ডাঃ কৰুণা হাজৰিকা
এদিন এজন লৰা মনৰ দুখত ৰাস্তাৰ কাষত থকা বেঞ্চত আমন–জিমনকৈ বহি আছিল ৷ তাৰ দুখ এই কাৰণেই লাগিছিল যে তাৰ মাক–বাপেকে বহু কষ্ট কৰি তাক ডাঙৰ কৰিলে আৰু পঢ়াই–শুনাই শিক্ষিত কৰিলে, কিন্তু তাৰ এই শিক্ষাৰ আজি কোনো ফল নাই ৷ সি কোনো কাম বিচাৰি পোৱা নাই আৰু সি তাৰ মাক–বাপেকৰ কষ্টৰ কোনো প্রতিদান দিব পৰা নাই ৷ এই ভাবি বহি আছিল ৷ ঠিক তেনেতে এজন বৌদ্ধ ভিক্ষু সেই ফালে গৈ আছিল আৰু তাক তেনেদৰে বহি থকা দেখা পাই তেওঁ তাৰ ওচৰলৈ আহিল ৷ ভিক্ষুজনে মৰমেৰে লৰাজনক কি কাৰণত দুখ কৰি তেনেকৈ বহি আছে সুধিলে ৷ লৰাজনে নিজৰ সকলো কথা ভিক্ষুজনক বিৱৰি কলে আৰু তাৰ কিবা সমাধান আছে নেকিও সুধিলে ৷ ভিক্ষুজনে হাঁহি মাৰি কলে, বাবা তুমি তোমাৰ কাম মন দি কৰি যোৱা আৰু সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা ৷ ইয়াকে কৈ ভিক্ষুজন আঁতৰি গল ৷ লৰাজনে ভিক্ষুজনৰ পৰা একো সুবিধাজনক উত্তৰ নাপাই বিষণ্ণ মনে আকৌ নিজৰ ঘৰলৈ গুচি আহিল ৷ এইদৰেই তাৰ কিছুদিন পাৰ হল, কিন্তু তাৰ সমস্যাৰ কোনো সমাধান নহল ৷ এদিন সি দুখ মনেৰে চিন্তা কৰি ওচৰৰে নদীৰ পাৰত বহি আছে আৰু হঠাৎ তাৰ মনলৈ বেয়া ভাৱ আহিবলৈ ধৰিলে আৰু মনতে ঠিক কৰিলে যে তাৰ আৰু জীয়াই থকাৰ কোনো কাম নাহ ৷ ইয়াকে ভাবি সি চৰম পন্থা লবলৈ বুলি ঠিক কৰিলে ৷ এইদৰে ভাবি থাকোঁতেই তাৰ মনলৈ বৌদ্ধ ভিক্ষুজনৰ কথাকেইটা আহিল আৰু ভাবিলে এবাৰ ভগৱানৰ ওচৰত প্রার্থনা কৰি আহোঁ ৷ ওচৰতে এটা বৌদ্ধ মন্দিৰ আছিল ৷ সি ওচৰতে থকা বৌদ্ধ মন্দিৰটোলৈ সোমাই গল আৰু ভগৱানক আৰাধনা কৰিবলৈ ধৰিলে ৷ ঠিক তেনেতে সেই বৌদ্ধ ভিক্ষুজন ভিতৰৰ পৰা ওলাই আহিল আৰু লৰাজনক তেওঁ চিনি পালে আৰু লৰাজনক আশ্বাস দিলে ৷ কিন্তু লৰাজনে বর্তমান পৰিস্থিতিৰ কথা তেওঁৰ আগত দোহাৰিলে আৰু সি যে চৰম পন্থা লবলৈ গৈ আছে তাকো কলে ৷ তেতিয়া ভিক্ষুজন ভিতৰলৈ সোমাই গল আৰু হাতত এটা সৰু গিলাচত পানী ভৰাহ আনিলে আৰু লৰাজনক দি কলে তুমি এহ তিনি চামুচ নিমখ পানীত মিহলি কৰা আৰু খোৱা ৷ লৰাজনে আগ্রহেৰে পানীত তিনি চামুচ নিমখ মিহলালে আৰু খাবলৈ লৈ মুখ বিকতাই কৈ উঠিল, তেনেই অখাদ্য আৰু হ খাব পৰা নহয় ৷ তেতিয়া ভিক্ষুজনে লৰাটোক নদীৰ পাৰলৈ লৈ গল আৰু নদীৰ পানীত ঠিক তেনেদৰে তিনি চামুচ নিমখ মিহলাবলৈ দিলে আৰু তাৰে এগিলাচ পানী তাক খাবলৈ কলে ৷ লৰাজনেও নদীৰ পানীত তিনি চামুচ নিমখ মিহলালে আৰু এগিলাচ পানী ভৰাই খালে আৰু কৈ উঠিল এতিয়া কোনো অসুবিধা নাহ ৷ ভিক্ষুজনে লৰাজনক কলে চোৱা তুমি যদি তোমাৰ মানসিক গণ্ডীৰ ভিতৰত সোমাই থাকা তুমি তোমাৰ কোনো কামৰে উচিত ফল নাপাবা আৰু যদি তোমাৰ ভাৱধাৰা মুকলি মনেৰে চিন্তা কৰা তেতিয়া প্রতিটো কামৰে উচিত ফল পাবা ৷ লৰাজনেও তাৰ ভুল বুজি উঠিল আৰু নতুন উদ্যমেৰে কামৰ সন্ধানত লাগিল আৰু শেষত কৃতকার্যও হল ৷
ওপৰৰ কথাখিনি এজন হতাশাগ্রস্ত লৰাৰ কাহিনী, আৰু কেনেকৈ বৌদ্ধ ভিক্ষুজনে তাৰ জীৱনৰ গতি সলনি কৰি দিলে, আমি তাৰ উমান পাওঁ ৷ হতাশা হল, কিবা এটা লক্ষ্যত উপনীত হবলৈ সক্ষম নোহোৱাৰ বাবে ক্ষোভ বা ক্ষোভৰ অনুভূতি হোৱাকে বুজায় ৷ ই মানসিক চাপৰ এটা আৱেগিক প্রতিক্রিয়া মাত্র ৷ হতাশা সকলোৰে জীৱনত অনুভৱ হব পৰা এটা সাধাৰণ অনুভূতি ৷ ইয়াৰ অনুভৱ মানুহ ভেদে বেলেগ ৷ কিছুমানৰ বাবে হতাশা অলপ সময়ৰ বাবে যেনে ধৰক আপুনি কৰবালৈ বুলি ওলাই গৈছে মনত পৰিল আপোনাৰ কিবা এটা আৱশ্যকীয় বস্তু দোকানৰ পৰা লব লগা আছে ৷ আপুনি দোকানলৈ সোমাই গল দেখা পালে দোকানত বৰ ভিৰ৷ বহু চেষ্টা কৰিও আপুনি আপোনাৰ কথাটো দোকানীজনক কব পৰা নাই আৰু আপোনাৰো সময় কমি আহিছে ৷ ইয়েই হয়তো আপোনাৰ হতাশাৰ কাৰণ হৈ পৰে, কিন্তু ই নিতান্তই ক্ষন্তেকীয়া ৷ কিন্তু আন কিছুমান হতাশা দীঘলীয়া হব পাৰে ৷ যেনে ধৰক আপোনাৰ কর্মক্ষেত্রৰ কিবা কাম যিটো আপোনাৰ বাবে সহজে হৈ উঠা নাই বা আপোনাৰ বাবে সমাধানৰ কোনো সম্ভাৱনা নাহ ৷ তেতিয়া ই হয়তো দীঘলীয়াও হব পাৰে ৷
আমি যদি কোনো ফলাফল নোহৱাকৈ কোনো লক্ষ্যত উপনীত হবলৈ চেষ্টা কৰোঁ বা আগবাঢ়ি যাওঁ তেতিয়া আমি হতাশাগ্রস্ত হওঁ আৰু ই আমাৰ মানসিক অৱস্থাত প্রভাৱ পেলাব পৰা আৱেগবোৰক আদৰণি জনায় ৷ ইয়াৰ ভিতৰত হব পৰা আৱেগবোৰ হৈছেঃ আমি আমাৰ আত্মবিশ্বাস হেৰুৱাই পেলোৱা অৱস্থা, ক্রোধ, আক্রমণাত্মক আচৰণ কৰা, বিষণ্ণতাই আগুৰি ধৰা, কেতিয়াবা আকৌ আত্মহননৰো ভাব হোৱা, লাজ পোৱা আৰু নিজকে দোষী অনুভৱ কৰা বা কোনো কোনো ক্ষেত্রত আগ্রাসনাত্মক হোৱাও দেখা যায় ৷
এই হতাশাবোধ সাধাৰণতে দুই প্রকাৰৰ ৷ আভ্যন্তৰীণ হতাশা বা বাহ্যিক হতাশা ৷ আপুনি কোনো এটা কাম কৰিব পৰা নাইঃ হয়তো আপোনাৰ সামর্থ্যৰ বাহিৰত বা আপুনি ইয়াৰ বাবে কোনো অনুশীলন কৰা নাই, বা আপোনাৰ সময়ৰ অভাৱ ইত্যাদি ৷ এই সকলোবোৰৰ বাবে আপোনাৰ কামফেৰা হৈ উঠা নাই, সেয়ে আপোনাৰ মন প্রতিক্রিয়াৰে ভৰি থাকে আৰু শেষত হতাশাই আগুৰি ধৰাটো স্বাভাৱিক, এইটো হল আপোনাৰ আভ্যন্তৰীণ সমস্যাৰ কাৰণে হোৱা হতাশা ৷ আকৌ কেতিয়াবা আপুনি আপোনাৰ লক্ষ্য ঠিক কৰি যাত্রা কৰিছে বাটত ভাবিব নোৱাৰা ধৰণে ড্রেফিক জাম ৷ বাট মুকলি হোৱালৈ অপেক্ষা কৰাৰ বাদে ইয়াত আপোনাৰ কৰিবলগীয়া, বর্তমান একো নাই ৷ এইক্ষেত্রত হতাশাগ্রস্ত হোৱাটো একো নতুন কথা নহয় ৷ এই বিষয়ত আমাৰ সকলোৰে অভিজ্ঞতাৰ এখন ধাৰাপাত হব ৷ এই হতাশা হৈছে বাহ্যিক হতাশা ৷ হতাশাৰ কিছু নির্দিষ্ট লক্ষণ আছে আৰু ই আমাৰ মানসিক ভাবধাৰাৰ গণ্ডীৰ ভিতৰত ৷ সাধাৰণতে হতাশাত ভুগি থকা মানুহজনে বিৰক্ত অনুভৱ কৰে আৰু লগতে অত্যধিক মানসিক চাপ অনুভৱ কৰে ৷ ইয়াৰ সাধাৰণ উপসর্গসমূহৰ ভিতৰত মনত দুখ লগা, অত্যধিক উৎকণ্ঠা, আত্মবিশ্বাস হেৰুৱাই পেলোৱা, সততে আনৰ লগত বাক–বিতণ্ডা কৰা, অত্যধিক খং কৰা, টোপনিৰ ভাব হৈ থকা, নিজকে শাৰীৰিকভাৱে নির্যাতন দিয়া, অনাহাৰে থকা বা অনিয়মিত খাদ্যাভাস বা শেষত মানসিক বিসণ্ণতাৰ বাবে মাদক দ্রব্য আদিৰ প্রতি আকৃষ্ট হোৱা আৰু সীমাহীনভাৱে টিভি চোৱা বা ভিডি গেম খেলা আদিয়েই প্রধান ৷ এইধৰণে দীঘলীয়াভাৱে হতাশাগ্রস্ত হলে মানুহৰ দুঃস্বপ্ণৰো সৃষ্টি হব পাৰে আৰু লগতে নিদ্রা হৰণো হব পাৰে ৷ ইয়াৰ ফলত ঋণাত্মক ভাবধাৰায়ো আগুৰি ধৰিব পাৰে আৰু ই হয়তো অধিক আক্রমণাত্মক আচৰণৰো কাৰক হব পাৰে, যাৰ বাবে কেতিয়াবা নিজৰ লগতে সমাজৰো বিপদ হব পাৰে ৷
মন কৰিব, এই হতাশা আমাৰ দৈনন্দিন জীবনৰ গতিধাৰাৰ এটা মাত্র অংশ ৷ গতিকে তাক ভালদৰে অনুধাৱন কৰিলে ইয়াৰ পৰা মুক্তি পাব পাৰি ৷ যিবোৰ কাৰণৰ বাবে আমাৰ মনত হতাশা আহিব পাৰে, তাক আমি চালিজাৰি চাহ আগবাঢ়িব লাগিব আৰু যিকোনো পৰিস্থিতিতে লক্ষ্যৰ পৰা বিচলিত হলে নহব ৷
‘To conquer frustration, one must remain intensely focused on the outcome, not the obstacles.’ – T. F. Hodge. ( Book : From Within I Rise).
ধৰক, আপুনি ঘৰত সময় দি থৈছিল পূজাৰ বজাৰ কৰিবলৈ যাম বুলি ৷ ঘৰত লৰা–ছোৱালী, পৰিবাৰ, আপোনাৰ বাবে অপেক্ষা কৰি কৰি ভাগৰি পৰিছে আৰু আপুনি বাটত ট্ৰেফিক জামত পৰিল ৷ এইক্ষেত্রত দুয়ো ফালৰ বাস্তৱিক অৱস্থাটো প্রত্যকৰে বাবেই চিন্তাজনক আৰু ফলাফলৰ ক্ষেত্রত অনিশ্চয়তা আছে ৷ গতিকে সকলো হতাশাগ্রস্ত হোৱাটো স্বাভাৱিক ৷ ইয়াত আপোনাৰ ক্ষেত্রত বাহ্যিক বাতাৱৰণ আপোনাৰ হতাশাৰ কাৰক আৰু ই ক্ষন্তেকীয়া ৷ আনহাতে পৰিবাৰৰ বাবে বা লৰা–ছোৱালীৰ বাবে ই হয়তো আভ্যন্তৰীণ কাৰকো হব পাৰে, ই নির্ভৰ কৰিব আপোনাৰ আগৰ অভ্যাস বা আচৰণৰ ওপৰত৷ যদি বাৰম্বাৰ এনে ধৰণৰ পৰিস্থিতি হৈ থাকে ই হয়তো ক্ষণস্থায়ী নহৈ দীঘলীয়াও হব পাৰে আৰু পাছত ইয়াৰ পার্শ্বক্রিয়ায়ো দেখা দিব পাৰে ৷
আকৌ আন ধৰণে যদি চোৱা হয়, ধৰক আপুনি পূজাৰ বজাৰ সময়ত গৈ পালে আৰু প্রথমেই শাৰীৰ দোকানত সোমাল আৰু পৰিবাৰৰ বাবে শাৰী চাবলৈ মন কৰিছে ৷ দোকানীয়ে এখনৰ পিছত এখনকৈ শাৰী দেখুৱাহ গৈ আছে ৷ গৈ আছে ! পৰিবাৰৰ পছন্দ হোৱা নাই, দোকানীয়েও লাহেকৈ আপোনাৰ ৰেঞ্জ কিমানমান হব সুধিলে, আপুনিও আপোনাৰ কথা কলে আৰু দোকানীয়ে আকৌ দেখুৱাই গল, শাৰীৰ পাহাৰ হৈ গল কিন্তু পছন্দ হোৱা নাই ৷ দুয়োৰে বাবে এই প্রক্রিয়াটো ফলপ্রসূ নহল ৷ এইক্ষেত্রত প্রত্যেকৰে বাবে যেনে দোকানীৰ, আপোনাৰ আৰু লগত যোৱা লৰা–ছোৱালী দুটাৰ হতাশাগ্রস্ত হোৱাৰ স্থল থাকে ৷ লৰা–ছোৱালী দুটাৰ বাবে নিজৰ সময় নোপোৱাৰ কাৰণে মনত নিশ্চয়কৈ আৱেগৰ জোৱাৰ উঠিব আৰু ই হয়তো হতাশাৰো কাৰক হব পাৰে ৷ কিন্তু মন কৰিবলগীয়া কথা দোকানীজনে হাঁহিমুখেৰেহ খুলি ৰখা শাৰীসমূহ পুনৰ জাপিবলৈ লাগি গল আৰু নতুন গ্রাহকক আগৰ দৰেই আগ্রহেৰে শাৰী দেখুৱাই গল ৷ তেওঁক কিন্তু একেবাৰে হতাশ হোৱা দেখা নগল ৷ এবাৰ মই মোৰ এজন দোকানী বন্ধুক এই কথা সুধিছিলো যে তোমালোকে এহদৰেই সদায় শাৰীবোৰ দেখুওৱা আৰু জাপি থোৱা তাৰ বাবে কেতিয়াবা তোমালোকৰ আমনি নালাগেনে বা হতাশ নোহোৱানে তেতিয়া তেওঁ কলে আমাৰ লক্ষ্য শাৰীখন বিক্রী কৰাতহে আমাৰ এই কাম কৰোঁতে কি হৈ আছে তাৰ প্রতি আমি নজৰ নিদিওঁ ৷ তেতিয়া মোৰ ওপৰৰ উক্তিটোলৈ মনত পৰিল ৷
সাধাৰণতে হতাশাৰ পৰা হাত সাৰিবলৈ এটা উত্তম উপায় হৈছে নিজৰ আৱেগ ত্যাগ কৰা ৷ ইয়াকে কৰিবলৈ যদি নিজেই কান্দি উঠা যায় তেতিয়া বহু সময়ত হয়াৰ ভাল ফল পোৱা যায় ৷ কাৰণ কান্দি উঠাৰ পিছত মানুহৰ মন আৰু দেহৰ সতেজতা আহৰণ হয় আৰু হ ক্রমান্বয়ে বাঢ়ি যায় ৷ সেয়ে বহু লোকে এই উপায় লোৱা দেখা যায় ৷ নতুবা কোনো বন্ধুৰ লগত ফোনত কথা পতা আৰু নিজৰ অসুবিধাৰ কথাকৈ তাৰ বাবে উপায় উলিওৱাত সহায় বিচৰা ৷ কেতিয়াবা খোজকািিবলৈ ওলাই যোৱা বা গান শুনা, মেডিটেচন কৰা, যোগাভ্যাস কৰা বা কেতিয়াবা আকৌ নিজৰ চখ্ পূৰণ কৰা, লিখা–পঢ়া কৰা আদিয়ে মনৰ গতিধাৰা কিছু সলনি কৰে৷ আৰু এইদৰেই হতাশগ্রস্ত হোৱাৰ পৰা ৰক্ষা পাব পাৰি ৷ কিন্তু পৰিস্থিতি অনুযায়ী হতাশা নাইকিয়া হোৱাৰ লগে লগে মানুহৰ মনত আৰু এটা অশান্তিয়ে গা কৰি উঠে ৷ ই হৈছে উদ্বেগ ৷ উদ্বেগ কিন্তু ক্ষণস্থায়ী নহয় ৷ ই মানুহৰ আভ্যন্তৰীণ কাৰণৰ বাবে হয়, গতিকে নিজৰ ফালৰ পৰা ইয়াৰ বিষয়ে সজাগ হৈ থকাটো অতিকৈয়ে আৱশ্যক ৷ প্রত্যকৰে ক্ষেত্রতে প্রতিদিনে বিভিন্ন উদ্বেগৰ কাৰণ থাকিব পাৰে ৷ মানুহৰ যিকোনো ক্ষেত্রত সফলতা নোপোৱাৰ বাবে হতাশাগ্রস্ত হোৱা দেখা যায় আৰু হয়েই ভৱিষ্যতৰ চিন্তাত মানুহৰ মানসিক চাপৰ সৃষ্টি কৰে আৰু পিছত হ উদ্বেগৰ কাৰণ হৈ পৰে ৷ উদ্বেগৰ ফলত মানুহৰ যিকোনো কামৰ ফলাফলপ্রাপ্তিৰ ক্ষেত্রত প্রতিবন্ধকতা আহি পৰা দেখা যায় ৷
আমি সকলোৱেই মনত ৰখা উচিত যে জীৱনটো সদায়েই মসৃণ নহয় ৷ প্রত্যকৰে ক্ষেত্রত বিভিন্ন ধৰণৰ বাধা বা অসুবিধা থাকিবই ৷ কিয়নো সদায় কাৰোবাৰ নহয় কাৰোবাৰ ক্ষতি, বাধা, অনিশ্চয়তা, দুখ, অনাকাংক্ষিত ঘটনা ইত্যাদি থাকিবই আৰু ইয়েই মানুহৰ মানসিক চাপ বৃদ্ধি কৰিব আৰু লগতে হতাশাই লগ নেৰা হব আৰু হয়তো ইয়েই উদ্বেগৰ কাৰণ হৈ পৰে ৷ গতিকে পৰিস্থিতিৰ লগত খাপ খাই ফুৰিব পৰাটোৱেই হতাশা নিৰাময়ৰ অন্যতম উপায় আৰু লগতে নিজকে সহজভাৱে লব পৰাটোৱেই উদ্বেগ নিয়ন্ত্রণ কৰাৰ উত্তম উপায় ৷
ফোনঃ ৯৮৬৪০-১৮৬৬৫
হতাশা মানসিক অশান্তিৰ কাৰক
ডাঃ কৰুণা হাজৰিকা
এদিন এজন লৰা মনৰ দুখত ৰাস্তাৰ কাষত থকা বেঞ্চত আমন–জিমনকৈ বহি আছিল৷ তাৰ দুখ এহ কাৰণেহ লাগিছিল যে তাৰ মাক–বাপেকে বহু কষ্ট কৰি তাক ডাঙৰ কৰিলে আৰু পপাহ–শুনাহ শিক্ষিত কৰিলেহ্ল, কিন্তু তাৰ এহ শিক্ষাৰ আজি কোনো ফল নাহ৷ সি কোনো কাম বিচাৰি পোৱা নাহ আৰু সি তাৰ মাক–বাপেকৰ কষ্টৰ কোনো প্রতিদান দিব পৰা নাহ৷ এহ ভাবি বহি আছিল৷ ঠিক তেনেতে এজন বৌদ্ধ ভিক্ষু সেহ ফালে গৈ আছিল আৰু তাক তেনেদৰে বহি থকা দেখা পাহ তেওঁ তাৰ ওচৰলৈ আহিল৷ ভিক্ষুজনে মৰমেৰে লৰাজনক কি কাৰণত দুখ কৰি তেনেকৈ বহি আছে সুধিলে৷ লৰাজনে নিজৰ সকলো কথা ভিক্ষুজনক বিৱৰি কলে আৰু তাৰ কিবা সমাধান আছে নেকিও সুধিলে৷ ভিক্ষুজনে হাঁহি মাৰি কলে, বাবা তুমি তোমাৰ কাম মন দি কৰি যোৱা আৰু সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা৷ হয়াকে কৈ ভিক্ষুজন আঁতৰি গল৷ লৰাজনে ভিক্ষুজনৰ পৰা একো সুবিধাজনক উত্তৰ নাপাহ বিষণ্ণ মনে আকৌ নিজৰ ঘৰলৈ গুচি আহিল৷ এহদৰেহ তাৰ কিছুদিন পাৰ হলহ্ল, কিন্তু তাৰ সমস্যাৰ কোনো সমাধান নহল৷ এদিন সি দুখ মনেৰে চিন্তা কৰি ওচৰৰে নদীৰ পাৰত বহি আছে আৰু হঠাৎ তাৰ মনলৈ বেয়া ভাৱ আহিবলৈ ধৰিলে আৰু মনতে ঠিক কৰিলে যে তাৰ আৰু জীয়াহ থকাৰ কোনো কাম নাহ৷ হয়াকে ভাবি সি চৰম পন্থা লবলৈ বুলি ঠিক কৰিলে৷ এহদৰে ভাবি থাকোঁতেহ তাৰ মনলৈ বৌদ্ধ ভিক্ষুজনৰ কথাকেহটা আহিল আৰু ভাবিলে এবাৰ ভগৱানৰ ওচৰত প্রার্থনা কৰি আহোঁ৷ ওচৰতে এটা বৌদ্ধ মন্দিৰ আছিল৷ সি ওচৰতে থকা বৌদ্ধ মন্দিৰটোলৈ সোমাহ গল আৰু ভগৱানক আৰাধনা কৰিবলৈ ধৰিলে৷ ঠিক তেনেতে সেহ বৌদ্ধ ভিক্ষুজন ভিতৰৰ পৰা ওলাহ আহিল আৰু লৰাজনক তেওঁ চিনি পালে আৰু লৰাজনক আশ্বাস দিলে৷ কিন্তু লৰাজনে বর্তমান পৰিস্থিতিৰ কথা তেওঁৰ আগত দোহাৰিলে আৰু সি যে চৰম পন্থা লবলৈ গৈ আছে তাকো কলে৷ তেতিয়া ভিক্ষুজন ভিতৰলৈ সোমাহ গল আৰু হাতত এটা সৰু গিলাচত পানী ভৰাহ আনিলে আৰু লৰাজনক দি কলে তুমি এহ তিনি চামুচ নিমখ পানীত মিহলি কৰা আৰু খোৱা৷ লৰাজনে আগ্রহেৰে পানীত তিনি চামুচ নিমখ মিহলালে আৰু খাবলৈ লৈ মুখ বিকতাহ কৈ উঠিল, তেনেহ অখাদ্য আৰু হ খাব পৰা নহয়৷ তেতিয়া ভিক্ষুজনে লৰাটোক নদীৰ পাৰলৈ লৈ গল আৰু নদীৰ পানীত ঠিক তেনেদৰে তিনি চামুচ নিমখ মিহলাবলৈ দিলে আৰু তাৰে এগিলাচ পানী তাক খাবলৈ কলে৷ লৰাজনেও নদীৰ পানীত তিনি চামুচ নিমখ মিহলালে আৰু এগিলাচ পানী ভৰাহ খালে আৰু কৈ উঠিল এতিয়া কোনো অসুবিধা নাহ৷ ভিক্ষুজনে লৰাজনক কলে চোৱা তুমি যদি তোমাৰ মানসিক গণ্ডীৰ ভিতৰত সোমাহ থাকা তুমি তোমাৰ কোনো কামৰে উচিত ফল নাপাবা আৰু যদি তোমাৰ ভাৱধাৰা মুকলি মনেৰে চিন্তা কৰা তেতিয়া প্রতিটো কামৰে উচিত ফল পাবা৷ লৰাজনেও তাৰ ভুল বুজি উঠিল আৰু নতুন উদ্যমেৰে কামৰ সন্ধানত লাগিল আৰু শেষত কৃতকার্যও হল৷
ওপৰৰ কথাখিনি এজন হতাশাগ্রস্ত লৰাৰ কাহিনী, আৰু কেনেকৈ বৌদ্ধ ভিক্ষুজনে তাৰ জীৱনৰ গতি সলনি কৰি দিলে, আমি তাৰ উমান পাওঁ৷ হতাশা হল, কিবা এটা লক্ষ্যত উপনীত হবলৈ সক্ষম নোহোৱাৰ বাবে ক্ষোভ বা ক্ষোভৰ অনুভূতি হোৱাকে বুজায়৷ হ মানসিক চাপৰ এটা আৱেগিক প্রতিক্রিয়া মাত্র৷ হতাশা সকলোৰে জীৱনত অনুভৱ হব পৰা এটা সাধাৰণ অনুভূতি৷ হয়াৰ অনুভৱ মানুহ ভেদে বেলেগ৷ কিছুমানৰ বাবে হতাশা অলপ সময়ৰ বাবে যেনে ধৰক আপুনি কৰবালৈ বুলি ওলাহ গৈছে মনত পৰিল আপোনাৰ কিবা এটা আৱশ্যকীয় বস্তু দোকানৰ পৰা লব লগা আছে৷ আপুনি দোকানলৈ সোমাহ গল দেখা পালে দোকানত বৰ ভিৰ৷ বহু চেষ্টা কৰিও আপুনি আপোনাৰ কথাটো দোকানীজনক কব পৰা নাহ আৰু আপোনাৰো সময় কমি আহিছে৷ হয়েহ হয়তো আপোনাৰ হতাশাৰ কাৰণ হৈ পৰেহ্ল, কিন্তু হ নিতান্তহ ক্ষন্তেকীয়া৷ কিন্তু আন কিছুমান হতাশা দীঘলীয়া হব পাৰে৷ যেনে ধৰক আপোনাৰ কর্মক্ষেত্রৰ কিবা কাম যিটো আপোনাৰ বাবে সহজে হৈ উঠা নাহ বা আপোনাৰ বাবে সমাধানৰ কোনো সম্ভাৱনা নাহ৷ তেতিয়া হ হয়তো দীঘলীয়াও হব পাৰে৷
আমি যদি কোনো ফলাফল নোহৱাকৈ কোনো লক্ষ্যত উপনীত হবলৈ চেষ্টা কৰোঁ বা আগবািি যাওঁ তেতিয়া আমি হতাশাগ্রস্ত হওঁ আৰু হ আমাৰ মানসিক অৱস্থাত প্রভাৱ পেলাব পৰা আৱেগবোৰক আদৰণি জনায়৷ হয়াৰ ভিতৰত হব পৰা আৱেগবোৰ হৈছে ঃ আমি আমাৰ আত্মবিশ্বাস হেৰুৱাহ পেলোৱা অৱস্থা, ক্রোধ, আক্রমণাত্মক আচৰণ কৰা, বিষণ্ণতাহ আগুৰি ধৰা, কেতিয়াবা আকৌ আত্মহননৰো ভাব হোৱা, লাজ পোৱা আৰু নিজকে দোষী অনুভৱ কৰা বা কোনো কোনো ক্ষেত্রত আগ্রাসনাত্মক হোৱাও দেখা যায়৷
এহ হতাশাবোধ সাধাৰণতে দুহ প্রকাৰৰ৷ আভ্যন্তৰীণ হতাশা বা বাহ্যিক হতাশা৷ আপুনি কোনো এটা কাম কৰিব পৰা নাহ ঃ হয়তো আপোনাৰ সামর্থ্যৰ বাহিৰত বা আপুনি হয়াৰ বাবে কোনো অনুশীলন কৰা নাহ, বা আপোনাৰ সময়ৰ অভাৱ হত্যাদি৷ এহ সকলোবোৰৰ বাবে আপোনাৰ কামফেৰা হৈ উঠা নাহ, সেয়ে আপোনাৰ মন প্রতিক্রিয়াৰে ভৰি থাকে আৰু শেষত হতাশাহ আগুৰি ধৰাটো স্বাভাৱিকহ্ল, এহটো হল আপোনাৰ আভ্যন্তৰীণ সমস্যাৰ কাৰণে হোৱা হতাশা৷ আকৌ কেতিয়াবা আপুনি আপোনাৰ লক্ষ্য ঠিক কৰি যাত্রা কৰিছে বাটত ভাবিব নোৱাৰা ধৰণে ড্রেফিক জাম৷ বাট মুকলি হোৱালৈ অপেক্ষা কৰাৰ বাদে হয়াত আপোনাৰ কৰিবলগীয়া, বর্তমান একো নাহ৷ এহক্ষেত্রত হতাশাগ্রস্ত হোৱাটো একো নতুন কথা নহয়৷ এহ বিষয়ত আমাৰ সকলোৰে অভিজ্ঞতাৰ এখন ধাৰাপাত হব৷ এহ হতাশা হৈছে বাহ্যিক হতাশা৷ হতাশাৰ কিছু নির্দিষ্ট লক্ষণ আছে আৰু হ আমাৰ মানসিক ভাবধাৰাৰ গণ্ডীৰ ভিতৰত৷ সাধাৰণতে হতাশাত ভুগি থকা মানুহজনে বিৰক্ত অনুভৱ কৰে আৰু লগতে অত্যধিক মানসিক চাপ অনুভৱ কৰে৷ হয়াৰ সাধাৰণ উপসর্গসমূহৰ ভিতৰত মনত দুখ লগা, অত্যধিক উৎকণ্ঠা, আত্মবিশ্বাস হেৰুৱাহ পেলোৱা, সততে আনৰ লগত বাক–বিতণ্ডা কৰা, অত্যধিক খং কৰা, টোপনিৰ ভাব হৈ থকা, নিজকে শাৰীৰিকভাৱে নির্যাতন দিয়া, অনাহাৰে থকা বা অনিয়মিত খাদ্যাভাস বা শেষত মানসিক বিসণ্ণতাৰ বাবে মাদক দ্রব্য আদিৰ প্রতি আকৃষ্ট হোৱা আৰু সীমাহীনভাৱে টিভি চোৱা বা ভিডি গেম খেলা আদিয়েহ প্রধান৷ এহধৰণে দীঘলীয়াভাৱে হতাশাগ্রস্ত হলে মানুহৰ দুঃস্বপ্ণৰো সৃষ্টি হব পাৰে আৰু লগতে নিদ্রা হৰণো হব পাৰে৷ হয়াৰ ফলত ঋণাত্মক ভাবধাৰায়ো আগুৰি ধৰিব পাৰে আৰু হ হয়তো অধিক আক্রমণাত্মক আচৰণৰো কাৰক হব পাৰে, যাৰ বাবে কেতিয়াবা নিজৰ লগতে সমাজৰো বিপদ হব পাৰে৷
মন কৰিব, এহ হতাশা আমাৰ দৈনন্দিন জীবনৰ গতিধাৰাৰ এটা মাত্র অংশ৷ গতিকে তাক ভালদৰে অনুধাৱন কৰিলে হয়াৰ পৰা মুক্তি পাব পাৰি৷ যিবোৰ কাৰণৰ বাবে আমাৰ মনত হতাশা আহিব পাৰে, তাক আমি চালিজাৰি চাহ আগবািিব লাগিব আৰু যিকোনো পৰিস্থিতিতে লক্ষ্যৰ পৰা বিচলিত হলে নহব৷
‘To conquer frustration, one must remain intensely focused on the outcome, not the obstacles.’ – T. F. Hodge. ( Book : From Within I Rise).
ধৰক, আপুনি ঘৰত সময় দি থৈছিল পূজাৰ বজাৰ কৰিবলৈ যাম বুলি৷ ঘৰত লৰা–ছোৱালী, পৰিবাৰ, আপোনাৰ বাবে অপেক্ষা কৰি কৰি ভাগৰি পৰিছে আৰু আপুনি বাটত ড্রেফিক জামত পৰিল৷ এহক্ষেত্রত দুয়ো ফালৰ বাস্তৱিক অৱস্থাটো প্রত্যকৰে বাবেহ চিন্তাজনক আৰু ফলাফলৰ ক্ষেত্রত অনিষ্চয়তা আছে৷ গতিকে সকলো হতাশাগ্রস্ত হোৱাটো স্বাভাৱিক৷ হয়াত আপোনাৰ ক্ষেত্রত বাহ্যিক বাতাৱৰণ আপোনাৰ হতাশাৰ কাৰক আৰু হ ক্ষন্তেকীয়া৷ আনহাতে পৰিবাৰৰ বাবে বা লৰা–ছোৱালীৰ বাবে হ হয়তো আভ্যন্তৰীণ কাৰকো হব পাৰেহ্ল, হ নির্ভৰ কৰিব আপোনাৰ আগৰ অভ্যাস বা আচৰণৰ ওপৰত৷ যদি বাৰম্বাৰ এনে ধৰণৰ পৰিস্থিতি হৈ থাকে হ হয়তো ক্ষণস্থায়ী নহৈ দীঘলীয়াও হব পাৰে আৰু পাছত হয়াৰ পার্শ্বক্রিয়ায়ো দেখা দিব পাৰে৷
আকৌ আন ধৰণে যদি চোৱা হয়, ধৰক আপুনি পূজাৰ বজাৰ সময়ত গৈ পালে আৰু প্রথমেহ শাৰীৰ দোকানত সোমাল আৰু পৰিবাৰৰ বাবে শাৰী চাবলৈ মন কৰিছে৷ দোকানীয়ে এখনৰ পিছত এখনকৈ শাৰী দেখুৱাহ গৈ আছে৷ গৈ আছে! পৰিবাৰৰ পছন্দ হোৱা নাহ, দোকানীয়েও লাহেকৈ আপোনাৰ ৰেঞ্জ কিমানমান হব সুধিলে, আপুনিও আপোনাৰ কথা কলে আৰু দোকানীয়ে আকৌ দেখুৱাহ গলহ্ল, শাৰীৰ পাহাৰ হৈ গল কিন্তু পছন্দ হোৱা নাহ৷ দুয়োৰে বাবে এহ প্রক্রিয়াটো ফলপ্রসূ নহল৷ এহক্ষেত্রত প্রত্যেকৰে বাবে যেনে দোকানীৰ, আপোনাৰ আৰু লগত যোৱা লৰা–ছোৱালী দুটাৰ হতাশাগ্রস্ত হোৱাৰ স্থল থাকে৷ লৰা–ছোৱালী দুটাৰ বাবে নিজৰ সময় নোপোৱাৰ কাৰণে মনত নিষ্চয়কৈ আৱেগৰ জোৱাৰ উঠিব আৰু হ হয়তো হতাশাৰো কাৰক হব পাৰে৷ কিন্তু মন কৰিবলগীয়া কথা দোকানীজনে হাঁহিমুখেৰেহ খুলি ৰখা শাৰীসমূহ পুনৰ জাপিবলৈ লাগি গল আৰু নতুন গ্রাহকক আগৰ দৰেহ আগ্রহেৰে শাৰী দেখুৱাহ গল৷ তেওঁক কিন্তু একেবাৰে হতাশ হোৱা দেখা নগল৷ এবাৰ মহ মোৰ এজন দোকানী বন্বুূক এহ কথা সুধিছিলো যে তোমালোকে এহদৰেহ সদায় শাৰীবোৰ দেখুওৱা আৰু জাপি থোৱা তাৰ বাবে কেতিয়াবা তোমালোকৰ আমনি নালাগেনে বা হতাশ নোহোৱানে তেতিয়া তেওঁ কলে আমাৰ লক্ষ্য শাৰীখন বিক্রী কৰাতহে আমাৰ এহ কাম কৰোঁতে কি হৈ আছে তাৰ প্রতি আমি নজৰ নিদিওঁ৷ তেতিয়া মোৰ ওপৰৰ উক্তিটোলৈ মনত পৰিল৷
সাধাৰণতে হতাশাৰ পৰা হাত সাৰিবলৈ এটা উত্তম উপায় হৈছে নিজৰ আৱেগ ত্যাগ কৰা৷ হয়াকে কৰিবলৈ যদি নিজেহ কান্দি উঠা যায় তেতিয়া বহু সময়ত হয়াৰ ভাল ফল পোৱা যায়৷ কাৰণ কান্দি উঠাৰ পিছত মানুহৰ মন আৰু দেহৰ সতেজতা আহৰণ হয় আৰু হ ক্রমান্বয়ে বািি যায়৷ সেয়ে বহু লোকে এহ উপায় লোৱা দেখা যায়৷ নতুবা কোনো বন্বুূৰ লগত ফোনত কথা পতা আৰু নিজৰ অসুবিধাৰ কথাকৈ তাৰ বাবে উপায় উলিওৱাত সহায় বিচৰা৷ কেতিয়াবা খোজকািিবলৈ ওলাহ যোৱা বা গান শুনা, মেডিটেচন কৰা, যোগাভ্যাস কৰা বা কেতিয়াবা আকৌ নিজৰ চখ্ পূৰণ কৰা, লিখা–পপা কৰা আদিয়ে মনৰ গতিধাৰা কিছু সলনি কৰে৷ আৰু এহদৰেহ হতাশগ্রস্ত হোৱাৰ পৰা ৰক্ষা পাব পাৰি৷ কিন্তু পৰিস্থিতি অনুযায়ী হতাশা নাহকিয়া হোৱাৰ লগে লগে মানুহৰ মনত আৰু এটা অশান্তিয়ে গা কৰি উঠে৷ হ হৈছে উদ্বেগ৷ উদ্বেগ কিন্তু ক্ষণস্থায়ী নহয়৷ হ মানুহৰ আভ্যন্তৰীণ কাৰণৰ বাবে হয়, গতিকে নিজৰ ফালৰ পৰা হয়াৰ বিষয়ে সজাগ হৈ থকাটো অতিকৈয়ে আৱশ্যক৷ প্রত্যকৰে ক্ষেত্রতে প্রতিদিনে বিভিন্ন উদ্বেগৰ কাৰণ থাকিব পাৰে৷ মানুহৰ যিকোনো ক্ষেত্রত সফলতা নোপোৱাৰ বাবে হতাশাগ্রস্ত হোৱা দেখা যায় আৰু হয়েহ ভৱিষ্যতৰ চিন্তাত মানুহৰ মানসিক চাপৰ সৃষ্টি কৰে আৰু পিছত হ উদ্বেগৰ কাৰণ হৈ পৰে৷ উদ্বেগৰ ফলত মানুহৰ যিকোনো কামৰ ফলাফলপ্রাপ্তিৰ ক্ষেত্রত প্রতিবন্ধকতা আহি পৰা দেখা যায়৷
আমি সকলোৱেহ মনত ৰখা উচিত যে জীৱনটো সদায়েহ মসৃণ নহয়৷ প্রত্যকৰে ক্ষেত্রত বিভিন্ন ধৰণৰ বাধা বা অসুবিধা থাকিবহ৷ কিয়নো সদায় কাৰোবাৰ নহয় কাৰোবাৰ ক্ষতি, বাধা, অনিষ্চয়তা, দুখ, অনাকাংক্ষিত ঘটনা হত্যাদি থাকিবহ আৰু হয়েহ মানুহৰ মানসিক চাপ বৃদ্ধি কৰিব আৰু লগতে হতাশাহ লগ নেৰা হব আৰু হয়তো হয়েহ উদ্বেগৰ কাৰণ হৈ পৰে৷ গতিকে পৰিস্থিতিৰ লগত খাপ খাহ ফুৰিব পৰাটোৱেহ হতাশা নিৰাময়ৰ অন্যতম উপায় আৰু লগতে নিজকে সহজভাৱে লব পৰাটোৱেহ উদ্বেগ নিয়ন্ত্রণ কৰাৰ উত্তম উপায়৷
ফোন ঃ ৯৮৬৪০-১৮৬৬৫
Comments are closed, but trackbacks and pingbacks are open.