সৌভাগ্যবর্ধনৰ বাবে সজাওক আপোনাৰ ঘৰখন
ডঃ কৰবী বেজবৰুৱা
ঘৰ এখন সজোৱাৰ হেঁপাহ প্রতিগৰাকী গৃহিণীৰে অন্তৰত থাকে ৷ নিজৰ মতে নিজৰ অভিৰুচি, পছন্দ, ৰং, হেঁপাহেৰে প্রতিগৰাকী গৃহিণীয়ে হওক বা প্রতিখন ঘৰৰ মহিলা, যুৱতীসকলক প্রায়ে ঘৰ এখন আটোমটোকাৰীকৈ সজোৱা দেখা যায় ৷ ঘৰ সৰু হওক বা ডাঙৰ হওক ৰুচিপূর্ণ হাতৰ পৰশেৰে সজোৱা ঘৰ এখনত সোমোৱাৰ লগে লগে আনন্দ, শান্তি আৰু পৰিপূর্ণতা অনুভৱ হয় ৷ ঘৰখন সজোৱাৰ ক্ষেত্রত বাস্তু দিশটো মনত ৰাখি যদি বিভিন্ন ধৰণৰ সেউজীয়া গছ বা গছৰ পুলি ফুল ক্রিষ্টেল, ফেংছুই সামগ্রী ইত্যাদি ব্যৱহাৰ কৰা হয়, তেন্তে সোণত সুৱগা চৰিব, কিয়নো ই ঘৰখনৰ সৌন্দর্যত অনন্য মাত্রা প্রদান কৰাৰ লগতে ঘৰখনত বাস্তুদোষ আঁতৰাব, লগতে ঘৰখনলৈ ধনাত্মক শক্তি প্রৱাহিত কৰিব ৷
ঘৰ সজোৱাৰ ক্ষেত্রত আজিকালি বিশেষকৈ সজীৱ গছ–গছনিৰ ব্যৱহাৰ প্রচলিত হৈ আছে বা বুলি কব পাৰি ৷ বিভিন্ন সামাজিক মাধ্যমত আমি এই গছ–গছনিৰ ব্যৱহাৰ লিভিং ৰুম, বেডৰুমত সঘনাই দেখিবলৈ পাওঁ ৷ এনথুৰিয়াম, পিচ লিলী, স্নেক প্লাণ্ট, তুলসী, বেম্বো প্লাণ্ট, মানী প্লাণ্ট, জেড প্লাণ্ট, ৰাবাৰ প্লাণ্ট, এলোভেৰা, জেচমিন ইত্যাদি বহুবিধ ঘৰৰ ভিতৰত ৰাখিব পৰা গছ থাকে, যাক আমি ঘৰৰ বিভিন্ন কোণ বা কোঠাত ৰাখিব পাৰোঁ ৷ ঘৰৰ মুখ্য দুৱাৰৰ কাষত ৰাখিব পাৰে তুলসী, মানী প্লাণ্ট, জেচমিন ইত্যাদি ৷ শোৱনি কোঠাত তেনেদৰে বেম্বো প্লাণ্ট, স্নেক প্লাণ্ট, পিচ লিলী, জেছমিন আৰু লেভেটাৰ পুলি বা গছ শোৱনিকোঠাত ৰাখিব পাৰে ৷ লিভিং ৰুম বা বহা কোঠাত এনথুৰিয়াম, জেড প্লাণ্ট, পিচ লিলী, এলভেৰা, স্নেক প্লাণ্ট ইত্যাদি ৰাখিব পাৰে ৷ ইয়াৰ উপৰি বহু প্রকাৰৰ অর্কিড, ৰাবাৰ প্লাণ্ট একাদিক্রমে দক্ষিণ–পষ্চিম আৰু দক্ষিণ–পূবত ৰাখিব, যিয়ে ঘৰখনলৈ ধনাত্মক শক্তি, সৌভাগ্য, আর্থিক সচ্ছলতা টানি আনিব বুলি বিশ্বাস কৰা হয় ৷
সৌভাগ্য, সিদ্ধি আৰু আর্থিক সমৃদ্ধি বৃদ্ধিৰ বাবে লাফিং বুদ্ধৰ মূর্তি মাটিৰ পৰা ৩০ ইঞ্চি ওখত মুখ্য দুৱাৰৰ ফালে মুখ কৰি থব৷ লাফিঙৰ মূর্তি কেতিয়াও পাকঘৰ বা বেডৰুমত নথব ৷ এই মূর্তিৰ কেতিয়াও পূজা কৰা নহয়, মাত্র সৌভাগ্যদায়ক প্রতীক হিচাপে সজোৱাৰ বাবে ব্যৱহাৰ কৰা হয় ৷
মুখত তিনিটা মুদ্রা লৈ থকা তিনিঠেঙীয়া ভেঁকুলীকো সৌভাগ্যবর্ধক হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷ মনত ৰাখিব যাতে ভেঁকুলীৰ মুখখন ঘৰৰ ভিতৰলৈ থাকে ৷ প্রধান দুৱাৰৰ কাষত ঘৰৰ ভিতৰলৈ মুখ কৰি ৰাখিব ৷ এই মূর্তিক কেতিয়াও পাকঘৰ বা ভুলতেও বাথৰুমত নথব ৷ পুৰণি হৈ গলে বা ভাঙিলে পানীত উটুৱাই দিব ৷ কিন্তু আৱর্জনাৰ লগত কেতিয়াও নথব অথবা ষ্টোৰ ৰুমত নথব ৷
দাম্পত্যত বান্ধোন সুদৃ কৰিবলৈ ঘৰৰ দক্ষিণ–পষ্চিম কোণত লাভ বার্ডছ ৰাখিব ৷ শোৱনি ঘৰৰ দক্ষিণ–পষ্চিম কোণতো ইয়াক ৰাখিব পাৰে ৷ বিবাহ ইচ্ছুক অবিবাহিতৰ কোঠত মাণ্ডাৰিন ডাক ৰাখিব পাৰে ৷
সৌভাগ্য বৃদ্ধিৰ বাবে ঘৰত একুৰিয়াম ৰাখিব পাৰে৷ ৯টা মাছ সৌভাগ্যৰ প্রতীক বুলি কোৱা হয় ৷ ৰঙা বা সোণালী ৰঙৰ ৮টা মাছ আৰু কলা ৰঙৰ এটা মাছ একেলগে একুৰিয়াম বা মাছৰ যিকোনো আধাৰত ৰাখিব পাৰে ৷ মাছ যদি মৰি যায়, তেন্তে তাক লগে লগে সলনি কৰি নতুনকৈ থব৷ জীৱন্ত মাছ ৰাখিবলৈ অসুবিধা হলে নীলা ডলফিনে খেলি থকা ফটো ব্যৱহাৰ কৰিব পাৰে ৷
ঘৰৰ প্রধান দুৱাৰৰ বাহিৰত দর্জাৰ দুপাশে স্বস্তিক, ওখ ত্রিশূল চিহ্ণ লগাব পাৰে৷ পাৰিবাৰিক সম্পর্ক মধুৰ ৰাখিবলৈ অথবা পাৰিবাৰিক একতা বজাই ৰাখিবলৈ ঘৰৰ দক্ষিণ–পষ্চিম দিশত হাঁহি থকা পৰিয়ালৰ গ্রুপ ফটো এখনো থব পাৰে৷ সন্তানৰ পপা–শুনাৰ উন্নতিৰ বাবে ঘৰৰ উত্তৰ–পূব কোণত স্ফটিকৰ বল ওলোমাই দিব পাৰে৷ ঘৰৰ বাথৰুম বা শৌচাগাৰ সদায় চাফা কৰি ৰাখিব৷ প্রতিদিনে সম্ভৱ নহলেও সপ্তাহত এবাৰকৈ ফেনাইল বা অন্যান্য তেনে তৰলীকৃত দ্রব্যৰে চাফা কৰিব ৷ বাথৰুমত ষ্টিলৰ গিলাচ বা বাটিত সামুদ্রিক লৱন ভৰাই থব ৷ প্রতি ৬ মাহৰ মূৰে মূৰে নিমখখিনি সলাই নতুনকৈ ভৰাই থব৷ বাঁহগছ দীর্ঘ জীৱন, সুস্বাস্থ্য, সৌভাগ্যৰ প্রতীক৷ ঘৰ বা অফিচত বাঁহ গছৰ ছবি লগাব পাৰে৷ দোকান বা অফিচৰ প্রধান প্রৱেশদ্বাৰৰ বিপৰীত দিশৰ বেৰত এযোৰা সৰু বাঁহ ৰঙা সূতাৰে বান্ধি ওলোমাই দিব পাৰে ৷ বাঁহ দুটুকুৰাৰ মুখ দুখন দুইমূৰে খোলা হব লাগে আৰু প্রায় ৬ৰ পৰা ৮ ইঞ্চি দীঘল হব লাগে ৷ দোকান, ব্যৱসায়িক প্রতিষ্ঠান বা ঘৰৰ কেছবক্সত সদায় আইনা ব্যৱহাৰ কৰিব৷ স্ফটিকৰ সাত ৰঙৰ গছ ঘৰৰ উত্তৰ–পষ্চিম বা দক্ষিণ–পূবত ৰাখিব পাৰে ৷ বিবাহিত জীৱনত সুখৰ বাবে ঘৰৰ বা শোৱাকোঠাৰ দক্ষিণ–পষ্চিম কোণত যোৰা হাঁহৰ ফটো বা মূর্তি ৰাখিব ৷
হাতত ক্রিষ্টেলৰ বিভিন্ন ধৰণৰ ব্রেছলেট পিন্ধিব পাৰে ৷ ইয়াৰ উপৰি টাইগার্ছ, আই গ্রীন এভেনচাৰ, ৰোজ কুৱার্টজ এমেথিষ্ট ইত্যাদিৰ লকেট বিভিন্ন আকৃতিৰ ডিঙিত পিন্ধিব পাৰে ৷ ইয়াৰ উপৰি টাৰমোলাইন স্ফটিক মানসিক শান্তি তথা সংকটময় পৰিস্থিতিৰ পৰা বাচিবলৈ পিন্ধিব পাৰে ৷
Comments are closed, but trackbacks and pingbacks are open.