অহাৰ দৰেই উভতি আঁতৰি গলা

0 752

দিগন্ত কুমাৰ নাথ

অহাৰ দৰেই বাটে বাটে ফুল সিঁচি থৈ গলা ৷ ভৰ বাৰিষাৰ মেঘ হৈ আহিছিলা ৷ অনামী অনুভৱৰ চিৰসুন্দৰৰ মাজলৈ মোক কিয় আঁজুৰি নিলা বর্ষাঘন পৃথিৱী পথৰ ধূলি তিয়াই মোক লৈ গলা ৷ ইয়াত কেৱল আপোন আপোন গোন্ধ ৷ এখন আপোন হাত ৷  এখন আপোন মুখ ৷ সময়ো যত একান্তই আপোন ৷ আপোনৰ মাজত নাথাকে বাধা–নিষেধ ৷ কষ্ট হয়, সময় লয় ৷ অথচ আপোনেই আপোন হৈ ৰয় ৷ আপোনেই বিচাৰিব জানে আপোনক৷ বৰণীয় সজা সজাল কৰা দিনবোৰৰ মাজলৈ গৈ সেয়ে তোমাক সুধিবৰ মন নদীৰ সোঁতত কোনোকালে ভাগৰি নপৰা বঠাডাল কিয় পৰি ৰল বালিচৰত মোহনাত কিয় লাগি ৰল ঢৌ

বুকুভৰা অভিমানত লেটিয়াই এদিন তুমিয়েতো লিখিছিলা সাধু এটাৰ দৰেই লাগে আমাৰ কথা৷ তুমি আছিলা, মোৰ জীৱনৰ সকলো আছিল৷ তুমি নাই ৷ মোৰ একো নাই ৷ পিছে মই তোমাক কঢ়িয়াই লৈ ফুৰোঁ দেহৰ এটা অংগৰ দৰে ৷ তোমাৰ অস্তিত্ব অহৰহ বৈ থাকে মোৰ সৈতে ৷ কেতিয়াবা উশাহ লবলৈ পাহৰিলেও খন্তেকৰ বাবে নাপাহৰো তোমাক ৷ ভাবিবও নোৱাৰোঁ তুমি নাই ৷ তোমাক ভাল পাওঁ ৷ এয়াই সঁচা ৷ তুমি মোৰ পৃথিৱী, সেয়াও সমানেই সঁচা ৷

আগতে হোৱা হলে হীৰুদাৰ কবিতা এফাঁকিৰেই বুজনি দিলোঁহেঁতেন ইমান অলপতে বিচলিত হলে তোমাৰ বাৰু কেনেকৈ চলে শেলুৱা আন্ধাৰে মোক কাণে কাণে কলে ৷ জোনাক গলা জাৰৰ নিশা সুগন্ধি পখিলাৰ উমত আমাৰ পৃথিৱীৰ ঠেহ–পেচ–ভেম ভঙাৰ আৰু এটা যাত্রাই উক্মুকনি তুলিলেহিহেঁতেন ৷ শেলুৱা আন্ধাৰে কাণে কাণে আকৌ এবাৰ সুধিলেহেঁতেন বিচলিত হলে তোমাৰ বাৰু কেনেকৈ চলে

হয়, ময়ো বিশ্বাস কৰোঁ ৷ পুৰুষ জীৱনৰ আঁৰত থাকে একোগৰাকী নাৰীৰ অস্তিত্ব, যাক কেতিয়াও পাহৰিব নোৱাৰি ৷ গোটেই জীৱন বৈ লৈ ফুৰিব লাগে ৷ যেনেদৰে মই তোমাক ৷ তুমি মোক ৷ মনত পেলাবনো কিয় লাগে নাটঘৰত কবি নলিনীবালাই কোৱা সাগৰ–বালিত সজা ধেমালিৰ বালিঘৰৰ কথা ৷ দিঠকৰ মৰীচিকা, সপোনৰ ছবি আৰু যে কত কথা ৷ আমিতো ধেমালিৰ বালিঘৰ সজাৰ কথাৰ নাছিল ৷ জীৱনৰ ভাওনাত ভাও লৈ বেজাৰ লগা দিনবোৰত ভাগৰো জুৰোৱা নাছিল ৷ ক্ষণস্থায়ী অনুভূতিৰে সেয়ে কবিৰ প্রশ্ন ৰৈ গৈছিল কিনো পালে মানুহ–জীৱনে এই মানুহ–জীৱনৰ মর্মন্তুদ স্পর্শৰে প্রতিমুহূর্ততে জীপাল হৈ আছিল সময় ৷ যি সময়ত মোৰ দুহাতত হাতখন সঁপি দগমগীয়া ৰচকী পখিলা হৈ উৰিছিল সুঘ্রাণ ৷

এবাৰ মাথোঁ চুই চাবলৈ বৰ আগ্রহ কৰিছিলা মোৰ হাত দুখন৷ হয়তো নাজানিলা কোনো অজুহাতেৰে ৰুধিব নোৱাৰি সময় ৷ কেতিয়াবা সময়েই চিৰকালেই ৰুধি পেলাই সময়ক ৷ তুমি কবিতাই লিখিলা

বুকুৰে সৰকি হূদপিণ্ড গৰকি

কুৰুকি কুৰুকি

নির্বাক ওঁঠৰ সঘন কঁপনি

 

উশাহৰ কোলাহল

আঙুলিৰ ফাঁকেৰে

অনুশীলন আশ্বাসৰ

 

পিছল শেষ হব নোখোজা বাটটোৰে

আমি গৈ আছিলোঁ

 

বাটটোৰ যিমান দূৰ

ঘোঁৰাটোৰ সিমানেই চেকুৰ

তুমি জানিছিলা জীৱনটো ধেমালি নহয়৷ জীৱন মানে সমস্যাও নহয় ৷ সমস্যাক ধেমালিৰ ৰূপ দি জীৱন সুন্দৰ কৰাৰ অমোঘ কৌশল শিকোৱাত ব্যস্ত হৈ পৰিছিলোঁ ৷ হয়তো সেয়ে মনৰ বিষাদে ধুই নিয়া গাঁৱৰ ছোৱালীজনী যান্ত্রিকতাৰ মাজতো পদে পদে ঠন ধৰি উঠিছিল ৷ সংকোচ নকৰাকৈয়ে কৈ উঠিছিলা নাবালিকা জীৱনতে নিৰাপত্তাহীনতাত ভোগাৰ আতংকগ্রস্ততাৰ কথা ৷ নিশা গভীৰ হৈ আহিলেই শৰীৰ–মন কঁপি উঠাৰ কথা ৷ শিতানৰ গাৰু তিতি যোৱাৰ হূদয়স্পর্শী কথা ৷ একেই নিৰাপত্তাহীনতা একেই আতংকৰ মাজত এধানি আশ্রয় বিচাৰি নোপোৱাৰ কথা ৷ নিঃসংগতাৰে সহবাস কৰাৰ কথা ৷ তুমিয়েতো সুধিছিলা বুকুত কিমান বেদনা থাকিলে কান্দিব নোৱাৰি বোবা হৈ পৰে মানুহ বুকুত বিষ কিমান তীব্র হলে এটা মাথোঁ শব্দই খহাই পেলাব পাৰে জীৱনৰ শৃংগ

এক মহাকাব্যিক যাত্রা ৷ মেঘৰ ওৰণি ফালি পূর্ণিমাৰ দৰে লগা পাটগাভৰু মুখখন প্রৌজ্জ্বল হৈ উঠিছিল তেতিয়া ৷ চেনেহৰ মূল্য কোনোদিনে বিচৰা নাছিলা ৷ অজস্র দ্বন্দ্বৰ মাজতো মৰমৰ ভাগ–বাটোৱাৰা কৰা মানসিকতাৰ পৰা বহু দূৰৈত ৰৈ যাব পাৰিছিলা ৷ মনৰ বিষাদ ধুই নিব পৰা ৰসাস্বাদনেৰে উপচি আছিল জীৱন ৷ ময়ো নহলোঁ লাঞ্ছিত সূর্য ৷ পার্ট–হাউছৰ বেতৰ চকীখনত বহি এটা কথা সুধিবলৈ বৰ মন গল সাঁচত সোমাই কোন বাৰু কত ৰৈ গল ।

হূদয় বাউল হৈ পৰা সন্ধিয়াটোত সেন্দূৰখিনি ডাঠকৈ লৈছিলা ৷ আটোমটোকাৰিকৈ পিন্ধিছিলা প্রেমৰ চোলা ৷ আকৌ কুৰুকিকুৰুকি ৷ কথাবোৰ কবিতা কবিতা ৷ সন্মুখত এটা দীঘলীয়া ৰাস্তা৷ যাৰ শেষ নাই৷ কাষে কাষে তুমি মাথোঁ কৈ গলা ৰোমি–জুলিয়েটৰ কথা৷ ইউছুফ–জুলেখা, চিৰিণ–ফাৰহাদ, লেইলা–মজনুৰ আৰু৷ মৰম–ভালপোৱা সকলোৱেই অধিগ্রহণ কৰিব খোজে সঁচা কথা৷ ব্যতিক্রমো হয়, পৰিশ্রান্ত নহয়৷ বুকুৰ সুৰ ঢালি গীত এটি গোৱা বুলি কব খোজোঁতেই কোনে জানো সন্তর্পণে কৈ গল একাকিত্বই প্রতাৰণা নকৰে হূদয়৷ জ্ঞান–তপস্বী নহলেও বুজিবলৈ চেষ্টা কৰিছিলোঁ সেই কথা৷

নিলিখা বহু কথাৰ সাক্ষী হৈ থাকি কি বিচাৰিলা নাজানো৷ জীৱনে দিয়া অনুভৱৰ মাজত জীয়াই থাকি ভাল পাইছিলোঁ মই৷ পাচলি বেপাৰীৰ পৰা চাহৰ দোকানীলৈ সকলোৱেতো জীৱনৰ কথা লিখিব নাজানে৷ লিখাৰ কথা হয়তোবা সিহঁতে নাভাবে৷ অগোচৰে ৰৈ থাকে কত কিমান গল্প–উপন্যাসিকাৰ পৃষ্ঠভূমি৷ কাহানিও জবানবন্দী লোৱা নাছিলা যদিও কৰবাত লুকাই আছিল উদ্বিগ্ণতা৷ তথাপি এই যাত্রাৰ নিৰৱধি ধাৰাবাহিকতা৷ জীমণি বাইদেউৰ ভাষাৰে কবলৈ হলে

জীৱনৰ আছে দুখনি ডেউকা

উৰিবলে আছে আকাশ

তুমি বাৰে বাৰে সুধিছিলা ধবংসৰ বাবে শব্দ, নে সৃষ্টিৰ বাবে শব্দতকৈ যন্ত্রণাদায়ক বস্তু পৃথিৱীত আন একোৱেই নাই বুলি মেক্সিম গর্কীয়েও হেনো এদিন কৈছিল৷ আজৰি সময়ত কেৰম–তাচপাত খেলি সময় কটোৱা এজন মানুহে শব্দৰ মাহাত্ম্যনো কেনেকৈ বুজে জীৱনলৈ কেতিয়াও ঘূৰি নোচোৱা মানুহজনৰ বাবে কবিতা কবিতা লগা চিঠিৰ শব্দও দুর্বোধ্য হব পাৰে৷ লিখিছিলা তুমি আজি ৰাতি পুৱাব নালাগে৷ ৰৈ যাওক সময়৷ মই নিঃসংগ৷ চৌদিশে একেই ভয়৷ একেই আতংক৷

সময় স্তব্ধ কৰিবলৈ অহৰহ চেষ্টা কৰিছিলা তুমি৷ সময়ৰ সৈতেই আছিল আজন্ম টান৷ সময়ৰ কথা আকৌ কৈছিলা ৰৈ যাওক সময়৷ এনে পুৱা মোক নালাগে৷ এনে নিশা মোক নালাগে৷ এনে সময় আৰু মোক নালাগে৷ আপোন হাতখন এৰি কলৈ যাওঁ মই উন্মাদ হব খোজোঁ৷ একো নুবুজা৷ একো নজনা৷ তুমি অহাৰ বাটেৰেই গুচি গলা৷ এতিয়া চিঞৰি কান্দিবলৈকো মোৰ শক্তি নাই৷ অথচ তুমি কান্দিছিলা৷ কান্দি কান্দি পাৰ কৰি দিছিলা উজাগৰী নিশা৷ প্রতিধবনি মই বাৰে বাৰে শুনিছিলোঁ৷ কাণ পাতি আছিলোঁ৷ শংকিতও হৈছিলোঁ৷ অৱসান নঘটাকৈয়ো জানো জীৱনৰ অৱসান ঘটিব পাৰে তেন্তে জীমণি বাইদেৱে কিয় লিখিছিল

বুকুৱে বুকুৱে

আছে যে চিৰকাল

এই নিবিড মৰম

 

ছিঙিব নোৱাৰি

ৰুধিব নোৱাৰি

কি যে মায়াসনা বন্ধন

সঁচাকৈয়ে জীৱন এটা খেল৷ যি এই খেলখন ভালকৈ খেলিব জানে তেওঁ জয়ী হয় আৰু যি খেলিব নাজানে, তেওঁ হাৰে৷ কিন্তু কতা ইয়াত দেখোঁ কোনো জয়ী হোৱা নাই৷ আমি বাৰু হাৰিছোঁ নেকি প্রত্যেকেই৷

বুকুৰ মাজত লেটিয়াই লৈ ফুৰিছিলোঁ প্রশ্ণটো৷ বহুত দিন তোমাক দেখা নাই৷ সৌ সিদিনাৰ কথা৷ মোৰ পার্ট–হাউছটোলৈ আহি কলিং বেলত জোৰেৰে টিপা মাৰিছিল ডাকোৱালজনে৷ হাতত গুঁজি দিলে তোমাৰ চিঠিখন শীত যদি এটা দীঘলীয়া গান, সৰাপাত তাৰ শেষৰটো অন্তৰা৷ বিদায়ী হালধীয়া আৰু ন–কুঁহিৰ সন্ধিস্থল এই অন্তৰা৷ এই সময়তে ঠিক কৰিছোঁ যুগ্ম জীৱনত, বান্ধ খোৱাৰ বাবে দিনটো৷ সেইদিনা এধানি আশীর্বাদ দিবলৈ তোমাক নিমন্ত্রণ জনালোঁ৷ মই জানো তুমি নহাকৈ নাথাকা৷

তেতিয়াহে স্তব্ধ হৈছিল সময়৷ যি সময়ক স্তব্ধ কৰিবলৈ দিনে–নিশাই চেষ্টা কৰি আছিলা, সেই সময় স্তব্ধ হৈছিল৷ নিজৰ সুখ–সুবিধাৰে সৃষ্টিৰ তাগিদা জডিত কৰি লোৱা নাছিলা তুমি৷ ময়ো পাঠ কৰা নাছিলোঁ জীৱনৰ ধাৰাভাষ্য৷ তেতিয়াও অংকুৰিত যাত্রাত বৈ আছিল এখন নৈ৷ সেইদিনাৰে পৰা খৰস্রোতা নৈখনৰ কিবা এটা হল৷ নৈৰ বুকুত এটুপি পানীও বিচাৰি পাবলৈ নোহোৱা হল৷

খুব খং উঠিছিল ডাকোৱালজনলৈ৷ মোক বাৰু ভ্রুকুটি কৰি গল নেকি তেওঁ দূৰৈৰ গাঁওখনৰ মঞ্চত তেতিয়াও গান বাজি আছিল৷ বিহু সম্রাট খগেন মহন্তৰ কলৰে পাততে কাউৰী পৰে গীতটোৰ কেইটামানফাঁকি ছিটিকি ছিটিকি আহি মোৰ কাণত পৰি আছিল৷ মোৰ খংটোও লাহে লাহে নোহোৱা হল৷ কিছু সময়ৰ পূর্বে খং উঠা ডাকোৱালজনলৈ মোৰ পুতৌহে উপজিল৷ বেচেৰাটোৱে নিজৰ চেনেহী, নিজৰ পোনাটিক কোন দূৰণিতবা এৰি আহি ইয়াত কর্তব্য সম্পাদন কৰিছেহি তেওঁৰ ঘৰৰ খেতিডৰা এই বছৰ কেনে হব তেওঁ নিজইবা কেতিয়াকৈ ঘৰখনলৈ যাব পাৰিব ডাকোৱালজন ঘৰলৈ যোৱা পর্যন্ত জুনুকালৈ হেঁপাহ থাকিবগৈনে পোনাটিৰ নে তেতিয়ালৈ পোনাটিয়ে জুনুকাৰ কথা পাহৰি ডিজিটেল যুগৰ পাকৈত এজন যুৱক হৈ উঠিব ডাকোৱালজনকে সুধিবলৈ মন গল তেওঁ এই গীতটো শুনিছেনে শুনিলেও গীতটোৰ ভিতৰত এবাৰলৈকো সোমাই চাইছেনে গীতটোৱে তেওঁক কিমান দূৰলৈকেবা স্পর্শ কৰিছে

বহুদিনৰ পৰিচিত হলেও হঠাৎ আকৌ খং উঠি গল ডাকোৱালজনলৈ৷ এনেকৈয়ো জীৱন থাকেনে জীৱনে জীৱনৰ বাবে নাকান্দেনে দুজন বৰেণ্য মানুহকো এটা কথা সুধিবলৈ মন গল৷ তফজ্জুল আলীয়ে কিয় বাৰু লিখিছিল, বীৰেন্দ্রনাথ দত্ত ছাৰেনো কিয় গাইছিল

বহুদিন বকুলৰ

গোন্ধ পোৱা নাই

বহুদিন বকুলৰ

মালা গঁথা নাই

 

বকুলৰ কথা কলে

বহুতো চিনাকি মোৰ

চকুৰ আগেদি ভাহি যায়

 

বহুতো পাহৰা গান

বহু মান–ভিমান

বকুলেই দিয়ে সোঁৱৰাই

 

ফোন ঃ ৯৮৫৪১-৯৪৫৭০

You might also like
Leave A Reply

Your email address will not be published.