ৰিমঝিম বৰঠাকুৰ
: মা মা আমাৰ আইতাজনী বোলে তোলনীয়া?
: হে হৰি এইবোৰ কথা তোক কোনে শিকাইছে মাজান?
: ইহ চবেই জানে মোৰ বাদে…
এইবাৰ মাজানে আগতকৈ অলপ গহীনত অভিমানৰ সুৰত ক’লে। এইকণ সময় মাজান আৰু তাই মাকৰ একান্ত সময়। পুৱা শুই উঠাৰে পৰা স্কুল যোৱা, ঘূৰি আহি খেলি-ধূলি উৎপাত কৰি, সন্ধিয়া পঢ়া-শুনা কৰা দায়িত্ববোৰ আহি পৰাৰ লগে লগে মাজানৰ আগতকৈ মাকৰ লগত কটোৱা সময়বোৰো কমি আহিছে লাহে লাহে। আজিকালি তাইক ভাত খোৱাই শুৱাবলৈ অনা সময়কণতে দুইজনীয়ে অলপ কথা-বতৰা পাতে। দিনটো কি কৰিলে কি নকৰিলে সমস্ত বিৱৰণী মাজানে বান্ধৱীক কোৱাৰ দৰে মাকৰ আগত কয়। মাজান যিমান ডাঙৰ হৈ আহিছে সিমানেই মাকৰ বুকুখনৰ এফাল মোচৰ খাই যাবলৈ ধৰিছে। এনেকৈয়ে কোনোবা এদিনটো তাইক…। মাকে আৰু বেছি দূৰলৈ কথাবোৰ ভাবিব নোৱাৰে।
: আইজনী অ’, তাই শুলে যদি মোক ভাতকেইটা দেহি অ’ আই। খাই শুই থাকোঁ, বৰষুণৰ বতৰ।
মাজানহঁতৰ ৰূমটোৰ পৰ্দাখন ডাঙি আইতাকে মাজানৰ মাকক মাত লগালেহি। শাহুৱেকৰ মাতটো শুনি মাজানৰ মাকে তাইৰ মূৰে-গায়ে হাত ফুৰাই,
: মই আইতাক ভাতকেইটা দি আহোঁ। তই এইবোৰ বেয়া কথা নুশুনিবি কোনোবাই ক’লেও।
বুলি আঁঠুৱাখনৰ কাষকেইটা খুচি থৈ ওলাই আহি পাকঘৰ পালেগৈ। ইতিমধ্যে শাহুৱেকে পানী-দুনি গোটাই পিটাই পীৰাখন পাৰি বহিছেই। আজি বা শাহুৱেকৰ কিয় ইমান সোনকালে ভোক লাগিল মাজানৰ মাক অৰ্থাৎ তুনে কুকাৰটো খুলি ভাতকেইটা কাঁহৰ কাঁহীখনত বাঢ়ি বাঢ়ি ভাবিলে।
: বেছি নিদিবি, কেইটামান তাকৰকৈ দিবি।
পাকঘৰত ভাতি বাঢ়ি থাকোঁতে আৰু এহেতা ভাত দিবলৈ ধৰোঁতেই সিফালৰ পৰা শাহুৱেকে মাত লগালে।
: অঅঁ হ’ব মা।
বুলি কাঁহীৰ কাষতে ভাজি অকণমান পদিনাৰ চাটনিকণ লৈ বাটিটোতে দাইল এবাটি লৈ শাহুৱেকৰ ওচৰলৈ আহিল। এনেই ওপৰে ওপৰে পকাখনত হাত ফুৰাই তুনে কাঁহীখন থৈ মাত লগালে,
: কি হ’ল আজি গা বেয়া নেকি? নটা বজাৰ চিৰিয়েলখনো নাচালে যে।
বোৱাৰীয়েকৰ কথা শুনি তেওঁ ভাতকেইটা সানিবলৈ দাইলৰ বাটিটোৰ পৰা ডাইল অকণমান লৈ মাত দিলে,
: এহ একেসোপাকে কিখন চাবি। বৰষুণৰ বতৰ খাই বোলো সোনকালে শুই থকাই ভাল।
বাহিৰত সেইসময়ত কিণকিণাই বৰষুণ আহি আছে। ভেকুলীৰ টোৰটোৰণিবোৰলৈ চাই ভালকৈয়ে আৰু এজাক আহিব যেন লাগিছে। নিজে বিচাৰিছে যেতিয়া খাই শুই থাকক সোনকালে।
শাহুৱেকে লাহে লাহে কোৱা কথাখিনি তুনে শুনিলে যদিও একো নামাতিলে। শাহুৱেকৰ খোৱা হ’লেই বাচনকেইটা ধুই তেওঁলোক মানে গিৰিয়েক আৰু নিজলৈ বাঢ়ি ল’ব। যিমানেই যি নহওক কিয় তুনৰ শাহুৱেকে কেতিয়াও ডাইনিং টেবুলত ভাত নাখায়। আনকি বেলেগৰ ঘৰতো ভাত খোৱাকৈ গ’লে তেওঁ বৰ অশান্তি পায়। সকলোৰে ঘৰত তলত ভাত খাব পৰাকৈ সুবিধাও নাথাকে। তেওঁৰ বাদে ঘৰখনৰ বাকী কোনেও তলত পীৰা পাৰি ভাত খাব নোৱাৰে কাৰণে তেওঁক আগতে ভাতকেইটা দি পিছত তুনহঁতে খায়। সিহঁতে আচলতে ওপৰত খাই তেওঁক তলত দিবলৈ ভাল নাপায়।
: দে মোৰ হ’ল। তহঁতে খাই ল’।
এইবুলি তেওঁ নৰ’লেই পীৰাখনৰ পৰা উঠি বুকুৰ পৰা খহি যাবলৈ ধৰা চাদৰখন বাঁওহাতখনৰে ঠিক কৰাদি কৰি গিলাচটো সোঁহাতেৰে উঠাই বেছিনৰ কাষ পালেগৈ। তুনেও শাহুৱেকে খাই উঠি যোৱা বাচনখন লৈ গৈ একেবাৰে ধুই আহি ভাতখিনি সিহঁত দুয়োটালৈকে ঠিক কৰি লৈ ডাইনিঙলৈ লৈ আহি গিৰিয়েক অতুলক মাতিবলৈ গ’ল।
: হেৰি শুনিছে, ভাতকেইটা খাই লওকহি আহক।
টিভি চাই থকা গিৰিয়েকক দুৱাৰ মুখৰ পৰাই মাতটো লগাই জীয়েক মাজানেনো কি কৰি আছে ভুমুকিয়াই আকৌ পাকঘৰ পালেহি।
: কি হ’ল আজি জেঠাইয়ে দেখোন নটাৰ চিৰিয়েল নাচালে?
বেছিনত হাতটো ধুই ভাত খাবলৈ অহা অতুলে তুনক চিঞৰি সোধাদি সুধিলে
: জানো পাই! ময়ো সুধিছিলোঁ তাকে। বৰষুণ বোলে খাই শুই থকাই ভাল বুলি ক’লে।
তুনে জাৰটোৰ পৰা দুয়োলৈকে দুটা গিলাচত পানী দুগিলাচ বাকি বাকিয়ে কথাষাৰ ক’লে।
: হমমম। গা চা বেয়া হ’ব পাৰে। এইকেইদিন বতৰটোও এই গৰম, এই বৰষুণ কৰি আছে।
: তাকে। আজি মাজানে ডাঙৰ কথা এটা সুধিছে নহয়।
ভাতকেইটা লিৰিকি বিদাৰি তুনে অতুললৈ চাই ক’লে।
: কি সুধিছে? আজিকালি এইক মন কৰি আছোঁ, বৰ ডাঙৰ ডাঙৰ কথা ক’বলৈ লৈছে। কোনেনো শিকাই জানো এইবোৰ!
তুনৰ কথাত সঁহাৰি জনাই অতুলে মাত দিলে।
: হয়হে ময়ো আচৰিত। তাইৰ আইতাকজনী তোলনীয়া নেকি সুধিছে। ক’ৰ পৰা কি শিকিছে নহয়!
কাঁহীৰ কাষতে থকা পাপৰখন ভাঙি মুখত ভৰাবলৈ লোৱাৰ আগতে তুনে অতুলক ক’লে।
: অলপ মন দিবা তাইক। বৰ বাঢ়িছে।
অতুলে বৰ বিশেষ একো নকৈ এইষাৰকে কৈ শেষৰ ভাতকণ শেষ কৰি খোৱাৰ পৰা উঠিল।
অতুল উঠি যোৱালৈ চাই তুনে শেষৰ ভাতকেইটা চুঁচি মাজি শেষ কৰি বাচন-বৰ্তনবোৰ গোটাই মেলি ধুবলৈ বুলি লৈ গ’ল।
কেতিয়াও বেলেগ বুলি নভবা জেঠাই শাহুৱেকে মাজানৰ এইবোৰ কথা শুনিলে কি ভাবিব বাৰু! তুনে বাচন ধুই ধুই সেইটো কথাকে ভাবি থাকিল।
*****
“জেঠাই দৰা-কইনা পালেহি দেই। খৰধৰ কৰক।”
তুনক লৈ অনা দৰা গাড়ীখন পদূলিমুখ পাওঁতেই কোনোবা এটা চিঞৰি চিঞৰি ভিতৰলৈ দৌৰ মৰা তুনৰ চকুত পৰিছিল চকামকাকৈ। অলপ পিছতে ওৰণি বাৰণি লৈ হাতত কাঁহৰ থাল এখনতে চাকি ধূপ চাউল আৰু অন্যান্য সামগ্ৰী কেইটামান লৈ তুনৰ শাহুৱেক আৰু দুগৰাকীমানৰ সৈতে ওলাই আহি মাত লগালে,
: কইনাক লৈ নামি আহ অতুল।
: অঅঁ জেঠাই।
বুলি অতুলে গাড়ীৰ দুৱাৰখন খুলি ওলাই আহিল পিছে পিছে তুন। মাকক জেঠাই বোলাত তুন সেইদিনা আচৰিত নোহোৱাকৈ থকা নাছিল। অলপ সময়ৰ পিছতে তুনে গম পালে যে এইগৰাকী মানুহক তুনেই নহয়, প্ৰায়বোৰেই দেখোন জেঠাই বুলি মাতে। তুনে তেন্তে কি বুলি মাতিব যদি নিজৰ ল’ৰায়েই জেঠাই বুলি মাতে। তাই মা বুলিয়ে মাতিব যা, নিজৰ শাহুৱেকজনীকনো কেনেকৈ জেঠাই বুলিব! দৰা-কইনা দুয়োকে আদৰ সাদৰ কৰি লৈ যোৱা মানুহজনীৰ প্ৰতি তুনৰ সেইদিনাই কিবা এটা ভক্তি ভাৱ সোমাই গৈছিল। ইমান সহজ-সৰল মানুহজনী। তাই নিজেই মা’ সম্বোধনটো ধৰাত শাহুৱেকে যেন আৰু অলপ তাইক ভালহে পাইছে যেন অনুভৱ হয়। মা’ বুলি মাতিলেই তেওঁৰ চকুকেইটা উজলি উঠে।
চুৰুক চুৰুক চুৰুক…
বাঢ়নীৰ সেই চিনাকি শব্দটোৱে তুনৰ বিয়াৰ পিছদিনা পুৱাৰ টোপনি ভাঙিলে। অলপ সময়ৰ কাৰণে টোপনিৰ জালত মাকৰ ঘৰতে আছেনে শহুৰৰ ঘৰতে আছে ধৰিব নোৱাৰিলে। পিছতহে গাৰ সাজযোৰলৈ চকু গৈ একেকোবে বিছনাৰ পৰা নামিল। চাদৰখন ঠিক-ঠাক কৰি শুই থকা অতুললৈ এপলক চাই দুৱাৰ খুলি বাহিৰ পালেহি। ইতিমধ্যে শাহুৱেকৰ চোতাল সৰা হৈছিলেই। সৰাপাতবোৰ এডোখৰত গোটাই জুই জ্বলাও বুলি বাঢ়নীডাল কাষতে মাটিতে পেলাই চলাই
কাঠীটো মাৰিবলৈ ধৰোঁতেই তুন গৈ সেইখিনি পালে।
: মা দিয়ক দিয়ক মোক দিয়ক। আপুনি কিয় সাৰি পেলালে?
তুনে শাহুৱেকৰ কাষতে থকা বাঢ়নীডাল নিজৰ হাতলৈ আনিবলৈ হাতখন আগবঢ়াই দিওঁতে তেওঁ বাধা দি কৈ উঠিল,
: হ’ব যা, সাউৎকৈ গাটো ধুই গোঁসাই সেৱা কৰি কিবা এটা খাবলৈ যোগাৰ কৰগৈ। অতুল উঠিলে তাক লালচাহ অকণে আৰু গুৰ এলদা দিবি।
: হ’ব মা, খালী কাইলৈৰ পৰা আপুনি এনেকুৱা নকৰিব। মই কৰিম নহয়।
ভিতৰলৈ যাবলৈ ধৰি তুনে পিছফালে ঘূৰি চাই শাহুৱেকক কথাকেইটা ক’লে।
: হ’ব হ’ব আই তই এইবোৰ নকৰিলেও হ’ব। চোতাল সৰা, গোহালি চাফা কৰা এইবোৰ মই কৰিম। এইবোৰ অতুলৰ মাককো কৰিবলৈ দিয়া নাছিলোঁ, তয়ো নালাগে কৰিব। ভিতৰৰ কাম-বনবোৰ তই চাবি যাহ…
বুলি শুকানপাতখিনিত জুই লগাই মানুহগৰাকী বহাৰ পৰা উঠি আশে পাশে পৰি থকা দুই এটা পাত বাঢ়নীডালেৰে জুইখিনিলৈ ঠেলি দি গোহালিৰ ফালে ঢাপলি মেলিলে।
“অতুলৰ মাক”
মুখৰ ভিতৰতে তুনে শব্দ দুটা আওৰাই কিবা এটা বুজি নোপোৱাৰ ভাবেৰে লাহে লাহে ভিতৰৰ ফালে খোজ দিলে।
নুবুজা নজনা কথাবোৰ শাহুৱেকক সুধি শিকি তুনে ঘৰখন খুউব কম সময়তে নিজৰ কৰি পেলালে। অতুল দিনটো নাথাকেই। নটা বজাত স্কুললৈ বুলি ওলাই গৈ ছুটীৰ পিছত তিনিটামান টিউশ্যন কৰি ঘৰ সোমাওঁতে সাতটামান বাজেই। মাজে মাজে তুনে “অতুলৰ মাক” আৰু “জেঠাই” এই দুটা কথা সুধিবলৈ সুযোগ বিচাৰিলেও নোপোৱাৰ দৰে। আচলতে সিহঁতৰ বিয়াখনো ইমান খৰখেদাকৈ হৈ গৈছিল তাই বৰ বিশেষ কথা-বতৰা জানিবও নোৱাৰিলে। বৰতাকে খবৰ দিয়া ল’ৰাটোৰ “চবফালৰ পৰা ভাল” চাৰ্টিফিকেটখন লৈয়ে তাই বিয়া হোৱাৰ দৰে। এদিন কোনোবা এটা দুপৰীয়া ঢেকীয়া শাক কেইমুঠিমান বিচাৰি আনি শাহুৱেকে তুনৰ হাতত দি ক’লে,
: এইকেইডাল বাচি-কুচি বনাই পেলা। লগত বুট কেইটামান দিবলৈ নাপাহৰিবি। ঢেকীয়া, আলু, বুট ভাজিকণ অতুলৰ দেউতাকৰ বৰ প্ৰিয় আছিল। এতিয়া পুতেকৰো একেই।
তুনে ইমানদিনে বিচাৰি থকা সুযোগটো যেন আজি হাততে পালে। যাবলৈ ওলোৱা শাহুৱেকক “আকৌনো কিহত লাগেগৈ, অলপ জিৰাওকচোন এইকণতে” বুলি পীৰা এখন আগবঢ়াই দিলে। শাহুৱেকেও একো নামাতি মেখেলাখন কোচাই পীৰাখনতে বহিল।
: আপোনাক এখেতে বৰ ভাল পাই দেই।
কওঁ নকওঁকৈ ঢেকীয়াৰ আগ এডাল কুটুককৈ ভাঙি তেওঁলৈ নোচোৱাকৈয়ে তুনে ক’লে।
: ভালটো পাবই তাৰ লগত কম লাগিছোঁনে মই! আগতে তাক তাৰ মাকক নালাগেই মই ভাত খোৱালেহে খায়। আজলী মাকজনীও সি বৰ সৰুতেই ঢুকাই থাকিল অ’। তেতিয়াৰ পৰাটো অকল মোৰ লগতেই সি।
সৰুকৈ হুমুনিয়াহ এটা কাঢ়ি তেওঁ উত্তৰ দিলে।
: মই আকৌ আপোনাকে এখেতৰ মাক বুলি ভাবিছিলোঁ।
সেমেনাসেমেনিকৈ তুনে আচল কথালৈ কথা আগবঢ়াই নিবলৈ চেষ্টা কৰিলে।
: নজনা মানুহে তেনেকৈয়ে ভাবে। ময়ো তাক কম বুলি নাভাবোঁ। তই অহাৰ আগলৈকে ইটোৰ সিটো নিজৰ বুলি আমি দুটাই আছিলোঁ অ’ আই। স্কুলৰ দেওনা পাৰ নহওঁতেই ল’ৰাটোক মাক-বাপেক দুয়োটাই এৰি থৈ যায়। তাৰপিছৰ পৰা একেবাৰে মোৰ লগতে আৰু…
বুলি পাগুলি থকা তামোলখিনিৰ পৰা ওলোৱা পিকখিনি মুখৰ পৰা ওলাই আহিবলৈ ধৰা নিচিনা হোৱাত তেওঁ উঠি গৈ পিকখিনি পেলাই থৈ আহি ক’লে,
: যাহ এইখিনি বনাই ল। মই গৰুকেইজনীক পানী খুৱাই আহোঁ।
এই মানুহজনী যে এখন্তেকো এনে বহি নাথাকে! মনতে তুনে ভাবি হাতেৰে ভাঙি ভাঙি টুকুৰা কৰা ঢেকীয়াখিনি লৈ পাকঘৰ পালেগৈ।
*****
: আপোনালোকৰ কথা ভালকৈ জানিবলৈ নাপালোৱেই তাৰ আগতেই বিয়া হ’ল।
বিয়াৰ ছমাহমান পিছত দেওবাৰৰ দুপৰীয়া এটাত সকলোৱে ভাত-পানী খাই অতাই অতুল আৰু তুন একেলগে বিছনাত পৰি থাকোঁতে তুনে কথাটো উলিয়ালে।
: কি জানিবা কোৱা।
অলপ আঁতৰত থকা অতুল এইবাৰ তুনৰ একেবাৰে কাষ চাপি আহি তাইক এখন হাতেৰে সাৱতি ধৰি সুধিলে।
: নাই এনেই আপোনাৰ জেঠাইৰ কথা। জেঠাই বিয়া নহ’ল নেকি?
: নাই নহ’ল। আচলতে ল’ৰাও বোলে আহিছিল কিন্তু ককাৰ একমাত্ৰ সন্তান হোৱাৰ কাৰণে জেঠাইৰ বিয়া হৈ গ’লে ককা আইতাৰ কি হ’ব ভাবিয়েই বিয়া নহ’ল।
: কিয় আপোনাৰ দেউতা আছিলেই দেখোন।
তুনে হঠাৎ সোধা প্ৰশ্নটোত অতুলে এইবাৰ অলপ থতমত খালে। কিন্তু সেয়া নেদেখুৱাই গহীনকৈ উত্তৰ দিলে “এৰাহ, সেইবোৰ বৰ দীঘল কাহিনী।”
হুমুনিয়াহ কাঢ়ি কোৱা অতুলৰ মুখখনলৈ আঁৰ চকুৰে তুনে চালে যদিও তাইৰ মনটো খুদুৱাই থাকিল কথাবোৰ জানিবলৈ। সুধিবলৈ লৈয়ো সুধিব নোৱাৰা অৱস্থাটোতে অতুলে লাহে লাহে আৰম্ভ কৰিলে জেঠাইহঁতৰ ঘৰৰ কাহিনীবোৰ।
*****
অগাধ সম্পত্তিৰ মালিক জেঠাইৰ দেউতাক ঘনকান্ত হাজৰিকই মোনাই বাগানত কাম কৰোঁতে বহুত মানুহৰ লগত মিলা-জুলা কৰিবলৈ সুবিধা পাইছিল। কত মানুহৰ দুখ বেদনাৰ ছবিবোৰৰ সাক্ষী হৈ ৰৈছিল জেঠাইৰ দেউতাক ঠিক নাই! কেতিয়াবা এনেকুৱা মানুহো পাই থাকিবলৈ, খাবলৈ নাই ককাই সেইবোৰক ক’ৰবাত নি কিবা এটাৰ যোগাৰ কৰি দিছিল। চাকৰি শেষ হ’বলৈ এবছৰমান থকাৰ পৰা জেঠাইৰ দেউতাকে বোলে তেওঁলোকৰ খেতি-পথাৰ, ঘৰ-দুৱাৰবোৰ চাবলৈ কোনোবা মানুহ বিচাৰি ফুৰিছিল। একেবাৰে তেওঁলোকৰ ঘৰত থাকিব পৰা তেনেকুৱা কোনোবা ল’ৰাক বিচাৰি থাকোঁতে পাই গৈছিল অতুলৰ দেউতাকক।
: এনেকৈ দঙদঙীয়া ডেকা ল’ৰা এনেকৈ ঘূৰি সময় নষ্ট কৰিব নালাগে। ব’ল মোৰ ঘৰত কামো কৰিবি থাকিবি।
এইষাৰ মাত্ৰ কৈছিলহে বোলে কেঁও কিছু নোহোৱা ভদাই মানে অতুলৰ দেউতাকক জেঠাইৰ দেউতাকে। তেওঁ বোলে ঘৰলৈ গৈ একেবাৰে টালি-টোপোলা বান্ধি গুচিয়েই আহিল। তাৰ পিছত আৰু ঘৰলৈ যোৱাৰ নামেই নল’লে। ঘনকান্ত হাজৰিকাইয়ো বেয়া নাপালে। এতিয়া বয়স হৈ আহিছে, গোটেইবোৰ অকলে চম্ভালা সহজো নহয়। ইফালে মেনকা মানে জেঠাইয়ে কিমান চাব। ইমান সৰুতেই ঘৰৰ সকলোবোৰ দায়িত্ব মূৰ পাতি লৈছেই। মেনকাই অকলে যিমান কাম কৰে সেইবোৰ দেখিলে এটা ল’ৰায়ো লাজ পাই যাব। একো কষ্ট নকৰাকৈ চলি থাকি ভাল ল’ৰা এটা চাই বিয়া হৈ সংসাৰ কৰি থাকিব পৰা মেনকাই সৰুতেই যি সিদ্ধান্ত ল’লে তাক কোনেও ভাঙিব নোৱাৰিলে। ভদাইক অনা দেখি তায়ো খুউব ভাল পালে। ডাঙৰত হ’লেও যেন নিজৰ ভায়েক এটাহে পালে। বাইশ বছৰীয়া ভদাই লাহে লাহে পঁচিশ বছৰীয়া হ’ল।
: হেৰি নহয় ভদাই তয়ে বিয়াখন পাতি আমাক নাতি পোৱালি এটাৰ মুখ দেখুৱা। এজনীকতো কৈ কৈ নোৱাৰিলোঁৱে। এই পাট গাভৰুজনী হৈ মেনকাইনো কি ভাবিলে ক’ব নোৱাৰিছোঁ আৰু।
এদিন জেঠাইৰ মাকে অতুলৰ দেউতাকক অকলে পাই কথাষাৰৰ কাণ চোৱালে।
: হেই বৌটি কি কথা কৱ। মোৰ নিচিনা এটালৈ কোনে ছোৱালী দিব হয়? মাক-বাপেকৰ খবৰ নথকা ল’ৰা।
: কিহলে মাক-বাপেকৰ খবৰ নাই? আমি কি কৰিবলৈ আছোঁ হেৰৌ।
ধেমালিতে ধেমালিতে কথাষাৰে ছিৰিয়াচ ৰূপ পালে। কথা বুলিলেই বতাহ। কথা গৈ জেঠাইৰ দেউতাকৰ কাণত পৰিল। এমাহত গাঁৱৰে ছোৱালী এজনী চাই ধাম-ধুমকৈ ভদাইৰ বিয়া পাতি ঘৰটো পিছফাললৈ এটা ৰূম বহাই দি দৰা-কইনাক তাতে থাকিবলৈ সুবিধা কৰি দিলে। দিনটো খেতি পথাৰত কাম-বন কৰি ঘৰ-দুৱাৰ চম্ভালি দুইটাই ভালদৰে ঘৰখন চলাই গ’ল। বিয়াৰ দুবছৰৰ ভিতৰত অগা-পিছাকৈ জেঠাইৰ মাক-দেউতাক দুয়ো ঢুকাই থাকিল। তিনিবছৰলৈ অতুল তেওঁলোকৰ সংসাৰলৈ আহিল। মাক-দেউতাকৰ অবিহনে ম্লান পৰি যোৱা ঘৰখন অতুলৈ আকৌ পোহৰাই তুলিলে। মেনকাই অতুলক নোপোৱাই পোৱাদি পালে। তেওঁ অকল তাক জন্মহে দিয়া নাই, বাকী মাকতকৈ কম যত্ন নলয়। অতুলৰ জেঠাই মানে সেইকণৰ তাৰ সমনীয়া, তাতকৈ সৰু সৱৰে জেঠাই হৈ পৰিল মেনকা। কোনোবাই নক’লে সেইগৰাকী অতুলৰ মাকেই নে জেঠায়েকে কোনোৱে গম নাপায়। অতুলৰ পোন্ধৰ বছৰ নহওঁতেই মাক-দেউতাক ঢুকোৱাৰ পিছত জেঠায়েকেই তাৰ সকলো।
বিয়াৰ ছমাহৰ পিছত আচল সম্পৰ্কৰ কথাটো গম পাই তুনৰ শাহুৱেকৰ প্ৰতি আৰু অকণমান শ্ৰদ্ধাত মূৰটো দোঁ খাই আহিছিল। ঘৰৰ একমাত্ৰ সন্তান হৈ মাক-দেউতাকৰ কথা ভাবি কম বয়সতে বিয়া নোহোৱাৰ সিদ্ধান্তটো লৈ কোনো তেজৰ সম্পৰ্ক নোহোৱা ল’ৰা এটাক নিজৰ ভায়েক পাতি লৈ তাৰপিছত তাৰ সন্তানক নিজৰ সন্তানৰ দৰে ডাঙৰ কৰা। কম ত্যাগৰ কথা এইবোৰ!
এতিয়া আকৌ অতুলৰ সাতবছৰীয়া জীয়েকে সোধে “আইতাজনী তোলনীয়া নেকি?” এইখন ঘৰত কোন তোলনীয়া, কোন আচল তাইক কেনেকৈ কয় তুনে? ইমান এটা ধুনীয়া সম্পৰ্কৰ মাজলৈ এইবোৰ কথাই নাহে। কাইলৈ তাইক এইবোৰ কথা ভালকৈ বুজাই ক’ব লাগিব যাতে কোনোবাই তাইক কিবা ক’লেও কাৰো কথা যাতে বিশ্বাসত নলয়। তুনে কথাবোৰ ভাবি ভাবিয়ে বাচনকেইটা ধুই পাকঘৰটো ঠিক ঠাক কৰি থৈ পাকঘৰৰ দুৱাৰখন মাৰি থৈ শাহুৱেকক এবাৰ চাই যাওঁ বুলি তেওঁৰ ৰূমটোলৈ ভুমুকি মাৰিলে। শুই থকা শাহুৱেকজনীক তুনৰ ওচৰৰ পৰা চাবলৈ মন যোৱাত তাই ৰূমটোলৈ শাহুৱেকে সাৰ নোপোৱাকৈ চুপে-চাপে সোমাই আহিল। লাইট অফ কৰি শুই থকা শাহুৱেকৰ ৰূমত সিহঁতৰ ৰূমৰ পৰা অহা লাইটৰ পোহৰটো পাতলকৈ পৰিছে। সেইকণ পোহৰতে আঁঠুৱাখনৰে জুমি চাই তুনে শাহুৱেকৰ মুখত পৰা বয়সৰ আঁচকেইডাল ভালকৈয়ে দেখা পালে। বয়সে এতিয়াও মানুহজনীক কোঙা কৰিব পৰা নাই। আগৰ দৰে চোতাল সৰাৰ পৰা, গোহালি চাফা কৰি বাহীবন কৰালৈকে সকলোবোৰ কৰি আছে এই মানুহজনীয়ে। তেওঁ কৰা কষ্টবোৰ দেখি তুনে কেতিয়াবা মানা কৰে যদিও তেওঁৰ এটাই কথা “মৰালৈকে এইখিনি মোৰ কাম, পিছত তই যেনেকৈ যি কৰ কৰিবি।” আঁঠুৱাখন অকণমানকৈ ডাঙি হাতখন ভৰাই ক’লা চুলি এডালো নোহোৱা তেওঁৰ মূৰটোতে তুনে এনেই ওপৰে ওপৰে হাতটো ফুৰাই থাকি মুখতে বিৰবিৰালে,
“ভালে থাকক মা। আপুনিয়ে এইখন ঘৰত মোৰ কাৰণে সাহস”
আঁঠুৱাখনৰ পৰা পুনৰ হাতটো উলিয়াই ভালকৈ খুচি থৈ তুন উভতি আহি দুৱাৰখনৰ ওচৰ পাই মানে বিকত গেঙনিৰ নিচিনা শব্দ এটা শুনি লগে লগে শাহুৱেকলৈ ঘূৰি চাই দেখে শাহুৱেকৰ মূৰটো ইতিমধ্যে গাৰুৰ পৰা বেঁকা হৈ আহি আঁঠুৱাখনত লাগি উলমি যোৱাদি গৈছে। তুনে মাজানৰ দেউতাকক চিঞৰ এটা মাৰি শাহুৱেকৰ ওচৰলৈ দৌৰ মাৰে। আহি থকা কিণকিণীয়া বৰষুণজাকেও হঠাতে গুজৰি গুমৰি প্ৰৱল ধাৰাসাৰলৈ গতি সলায়।
ফোন : ৭০২২২৫৯৮৯২
Comments are closed, but trackbacks and pingbacks are open.