বর্ণালী এছ ডেকা
এগৰাকী নাৰীৰ সৌন্দর্য দুগুণে বৃদ্ধি কৰে অলংকাৰে ৷ প্রাচীন কালৰ পৰাf সৌন্দর্য সাধনাত অলংকাৰ বা গহনা প্রচলিত হৈ আহিছে ৷ গহনা হৈছে আটাহতকৈ পুৰণি প্রত্নতাত্ত্বিক আৱিষ্কাৰসমূহৰ ভিতৰত অন্যতম ৷ ইয়াৰ ভিতৰত প্রাগঐতিহাসিক কালত বিশ্বৰ আটাহতকৈ পুৰণি গহনা সাগৰীয় শামুক Nassarius gibbosulus ৰ খোলাৰ পৰা তৈয়াৰী দুটা ছিদ্রযুক্ত গুটিৰে গঠিত ৷ ইজৰাইলৰ স্কুলত এই গুটিবোৰ আৱিষ্কাৰ কৰা হৈছিল আৰু শেহতীয়াকৈ এই গুটিবোৰ ১ লাখৰ পৰা ১ লাখ ৩৫ হাজাৰ বছৰৰ আগৰ বুলি ধৰা হৈছিল ৷ তদুপৰি আদিম যুগত হাতীৰ দাঁত, জন্তুৰ নখ, সিং আদি গহনা আকাৰে পৰিধান কৰিছিল ৷ পৰিৱর্তিত সময়ত ধাতুৰ আৱিষ্কাৰ হল৷ মানুহে ধাতুৰ দ্বাৰা নির্মিত গহনা পিন্ধিবলৈ ললে ৷ সোণ, ৰূপ, তাম, পিতল আৰু ২০ শতিকাৰ শেষৰ ফালে হীৰা আৰু প্লেটিনাম গহনা বহুলভাৱে নির্মাণ হবলৈ আৰম্ভ কৰিলে ৷ ইয়াৰ উপৰি প্রযুক্তিৰ বিকাশৰ লগে লগে কৃত্রিম গহনাৰ পয়োভৰ বৃদ্ধি পাবলৈ ধৰিলে ৷ অলংকাৰ মানুহৰ শৰীৰৰ সৌন্দর্য এক অনন্য মাত্রা প্রদান কৰে, অলংকাৰৰ বাবে মানুহৰ চাহিদা সৃষ্টিৰ আৰম্ভণিৰ পৰাই ৷ পুৰুষ–মহিলা উভয়ৰে বাবে পূর্বৰে পৰা সৌন্দর্যবর্ধনত অলংকাৰসমূহ এক হেঁপাহৰ সামগ্রী হৈ আহিছে ৷ পৃথিৱীৰ প্রায় সকলো জাতিয়ে অলংকাৰ ব্যৱহাৰ কৰে ৷ জাতি আৰু সংসৃক্তি অনুসৰি অলংকাৰৰ গঠন আৰু প্রকৃতিৰ ভিন্নতা থাকে ৷ আধুনিক সভ্যতাত সোণ আৰু ৰূপৰ অলংকাৰ ব্যৱহাৰ বেছি ৷ অসমীয়া গহনাৰ ইতিহাস বহু পুৰণি ৷ অসমীয়া গহনাৰ ইতিহাস মূলতঃ আহোমসকলৰ দিনৰ পৰাই আৰম্ভ হৈছিল বুলি কব পাৰি ৷ সেই সময়ত সোৱণশিৰি নৈত সোণ পোৱা গৈছিল বুলি এক প্রবাদ আছে ৷ ইয়াত পোৱা সোণৰ কণিকাৰ বাবে এই নৈ প্রাচীন কালৰে পৰাই প্রখ্যাত ৷ অৱশ্য সোণ, ৰূপ, মণি–মুকুতা সেই সময়ত খুব সহজলভ্য আছিল বাবে ৰজাঘৰীয়াসকলে এহ গহনা বা আ–লংকাৰ প্রচুৰ পৰিমাণে পৰিধান কৰিছিল ৷ অসমীয়া গহনানো কি, এই বিষয়ে এক স্পষ্ট ধাৰণা বা বহুতৰে নিশ্চয় সীমিত ৷
অসমীয়া গহনা হৈছে এনে গহনা যত অসমৰ সংসৃক্তি প্রতিফলিত হয় ৷ অসমীয়া সংসৃক্তিৰ আটাহতকৈ উল্লেখনীয় সম্পদসমূহৰ ভিতৰত ই অন্যতম ৷ এই সম্পদবিধক এক অনন্য মাত্রা দিয়াৰ উদ্দেশ্যে আজিৰ পৰা ২৫ বছৰ পূর্বৰে পৰা আৰম্ভ কৰিছিল এক যাত্রা ৷ বহু প্রত্যাহবান আছিল, বহু ঘাত–প্রতিঘাত আছিল, তথাপি তেওঁ থমকি ৰোৱা নাছিল ৷ মনত অদম্য সাহস লৈ তেওঁ আগুৱাহ গৈছিল ৷ অসমীয়া গহনা পথাৰখনত নিজস্ব কৌশলশৈলীৰে এক সুকীয়া স্থান দখল কৰা এগৰাকী নাৰী হৈছে লখিমী বৰুৱা ভূঞা ৷
¨অসমীয়া গহনাৰ প্রতি আপুনি কেতিয়াৰ পৰা আকৃষ্ট হল ৷ কেতিয়া ভাবিলে যে মই এই দিশত কিবা এটা কৰিম
- মহ বহুত সৰুৰে পৰা এই দিশত আকর্ষিত হৈছিলোঁ ৷ মোৰ দেউতা প্রণৱ বৰুৱা আছিল এজন প্রখ্যাত চিত্রশিল্পী৷ প্রায় ৪০-৫০ বছৰ আগৰ কথা হব ৷ মই মন কৰিছিলোঁ তেওঁ পুৰণা অসমীয়া গহনাবোৰ নতুন আকাৰে চিত্রায়ণ কৰি দৃষ্টিনন্দন কৰি তুলিছিল ৷ আৰু নতুন শৈলীৰে নির্মাণ কৰিছিল ৷ যেতিয়া মোৰ বিয়াৰ পিছত মই সেই গহনাসমূহ পিন্ধিলোঁ তেতিয়া মোক লগ পোৱা প্রত্যেকগৰাকী নাৰীয়ে মোৰ গহনাবোৰৰ প্রশংসা কৰিলে আৰু প্রায়ভাগে তেনে গহনা বিচাৰিলে ৷ তেতিয়া মই ঘৰৰ পৰাই তেনেধৰণৰ অলংকাৰৰ কেহটামান ছেট প্রস্তুত কৰিবলৈ ললোঁ ৷ সেয়াই মোৰ আৰম্ভণি ৷
¨আপুনি প্রথম অৱস্থাত কেনেকৈ এহ কাম সম্ভৱ কৰিছিল ৷ বিষয়টোৱে কেনেকৈ আকর্ষিত কৰিছিল বা কেতিয়া ভাবিলে যে আপুনি এই গহনাৰ ক্ষেত্রখনত আগবাঢ়ি যাব
- যেতিয়া মই বিয়াৰ পিছত মোৰ দেউতাই বনোৱা গহনাবিলাক পিন্ধিবলৈ ললো বহুতেই মোৰ পৰা তেনে গহনা বিচাৰিলে, তেতিয়া মই অনুভৱ কৰিলোঁ যে মই এই কামটো নিপুণতাৰে কৰা উচিত ৷ লগতে আৰু এটা কথা মই অনুভৱ কৰিছিলোঁ যে নাৰী এগৰাকী আর্থিকভাৱে সবল হোৱাটো বহুত দৰকাৰী ৷ নিজস্ব কিবা এটা থকাটো নাৰী এগৰাকীৰ কাৰণে গুৰুত্বপূর্ণ কথা ৷ গতিকে মই এই কামটো হাতত ললোঁ আৰু মই দুই তিনিটা গহনা ছেট নিজে ডিজাইন কৰি সুন্দৰভাৱে যেতিয়া মানুহক হাতত তুলি দিলোঁ, তেওঁলোকে মোক প্রশংসাৰে ওপচাই পেলালে ৷ কামটোৰ প্রতি আৰু অধিক বিশ্বাস আহিল আৰু মহ ভাবিলো এই কামটো আৰু ভালকৈ জনা উচিত ৷ তাৰ কাৰণে মহ আৰু চর্চা কৰিলোঁ ৷ কাৰণ আমি যিটো কাম কৰোঁ বা কৰিবলৈ আগ্রহী সেই বিষয়টোৰ সঠিক জ্ঞান বা ভালদৰে জনাটো উচিত ৷
¨অসমীয়া গহনাৰ বজাৰখন বর্তমান যুগত আপোনাৰ দৃষ্টিত কেনে ৷
- এই প্রশ্নৰ উত্তৰ আজিৰ এহ মুহূর্তত মই একেষাৰে কম যে বর্তমান অসমীয়া গহনাৰ ক্ষেত্রখন বৰ সন্তোষজনক নহয় ৷ দৰাচলতে অসমীয়া গহনাৰ দৰে নকল গহনাই অধিকাংশ বজাৰ দখল কৰিছে ৷ দেখাত একেই ডিজাইন কিন্তু তাৰ নির্মাণশৈলী একদম নিম্ন খাপৰ ৷ কপাৰ ওপৰত এই সামগ্রী তৈয়াৰ কৰা হয় আৰু ইয়াৰ মূল্য বহুত কম ৷ অসমৰ মানুহখিনিয়েও সস্তাত লাভ কৰে বাবে কিনে, কিন্তু এহবোৰ ক্ষণস্থায়ী ৷ উল্লেখ্য যে অসমৰ এই উদ্যোগটোৰ লগত জড়িত যিসকল কাৰিকৰ সেইসকলৰ অৱস্থা এতিয়া খুব শোচনীয় ৷ কাৰণ এই নকল অসমীয়া গহনাবিলাক যেতিয়া মার্কেটত ওলাই গল তেতিয়া বছৰ বছৰ ধৰি, প্রজন্মৰ পিছত প্রজন্ম কাম কৰি খাটিখোৱা এই কাৰিকৰবিলাকৰ কাম নোহোৱা হল ৷ ফলত এতিয়া এই গোটেই উদ্যোগটোৰ লগত জড়িত প্রত্যেকগৰাকী ব্যক্তি আজি শংকিত লগতে ক্ষুব্ধও ৷
¨সাধাৰণতে অসমীয়া গহনা বুলি কলে কেৱল মেখেলা–চাদৰৰ লগত পৰিধান কৰা একপ্রকাৰৰ গহনা হিচাপে পৰিচিত আছিল ৷ কিন্তু লাহে লাহে এই গহনাৰ প্রতি আজিৰ প্রজন্মৰ আকর্ষণ বাঢ়িছে ৷ ইয়াক নতুন ৰূপত বা আধুনিক পোছাকৰ লগত ৰজিতা খুৱাই এই গহনাক নতুন দিশত উপস্থাপন কৰাৰ কিবা পৰিকল্পনা আছে নেকি
- নিশ্চয় আছে৷ হতিমধ্যে এই কাম মোৰ কন্যা অনন্যা ভূঞাহ হাতত লৈছে ৷ তেওঁ আধুনিক পোছাক বা মেখেলা–চাদৰৰ উপৰি আন আন কেছুৱে সাজসজ্জাৰ লগত কিদৰে এই গহনা পিন্ধিব পাৰিব, সেই ক্ষেত্রত বিশেষভাৱে মনোনিৱেশ কৰি আছে ৷ বিশেষকৈ ৰূপৰ ওপৰত এনে ধৰণৰ গহনা প্রস্তুত কৰি ৰাহজৰ সমাদৰ লাভ কৰিছে ৷
¨আজিৰ পৰা প্রায় ৩০ বছৰ আগতে আপুনি এই কর্মত নিজকে নিয়োজিত কৰিছিল ৷ তেতিয়া আৰু এতিয়া বহু সলনি হল ৷ আপুনি কেনেদৰে এই ব্যৱসায় কৰিম বুলি নিজকে প্রস্তুত কৰিছিল ৷
- মোৰ দেউতাই মোক খুব সুন্দৰ ময়ূৰ ছেট এটা বিয়াত দিছিল ৷ সেই গহনা বহুতে পছন্দ কৰিছিল ৷ ঠিক তেনেকুৱা গহনা বহুতে বিচাৰিলে, তেতিয়া মই ঘৰতে কিছুমান অর্ডাৰ লবলৈ আৰম্ভ কৰিলোঁ ৷ এইখিনিতে এটা কথা কব লাগিব যে আগতে অসমীয়া গহনাবিলাক মানুহে পুৰণা গহনা বুলি বৰ এটা পিন্ধিবলৈ মন কৰা নাছিল ৷ একেবাৰে ৰজাঘৰীয়া বা পুৰণি সম্ভ্রান্ত পৰিয়ালতহে এই গহনাৰ মূল্য আছিল৷ লাহে লাহে মই যেতিয়া সেই পুৰণি যেন লগা গহনাবিলাক নতুন ধৰণে ডিজাইন কৰি মানুহৰ সন্মুখত উলিয়াহ দিলোঁ তেতিয়া মানুহে আঁকোৱালি ললে ৷ সেই সময়ত অৱশ্যে আজিৰ নিচিনা ডিজিটেল মাধ্যম নাছিল যে মই ডিজাইন কৰা গহনাবিলাক ফটো তুলি কৰবাত দিব পাৰিম৷ ছপা মাধ্যমৰ কিছু সহায় লৈছিলোঁ আৰু তাৰ পিছত তাৰ পিছত ক্রমান্বয়ে মই আগবাঢ়িলোঁ ৷ এইক্ষেত্রত মোৰ শহুৰ দেউতাৰ কথা কবলৈ লাগিব তেওঁ মোক বহুত অনুপ্রেৰণা যোগাইছিল ৷ সংঘর্ষৰ কথা কবলৈ গলে বহু কথাই মনত দোলা দি যায় ৷ কষ্ট কৰিছিলোঁ কামৰ সমান্তৰালভাৱে মোৰ দুজনী ছোৱালীৰ দায়িত্বও পালন কৰিছিলোঁ ৷
¨অসমীয়া গহনাৰ ক্ষেত্রখন বৰ বিশাল ৷ সম্প্রতি বহু বিপণী মুকলি হৈছে বা অনলাহনযোগে এহ সম্পদ ক্রয় কৰাৰ বহু সুবিধা ৰাহজে গ্রহণ কৰিছে ৷ এনে পৰিপ্রেক্ষিততquality আৰুquantity মাজত সামঞ্জস্য কিদৰে বজাহ ৰাখিব ৷
- প্রথম কথা অসমীয়া গহনাসমূহৰ মূল্য কিছু বেছি ৷ এইখিনিতে কব লাগিব যে অসমৰ তিনি ঠাহত এই গহনা প্রস্তুত হয় ৷ উজনি অসমৰ যোৰহাট, মধ্য অসমৰ নগাঁও আৰু নামনি অসমৰ বৰপেটা ৷ তিনিওখন ঠাইৰে অৱশ্যে নির্মাণ শৈলী ভিন্ন ৷ নামনি অসমৰ অসমীয়া গহনাবিলাক সোণৰ ফ্রমিঙত কৰা হয় অর্থাৎ বিশুদ্ধ সোণ তেওঁলোকে ব্যৱহাৰ কৰে৷ মধ্য অসমৰ গহনাবিলাক কেঁচামাল(Raw Materials) ক্রয় কৰি আনি, সেইবোৰ নিজ গৃহত স্থাপন কৰা শালত ৰং পেপাৰৰ মাজত সুমুৱাহ গঢ়ি–পিটি কাগজৰ দৰে পাতল কৰি তোলে ৷ তাৰ পিছত সেহবোৰ অলংকাৰ প্রস্তুত কৰিবৰ বাবে ৰূপৰ ফ্রেমিং অথবা সোণৰ ফ্রেমিঙত লা ব্যৱহাৰ কৰি সুন্দৰ ৰূপ দিয়ে ৷ আৰু এটা পদ্ধতি হৈছে সোণপানী চৰোৱা ৷ ইয়াত গহনাৰ ফ্রেমটো ৰূপ বা সোণত তৈয়াৰ কৰি লোৱা হয় ৷ তাৰ পিছত হয়াৰ ওপৰত সোণৰ পাতল আৱৰণ দিয়া হয় ৷ ইয়াৰ বাবে গলোৱা সোণত ইয়াক ডুবাই বা স্প্রে যন্ত্রৰ দ্বাৰা গহনাৰ ওপৰত এটা নির্দিষ্ট অনুপাতত প্রলেপ দিয়া হয় ৷ এই পদ্ধতিটোক সোণপানী চৰোৱা বুলিও কোৱা হয় ৷ মই এই কথাখিনি উল্লেখ কৰাৰ কাৰণ এটাই যে সোণ কেতিয়াও ইমান সহজলভ্য নহয় ৷ এই যে আমি এটা এটা গগনাৰ ছেট তৈয়াৰ কৰি তাৰ অন্তৰালত বহু কষ্ট লুকাই থাকে ৷ গতিকে প্রথম কথা কুৱালিটী মেইনটেইন কৰিবলৈ আমি সদায় চেষ্টা কৰোঁ, কিন্তু আজিৰ তাৰিখত নকল গহনা চৌদিশে ভৰি পৰিছে, গতিকে এই কাৰিকৰসমূহ যিসকলে পৰম্পৰাগতভাৱে এই ধাৰাটো অব্যাহত ৰাখিছিল, তেওঁলোকে আজিৰ তাৰিখত পেটৰ ভাতমুঠিৰ বাবে বেলেগ কাম কৰিবলৈ বাধ্য হৈছে ৷ ফলত কাৰিকৰ কমি গৈছে আৰু মানুহৰ চাহিদা সদায় আছে আৰু এতিয়া অধিক বৃদ্ধি পাইছে ৷ গতিকে মহ ভাবোঁ কুৱালিটী মেইনটেইন কৰিলেহে গহনাবিধৰ মূল্য দীর্ঘম্যাদী হব ৷
¨অসমীয়া গহনাৰ ক্ষেত্রখনক লৈ আপোনাৰ পৰিকল্পনা কি
- পৰিকল্পনা মানে বর্তমান মই geographical indication চমুকৈ GI ৰ কাৰণে লাগি আছোঁ ৷ এইটো হলে আমাৰ মাজত এই নকল গহনাসমূহ কমি যাব ৷ যেনেকৈ এতিয়া আমাৰ গামোচাত এইটো সম্ভৱ হৈছে, ঠিক সেহদৰে গহনাৰ ক্ষেত্রটোত এক সঠিক পদক্ষেপ হব বুলি আশা কৰিছোঁ ৷
ফোনঃ ৯৮৬৪৪-২২৪২৮
Comments are closed, but trackbacks and pingbacks are open.