অনুপমা বৰগোহাঁই
উপহাৰ বুলি কলে আমাৰ সকলোৰে মন আনন্দৰে ভৰি পৰে ৷ লৰা, বুুা, ধনী, দুখীয়া সকলোৱেই কাৰোবাৰ পৰা কিবা উপহাৰ পালে ভাল পায় ৷ বহুতেই নিজৰ বিশেষ দিনত আত্মীয়–কুটুম্ব, প্রিয়জনৰ পৰা কিবা উপহাৰৰ আশা কৰে ৷ উপহাৰৰ আনন্দ ব্যক্তি বিশেষে বেলেগ বেলেগ হয় ৷ কিছু লোকৰ বাবে উপহাৰ হিচাপে দিয়া বস্তুৰ আনন্দ হয়াৰ মূল্য বা উপযোগিতাৰ ওপৰত নির্ভৰ কৰে ৷ কিন্তু কিছুৰ বাবে উপহাৰৰ আনন্দ, দিওঁতাজনৰ আন্তৰিকতাৰ ওপৰত নির্ভৰ কৰে ৷ কোনোজনে হয়তো হীৰাৰ আঙঠি এটা উপহাৰ হিচাপে পায়ো সুখী হব নোৱাৰে ৷ কিন্তু আন কোনোজনে কাগজৰ ফুল এপাহ উপহাৰ পালেও আনন্দত অধীৰ হয় ৷ উপহাৰ শব্দটোৰ লগত জড়িত হৈ থাকে বহুতো মিশ্রিত আৱেগ ৷ সাধাৰণতে উপহাৰে মানুহৰ মনত আনন্দ আৰু কৃতজ্ঞতাবোধৰ জন্ম দিয়ে ৷ আনন্দ, কৃতজ্ঞতাবোধে মানুহৰ জীৱন সুন্দৰ কৰে ৷ গতিকে উপহাৰৰ গুৰুত্ব আমাৰ জীৱনত অপৰিহার্য ৷
কিন্তু বিচাৰিলেই জানো আমি সকলোৱে উপহাৰ পাওঁ এই পৃথিৱীত বহু মানুহে হয়তো কোনোদিনে নিজৰ বিশেষ দিন উদ্যাপন কৰি পোৱা নাই ৷ বহুতৰ জীৱনত উপহাৰ দিওঁতা আপোন এজন নাই ৷ আনহাতে বহুজনৰ জীৱন নিতৌ নানা উপহাৰেৰে উপচি থাকিলেও আনন্দ আৰু কৃতজ্ঞতাবোধ জন্ম হোৱা নাই ৷ উপহাৰ দিওঁতা কোনো ব্যক্তি বা বাহ্যিক উৎস নাথাকিলেও নিজেই নিজক কি উপহাৰেৰে সমৃদ্ধ কৰিব পাৰি তথা কেনেদৰে আনন্দ, কৃতজ্ঞতাবোধেৰে জীৱন ঐশ্বর্যশালী কৰিব পাৰি, আজিৰ এই লেখাত তাৰে আলোচনা কৰিব লৈছোঁ ৷
ধন্যবাদ জ্ঞাপনঃ প্রতিদিনে পুৱা শুই উঠি চকু মেলিয়েই আমি হাতযোৰ কৰি ধন্যবাদ বুলি উচ্চাৰণ কৰিলে প্রতিটো নতুন দিন জীৱনৰ বাবে এক উপহাৰ হৈ পৰে ৷ ৰাতিটো ভালে ভালে পাৰ হৈ যোৱাৰ কাৰণে, উশাহ–নিশাহ লৈ থাকিব পৰাৰ কাৰণে পুৱা শুই উঠি বিশ্ব ব্রহ্মাণ্ডক ধন্যবাদ দিলে নিষ্চয় আমাৰ কোনো ক্ষতি বা কষ্ট নহয় ৷ এই পৃথিৱীৰ ভূমিখণ্ডত আমি ঘৰ সাজিছোঁ, খোজ কািিছোঁ, গছ–গছনি, শাক–পাচলি ৰুহছোঁ ৷ মৃত্যুৰ পিছত আমাৰ শৰীৰ এই ভূমিৰ লগত মিহলি হৈ পৰে ৷ বিছনাৰ পৰা নামি ভৰিখন প্রথম থৈয়ে ভূমিক অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিলে ভূমিৰ লগত আমাৰ আত্মিক সম্পর্ক গঢ়ি উঠে ৷ ভূমিৰ লগত আত্মিক সম্পর্ক গঢ়ি উঠিলেহে ভূমিক সংৰক্ষণ কৰিবলৈ, প্রদূষিত নকৰিবলৈ যত্নপৰ হব পাৰোঁ ৷
আনৰ বাবে প্রার্থনা কৰাঃ ভগৱান নামৰ এক অদেখা শক্তিৰ ওচৰত নিজৰ বা আনৰ বাবে কিবা ভিক্ষা কৰাক প্রার্থনা বুলি ভবা হয় যদিও প্রকৃততে প্রার্থনাৰ অর্থ হল শুভকামনা৷ মানুহৰ চিন্তাৰ তৰংগক হতিবাচক কৰিব পৰাটোৱে প্রার্থনাৰ শক্তি ৷ নিজৰ কল্যাণৰ কাৰণে ভবাৰ আগতে আনৰ কল্যাণৰ বাবে চিন্তা কৰিব পাৰিলে জীৱনলৈ সঁচাকৈয়ে সৌভাগ্য আৰু আনন্দৰ উপহাৰ বর্ষণ হয় ৷ কোনোদিনে নেদেখা, নজনা কোনো ব্যক্তিৰ কল্যাণৰ কাৰণে, আমাক অন্যায় কৰা ব্যক্তিসকলৰ সুমতিৰ বাবে প্রার্থনা কৰিলে আমাৰ নিজৰ অন্তৰখন মুকলি হয় ৷ এখন মুকলি, পাতল অন্তৰ আমি নিজে নিজক দিব পৰা অন্যতম শ্রেষ্ঠ উপহাৰ ৷
হাঁহিঃ হাঁহিয়ে জীৱন সুন্দৰ, সহজ কৰে৷ হাঁহি সকলো প্রকাৰৰ মানসিক ব্যাধিৰ বাবে এক মহৌষধ ৷ পুৱা শুই উঠি আইনাত মুখখন চাই নিজকে নিজে এটা সুন্দৰ হাঁহি উপহাৰ দিলে আমাৰ তন মন অকাৰণ আনন্দত নাচি উঠে ৷ জীৱনৰ সমাধানহীন লগা সমস্যাবোৰ, আনৰ নেতিবাচক সমালোচনা, বক্রোক্তি, অভিযোগ সকলো হাঁহি উৰুৱাই দিব পাৰিলে জীৱন সহজ হৈ পৰে ৷ তদুপৰি দিনটোত যদি আমি কমেও পাঁচবাৰ প্রাণখুলি হাঁহিব পাৰোঁ কেৱল শাৰীৰিক, মানসিক ৰোগৰ পৰা মুক্তি পোৱাই নহয়, পাৰিবাৰিক অশান্তি, সামাজিক সমস্যা, অনাহক দুষ্চিন্তা আদিৰ পৰা হাত সাৰি থাকিব পাৰোঁ ৷ হাঁহিয়ে আমাৰ শৰীৰত মন ভাললগা ৰাসায়নিক পদার্থ এনডর্ফিন নিঃসৰণ কৰাত সহায় কৰে ৷ এনডর্ফিনে শৰীৰৰ সামগ্রিক সুস্থতাত সহায় কৰাৰ উপৰি বিষ উপশমতো সহায় কৰে ৷ গতিকে দিনত যিমান পাৰে হঁহাৰ চেষ্টা কৰক৷ হাঁহিবৰ কাৰণ বিচাৰি নাপালে হাস্যযোগ ক্লাবত যোগ দিয়ক ৷ জোৰ কৰি ডাঙৰকৈ কৃত্রিমভাৱে হলেও হাঁহক ৷ আমাৰ মগজুৱে স্বাভাৱিকভাৱে হঁহা হাঁহি বা কৃত্রিমভাৱে হঁহা হাঁহিৰ মাজত পার্থক্য বিচাৰি নাপায় ৷ গতিকে কৃত্রিমভাৱে অর্থাৎ অকাৰণত জোৰ কৰি হাঁহিলেও শৰীৰ আৰু মন ভাল কৰা ৰসায়ন এনডর্ফিন নির্গত হয় ৷ গতিকে নিজে নিজক দিব পৰা বিনামূলীয়া অথচ এক অমূল্য উপহাৰ হল ডাঙৰকৈ কাৰণ বা অকাৰণে মৰা প্রাণখোলা হাঁহি ৷
সততাঃ হংৰাজীত কোৱা হয়Honesty is the best policy ৷ অর্থাৎ সততাই জীৱনৰ উৎকৃষ্ট কৌশল৷ সাধাৰণতে সততা বুলিলে আনৰ লগত বা সামাজিক তথা কর্মজীৱনত সৎ হোৱাৰ কথাই বুজো ৷ আনৰ লগত, ৰাজহুৱা কামত তথা কর্ম ক্ষেত্রত সৎ হৈ থকাৰ উপৰি নিজৰ প্রতি নিজে সৎ হোৱাটো অধিক প্রয়োজনীয়৷ বহু সময়ত আমি কিবা বিশেষ কাম নিতৌ কৰিম বুলি নিজক কথা দিওঁ বা সংকল্প লওঁ কিন্তু নানা অজুহাতত সেহ সংকল্প কার্যকৰী নকৰোঁ ৷ সেয়া নিজৰ প্রতি কৰা অসততা ৷ বহু লোকে কাৰোবাক নির্দিষ্ট সময়ত লগ ধৰাৰ প্রতিশ্রুতি দিয়ে ৷ বিভিন্ন কাৰণত নির্ধাৰিত সময়ত উপস্থিত হব নোৱাৰিলে আনজন ব্যক্তিয়ে কত আছে সুধি ফোন কৰিলে এহ গৈয়েহ আছোঁ, পাঁচ মিনিটত পামগৈ এনেদৰে কয়৷ আনহাতে সেই পাঁচ মিনিট সময় পাৰ হোৱাৰ পিছতো তেওঁ উপস্থিত হব নোৱাৰিলে আনজন ব্যক্তিক পুনৰ এটা ফাঁকি দিয়ে ৷ এইবোৰ কাম প্রকৃততে নিজৰ ওচৰত কৰা অসততা ৷ বহুতে চকুৰ সন্মুখত আনৰ প্রতি অন্যায় হোৱা দেখিলেও মনে মনে থাকে৷ বহুতে সম্পর্ক বেয়া হোৱাৰ ভয়ত চিনাকি ব্যক্তি এজনে কৰা বেয়া কামৰ প্রতিবাদ নকৰে ৷ এই সকলো কার্যই আমাক নিজৰ ওচৰত নিঃস্ব কৰে ৷ ভয়াতুৰ কৰে ৷ ভয়াতুৰ আৰু নিঃস্বজনে মুকলি মনেৰে জীৱনৰ আনন্দ উপভোগ কৰিব নোৱাৰে ৷ বহু ছাত্র–ছাত্রীয়ে কেৱল মাক–দেউতাক বা শিক্ষকৰ ভয়ত পঢ়া–শুনা কৰে ৷ তেওঁলোকে মাক–দেউতাক বা শিক্ষকৰ চকুৰ আঁতৰ হলেই মবাইল ফোনত বা অন্যান্য বিনোদনৰ মাধ্যমত ব্যস্ত হয় ৷ শিশুসকলক সৰুৰে পৰা এই কথা শিকাব বা উপলব্ধি কৰিব দিব লাগে যে কেৱল আনক দেখুৱাবলৈ পঢ়া–শুনা বা ভাল কাম কৰা আৰু আনে নেদেখিলে পঢ়া–শুনা নকৰা বা বেয়া কাম কৰাটো নিজৰ ওচৰত নিজে কৰা অসততা ৷ নিজৰ ওচৰত অসৎ হলে মানুহ কেতিয়াও সফল হব নোৱাৰে ৷ আনক কথা দি সেই কথা নৰখা, মিছা কথা কোৱা ইত্যাদি হল নিজৰ ওচৰত কৰা অসততা ৷ গতিকে জীৱনত সফল হব বিচাৰিলে, নির্ভয়ে, আনন্দৰে মূৰ দাঙি চলিব বিচাৰিলে নিজে নিজক সততাৰ বহুমূলীয়া উপহাৰ দিব লাগে ৷
হতিবাচক চিন্তাঃ চিন্তাৰ সোঁত যেনে হয় আমাৰ জীৱন নদীৰ সুঁতিও সেইফালেই বয়৷ আমাৰ চিন্তাই আমাক গঢ় দিয়ে ৷ এটা দিনত এজন স্বাভাৱিক মানুহৰ মনলৈ ষাঠি হাজাৰতকৈ অধিক চিন্তাৰ আইযাই হব পাৰে বুলি মনোবিজ্ঞানীসকলে কৈছে ৷ চিন্তাৰ এই স্রোত আমি বন্ধ কৰিবলৈ যিমানে চেষ্টা কৰোঁ সিমানে বাঢ়িহে যায় ৷ তাতোকৈও ভয়ংকৰ কথা এয়ে যে আমাৰ মনলৈ অহা চিন্তাবোৰৰ সৰহসংখ্যকেহ নেতিবাচক বা অনর্থক চিন্তা ৷ চিন্তাৰ স্রোতক পর্যবেক্ষক হিচাপে চাব পাৰিলে চিন্তাৰ গতিবেগ কমি যায় আৰু চিন্তাবোৰ নিজৰ অধীনত আহে ৷ এনে কৰাটোকে ধ্যান বুলি কয় ৷ ধ্যানত সফল হলে মন শান্ত হৈ পৰে ৷ জীৱন সৰল, আনন্দময় আৰু মুক্ত হৈ পৰে ৷ ধ্যানত সফল হবৰ বাবে অসীম ধৈর্য আৰু কঠোৰ অনুশীলনৰ প্রয়োজন ৷ ধ্যানত সফল হোৱাৰ প্রচেষ্টাৰ প্রথম পদক্ষেপ হল হতিবাচক চিন্তা৷ হতিবাচক চিন্তাৰ স্রোত যিহেতু নেতিবাচক চিন্তাৰ স্রোততকৈ কম, সেয়ে আমি কৃত্রিমভাৱে বা জোৰ–জবৰদস্তি কৰি হলে মনলৈ হতিবাচক চিন্তাৰ ধাৰা বোৱাব লাগে ৷ নিজে নিজক হতিবাচক কথা কব লাগে, লিখিব লাগে ৷ আনকো হতিবাচক কথাহে কব লাগে ৷ কাৰোবাৰ জীৱনলৈ বেমাৰ–আজাৰ, বিপদ, সমস্যা আহিলে সমবেদনা বা পুতৌ জনোৱাৰ পৰিৱর্তে ব্যক্তিজনৰ মনত সাহস যোগোৱা ইতিবাচক কথা কব লাগে ৷ ইতিবাচক কথা আৰু চিন্তাই আমাৰ মনলৈ আশাৰ কিৰণ আনে ৷ এই আশাৰ কিৰণত আমি ভাল কাম কৰিবলৈ, জীৱনটো সুন্দৰভাৱে সজাব পাৰোঁ ৷ গতিকে আমি নিজে নিজক দিব পৰা আন এটা শ্রেষ্ঠ উপহাৰ হল ইতিবাচক চিন্তা ৷
উপৰিউক্ত পাঁচটা নিজে নিজক দিব পৰা উপহাৰৰ উপৰি সকলোৱে জীৱনত কেতবোৰ উপহাৰ জন্মসিদ্ধ অধিকাৰ হিচাপে পায় ৷ উদাহৰণস্বৰূপে–
এই পৃথিৱীৰ জন্ম লাভ কৰা মাত্রেই প্রতিটো জীৱই নিজৰ শাৰীৰিক অস্তিত্বক উপহাৰ হিচাপে পায় ৷ জন্ম হৈ নিজৰ ভৰিত নিজে খোজ দিব পৰা নোহোৱালৈকে পোৱা প্রতিপালনখিনিও জীৱই জীৱক দিয়া অমূল্য, ঐশ্বৰিক উপহাৰ ৷ এই প্রতিপালনখিনি নাপালে কোনো জীৱ জীয়াই থাকিব নোৱাৰে ৷ আকাশ, তৰা, ৰদ, বতাহ, পানী, ফুল, ফল, গছ–গছনি, নদী, বিল, সাগৰ আদি আমাক প্রকৃতিয়ে দিয়া অকৃপণ উপহাৰ ৷ সেয়ে জীৱনত কেতিয়াও একো নাই পোৱা বুলি আক্ষেপ নকৰি, কেৱল জীৱনটো পোৱাৰ বাবেই আমি কৃতজ্ঞ অনুভৱ কৰিব লাগে ৷ কোনো কোনোৱে নিজৰ জীৱনটোক লৈ আক্ষেপ কৰে ৷ অকাল মৃত্যুৰ কামনা কৰে বা আত্মহননৰ প্রয়াস কৰে ৷ কিন্তু তেওঁলোকে এই কথা মনত পেলাব লাগে যে যিমান সুন্দৰ আকর্ষণীয় বা যিমান অসুন্দৰ অসহনীয় হলেও জীৱন কেতিয়াও কাৰো বাবে স্থায়ী নহয় ৷ সকলো জীৱ নির্দিষ্ট কিছু সময়ৰ বাবেহে এই পৃথিৱীলৈ আহিছে ৷ সকলোৱেই এদিন এই পৃথিৱী এৰি যাবই লাগিব ৷ গতিকে পৃথিৱীত থকা এই ক্ষন্তেকীয়া বা অস্থায়ী সময়খিনি আক্ষেপ, অভিযোগ, খং, হিংসা আদি নেতিবাচক আৱেগেৰে ভৰপূৰ কৰাতকৈ কৃতজ্ঞতা, মৰম, ক্ষমা আদি ভাল লগা মধুৰ আৱেগেৰে পূর্ণ কৰিব লাগে ৷ ওপৰত উল্লেখ কৰা পাঁচটা উপহাৰ নিতৌ নিজক দিলে জীৱনত যি ভাল লগা মধুৰ আৱেগৰ সৃষ্টি হয়, সেই আৱেগেই জীৱন নামৰ ক্ষন্তেকীয়া যাত্রাক সুন্দৰ, উপভোগ্য আৰু অর্থপূর্ণ কৰি তুলিব পাৰে ৷