিকনি; মাজে মাজে স্নেকছ-চাহ আৰু চুপটি…।

(২)

“আমি এটা কাম কৰিব পাৰোঁচোন।”
হঠাতে কবিতাই ক’লে। আমি আটায়ে ‘কি’ বুলি উৎসুকতাৰে সুধিলো। লগে লগে কবিতাই আগবঢ়ালে প্ৰস্তাৱটো। ‘আমাৰ আটাইৰে জন্মদিনত ইটোৱে সিটোক কিতাপ উপহাৰ দিম।’ অলপো পলম নকৰাকৈ আটায়ে হয়ভৰ দিলোঁ প্ৰস্তাৱটোত।
“স্বপ্নাই লিখা-মেলা কৰ; মিনু কিতাপৰ পোক। গতিকে আমি কোনোবাই ঠিৰাং কৰিব নোৱাৰিলে কিতাপ চয়চ কৰি দিয়াৰ দায়িত্ব তহঁতৰ।”
তাৰ ঠিক পিছতেই কল্পনাই কথাষাৰ কোৱাৰ লগে লগেই আটাইৰে হাত চাপৰিত ৰজনজনাই গ’ল চৌপাশ । না কৰোঁনো কেনেকৈ!

(৩)

“ঐ তাক চালেই গম পায় । বেয়া নহয় চাগে’।”
“বহুত বেছি ভাল। বহুত কেয়াৰিং। তামাম ম’টিভেট কৰে।”
“মোক কথা পতাই নিদিয় ?”
“দিম ৰ।”
“ড’ণ্ট ৱ’ৰী, মোৰ পৰা…।”
“হ’ব হ’ব নক’লেও জানো। আডাৰৱাইজ আমি জানো ভাল ফ্ৰেণ্ড হ’ব পাৰোঁ।”
নিশাৰ নিস্তব্ধতা ফালি কবিতা আৰু মোৰ— আমি দুই বান্ধৱীৰ হাঁহিত মুখৰ হৈ পৰিল কোঠালিটো। একেখিনি সময়তে লাউডস্পীকাৰত বাজি উঠিল সিফালৰ ফোনটোৰ কলাৰ-টিউন— “আধা তেৰা ইশ্ক…।”

….কলেজীয়া জীৱনত আমি খুব ভাল বান্ধৱী আছিলোঁ। আন্তৰিকতা অক্ষুণ্ণ যদিও পিছত জীৱন বাটৰ যাত্ৰাৰ বিভিন্ন কাৰণত আমাৰ সেই বাটটোৰ ষ্টপেজবোৰ পৃথক হৈ পৰিছিল। হঠাৎ চ’ছিয়েল মিডিয়াত ইটোৱে সিটোক পুনৰ লগ পালোঁ। এজনী দুজনীকৈ পুনৰ আমি আটায়ে লগ পালোঁ। আকৌ একেটা অদৃশ্য ষ্টপেজতে আমি গোট খালোঁ— কবিতা, কল্পনা, মিনু, ৰুমী, কৰবী, নিভা, ডেইজী, ডিম্পা, সীমা, সংগীতা, ফুনু আৰু দীপ্তি। সান্নিধ্য বাঢ়ি আহিল। কথা বাঢ়ি আহিল। পাৰ্টি, মস্তি, পিকনিক…। চিনেমা, কিতাপ, জীৱন…। কিৰিলি, চুপটি, দুষ্টালি, ধিটিঙালিৰে আকৌ মুখৰ হৈ পৰিলোঁ আমি। তাহানিৰ দৰে পুনৰ ৰহীয়া হ’ল আমাৰ সময়। শ্বেয়াৰ, কেয়াৰ, ইনস্পাইৰেশ্যনত আকৌ জীপাল জীৱন। সৰু সৰু সুখবোৰ ভগাই ল’লোঁ আকৌ। টুকুৰা-টুকুৰ হাঁহিবোৰ একগোট হ’ল আকৌ। দুখত? যিয়েই য’তেই যেনেকৈ নাথাকক; সুখ-দুখে আমাৰ নিচিঙা এনাজৰী, ঠিক হোৱাটছএপ গ্ৰুপটোৰ নামৰ দৰেই— ‘ফ্ৰেণ্ডছ ফৰএভাৰ’।

এয়া যে বন্ধুত্ব! আমাৰ বা আপোনালোকৰ যাৰেই নহওক, প্ৰকৃত বন্ধুত্ব যে এনেকুৱাই! বন্ধু বন্ধুৰ দৰেই, যাক একোৰে তুলনা কৰিব নোৱাৰি। বন্ধুত্ব অনন্য– যাৰ শক্তি অমোঘ। এটি আৱেগিক আন্তৰিক সম্পৰ্ক– যি তেজৰ নহয়, নহয় জন্মসূত্ৰে পোৱা– সেই সম্পৰ্কৰে নাম ‘বন্ধুত্ব’। যি সম্পর্কক সংজ্ঞায়িত কৰিব নোৱাৰি, যাৰ বিশালতাক শব্দৰ গাঁঠনিৰে বান্ধিব নোৱাৰি– সেয়াই বন্ধু। বন্ধু যেন বিশুদ্ধ অম্লজানহে, যাৰ সংগত সজীৱ হৈ পৰে মন; কৰ্মঠ হৈ উঠে শৰীৰ আৰু আত্মা। ডেউকা কোবাই নীলিম আকাশত উৰোঁ উৰোঁ মন, হৃদয়ত গজি উঠা সেউজীয়া উছাহবোৰ চৌদিশে সিঁচি দিয়াৰ নামেই বন্ধুত্ব। বন্ধুত্ব নামৰ সম্পৰ্কটোত বান্ধিবলৈ প্ৰয়োজন হোৱা সূতাডাল আৰু তাৰ প্ৰতিটো গাঁঠিত আমি সকলোৱে নিজৰ ইচ্ছা আৰু পচন্দ-অপচন্দক সমানেই অগ্ৰাধিকাৰ দিব পাৰোঁ। সাধাৰণতে আমি বেছিভাগ সম্পৰ্ক আমাৰ জন্মসূত্ৰেই পাওঁ। তাৰ মাজত বন্ধুত্বই এনে এক সম্পর্ক, যিটো আমাৰ অন্তৰাত্মা নিৰ্বাচিত জীৱনৰ এক অতুল্য অধ্যায়। বন্ধুত্ব স্থাপনত আছে আমাৰ স্বাধীনতা। পৃথিৱীৰ আটাইতকৈ সমাজপ্ৰিয় প্ৰাণীৰ অন্যতম বাবেই মানুহে তেজৰ সম্পৰ্কৰ বাহিৰেও আন সম্পৰ্ক স্থাপন কৰি, মানুহ মানুহৰ সৈতে আন্তৰিকভাৱে সংযুক্ত হয়; হৈ ভাল পায়। এয়া মানুহৰ স্বভাৱজাত বৈশিষ্ট্য। তেনে স্বভাৱজাত বৈশিষ্ট্যৰে এক অনবদ্য সৃজন বন্ধুত্ব।

“One loyal friend is worth ten thousand relatives.”—Euripides

বন্ধুত্ব এনে এক মহান সম্পৰ্ক— য’ত জাতি-ধৰ্ম, উচ্চ- নীচ, শিক্ষিত- অশিক্ষিত, ধনী- দুখীয়া, সবল-দুৰ্বল একোৰেই প্ৰভাৱ মুঠেও নপৰে। সেয়েহে ক’ব পাৰি যে বন্ধুত্ব হৃদয়ৰ এক অকৃত্ৰিম অনুভৱ । উদাহৰণ স্বৰূপে কৃষ্ণ-সুদামা আৰু কৰ্ণ-দুৰ্যোধনৰ বন্ধুত্বৰ প্ৰসংগকেই উনুকিয়াব পাৰি। আমাৰ চৌপাশে জন্মসূত্ৰে পোৱা অনেক সম্পৰ্কীয় লোক— তাৰ পিছতো নিঃসংকোচে যাক হৃদয়ৰ কথা ক’ব পাৰি, যিগৰাকীয়ে আগ্ৰহেৰে আমাৰ প্ৰতিটো কথা আন্তৰিকতাৰে আৰু সসন্মানে শুনে— তেৱেঁই বন্ধু। প্ৰাণ খুলি হাঁহিবলৈ হৃদয়ে যাৰ সান্নিধ্য বিচাৰে— সেয়াই বন্ধুত্ব। বহুদিন ফোন বা মেচেজত কোনো খবৰ-বাতৰি নাপাই ‘মোৰনো খবৰ লৈছেনে’ বুলি অভিমান নকৰি পোনছাটেই ফোন কৰি বা ঘৰ ওলাই খবৰ জনাৰ আন্তৰিক ইচ্ছা প্ৰকাশ কৰা গৰাকী নতুবা সকলোৱে আপোনজনৰ কৃতকাৰ্যতাত শুভেচ্ছা জনোৱাৰ সময়ত খবৰটো একেবাৰেই গম নোপোৱা বুলি নিশ্চিত হৈ খং কৰাৰ পৰিৱৰ্তে নিজেই সেই সুবার্তা জনোৱাগৰাকী অথবা মন ভাল নলগা সময়ত যাৰ সান্নিধ্যত মন ভাল লাগিব বুলি নিশ্চিত হয় তেনে লোকবোৰেইচোন বন্ধুত্বৰ শ্ৰেষ্ঠ উদাহৰণ।

বন্ধুত্বৰ অনাবিল আন্তৰিকতাত জীপাল হৈ পৰা জীৱনৰ সৰু-বৰ অধ্যায়বোৰৰ অন্তহীন কথা লিখি জানো শেষ কৰিব পাৰি ! বন্ধুহীন জীৱন মানেই যেন ৰংহীন জীৱন; নিৰস জীৱন। বন্ধুবিহীন ব্যক্তি সম্ভৱতঃ পৃথিৱীত এগৰাকীও নোলাব। জীৱনৰ অৰ্থ আৰু মাদকতা উপলব্ধি কৰিবলৈ জীৱনত প্ৰকৃত বন্ধুৰ নিতান্তই প্ৰয়োজন আছে। বন্ধুত্বৰ সান্নিধ্যত জীপাল লোকে জীৱন কেৱল যাপন নকৰে; যাপনৰ সমানেই উদযাপনো কৰে। ধন্য হয় তেনে জীৱন, যাৰ জীৱনত প্ৰকৃত বন্ধু ছায়াটোৰ দৰেই থাকে ।

***

সম্পৰ্ক এটাৰ গভীৰতাক বুজাবলৈ নিৰ্দিষ্ট এটা দিনৰ প্ৰয়োজন আছে জানো? এটা দিৱসে সম্পৰ্কৰ বান্ধোন কটকটীয়া কৰিব পাৰেনে ? বিভিন্ন দিৱস প্ৰসংগত তেনে প্ৰশ্ন হয়তো আমাৰ বহুতৰে মনলৈ আহে। এইক্ষেত্ৰত সদৰ্থক চিন্তাৰে এনেদৰেও ভাবিব পৰা যায় যে একোটা বিশেষ দিনত সম্পৰ্ক একোটাৰ মধুৰতা উদযাপনৰ জড়িয়তে আৰু অধিক জীপাল আৰু টনকিয়াল হৈ পৰে। ঠিক তেনে কাৰণতেই হয়তো বন্ধুত্বৰ সম্পৰ্কৰ গভীৰতা উপলব্ধি কৰি বন্ধুৰ বাবেও এটা বিশেষ দিন নিৰ্ধাৰণ কৰি বন্ধুৰ নামত উৎসৰ্গিত কৰাৰ ধাৰণাটো পোনপ্ৰথমে ১৯৩০ চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েচ হলৰ মনলৈ আহিছিল। অৱশ্যে ২ আগষ্টক বন্ধুৰ বাবে এটি দিন হিচাপে নিৰ্ধাৰণ কৰা জয়েছ হলৰ এইটো এটা হলমাৰ্ক কাৰ্ডৰ বিপণন কৌশলো আছিল। বন্ধুত্ব দিৱসৰ দিনা হলমাৰ্ক কাৰ্ড বিনিময়েৰে বন্ধুক শুভেচ্ছা জনোৱাৰ ফলত হলমাৰ্ক কাৰ্ডৰ চাহিদা আৰু অধিক বিক্ৰীযেই আছিল জয়েছ হলৰ মুখ্য উদ্দেশ্য। কিন্তু এই কৌশল বৰ বেছি দিনলৈ মানুহৰ প্রিয় হৈ নাথাকিল। যি কি নহওক, বৰ্তমান সময়ত আমাৰ দেশে পালন কৰা বন্ধুত্ব দিৱসৰ উৎপত্তি স্থান হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ১৯৩৫ চনত আমেৰিকান কংগ্ৰেছে বন্ধুৰ সন্মানত এটা দিন উদযাপন কৰাৰ সিদ্ধান্ত লয়। বন্ধুত্ব দিৱস উদযাপনৰ সঠিক কাৰণ জনা নাযায় যদিও প্ৰথম বিশ্বযুদ্ধৰ বিধ্বংসী প্ৰভাৱৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল হেনো । এই অনুষ্ঠানটোক বিশ্ব বন্ধুত্বৰ সুদৃঢ় সম্পৰ্কৰ জড়িয়তে বিভিন্ন দেশৰ মানুহৰ মাজত থকা অনাস্থা, ঘৃণা আৰু শত্ৰুতা বিলুপ্ত কৰিব পৰাৰ এক অনন্য প্ৰচেষ্টা হিচাপে ধৰা হৈছিল। সেই উদ্দেশ্যক সাফল্যমণ্ডিত কৰিবলৈ আমেৰিকান কংগ্ৰেছে আগষ্ট মাহৰ প্ৰথম দেওবাৰক বন্ধুত্ব দিৱস হিচাপে পালন কৰাৰ আনুষ্ঠানিক ঘোষণাৰ জড়িয়তে দিৱসটোৰ উদযাপন কৰিছিল, যিটো ১৯৩৫ চনত বন্ধুত্বক সন্মান জনোৱাৰ বাবে বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হৈছিল। পিছলৈ আন দেশেও এই উদযাপনত যোগদান কৰে আৰু পৃথিৱীৰ আন আন দেশতো বন্ধুত্ব দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰে।

আনহাতে, বন্ধুত্বৰ জড়িয়তে শান্তিময় সংস্কৃতি গঢ়ি তোলাৰ বাবে অভিযান চলোৱা আন্তঃৰাষ্ট্ৰীয় নাগৰিক সংগঠন বিশ্ব বন্ধুত্ব ক্ৰুছেডে ১৯৫৮ চনৰ ৩০ জুলাইত প্ৰথম বিশ্ব বন্ধুত্ব দিৱসৰ প্ৰস্তাৱ আগবঢ়াইছিল বুলি জনা যায়।তাৰ পিছত ১৯৯৮ চনত ৱিনি দ্য পুহক ৰাষ্ট্ৰসংঘত বিশ্বৰ বন্ধুত্বৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰা হয়। বহু বছৰৰ পাছত ২০১১ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৩০ জুলাইক আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে যদিও ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, মালয়েছিয়াকে ধৰি বিশ্বৰ বেছিভাগ দেশেই আগষ্ট মাহৰ প্ৰথম দেওবাৰে ৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস উদযাপন কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস আকৌ ৩০ জুলাইতহে উদযাপিত হয় কিছুমান দেশত। ইয়াৰোপৰি বিশ্বৰ বিভিন্ন প্ৰান্তত সুকীয়াকৈ উদযাপিত হয় বন্ধুত্ব দিৱস। মেক্সিকো, ফিনলেণ্ড, ভেনিজুৱেলা, ইষ্ট’নিয়া, ড’মিনান গণৰাজ্য আদিকে ধৰি কেইবাখনো ৰাষ্ট্ৰত ১৪ ফেব্ৰুৱাৰীত বন্ধুত্ব দিৱস পালনৰ বিপৰীতে দক্ষিণ আফ্ৰিকাত ১৬ এপ্ৰিলত, ইউক্ৰেইনত ৯ জুনত, পাকিস্তানত ১৯ জুলাইত, স্পেইনত ২০ জুলাইৰ বিপৰীতে কলম্বিয়াত আক’ মাৰ্চ মাহৰ দ্বিতীয় শনিবাৰে পালন কৰা হয় ৰাষ্ট্রীয় বন্ধুত্ব দিৱস। মুঠতে বিশ্বজুৰি বন্ধুত্ব দিৱস পালনৰ তাৰিখ ভিন্ন হ’লেও পিছে বন্ধুত্ব দিৱসৰ উদ্দেশ্য একেটাই সকলোতে। আন্তৰিক কথোপকথন, প্ৰাণ খোলা হাঁহি, হৃদয় জুৰোৱা ধেমালিৰ মাজেৰে মৰম আৰু উপহাৰ বিনিময়েৰে বহুমূলীয়া বন্ধুত্বৰ কৃতজ্ঞতা স্বীকাৰ, গভীৰতা প্ৰকাশ নাইবা সম্পৰ্কক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যেই এনে এটা বিশেষ দিৱসৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে; থাকিবও।

***

“One best book is equal to hundred good friends but one good friend is equal to a library.” —APJ Abdul Kalam.

বন্ধুত্ব হৈছে আমাৰ জীৱনত এক বিশেষ স্থান দখল কৰা সুন্দৰ আত্মিক বন্ধন। সেয়েহে বৰেণ্য ব্যক্তিসকলৰ কোনোবাই যদি বন্ধুক এটুকুৰা হীৰা বুলি কৈছে, আন কোনোৱে আকৌ আকাশৰ নীলিমাত জিলিকি থকা তৰা বুলি বন্ধুক অভিহিত কৰিছে। ঠিক একেদৰে বন্ধুত্ব দিৱসৰ সৈতেও জড়িত হৈ আছে অনেক ৰোমাঞ্চকৰ কথা । তেনে কেইটামান ৰোমাঞ্চকৰ গাঁথা জানিবৰ মন গৈছেচোন এই মুহূৰ্তত।

# ১৯৬৯ চনৰ ২০ জুলাইত চন্দ্ৰত অৱতৰণ কৰা প্ৰথম মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিনৰ অভিযানক মানৱ জাতিৰ বাবে এক বিশাল সফলতা বুলি উল্লেখ কৰি আৰ্জেণ্টিনাত প্ৰতি বছৰে ২০ জুলাইত বন্ধুত্ব দিৱস পালন কৰা হয়।

# আচৰিত যেন লাগিলেও সত্য যে ১৯৯৭ চনত নেদাৰলেণ্ডত ৪৯ ফুটতকৈও অধিক ওখ বিশ্বৰ আটাইতকৈ ডাঙৰ শুভেচ্ছা কাৰ্ড প্ৰস্তুত কৰি বন্ধুত্ব দিৱস উদযাপন কৰা হৈছিল।

# কিছুমান দেশত বন্ধুত্ব দিৱসত পেৰেড অনুষ্ঠিত কৰা হয়, য’ত বন্ধুসকলে একেলগে সমদল উলিয়াই নিজৰ সতীৰ্থতা আৰু সংহতি প্ৰদৰ্শন কৰে।

# নেপালত আক’ আগষ্ট মাহৰ পূৰ্ণিমাৰ দিনা অৰ্থাৎ ‘জনৈ পূৰ্ণিমা’ বা ৰক্ষা বন্ধনৰ দিনটোত বন্ধুত্ব দিৱস উদযাপন কৰা হয়।

***

“A real friend is one who walks in when the rest of the world walks out.” —Walter Winchell

বন্ধুহীন পৃথিৱী এখন কোনোবাই কল্পনা কৰিব পৰিমনে বাৰু?নিশ্চয় নোৱাৰোঁ ! নহয়নে? বন্ধুবিহীন জীৱন যথেষ্ট আমনিদায়ক, হতাশাগ্ৰস্ততাৰে পৰিপূৰ্ণ হৈ পৰে যে সেয়া নিশ্চিত। আমি মানি লওঁ বা নলওঁ, এই কথা কিন্তু সত্য যে আমাৰ জীৱনৰ প্ৰতিটো স্তৰতেই বন্ধুৰ নিতান্তই প্ৰয়োজন হয় । এই কথা আনকি বিজ্ঞানেও স্বীকাৰ কৰি থৈছে। চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত বহুগৰাকী বিজ্ঞানী তথা গৱেষকে বন্ধু আৰু বন্ধুত্ব সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰা পৰিলক্ষিত হয়। তেনে কিছু তথ্য সম্পৰ্কত চমুকৈ ভুমুকি মাৰি চাওঁচোন । এগৰাকীও বন্ধু নথকা ব্যক্তি এগৰাকীৰ স্বাস্থ্য চিগাৰেট সেৱন কৰা ব্যক্তিৰ দৰেই অৱনতি ঘটে বুলি একাংশ চিকিৎসা বিজ্ঞানীয়ে মতপোষন কৰাৰ বাদেও কোৱা হৈছে যে বন্ধুত্বই আমাৰ জীৱনৰ প্ৰায় প্ৰতিটো স্তৰতে শাৰীৰিক আৰু মানসিক স্বাস্থ্য যথেষ্ট পৰিমাণে উন্নত কৰে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে আহাৰ আৰু ব্যায়ামৰ দৰেই বন্ধুও গুৰুত্বপূৰ্ণ। নিম্ন ৰক্তচাপ, নিম্ন বিএমআই, কম প্ৰদাহ আৰু সকলো বয়সৰ লোকৰ মাজত ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাসৰ সৈতেও জড়িত বন্ধুত্বৰ সম্পৰ্ক।এইফালৰ পৰা বন্ধু এগৰাকী মহৌষধৰ দৰেই নহয়নে বাৰু ? আনহাতে, ১৯৩৯ চনৰ পৰা ‘হাৰ্ভাৰ্ড ষ্টাডি অফ এডাল্ট ডেভেলপমেণ্ট’ৰ গৱেষকসকলে যোৱা ৮০ বছৰ ধৰি কৰি অহা একাধিক গৱেষণাৰ অন্তত এই কথাটো প্ৰতীয়মান হয় যে ৫০ বছৰ বয়সত বন্ধুত্বত আটাইতকৈ বেছি সন্তুষ্টি লাভ কৰা লোকসকলৰ অধিকাংশয়েই ৮০ বছৰ বয়সতো আটাইতকৈ সুস্থ আৰু সুখী জীৱন নিৰ্বাহ কৰি আছিল। তদুপৰি বন্ধুবিহীন অথবা একাকী জীৱন পৰিক্ৰমাত নিসংগতা এচামৰ বাবে আগতীয়া মৃত্যুৰ কাৰক হৈ পৰে— যিদৰে ধূমপান বা মদ্যপানৰ ফলতো হ’ব পাৰে। আন এটা অধ্যয়নত দেখা গৈছিল যে মানসিক চাপৰ সময়ত অন্তৰংগ বন্ধুৰ কাষত থাকিলে মানসিক চাপৰ হৰম’ন কৰ্টিছলৰ মাত্ৰা হ্ৰাস পায়। তদুপৰি আন বহুতো গৱেষণাৰ জড়িয়তে এই কথা স্পষ্ট হৈছে যে প্ৰকৃত বন্ধুৰ সান্নিধ্যই শাৰীৰিক অসুস্থতাৰ সম্ভাৱনা হ্ৰাস কৰি আমাক সুস্থতা প্ৰদান কৰাৰ উপৰি অধিক সুখানুভৱ হয়, যাৰ বাবে মানুহ দীৰ্ঘায়ুও হয়। বহু সময়ত বন্ধুত্বৰ সম্পৰ্কই আৰ্থিক সফলতাৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগায়।বন্ধুত্বই আমাৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰাৰ উপৰি জীৱন পৰিক্ৰমাত নিৰাপদ অনুভৱ কৰায় বুলি মনোবিজ্ঞানে কয়।

***

বন্ধুৰ সান্নিধ্যত পাতল হয় বেদনা-গধূৰ বুকু । বন্ধুই জীৱনত মানসিক সাহচাৰ্য আৰু অমোঘ শক্তি প্ৰদান কৰে । সেই অনুভৱৰ বহিঃপ্ৰকাশেৰেই হয়তো হীৰুদাই লিখি থৈছে—
“বন্ধু মেলি দে তোৰ
দুখৰ দুখনি হাত,
এবাৰ জিৰাওঁ তোৰ
বুকুৰ শীতল ছাঁত…।”
বন্ধু মানেই যেন জীৱনৰ অনাবিল প্ৰাপ্তি । সেই প্ৰাপ্তিৰ প্ৰকাশৰ উপৰি বন্ধুত্ব সম্পৰ্কৰ অনুভৱক কেন্দ্ৰ‌কৰি সৃষ্টি হৈছে হৃদয়স্পৰ্শী, চিৰসেউজ আৰু জনপ্ৰিয় যথেষ্ট কবিতা, গানৰ লগতে চিনেমা, ছবি আদি— যিবোৰে আমাক সময়ে সময়ে আলোড়িত কৰি আহিছে। বলিউডতো বৰ্তমানলৈকে বন্ধুত্বৰ সম্পৰ্কক কেইবাখনো চিনেমাৰ জড়িয়তে হৃদয়স্পৰ্শীকৈ ভিন্ন ৰূপত দাঙি ধৰা হৈছে।

‘অল ইজ ৱেল।’ হিট চিনেমা ‘থ্ৰী ইডিয়টছ’ৰ সেই বিখ্যাত ডাইলগটো আওৰালে জীৱনৰ সমস্যা সমাধান নহয় যদিও সমস্যাৰ সন্মুখীন হ’বলৈ সাহস দিয়ে! কেৱল সেই ডাইলগটোৱেই নহয়, “Chase Excellence and success will follow”, ” Life is not about getting marks, grades but chasing your dreams” আদিও হৈছে একপ্ৰকাৰৰ সোণালী নিয়মৰ নিচিনা, যিবোৰ ‘থ্ৰী ইডিয়টছ’-এ দৰ্শকক অতি মনোৰঞ্জনমূলক উপায়েৰে বন্ধুৰ জড়িয়তে উত্থাপন কৰি জীৱনৰ গভীৰতাক বুজাইছে। এগৰাকী ব্যক্তিৰ জীৱনত বন্ধুত্বৰ গুৰুত্বপূৰ্ণ প্ৰভাৱক নির্মাতাগৰাকীয়ে চলচ্চিত্ৰখনৰ মাধ্যমেৰে দৰ্শকক সুন্দৰভাৱে দেখুৱাইছে।

একেদৰে –‘য়ে দোষ্টি হম নেহী তোৰেংগে, তোৰেংগে দম মগৰ হম নেহী চোৰেংগে’ গীতৰ কলিটোৱে বন্ধুত্ব সম্পৰ্কে অনেক কথাই কয় বন্ধুৰ জীৱনতকৈও নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি মৃত্যুক আঁকোৱালি লোৱা সকলোৰে হৃদয়স্পৰ্শী চিনেমা ‘চোলে’ৰ যোগেদি । ‘কুছ কুছ হোতা হ্যায়।’ এই চিনেমাখনত বন্ধুত্ব আৰু প্ৰেম সম্পৰ্কে অতি সুন্দৰকৈ অৱতাৰণা কৰা হৈছে।”প্যাৰ দোস্তি হ্যায় । অগৰ ৱো মেৰী সব সে অচ্ছি দোষ্ট নেহী বন সকতি, তো মেই উছে কভী প্যাৰ কৰ হি নেহী সকতা । ক্যুকি দোষ্টি কে বিনা তো প্যাৰ হোতা হি নেহি…।” চিনেমাখনৰ এনে ডাইলগৰ পৰাই ক’ব পাৰি— বন্ধুত্বই সঁচাকৈয়ে যিকোনো ৰোমান্টিক সম্পৰ্কৰো আধাৰ।‌এইকেইখনৰ বাহিৰেও বলিউডতেই বন্ধুত্ব বিষয়ক বহুকেইখন চিনেমা নিৰ্মাণ হৈছে।বন্ধুৰ সম্পৰ্কক সুন্দৰকৈ উপস্থাপন কৰা বলিউডৰ বোলছবিৰ কথা মানসপটলৈ আহিলেই নাম লোৱা হয় ‘মুন্না ভাই এমবিবিএছ’, ‘ৰক অন’, ‘ৰংগ দে বাসন্তী’, ‘দিল চাহতা হ্যায়’, ‘জিন্দেগী না মিলেগী দোবাৰা’, ‘কল হো না হো’, ‘চিছোৰে’, ‘ৱেক আপ চিড’ আদি। এনেধৰণৰ বহুতো চিনেমাত বন্ধুৰ সম্পৰ্কক সুন্দৰকৈ প্ৰদৰ্শন কৰিছে। এইবোৰৰ উপৰি ‘ডৰ’, ‘য়ে দিৱানী হ্যায় জৱানী’, ‘কুইন’, ‘চক দে ইণ্ডিয়া’, ‘এংগ্ৰী ইণ্ডিয়ান গডেছ’ আদি হিন্দী চিনেমাত আক’ নাৰীৰ মাজৰ বন্ধুত্বৰ ভিন্ন স্বৰূপ প্ৰদৰ্শন কৰা হৈছে।

“তু জো ৰুঠা তো কৌন হসেগা
তু জো ছুটা তো কৌন ৰহেগা…।”
চিনেমাৰ উপৰি বন্ধুত্বক লৈ সৃষ্টি হৈছে কত যে গীত! বলিউডতেই ‘তেৰে যেইছা য়াৰ কাহা, কাহা এইছা য়াৰানা…’, ‘য়াদ কৰেগা দুনীয়া তেৰা মেৰা আফচনা…’, ‘জানে নেহী দেঙ্গে তুঝে, জানে তুঝে দেঙ্গে নেহী’, ‘চলামত ৰহে দোস্তানা হামাৰা’, ‘দিল চাহতা হ্যায় কভী না বীতে চমকীলে দিন… হম না ৰহে কভী য়াৰো কে বিন’, ‘বন্ধু তু মেৰা’, ‘চড়ী মুঝে য়াৰী তেৰী এইছি’ আদিকে ধৰি অনেক বন্ধুত্ব বিষয়ক জনপ্ৰিয় বা হৃদয়স্পৰ্শী গান আছে ।

***

“Friendship is always a sweet responsibility, never an opportunity.” —Khalil Gibran

মূৰৰ ওপৰত এখন সবল আকাশ সকলোৱে বিচাৰে । স্বপ্নিল সেই নীলিম আকাশৰ বাস্তৱ‌ ৰূপান্তৰ বন্ধুত্ব। বন্ধু নৈৰ দৰে জীৱনযুৰি বৈ থকাৰ বাদেও বন্ধুৱে বতাহ হৈ জুৰাই আমাৰ বুকু। সুখে-দুখে সহচৰ বন্ধু । সেয়েহে সুখত হাঁহিৰ ভাগ লোৱা বন্ধুৱে দুখত তেওঁৰ বুকুৰ শীতল ছাঁত জিৰাবলৈ মেলি দিয়ে হাত । আনন্দত দৌৰি গৈ বন্ধুক দিবলৈ মন যায় আহ্লাদৰ ভাগ, কাকো ক’ব নোৱাৰা কথাটোও কৈ দিয়া যায় বন্ধুক। বেয়া সময়তো আন কোনো নাথাকিলেও কাষতেই থাকে বন্ধু। ঠিক জুবিন গাৰ্গে গোৱা সেই গানটোত ক’বৰ‌ দৰেই– – “পৰোঁ বাগৰি যদি উজুটিত, বন্ধু ধৰিবা তুমি…।”

বন্ধু পৃথিৱী। বন্ধু প্ৰীতি । সুখৰ আচ্ছাদন বন্ধু । দুখৰ সমভাগী বন্ধু । বন্ধু সকলো । প্ৰকৃত বন্ধুত্ব মানেই যেন সৰ্বপ্ৰাপ্তি । সেয়েই গানতো কোৱা হৈছে এনেদৰে—

“লগ য়াৰ গলে, লে সাৰ মেৰী
মুঝে ক্যা পৰৱাহ ইস দুনিয়া কী
তু জীত মেৰী, জগ হাৰ মেৰী
মেই হু হী নেহী ইস দুনিয়া কী…
…তু পাস মেৰে, জগ পাস মেৰে
মুঝে ক্যা পৰৱাহ ইছ দুনিয়া কী…।”

ফোন : ৭০০২০২৫০৪৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.