বর্ণালী এছ ডেকা
অসমৰ বোলছবি জগতত তেওঁ এক সোণালী যুগ অতিক্রম কৰিলে ৷ ৭০ৰ দশকৰ এগৰাকী কৌতুক অভিনেতাৰ কথা মনলৈ আহিলে নিশ্চয় দর্শকৰ মনত পৰে কণটিলৌ চৰিত্রটি ৷ কোনে পাহৰিব কণটিলৌক ৷ আজিও প্রতিজন অসমীয়াৰ হূদয়ত সজীৱ হৈ আছে কণটিলৌৰ নৈর্ভেজাল চৰিত্রটি ৷ মিৰেল কুদ্দুছ অসমৰ বোলছবি জগতৰ এক চিনাকি নাম ৷ কণটিলৌ চৰিত্রৰে বিখ্যাত হোৱা এইজন অভিনেতাৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ কিছু মনৰ কথা ৷ বিগত সময়ছোৱাত ছবিজগতৰ পৰা আঁতৰি আছে যদিও এটা সময়ত পূজা, মন মন্দিৰ, জীৱন সুৰভি, সাগৰলৈ বহু দূৰ, মা, বহাগৰ দুপৰীয়া, ৰঙানদী, প্রভাতী পক্ষীৰ গান, সেন্দূৰ, প্রতিশোধ, ধ্রুৱতৰাকে ধৰি প্রায় ৩৬খন ছবি আৰু ২০০খনতকৈ অধিক নাটকত নিজৰ অভিনয় প্রতিভা প্রদর্শন কৰা এহজন অভিনেতাৰ লগত হোৱা এক কথোপকথন আইনৰ আলাপত আগবঢ়ালোঁ
আপুনি অসমীয়া চলচিচত্র জগতত এক সোণালী অতীত পাৰ কৰিছে ৷ ৭০ৰ দশকত আপুনি চিনেমা কৰিম বুলি কেনেকৈ ভাবিলে আৰু সেহ সময়ত শিল্পী সমাজৰ বা আপুনি যিসকলৰ লগত কাম কৰিছিল তেওঁলোকৰ সহযোগিতা হওক অথবা অভিনয়ৰ সেহ সময়ৰ অভিজ্ঞতা অলপ কওক ৷
- মানে আমাৰ সময়ৰ কথাবোৰ বহু বেলেগ আছিল ৷ এক সাংসৃক্তিক পৰিয়ালত মই জন্ম গ্রহণ কৰিছিলোঁ ৷ মোৰ আটাইকেইগৰাকী বাইদেউ অনাতাঁৰ শিল্পী আছিল ৷ আগবঢ়াই খুব ভাল হাৰমনিয়াম বজাহছিল ৷ সৰুৰে পৰা মোৰ অভিনয়ৰ প্রতি নিচা আছিল ৷ মই মঞ্চ অভিনয় কৰিছিলোঁ ৷ এইখিনিতে নিউ আর্ট প্লেয়ার্ছৰ কথা কবই লাগিব ৷ ৱাই টি জিৰ আন এক অৱদান আছে ৷ মঞ্চত কৰা অভিনয় প্রত্যক্ষ কৰি ছবি কৰিবলৈ মোক অফাৰ দিছিল ৷ প্রকৃততে নাটকৰ মানুহ মই ৷ অভিনয় শিকিছোঁ দুলাল ৰয়ৰ পৰা ৷ তেওঁৰ প্রতি মই সদায়ে কৃতজ্ঞ৷ তেনেকৈ মই আগবাঢ়িলোঁ ৷ এতিয়া কথাখিনি বৰ কব নোৱাৰিম ৷ যোগাযোগবোৰ নাহ যে ৷ দৰাচলতে আগৰ টিভি তেওঁ হওক বা মঞ্চতেই হওক অভিনয় প্রত্যাহ্বান আছিল ৷ আমাৰ সময়ত অভিনয় আছিল আগ্রহ ৷ মঞ্চখন আছিল প্রতিভা প্রদর্শন কৰাৰ এক মাধ্যম ৷ নিজৰ দক্ষতা দেখুওৱাটো সেই সময়ত কমার্চিয়েল নাছিল ৷ তেতিয়া উপার্জন হিচাপে লোৱা নাছিল ৷ এতিয়া অভিনয় হল উপার্জনৰ অন্য এক উপায় ৷ ছবি বহুত নির্মাণ হৈছিল, কিন্তু হলসমূহত হিন্দী ছবিৰ দপ্দপনিৰ বাবে অসমীয়া ছবি চলাবলৈ টান পাইছিল ৷ তথাপি আমি চিনেমা কৰিছিলোঁ ৷ আমোদকৰ নিজে সংগ্রহ কৰিছিলোঁ ৷ এখন ছবিৰ আমোদকৰ ওভতাই আনিবলৈ ৫-৬ বছৰ লাগিছিল ৷ বহু কষ্ট হৈছিল ৷ আজিৰ নিচিনা সুবিধা নাছিল ৷ যোগাযোগ বা যাতায়াততে হওক দুয়োটাতে যথেষ্ট অসুবিধা পাইছিলোঁ ৷ কিন্তু শিল্পীসকলৰ সহযোগিতা সাংঘাতিক আছিল ৷ তেতিয়া এখন গাড়ী আৰু বহু দূৰ–দূৰণিৰ পৰা কলা–কুশলীসকলক এজন এজনকৈ আনিব লগা হৈছিল ৷ এজন শিল্পী যদি পুৱা ৯টাত পাইছিল ৷ তেন্তে আনজন আকৌ দুপৰীয়া ২টাত ৷ কিন্তু কোনো শিল্পীৰ মাজত তিলমানো ক্লেছ নাছিল ৷
- কণটিলৌ চৰিত্রটো অসমীয়া ছবিজগতৰ এক চিনাকি নাম ৷ আপোনাক অসমৰ দর্শকে কণটিলৌ বুলিয়েই জানে ৷ এই নাম বা চৰিত্রটো প্রতি আপোনাৰ আৱেগ কেনেকুৱা আৰু চৰিত্রটোৰ বাবে আপোনাক কেনেদৰে বাছনি কৰা হল ৷
- হয় ৷ কণটিলৌ চৰিত্রটো মোৰ বৰ প্রিয় ৷ সেই চৰিত্র ৰূপায়ণ কৰাৰ আঁৰৰ কাহিনীভাগ হল নেৰেশ কুমাৰৰ এখন হিন্দী ছবি অসমীয়ালৈ অনুবাদ কৰাৰ উদ্দেশ্যে ব্রজেন বৰাক মুম্বাইলৈ মাতি পঠিয়াইছিল ৷ ছবিখনৰ নাম আছিল জীৱন সুৰভি ৷ ছবিখনত এটা দ্বৈত চৰিত্রত অভিনয় কৰাৰ বাবে অভিনেতা বিচৰাত লাগিল ৷ চৰিত্রটো মুখ্য নহয় যদিও অভিজ্ঞ শিল্পী হব লাগিব ৷ সেইখিনি সময়ত মই ৬-৭ খন মান ছবি কৰি মানুহৰ দৃষ্টিগোচৰ হৈছিলোঁ ৷ কেইবাজনৰো অডিচন ললে ৷ শেষত মোক নির্বাচ কৰিলে ৷ সেই চৰিত্রটো মোৰ অভিনয় জীৱনৰ গতিয়েই সলনি কৰি দিলে ৷ ছবিখনৰ দৃশ্যগ্রহণৰ সময়ত পৰিচালকে পাছফালে চাই হাঁহি থাকে ৷ খুব আমোদ লৈছিল প্রতিজনে ৷ একপ্রকাৰ টার্নিং পইণ্ট বুলি অকপটে স্বীকাৰ কৰোঁ ৷
- বর্তমান অসমৰ ছবিজগতৰ কৌতুক শিল্পী অথবা কৌতুক চিনেমা দুয়োটা বিষয়ত আপোনাৰ মতামত কি
- মানুহে হাঁহি ভাল পায়৷ কমেডী কিন্তু সহজ নহয় ৷ দর্শকক হঁহুৱাবলৈ অভিনেতাজনে নিজে হাঁহিব নালাগে, কিন্তু দর্শকৰ চকুত চকুপানী আনিবলৈ হলে কিন্তু এজন অভিনেতাই প্রকৃত অভিনয় কৰিব লাগিব ৷ তেওঁ কান্দিব লাগিব ৷ কিন্তু এজন পৰিচালকৰ বহু দায়িত্ব থাকে ৷ পৰিচালকজনে এজন অভিনেতা কোন দিশত পার্গত, সেই কথা উপলব্ধি কৰি অভিনয় দক্ষতা আদায় কৰিব পাৰিব লাগিব বা সেই কৌশল জানিব লাগিব ৷ অসমতো বহু নতুন নতুন অভিনেতা–ভিনেত্রী আছে ৷ ক
- মেডী চিনেমা এখন প্রতিজনেহ কমেডী কৰিব জানিব লাগিব ৷ ফর্চফুল কমেডী কৰি লাভ নাই ৷ শেহতীয়াকৈ মই দেখিছোঁ খুব কম বাজেটৰ কমেডী ছবিয়ে দর্শক ৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
- অসমীয়া চিনেমা এতিয়া বহু উন্নত হল ৷ সেয়া লাগিলে কাৰিকৰী দিশতেহ হক বা অন্য বিভিন্ন দিশতেই হওক ৷ সম্পৰীক্ষাও চলিছে ৷ এয়া হতিবাচক নে ইয়াক কিদৰে সমালোচনা কৰিব ৷
- সম্পৰীক্ষা চলাটো ভাল ৷ এয়া নিশ্চয় ইতিবাচক ৷ কিন্তু কাৰিকৰী বা আন দিশত উন্নত হৈছে যদিও অসমীয়া ছবিত মই ব্যক্তিগতভাৱে ভাবোঁ যে উন্নত বা সুদক্ষ প্রশিক্ষকৰ অভাৱ ৷ তদুপৰি প্রতিভাক সাধনা হিচাপে লব লাগিব ৷ বৃত্তিগত হিচাপে নহয় ৷ তথাপিও তাৰ মাজতে কিছু ভাল ছবি দর্শকে চাবলৈ পাইছে ৷ কিছু আন্তঃৰাষ্ট্রীয় পর্যায়ত সন্মানিত হৈছে ৷ আমি আশাবাদী ৷
ছবিজগতৰ আপোনাৰ আটাহতকৈ স্মৰণীয় মুহূর্ত কি বাৰু
- এটা কথা মনত পৰে খুব ৷ প্রতিদান ছবিখনৰ দৃশ্যগ্রহণৰ সময়ত টীয়কত আছিল সেই ছবিখনৰ শ্বুটিং ৷ আমি যত বাহৰ পাতি আছিলোঁ তাৰ ঠিক ওচৰতে এটা নামঘৰ আছিল ৷ মই কাষেদি যেতিয়া পাৰ হৈ যাওঁ যেনেকৈ মই মছজিদৰ সন্মুখত মূৰ দেদাৱাওঁ, ঠিক নামঘৰৰ সন্মুখেৰে গলে শ্রদ্ধাত আপোনা আপুনি ভক্তিভাৱ আহে, মই এখন্তেক ৰৈ নেদেখাজনক ভাবোঁ ৷ এদিন মই তাৰে ওচৰৰ এজনক কলোঁ যে মই ইয়াতে এখন শৰাই আগবঢ়াব খোজোঁ ৷ মোক অনুমতি দিবনে ৷ তেওঁলোকে কলে আৰে কিয় নোৱাৰিব ৷ আপুনি নিশ্চয় পাৰিব ৷ ওচৰ–চুবুৰীয়াৰ মাজত কথাটো প্রচাৰ হল ৷ মোক চাবলৈ বহু মানুহৰ সমাগম ঘটিল ৷ মই সম্পূর্ণ অসমীয়া সাজ পৰিধান কৰি নামঘৰত প্রৱেশ কৰিলোঁ ৷ শৰাই আগবঢ়ালোঁ ৷ নাম–প্রসংগত ভাগ ললোঁ ৷ সেয়া মোৰ জীৱনৰ এক পহৰিব নোৱাৰা কথা ৷ আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ ৷ এবাৰ এনে শ্বুটিঙৰ সময়ৰ কথা ৷ মোৰ নামাজ পঢ়িব সময় হৈছিল ৷ মই গছ এজোপাৰ তলত কাপোৰ এখন পাৰি নামাজ পঢ়িবলৈ যো–জা চলাই আছিলোঁ ৷ ঠিক তেনেতে এজন কিশোৰে মাত লগালে কলে আপুনি হয়াত নামাজ পঢ়িব নালাগে, মোৰ ঘৰলৈ বলক ৷ মহ আচৰিত হলোঁ ৷ কলোঁ তোমাৰ ঘৰত মই কেনেকৈ নামাজ পঢ়িম ৷ তেওঁ মোৰ একো কথাই মানিব নুখুজিলে ৷ একদম আঁকোৰগোজ হৈ মোক তেওঁলোকৰ ঘৰলৈ লৈ গল ৷ এটা কোঠাত এখন নতুন কাপোৰ পাৰি দিলে ৷ সেই কাৰবাৰ দেখি একেবাৰে ভাবুক হৈ পৰিলোঁ ৷ এতিয়াও ভাবিলে মই আৱেগিক হৈ পৰোঁ ৷
আপোনাৰ প্রিয় অভিনেতা–ভিনেত্রী কোন
- মই দিলীপ কুমাৰৰ ছবি খুব চাইছিলোঁ ৷ অমিতাভ বচ্চন প্রিয় ৷ তাৰ বাদে অসমীয়া বুলি কলে নিঃসন্দেহে ব্রজেন বৰাৰ নাম লবই লাগিব আৰু নিজৰ প্রিন্সিপলত চলা এজন মানুহ আছিল মুনীন বৰুৱা৷ হয়াৰ উপৰি নিপ বৰুৱাৰ গোটেই পৰিয়াল উল্লেখনীয় ৷
- কণটিলৌ চৰিত্রটোৰ বাহিৰে আপোনাৰ প্রিয় চৰিত্র কোনটো
- চৰিত্রৰ ভিতৰত মুনীন বৰুৱা পৰিচালিত মন–মন্দিৰৰ বীৰেন নামৰ কমেডী চৰিত্রটো কৰি মহ বৰ তৃপ্তি পাইছিলোঁ ৷ আচলতে চৰিত্রটো ৰূপায়ণ কৰাৰ ক্ষেত্রত মই সম্পূর্ণ স্বাধীনতা লাভ কৰিছিলোঁ ৷ মুনীন বৰুৱাই মোক এটা কথাই কৈছিল যে মিৰেল এইটো তোমাৰ চৰিত্র, তুমি নিজৰ মতে কৰা ৷ আচলতে মই ভাবোঁ এজন অভিনেতাই সেইখিনি স্বাধীনতা পাব লাগে ৷ তেতিয়াহে প্রকৃত অভিনয় প্রতিভা প্রকাশ পায় ৷
আপুনি হঠাৎ ছবিজগতৰ পৰা আঁতৰি আহিল ৷ ইয়াৰ কাৰণ কি জানিব পাৰিনে
- মোৰ শেষ ছবি দেৱতা আছিল ৷ ছবি এৰাৰ মূল কাৰণ হল মই অলপ আধ্যাত্মিক দিশত ধাৱমান হলোঁ ৷ হজলৈ গলোঁ ৷ মই গীতা, ৰামায়ণ, কোৰান, বাহবেল সকলো গ্রন্থ পঢ়িছোঁ ৷ ধর্মীয় শিক্ষাও প্রদান কৰিছোঁ বহু ঠাইত ৷ গতিকে ঈশ্বৰৰ নামত জীৱনৰ বাকী সময়ছোৱা কটাব বিচাৰিলোঁ ৷ সেয়ে ছবি বাদ পৰিল ৷
আপোনাৰ বর্তমান জীৱনশৈলী কেনেকুৱা
- মোৰ জীৱনশৈলী তেনেহ সাধাৰণ ৷ পুৱা সোনকালে শোৱাপাটী এৰোঁ ৷ দেখাত অর্থড যদিও মহ গোড়া নহয় ৷ খোৱা–বোৱাৰ ক্ষেত্রতো বেছি ৰিছ ফুড নাখাওঁ ৷ শাক–পাচলি প্রিয় ৷ চিৰা মুড়ি মোৰ বৰ প্রিয় খাদ্য ৷
এতিয়া ছবি অফাৰ পালে কৰিবনে
- এতিয়া সেই আগৰ উৎসাহ নাই ৷ ছবি পালেও নকৰোঁ ৷ সঁচা কথা কব গলে এতিয়া কেমেৰাৰ মুখামুখি হোৱাৰ সাহস নাই ৷
ফোনঃ ৯৮৬৪৪-২২৪২৮
Comments are closed, but trackbacks and pingbacks are open.