পল্লৱী হাজৰিকা
অসমীয়া পৰম্পৰাগত গহনাৰ বিষয়ে পুংখানুপুংখকৈ জানিবলৈ আমি বুৰঞ্জীৰ পাত লুটিয়ালে পাওঁ যে স্বর্গদেউ প্রতাপ সিংহৰ ৰাজত্বকালত বহুসংখ্যক লোক কোচ ৰজা নৰনাৰায়ণৰ সেনাপতি বীৰ চিলাৰায়ৰ হাতত বন্দী হয় ৷ এওঁলোকৰ মাজত বহুতো সোণাৰি, কমাৰ আৰু অন্যান্য শিল্পকলাবিদো আছিল আৰু তেওঁলোকক কোচবিহাৰলৈ লৈ যোৱা হৈছিল ৷ তালৈ গৈ তেওঁলোকে কিছুমান নতুন হস্তশিল্প বিদ্যা আহৰণ কৰিছিল আৰু স্বদেশলৈ ঘূৰি আহি নিজক নতুন ৰূপত প্রতিষ্ঠা কৰিছিল ৷ স্বর্গদেউ প্রতাপ সিংহৰ নাতি ৰুদ্রসিংহই ৰাজ্যৰ বাহিৰৰ পৰা বহুতো শিল্পকলাবিদক আনি প্রতিষ্ঠিত কৰিছিল ৷ এইসকল লোকেই অসমীয়া সমাজৰ মাজত নিজক লীন কৰি খাপ খুৱাই লৈ পৰম্পৰাগত অসমীয়া গহনাক শিল্পকলাৰ মাজেৰে অসমত প্রতিষ্ঠিত কৰে ৷
পৰম্পৰাগত অসমীয়া গহনাসমূহৰ উৎকর্ষ সাধনত আহোম ৰাজত্বকালৰ ৰজা–ৰাণীসকলৰ অৱদান উল্লেখনীয় ৷ আহোম ৰাজত্বকালত ৰজা–ৰাণীসকলে বিভিন্ন ধৰণৰ অলংকাৰেৰে নিজক বিভূষিত কৰিছিল ৷ তেওঁলোকৰ এই অলংকৰণসমূহে অসমীয়া গহনাক নতুন ৰূপেৰে সজায় ইয়াক অধিক মনোগ্রাহী কৰি বিভিন্ন ৰূপত সজোৱাৰ অগ্রণী ভূমিকা গ্রহণ কৰিছিল ৷
অন্যান্য গহনাতকৈ অসমীয়া পৰম্পৰাগত গহনাৰ ৰূপাংকনৰ মান অধিক উন্নত ৷ প্রত্যেকটো গহনাই অতুলনীয়৷ প্রত্যেকটো গহনাৰে ৰূপাংকন বেলেগ বেলেগ ৷ পৰম্পৰাগত অসমীয়া গহনাই অসমীয়া মানুহৰ সহজ–সৰল, অমায়িক জীৱন শৈলীৰ এক প্রতিচ্ছবি প্রতিফলিত কৰে ৷ অতীজৰে পৰা অসমীয়া গহনা নির্মাতাসকলে অধিক মনোগ্রাহী আৰু সৌন্দর্যবর্ধক কৰি তুলিবলৈ ২৪ কেৰেট সোণ ব্যৱহাৰ কৰি আহিছে ৷ বর্তমান সময়ত গ্রাহকসকলৰ অসমীয়া গহনাৰ প্রতি থকা আকর্ষণে অসমীয়া গহনাক বিশ্বৰ দৰবাৰত এক সুকীয়া স্থান প্রদান কৰিছে ৷
পৰম্পৰাগত অসমীয়া গহনা খাটি বিশুদ্ধ সোণ, পাত সোণ, ৰূপৰ ওপৰত সোণপানী চৰোৱা অথবা বিশুদ্ধ ৰূপৰেও তৈয়াৰ কৰিব পাৰি ৷ তদুপৰি ইয়াৰ ওপৰত মীনাৰ কামো কৰিব পাৰি ৷ মীনা কামৰ বাবে সর্বসাধাৰণতে ব্যৱহাৰ কৰা উপযোগী ৰংকেইটা হল ৰঙা আৰু সেউজীয়া৷ ইয়াৰ উপৰি এই গহনা নির্মাণৰ বাবে বাখৰ, মুকুতা আৰু হীৰাৰেও অলংকৰণ কৰিব পাৰি ৷ গহনাটো সম্পূর্ণকৈ তৈয়াৰ হোৱাৰ পিছত ইয়াক ভিন্ন ৰঙেৰে তৈয়াৰী মণিমালাত গাঁঠি ইয়াক সংযুক্ত কৰি পিন্ধাৰ উপযোগী কৰি তোলা হয় ৷ এই মণিবোৰক বাখৰুৱা মণি, বনমণি আৰু দেশী মণি আদি নামেৰে নামকৰণ কৰা হয় ৷
কেইবছৰমান আগৰ পৰা অসমীয়া পৰম্পৰাগত গহনাসমূহক নকল কৰি বহিঃৰাজ্যৰ পৰা ব্রঞ্জ, কপাৰ আৰু কিছুমান সুলভ মূলতে পোৱা ধাতুৰে নির্মিত গহনা ক্রয় কৰা দেখা পোৱা যায় ৷ এইটো বৰ দুখৰ কথা যে গ্রাহকসকলৰ অসমীয়া পৰম্পৰাগত গহনাৰ বিষয়ে অজ্ঞতা আৰু প্রধানকৈ কেঁচা সোণ কি বস্তু, তাৰ বিষয়ে নজনাটো ৷ কেঁচা সোণৰ পৰম্পৰাগত অসমীয়া গহনা মানে ৯৯ শতাংশ বিশুদ্ধ সোণ ব্যৱহাৰ কৰি তৈয়াৰ কৰা অসমীয়া গহনা ৷ ইয়াক পাট সোণৰ গহনা বুলিও কোৱা হয় ৷
অসমীয়া পৰম্পৰাগত গহনাসমূহক দেহৰ বিভিন্ন অংগত পৰিধান অনুযায়ী বিভিন্ন নামেৰে নামকৰণ কৰা যায় ৷ কাণত অলংকৰণ কৰা অলংকাৰসমূহক থুৰীয়া, কেৰু, লোকাপাৰা, জাংফাই আদি বিভিন্ন নামেৰে নামকৰণ কৰিব পাৰি ৷ ডিঙিত পৰিধান কৰা অলংকাৰসমূহক গলপটা, সাতসৰী, জোনবিৰি, বেলা, গেজেৰা, তোলবিৰি, দুগদগী, বিৰিমণি, মুকুতামণি, পোৱালমণি, শিলিখামণি আৰু মগৰদানা আদি নামেৰে নামকৰণ কৰা হয় ৷ ইয়াৰ উপৰি গামখাৰু হাতত পিন্ধা এপাট পৰম্পৰাগত অন্যতম অসমীয়া গহনা
মাৰাৰ অলংকাৰ থোৱা কাটি কৰি
ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱাহে
ৰামে দি পঠিয়াইছে সুৱর্ণ অলংকাৰ
ঐ ৰাম হাতে যোৰে কৰি লোৱাহে ৷
বিয়া বুলিলেই এগৰাকী কইনাৰ বাবে যিদৰে এযোৰ পাট–মুগাৰ সাজৰ প্রাধান্য আছে, একেদৰে অলংকাৰৰ প্রয়োজনীয়তাও অতীজৰে পৰা চলি আহিছে ৷ এযোৰ ধুনীয়া সাজ আৰু অলংকাৰে সেই বিশেষ দিনটোত কইনাগৰাকীক সোণতে সুৱগা চৰায় ৷ সাধাৰণতে এগৰাকী কইনাই কেনেধৰণৰ গহনা সাজযোৰৰ লগত খাপ খুৱাই পৰিধান কৰিব বহু সময়ত এই বিষয় লৈ দোধোৰ–মোধোৰত পৰে ৷ সেয়েহে বর্তমান সময়ত অসমীয়া পৰম্পৰাগত গহনাসমূহ বিভিন্ন প্রকাৰৰ ডিজাইনত উপলব্ধ ৷ এতিয়া আহোঁতে গহনা পৰিধানৰ ক্ষেত্রত কইনাগৰাকীয়ে কোনবোৰ কথালৈ বেছিকৈ ধ্যান দিয়া উচিত ৷ কইনাগৰাকীয়ে পিন্ধা সোণৰ গহনাবিধৰ দৈর্ঘ্য আৰু ডিজাইন লৈ অসমীয়া গহনা নির্বাচন কৰা উচিত ৷ যদি কইনাগৰাকীয়ে সোণৰ গহনাবিধ ডিঙিত লাগি থকাকৈ গঢ়াইছে তেন্তে তেওঁ দীঘল দৈর্ঘ্যৰ অসমীয়া গহনা পৰিধান কৰা উচিত ৷ এটা ডাঙৰ আকাৰৰ জাপি, দুগদুগী অথবা জেঠীপটা এটা পিন্ধিব পাৰে ৷ আকাৰত ডাঙৰ হলে গহনাবিধ চকুত লগা হয় ৷ যদিহে ডিঙিত লাগি থকা ধৰণৰ গলপতা লব খোজে, তেন্তে মূল গলপতাৰ পৰা অলপ তললৈ বৈ পৰা ধৰণৰ ডিজাইনৰ গলপতা বাছি লব পাৰে ৷ তেতিয়া ডিঙিটো খুব ধুনীয়া আৰু আকর্ষণীয় হৈ ভৰি থাকিব ৷ ইয়াৰ উপৰি কাপোৰ আৰু ৰঙৰ লগত মিলাই গহনাবিধ গগাই ললে এটা আকর্ষণীয় লুক পোৱা যায় ৷ আনহাতে হাত দুখনতো গামখাৰু, মুঠিখাৰু অন্য গহনাৰ লগত মিলাকৈ গগাই লব পাৰি ৷ এটা কপালি আৰু কাণত এযোৰ ডাঙৰ আকাৰৰ কাণফুলিয়ে কইনাগৰাকীক ৰূপত ৰহণ চৰায় ৷
সাধাৰণতে আমাৰ সকলোৰে হাতত এপদ বা দুপদ অসমীয়া পৰম্পৰাগত গহনা থাকেই ৷ এই গহনাসমূহৰ উজ্জ্বলতা বর্তাই ৰাখিবলৈ আমি কিছুমান যত্ন লব পাৰোঁ ৷ সাধাৰণতে পানী, পাৰফিউম, হেয়াৰ স্পেৰ আদিৰ পোনপটীয়া সংস্পর্শত অসমীয়া গহনা ৰাখিব নালাগে ৷ অসমীয়া গহনা সদায় প্লাষ্টিক কণ্টেইনাৰ বা প্লাষ্টিক বাটিত কাপোৰেৰে মচি ঘামমুক্ত কৰি ৰাখিব লাগে ৷ এনে কৰিলে কোনো ৰাসায়নিক বিক্রিয়া নোহোৱা বাবে অতি সুন্দৰ হৈ থাকে ৷ লগতে কপাহ দি আলসুৱাকৈ ৰাখিব লাগে ৷ ৰঙা মলমল কাপোৰ বা ভেলভেট জুৱেলাৰী বক্সত কেতিয়াও অসমীয়া গহনা ৰাখিব নালাগে ৷ এনে কৰিলে গহনা কলা পৰি নষ্ট হয় ৷ অৱশেষত গহনা কেতিয়াও টাইট কৰি ৰাখিব নালাগে ৷ অলপ বতাহ পোৱাকৈ ৰাখিব লাগে ৷
পৰম্পৰাগত অসমীয়া গহনা অসমীয়া সংস্কৃতিৰ এক ঐতিহ্যপূর্ণ পৰম্পৰাগত অংশ ৷ এই গহনাৰ মাজত আমাৰ অসমীয়া সংসৃক্তিৰ কিছুমান বাদ্য, পৰম্পৰা লুকাই আছে ৷ অসমীয়া পৰম্পৰাগত গহনা বিশেষকৈ অসমৰ যোৰহাট, নগাঁও আৰু বৰপেটা অঞ্চলত তৈয়াৰ কৰা হয় ৷ এই গহনা গঢ়াৰ মাধ্যমেৰে এই গহনাৰ ডিজাইনাৰ গৰাকীসকলে নির্মাতাসকলৰ পৰিয়ালসমূহ স্বাৱলম্বী হোৱাত অৰিহণা আগবঢ়াইছে ৷ পৰম্পৰাগত অসমীয়া গহনা পৰিধান কৰাৰ মাজেৰে আমি অসমৰ সংসৃক্তি পৰম্পৰা জীয়াই ৰাখিব লাগিব ৷ অসমীয়া গহনা আমাৰ অসমৰ গৌৰৱ ৷ বর্তমান সময়ত ভাৰতৰ বহিঃৰাজ্যতো ইয়াৰ গুৰুত্ব অধিক হোৱা দেখা যায় ৷