চুলিৰ বিষয়ে আমি বিভিন্ন কথা সকলোৱে জানো নহয়নে? আজি চুলি আমাৰ ৰং কিয় ক’লা হয়, আমাৰ চুলিৰ কাৰণে কি ভিটামিন প্রয়োজন, আমাৰ চুলিৰ কাৰণে তেল অপৰিহাৰ্য হয়নে, ইত্যাদি বিভিন্ন কথাৰ জানিব পাৰিম। প্রথমে চুলিৰ বাবে কি ভিটামিন প্রয়োজন বা কি কি ভিটামিন চুলি সৰা ৰোধ কৰাত সহায় কৰে। চুলি সৰা ৰোধ কৰাৰ ক্ষেত্ৰত এণ্টি অক্সিডেণ্ট গুণাগুণসম্পন্ন ভিটামিনবোৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এনে ভিটামিনবোৰৰ ভিতৰত হৈছে এ, চি আৰু ই ।
আমাৰ শৰীৰত প্ৰতিদিনে প্রতিমুহূৰ্ততে জাৰণ প্ৰক্ৰিয়া চলি থাকে। ইয়াৰ ফলত আমাৰ শৰীৰত free Radical উৎপত্তি হয় আৰু এই ফ্ৰী ৰেডিকেলবোৰে শৰীৰৰ কোষ, টিছু ইত্যাদিৰ ক্ষতি কৰে। ফলত চুলি সৰা আদিকে ধৰি নানা সমস্যাৰ দেখা দিয়ে। সেয়েহে জাৰণবিৰোধী এণ্টি অক্সিডেন্ট ভিটামিন ব্যৱহাৰ অতিকৈ জনপ্ৰিয় । অকল ভিটামিন ব্যৱহাৰ কৰিলেই যে চুলি সৰা ৰোধ হ’ব সেইটো নহয়, তাৰ লগতে পুষ্টিকাৰক আহাৰ প্ৰয়োজন হয়। এই পুষ্টিকাৰক দ্ৰব্যখিনি শৰীৰৰ অভ্যন্তৰৰ পৰাহে আহে। চুলিৰ সঠিক যত্ন লোৱা ক্ষেত্ৰত আমি সকলোৱে গুৰুত্বপূৰ্ণ প্ৰদান কৰা উচিত ৷
এতিয়া আহোঁ আমাৰ চুলিৰ ৰং কিয় ক’লা হয়? বিভিন্ন কাৰকৰ প্ৰভাৱত ব্যক্তিভেদে চুলিৰ ৰং প্রভেদ পৰিলক্ষিত হয়। এই কাৰকবোৰৰ ভিতৰত উল্লেখনীয় কাৰক হৈছে— বংশগত তত্ত্ব, জাতিগত পার্থক্য আৰু বয়সজনিত ভিন্নতা। সেয়েহে বিভিন্ন প্রজাতিৰ লোকৰ (মংগোলীয় বা নিগ্রো, ককেচীয়া ইত্যাদি) চুলিৰ ৰং ভিন্ন হয়। আমাৰ ভাৰতীয় লোকৰ চুলিৰ ৰং সাধাৰণতে ক’লা, চুলিৰ ৰং নিৰ্ভৰ কৰে মেলানোছাইট নামৰ এবিধ কোষৰ ওপৰত। এই কোষবোৰে মেলানিন নামৰ এবিধ ৰঞ্জক পদার্থ উৎপাদন কৰে। ফলত আমাৰ চুলিৰ ৰং ক’লা, ৰঙচুৱা, বগা, ধোঁৱা বৰণীয়া হ’ব পাৰে। যিসকলৰ চুলিৰ ৰঞ্জক পদাৰ্থত টাইৰোছিন নামৰ এবিধ দ্রব্য থাকে, তেওঁলোকৰ চুলিৰ ৰং ক’লা হয় ।
আমাৰ চুলিৰ কাৰণে তেল অপৰিহাৰ্য হয়নে? আমি সকলোৱে জানো যে আমাৰ চুলিৰ কাৰণে তেল অপৰিহাৰ্য। চুলিত তেল ঘহিলে চুলি দীঘল হয়, সৰা ৰোধ হয়, ঘন হয়, ক’লা হয়, কিচকিচিয়া ইত্যাদি হয়। এয়া এটা জনবিশ্বাস, কিন্তু কোনো বৈজ্ঞানিক ভিত্তি নাই। তথাপি চুলিৰ যত্নৰ বাবে তেল ব্যৱহাৰ কৰা উচিত । অৱশ্যে এক সুনির্দিষ্ট পৰিমাণেহে ব্যবহাৰ কৰা উচিত। তেল সদায় ৰাতি ভাগত লগাব লাগে, কিয়নো দিনৰ ভাগত লগালে আমি তেল লগাই বাহিৰত ওলাই গ’লে, ধূলি-মাকতিবোৰ আমাৰ চুলিত লাগি ধৰিব, ফলত আমাৰ চুলি ভাল হোৱাতকৈ বেছি বেয়াহে হ’ব। সদায় ৰাতি তেল সানি পুৱা মূৰত চেম্পু কৰিব লাগে। দিনৰ ভাগত তেল লগালে ৰদৰ তাপৰ কাৰণে চুলিৰ ৰং ৰঙচুৱা হ’ব পাৰে । কিয়নো চুলিৰ তেলৰ ভিতৰত থকা এচিডে চুলিৰ চকচকীয়া ভাবো নাইকিয়া কৰি দিব পাৰে। পাৰিলে নিজেই ঘৰতে তেল বনাই লগোৱা ভাল । আজিকালি বিভিন্ন ৰীলছত ঘৰতে তেল বনাবলৈ শিকোৱা হয়।
আমাৰ বহুতৰে এটা বিশ্বাস আছে যে চুলি কাটি থাকিলে আমাৰ চুলি দীঘল হয় বা চুলি সৰুতে খুৰাই দিলে চুলি ঘনকৈ গজি আহিব, প্ৰকৃততে ই অমূলক তথা ভ্ৰান্ত ধাৰণা। মূৰৰ চুলি বাৰে বাৰে খুৰাই থাকিলে, মূৰৰ হেয়াৰ ফলিকবোৰ ক্ষুৰৰ ধাৰে লাগি ক্ষতি কৰে। নিজৰ চুলিকোছা দেখাত সুন্দৰ লাগিবলৈ আমি দুই তিনি মাহৰ মূৰত ভাল লগা এটা হেয়াৰ কাট দিব লাগে।
Comments are closed, but trackbacks and pingbacks are open.