ৰূপাঞ্জলি চেতিয়া
শীতকালৰ আবেলি নাইবা সন্ধিয়াবোৰ বৰ থুনুকা ৷ যেনিবা পছন্দৰ পুতলাটো নাপাই এই কান্দো, এই কান্দোকৈ ঠেঁহ পাতি থকা এটি শিশু ৷ যদিহে সেই থুনুকা আবেলি নাইবা সন্ধিয়াবোৰত বৰষুণ দিয়ে, তেন্তে বৰষুণৰ টোপালবোৰে বিষণ্ণতাৰ এখনি চাদৰ মেলি দিয়াৰ দৰে লাগে ৷ বৰুৱালয় নামৰ ধুনীয়া অসম আর্হিৰ ঘৰটোৰ প্রকাণ্ড চৌহদটোৰ চুক–কোণ দুপৰৰ প্রখৰ ৰদত জিলমিলাই থকা সত্ত্বেও তেনে এক বিষণ্ণতাই বিৰাজ কৰি আছে আজি ৷ এজোপা শেৱালিয়ে আলফুলে ছাঁ দি ডাঙৰ কৰা তুলসী গছজুপিৰ কাষতে ঢকঢকীয়া বগা চাদৰ এখনৰ তলত চিৰনিদ্রাৰত এজন মানুহক কোঁচত লৈ আগচোতালখনে যেন শোকৰ মালিতাহে ৰচিছে !
মানুহজন দয়ানন্দ বৰুৱা ৷ যোৱা দুটা বছৰে পক্ষাঘাত শৰীৰটো লৈ শয্যাগত অৱস্থাত থকাৰ পাছত আজি পুৱাই অন্তিম নিশ্বাস পেলালে ৷ শটো চেঁচা পৰিল কি নপৰিল, যোৱা দুবছৰ ধৰি শয্যাগত বাপেকৰ খবৰ লবলৈ আহৰি নোহোৱা পুতেকহঁতক প্রথমে খবৰ দিয়া হল ৷ কোনেও নোকোৱাকৈ এহ কথা ঠিক হল যে গুৱাহাটীত থকা ডাঙৰ পুতেক অলক আহি পালেহে শটো শ্মশানলৈ নিব ৷ বিদেশত থকা সৰুটো পুতেক বিপুল কতনো আহিব পাৰিব সকামলৈ কোনোমতে পালেহিয়েই ই ! সিমানখিনি এৰাধৰা চলে আৰু !
পেছাত এজন শিক্ষক দয়ানন্দ বৰুৱাৰ মৃত্যুৰ বাতৰিটো বৰ আকস্মিক নহয় ৷ এক কথাত তেওঁৰ মৃত্যুৰ বাতৰিটো শুনিবলৈ চিনাকি লোকসকল যেন মানসিকভাৱে সাজু হৈয়ে আছিল ৷ তথাপি মৃত্যু মানেহতো কোনোদিনেই উভতি আহিব নোৱাৰা এক যাত্রা ৷ এই যাত্রাভিমুখী যাত্রীক আপোনজনে চিৰবিদায় জনোৱাটো সকলোৰে বাবে ইমান সহজ নহয় ৷
ব্যস্ততাই বহুসময়ত সুখ নাইবা দুখ প্রকাশ কৰাৰো আহৰি নিদিয়ে ৷ আনকি সুখে উজলোৱা হিয়াৰ চমক নাইবা শোককাতৰ বুকুৰ কলা ৰঙলৈ জুমি চাবৰো অৱকাশ নাথাকে ৷ দয়ানন্দৰ পত্নী যোগপ্রভাৰো আজি তেনেই অৱস্থা ৷ সেয়ে পাৰভঙা শোকে মহটিয়াই নিব বিচৰা অন্তৰখনকো তেওঁ ব্যস্ততাৰ অচিলাৰে ভেটি ৰাখিছে ৷ কিন্তু ঢুলঢুলীয়া দুচকু, শেঁতা পৰি যোৱা মুখ এই সকলোবোৰে তেওঁৰ শোককাতৰ অন্তৰৰ প্রতিচ্ছবি স্পষ্টকৈয়ে দাঙি ধৰিছে ৷
দয়ানন্দ আৰু যোগপ্রভাহ আটোমটোকাৰীকৈ সজাই লোৱা অসম আর্হিৰ ঘৰটোৰ বহল আগচোতালখনত সিঁচৰতি হৈ বহি আছে এজাক মানুহ৷ সৰু সৰু গোটত ভাগ হৈ তেওঁলোকে কথাৰ দল বান্ধিছে নিজা নিজা চিন্তাৰে ৷ কাৰোবাৰ কথা যদি যোগপ্রভাৰ পুতেকহঁতক লৈ, আন কাৰোবাৰ আক যোগপ্রভাৰ অনাগত ভৱিষ্যতক লৈ৷ গিৰীয়েকৰ অবর্তমানত তেওঁ কাৰ লগত থাকিব, কি কৰিব, যদি ডাঙৰ পুতেক অলকৰ লগত চহৰলৈ যায়গৈ, তেন্তে এই ঘৰ–বাৰীৰ কি গতি হব ইত্যাদি ইত্যাদি অনেক কথা নিজৰ মাজতে প্রশ্নত্তোৰ শিতানৰ দৰে চলাই আছে মানুহবোৰে ৷
সকলোৱে আলোচনা কৰি থকা কথাৰ কেন্দ্রবিন্দু তেৱেঁহ, অথচ সেই কথাক সামান্যতমো গুৰুত্ব দিয়া নাই যোগপ্রভাই ৷ কেৱল সেইবোৰ কথাকহে ! তেওঁ আচলতে মানুহজন অর্থাৎ নিজৰ সদ্যপ্রয়াত স্বামী দয়ানন্দৰ বাহিৰে কাকো গুৰুত্ব দিব বিচৰা নাই ৷ দুবছৰৰ পৰা বিছনাত পৰি থকা মানুহজনক কেন্দ্র কৰিয়েহ পুৱাৰে পৰা ৰাতিলৈকে ঘূৰি থাকিছিল তেওঁৰ পৃথিৱী ৷ কিন্তু আজি চোতালৰ তুলসীজোপাৰ কাষত অন্তিম শয়নশয্যাৰত মানুহজনৰ কাষত বহি এটোপাল চকুলো পেলাবলৈকো আহৰিৰ অভাৱ ৷
হয়ে ! তেওঁ অবিহনে ঘৰখনত আৰু আছেনো কোন বিছনা লোৱা দিন ধৰি গা ধুৱাই অহা মানুহজনক শেষবাৰ নোৱাবলৈ লগা বস্তুবোৰৰ যোগাৰ তেওঁ নকৰিলে কৰিব কোনে অতবছৰে দৈনিক পিন্ধিবলগীয়া সাজযোৰ যতনাই দিয়া মানুহজনক পিন্ধাবলৈ আজি শেষযোৰ সাজ তেওঁ যতনাই নিদিলে দিব কোনে
যোগাৰ–পাতিবোৰ কৰি থোৱাই ভাল ৷ এইবোৰ কাম দিনে–পোহৰে শেষ কৰিব লাগে ৷ মিছামিছি অশান্তি নহলে ৷ গাঁৱৰে কোনোবা এজনে কলে ৷ যোগপ্রভাৰ ব্যস্ততা বাঢ়িল ৷ গোটেই জীৱন আনক অশান্তি নিদিয়াকৈ থকা মানুহজনৰ শেষযাত্রাত কিয় কোনোবাই অশান্তি পাব লাগিছে
আগচোতালৰ দেৱদাৰু গছৰ ছাঁবোৰে হেলনীয়া ভাঁজ এটা লবৰ পৰতে অলকৰ নতুন চিকচিকিয়া গাড়ীখন আহি নঙলামুখত ৰলহি ৷ ড্রাইভাৰে আস্ত–বেস্তকৈ নামি খুলি দিয়া পিছদুৱাৰেদি নামি আহিল অলক ৷ চোতালত শুৱাই থোৱা শটোৰ ওচৰত খন্তেক ৰৈ থাকিল বুকুত হাত দি ৷ তাৰ পাছত বাৰাণ্ডাত উঠিল ৷ ঘৈণীয়েকৰ অসুবিধা হেনো কিবা ৷ সেয়ে তেওঁ নাহিল ৷ মাক নাহিলে পুতেক অহাৰ কথাহ নাই ৷ সাতেপাঁচে মিলি অলক অকলে আহিল ৷ এহখিনি কথা অলকে নহয়, ড্রাইভাৰে কলে সমজুৱাৰ কাৰোবাক কাৰোবাক ৷
চোতালত জুম হৈ থকা মানুহজাকৰ ব্যস্ততা বাঢ়িল ৷ কোনোবাই অলকৰ হাতত তুলি দিয়া ঢকঢকীয়া বগা কাপোৰসাজ পিন্ধি সমজুৱাৰ নির্দেশমতে কামবোৰ কৰি গল যন্ত্রৱৎ ৷ নোৱাই–ধোৱাই নতুন সাজ গাত দিয়াই শটো চৌহদৰ বাজ কৰি নিনিয়ালৈকে যোগপ্রভাৰ ব্যস্ততা নকমিল ৷
শৱটো উলিয়াই নিয়াৰ পাছত শেষ আবেলিৰ হেঙুলীয়া ৰহণ দুগালত সানি চোতালতে বহি ৰল যোগপ্রভা ৷ অলপ আগলৈকে কথাৰ থুনুপাক উঠি থকা চোতালখন এতিয়া তেনেহ উকা ৷ যোগপ্রভাৰ মন আৰু ঘৰটোৰ দৰেই ৷ ইয়ো, কোনেনো কাক চিৰদিনলৈ সংগ দিব পাে ! মানুহবোৰৰতো বেলেগ কামো কম নহয ! যোগপ্রভাৰ ওচৰত ঘৰে–পৰিয়ালে এলাগী যেন হৈ পৰা বুঢ়ী দুগৰাকীমানৰ বাহিৰে কোনো নৰল ৷ কথা আৰু তামোলৰ পাগ সমানে উঠাই তেওঁলোক কিছুসময় বাৰাণ্ডাতে বহি থাকিল ৷ উদ্দেশ্য সদ্যবিধৱা মানুহজনীক সংগ দিয়া ৷
বৰকৈ দুখ কৰি নাথাকিবি আহ ৷ সিতো যাতনাৰ পৰা মুক্তি পালেই, আজিৰ পৰা তয়ো মুকলি হলি বুলি ধৰি ল ৷ চুবুৰিৰ যামিনী বুুীয়ে যাবলৈ ওলাই যোগপ্রভাৰ মূৰত হাত ফুৰালে ৷ উচাপ খাই উঠিল যোগপ্রভা ৷ মুকলি মানেইতো সমৃদ্ধ নহয় ৷ নহলেনো মৰুভূমিৰ মুকলি বক্ষ উদং হৈ থাকেনে যোগপ্রভাৰ বুকুখনলৈ মৰুভূমিৰ আটাহসোপা নিঃস্বতা আৰু ৰুক্ষতা যেন একেলগে নামি আহিল ৷ যামিনী বুুীয়ে মূৰত ফুৰাই দিয়া হাতখন যোগপ্রভাই আতুৰত পৰা লোকৰ দৰে খামুচি ধৰি কলে, তেওঁৰ অবিহনে মহ কেনেকৈ জীয়াই থাকিম এতিয়া পেহী কি গতি হব এতিয়া মোৰ
সিনো থকা নথকা একেই আছিলচোন আহ ৷ যোৱাকেইটা বছৰ সি জানো তোৰ ৰখীয়া হৈ আছিল তইহে আছিলি তাৰ ৰখীয়া হৈ ৷ তই ইমান বিতত হৈছ কেলেই ডাঙৰ বোপা আছে নহয় ৷ আজি আগৰ দৰে যামিনী বুুীৰ সাত্ব্ন্নাৰ সুৰে আশ্বস্ত কৰিব নোৱাৰিলে যোগপ্রভাক ৷ তেওঁতো নাজানে ডাঙৰ বোপাৰ ঘৈণীয়েকৰ অনুমতি বিনে সেইখন ঘৰৰ কুকুৰটোৱেও যে নুভুকে !
শ্মশানত শ সামৰি মানুহবোৰ উভতি আহি গা–পা ধুই আজৰি হোৱাৰ পাছতো যোগপ্রভা চোতালত বহা ভাগেই তাতে গোঁজপাতি বহিয়েহ ৰল ৷ তেওঁৰ প্রায় শূন্য হৈ পৰা মনৰ মাজত বহুদিনৰ আগতে চোৱা চিনেমাৰ ৰীলৰ দৰে ধূসৰিত কিছুমান দৃশ্যই অগাদেৱা কৰি থাকিল ৷
°°°°°°°°°°°
তেনেই নতুন এজাক মানুহৰ মাজত পুৰণি কিছুমান দায়িত্ব পালনৰ বাবে যোগপ্রভাক নতুন ঘৰ এখনলৈ অনা হৈছিল ৷ প্রত্যেক মানুহৰে নিজাকৈ কিছুমান আশা আৰু সপোন থাকে ৷ যৌৱনকালত সেই আশা আৰু সপোনবোৰৰ ৰঙেই সুকীয়া হয় ৷ যোগপ্রভাৰ বাবেও বাবে বৰ সহজ নাছিল নিজৰ আশা আৰু সপোনবোৰ পাহৰি আনৰ গিৰীয়েক, আনৰ সন্তানক নিজৰ কৰি লোৱাটো ৷ কিন্তু সেই অসহজ কামকো সহজ কৰি তুলিছিল যোগপ্রভাৰ সৰল স্বভাৱে ৷
দয়ানন্দ মাষ্টৰৰ আগৰজনী ঘৈণীয়েক ৰমলাৰ লৰা অলক আৰু বিপুল ৷ সিহঁতক ডাঙৰ কৰিবলৈ প্রয়োজন হোৱা সহায়ৰ হাতখনৰ গৰাকী যোগপ্রভা ৷ মাক আৰু মাহীমাকৰ পার্থক্য কি, সেয়া নুবুজাকৈয়ে দুয়ো যোগপ্রভাৰ আঁচলৰ তলতে ডাঙৰ হল ৷ পঢ়া–শুনাত আগবাঢ়ি নিজ মেধা গুণে দুয়ো নিজা নিজা ক্ষেত্রত প্রতিষ্ঠিত হল ৷ ডাঙৰটো লৰা অলক আঁতৰৰ চহৰ এখনত কলেজৰ চাকৰিত সোমাল ৷ তাৰেই ছোৱালী বিয়া পাতি ঘৰ–দুৱাৰ কৰি নিগাজী বাসিন্দা হল ৷ সৰুটো পুতেক বিপুলেও পঢ়া শেষ কৰি প্রথমে অসমৰ বাহিৰলৈ গৈ কেইবছৰমান পাছত বিদেশ পালেগৈ ৷ পো–বোৱাৰী, নাতি–পুতিৰ সৈতে একেলগে থাকিব বুলি হেঁপাহেৰে বন্ধোৱা পাঁচ কোঠলীয়া ঘৰটোত হজনে সিজনৰ ভৰসা হৈ ৰৈ গল দয়ানন্দ আৰু যোগপ্রভা ৷
বিপুল বিদেশলৈ গুচি যোৱাৰ পাছত ঘৰলৈ এবাৰলৈও অহা নাহ যদিও বিহুৱে–সংক্রান্তিয়ে অলক পিছে নহাকৈ নাথাকে ৷ কিন্তু পিছলৈ সি আহিলে দয়ানন্দ বৰুৱাই অশান্তিহে পোৱা হল ৷ অলকৰ ঘৈণীয়েক জিতাই কথা কবলৈ পালে চাবুকৰ কোব চলোৱাৰ দৰে চলায় ৷ বিয়াৰ আগত যোগপ্রভাক অলকৰ মাক বুলি পৰিচয় কৰোৱাই দিয়াৰ পাছতো বিয়াৰ পাছৰ পৰাই মাহী বুলিহে সম্বোধন কৰে তাহ ৷ বৰুৱাই শুনিবলৈ অশান্তি পাই অলকৰ যোগেদিয়েই দুবাৰমান কোবাইছিলো ৷ মাহীমাক হোৱা বাবে মাকৰ কোনটো দায়িত্ব পালন নকৰাকৈ আছে যোগপ্রভাই
মাহীমাকক মাহী বুলিয়েহতো মাতে ! মাক হোৱাৰ অধিকাৰ মাহীমাকৰ নাথাকে ৷ বুকু দহি নিয়া কঠুৱা উত্তৰ জিতাৰ ৷
মাহীমাকৰ মাক হোৱাৰ অধিকাৰ নাথাকে
মাহীমাকৰ কি হূদয় নাথাকে
মাহীমাকৰ কি মমতা নাথাকে
মাহীমাকৰ কামনা নাথাকে
মাহীমাকৰ আৰু কি কি নাথাকে
সন্তান জন্ম দিয়াৰ ক্ষমতা থকা সত্ত্বেও অলক আৰু বিপুলৰ প্রতি থকা দায়িত্ব পালনত কিবা ত্রুটি ৰৈ যোৱাৰ আশংকাতেহ হওক নাহবা স্বার্থপৰ হৈ যোৱাৰ ভয়তেহ হওক, নিজাকৈ সন্তান এটি জন্ম দিয়াৰ কথা যোগপ্রভাই কোনোদিনেই নাভাৱিলে ৷ সেইজনী মানুহ কি কেৱল মাহীমাক
যোগপ্রভাৰ বুকুত উমি উমি লি থকা অঙঠাৰ টুকুৰাবোৰৰ ওপৰত পৰি ৰোৱা ফুটছাইৰ চামনি, ফিৰিঙতি সকলো খুঁচৰি দি দপ্দপীয়া জুই একুৰা লাই দিয়াৰ দৰে কঠুৱা কথাবোৰ শুনাতকৈ দয়ানন্দ বৰুৱা মৌন হৈ ৰোৱা হল ৷ লাহে লাহে অলক আৰু জিতাৰো ঘৰলৈ অহাৰ সময়ৰ মাজৰ ব্যৱধান বাঢ়ি গল ৷ কেতিয়াবা অলকৰ চাকৰিৰ বাঢ়ি অহা দায়িত্বৰ দোহাই, নহলেবা পুতেক সোণমানুৰ স্কুলৰ ছুটী নিমিলাৰ অজুহাত আদিবোৰ মিলি সেই ব্যৱধান প্রথমে মাহত আৰু তাৰ পাছত ছমাহ–বছৰেক হলগৈ ৷ বেয়া নাপালে দয়ানন্দ বৰুৱায়ো ৷ ইজনে সিজনৰ পৰিপূৰক হৈ দিনবোৰ কাটি গল ভালদৰেহ ৷ সকলো ঠিকেঠাকে চলিয়েই আছিল ৷ কিন্তু দুবছৰৰ আগতে হঠাতে হোৱা পক্ষাঘাতেহে কথাবোৰত আউল লগালে ৷ তথাপি যোগপ্রভাই কোনো আক্ষেপ আৰু আপত্তি অবিহনেই সকলো সামৰি ৰাখিবলৈ যতন কৰি আছিল ৷ কিন্তু এতিয়া ভাৰ বব নোৱাৰা স্মৃতিৰ বাহিৰে যোগপ্রভাৰ একোৱেই বাকী ৰোৱাগৈ নাই ৷
°°°°°°°°°°°
কালি এমহীয়া সকামখন শেষ হল দয়ানন্দ বৰুৱাৰ ৷ ইমানদিনে আলহী–দুলহীৰে মুখৰ হৈ থকা ঘৰখন নিজম পৰিল ৷ দুয়ো পুতেক আৰু ডাঙৰ বোৱাৰীয়েক ভিতৰৰ কোঠাত বহি কিবা আলোচনাত মগন ৷ আজি আবেলিলৈ সকলো নিজৰ নিজৰ ঠিকনালৈ ওভতাৰ কথা ৷ যোগপ্রভা বাৰাণ্ডাৰ খুঁটা এটাতে আঁউজি দূৰণিলৈ ভাৱলেশহীন দৃষ্টিৰে চাহ ৰল ৷ মনৰ মাজত প্রতিটো উশাহ–নিশাহৰ সমান্তৰালকৈ এটা প্রশ্নই অগা–ডেৱা কৰি থাকিল৷
ইয়াৰ পাছত কি
ইয়াৰ পাছত কি
কিছুমান প্রশ্নৰ উত্তৰ নাথাকে ৷ যোগপ্রভায়ো উত্তৰ বিচাৰি নাপালে ৷ আচলতে বিচৰাও নাই ৷ সময়ৰ সোঁতত নিজক এৰি দিব বিচাৰিছে মাথোঁ ৷
তুমি ই য়াতনো অকলে কিয় থাকিব লাগিছে ওলাবা, আমাৰ লগতে থাকিবাগৈ ৷ সোণমানুৰো লগ এটা হব৷ গলহেকাৰি এটাৰে তেওঁৰ কাষত আহি থিয় দিয়া অলকৰ পিনে ঘূৰি চালে যোগপ্রভাই ৷ এই ঘৰটো বিক্রী কৰি দিব লাগিব ৷ মই ভাইটিৰ লগতো কথাটো আলোচনা কৰিছোঁ ৷ পৈতৃক সম্পত্তি যেতিয়া তাকোতো ভাগ দিবই লাগিব ৷ এইবাৰ দস্তুৰমত অবাক হল যোগপ্রভা ৷ দেউতাকৰ চিতাৰ জুই নুমাল কি নুনুমাল, পুতেকহঁতৰ মনত পৈতৃক সম্পত্তিৰ চিন্তাই জুই লালেই ! একো মাত নামাতিলে যোগপ্রভাই ৷ তেওঁৰ উত্তৰলৈ অপেক্ষা নকৰি কথাখিনি কৈ আকৌ বহা কোঠাত সোমালগৈ অলক৷
মানুহে অহৰহ কিহবাৰ সন্ধানত থাকে ৷ জন্ম হোৱাৰ পৰা মৃত্যুমুখত পৰালৈকে ৷
জন্ম হৈয়ে মাকৰ বুকুৰ অমৃতৰ সন্ধান,
শৈশৱত স্ফূর্তি–তামাচা আৰু খেলৰ সন্ধান,
কৈশোৰত জ্ঞান আৰু শিক্ষাৰ সন্ধান,
যুৱাৱস্থাত প্রেম তথা সংস্থাপনৰ সন্ধান,
বৃদ্ধাৱস্থাত আশ্বাস আৰু আশ্রয়ৰ সন্ধান ৷
আৰু এই সকলোবোৰৰ সমান্তৰালভাৱে মানুহে সংগী বিচাৰে ৷ সেইগৰাকী সংগী হয়তো পিতৃ–মাতৃ অথবা ভাতৃ–ভগ্ণী, বন্ধু নাইবা প্রেমাস্পদ, পত্নী অথবা পতি, জী নাইবা পুত্র হব পাৰে ৷ দয়ানন্দ পক্ষাঘাত ৰোগী হৈও সংগ দি আছিল তেওঁক ৷ কিন্তু এতিয়া যোগপ্রভাৰ সংগীনো আছে কোন বৃদ্ধাৱস্থাত এতিয়া তেওঁৰ না আশ্বাস আছে, না আছে আশ্রয় ৷ বুকুৰ সমস্ত মমতাৰ উম দি ডাঙৰ–দীঘল কৰা পুুুুতেক দুটা হেনো সতিনীৰ সন্তান৷ ইমানদিনে সকলোৱে কৈ অহা কথাষাৰ যেন এতিয়া আখৰে আখৰে ফলিয়াইছে ৷
কলৈ গল তেওঁ কত আছেগৈ সপোন আৰু দিঠকৰ সীমনাত ৰৈ ছটফটাই উঠিল যোগপ্রভা ৷ তেওঁ বাৰু আছেগৈনে বাৰীৰ চুকত জৰাটেঙা এজোপা হৈ থাকিবনে নৈখনৰ বুকুত ফুলি পদুম এজোপা হৈ যোগপ্রভাক সংগ কোনে দিব তেওঁৰ অবর্তমানত
সকলোবোৰৰ তিনিটা ভাগ হব লাগিব কিন্তু ৷ মাহী আমাৰ লগত থাকিব যেতিয়া দুটা ভাগত আমাৰেই অধিকাৰ আছে ৷ ভিতৰৰ কোঠাৰ পৰা ভাহি অহা অলকৰ পত্নী জিতাৰ মাতে তেওঁক পুনৰ চাবুকৰ কোব দি গল যেন ৷ কথাবোৰ শুনি কোনোদিনেই কোনো এটা বস্তুৰ দাবী কৰি নোপোৱা যোগপ্রভাৰ ঁকৰা খং এটা উঠি আহিল ৷ আলোচনা চলি থকা কোঠাটোলৈ খৰ খোজেৰে গপ্গপাই সোমাই গল তেওঁ ৷
জিতাই ঠিকেই কৈছে ৷ এই সম্পত্তিৰ তিনিটা ভাগ হব লাগিব ৷ প্রথমে অবাক হল সকলো ৷ তাৰ পাছত অলক আৰু জিতাৰ মুখত হাঁহি আৰু বিপুলৰ মুখত কেহেৰাজ বৰণ দেখদেখকৈ ফুটি উঠিল ৷
এই ঘৰটো মোক লাগিব ৷ এয়া মোৰ অধিকাৰ ৷ এই অধিকাৰ মোক তহঁতৰ দেউতাৰে দিছে ৷ তহঁতৰ নামত টোপনি খতি কৰা ৰাতিবোৰে দিছে, দেউতাৰক তহঁতৰ দাবী মানি লবলৈ দিয়া বুজনিবোৰে দিছে ৷ তহঁতে দেউতাৰৰ অসুখতো তেওঁৰ ওচৰলৈ আহিব নোৱাৰাৰ বাবে মন বেয়া কৰোঁতে দিয়া ফুচুলনিবোৰে এই অধিকাৰ দিছে ৷ মই কলৈকো নাযাওঁ ৷ ইয়াতে থাকিম, এই ঘৰতে ৷
কথাখিনি কৈ থাকোঁতে উঠা ফোপনিটো বুকুত সামৰিবলৈ চেষ্টা কৰি বাহিৰ ওলাই বাৰাণ্ডাৰ চকী এখনত বহি পৰিল যোগপ্রভা ৷ আইন–কানুনৰ মেৰপেঁচৰ কথা তেওঁ নাজানে ৷ অইনবোৰ সম্পত্তিও তেওঁক নালাগে, কিন্তু ঘৰখনৰ ভেটিটো কাকো এৰি নিদিয়ে ৷ এই ভেটিটো তেওঁৰ ৷ ইয়াত তেৱেঁই থাকিব ৷ যোগপ্রভাক সংগ দিব তেওঁৰ অধিকাে ! আৰু এই অধিকাৰ এৰি যোগপ্রভা কেতিয়াও কলৈকো নাযায় ৷
ফোনঃ ৯৯৫৭৭-২৩৫৫৫
Comments are closed, but trackbacks and pingbacks are open.