অস্তাচলত উদিত সূৰুয

জয়শ্রী কলিতা

গোমা আকাশখনত বিজুলী–ঢেৰেকনিৰ কাণ তাল মাৰি ধৰা শব্দত বৰষা উচাপ খাই উঠিল ৷ কিমান সময় বেলকনিত বহি আত্ম আলাপত বিভোৰ হৈ আছিল তাইৰ মনত নাই ৷ দিনটোৰ ব্যস্ততাৰ অন্তত শাৰীৰিক অৱসাদখিনি আঁতৰাবলৈ কিছু সময় এনেদৰে বেলকনিত বহাটো অভ্যাসত পৰিণত হৈছে তাইৰ ৷ শাৰীৰিক অৱসাদ ঠিক নহয়

আচলতে অকলশৰে কিছু সময় এনেদৰে কটাই মানসিক চাপখিনি আঁতৰোৱাৰ বৃথা চেষ্টাহে তাইৰ এয়া ৷

বহি থকা চকীখনৰ পৰা থিয় হৈ বৰষাই অকাশখনলৈ চালে ৷ তৰাবিহীন আকাশখন দূৰ দিগন্ত ব্যাপী কলীয়া ডাৱৰে আৱৰি ধৰিছে, ঠিক তাইৰ মনত থূপ খাই থকা আন্ধাৰখিনিৰ দৰেই ৷  হয়তো খন্তেক পিছতে ধৰাৰ বুকুলৈ মুষলধাৰ বৰষুণ এজাক নামিব ।

কোনোমতে ভৰি দুখন চোঁচৰাই ভিতৰলৈ গৈ চিণ্টূ শুই থকা বিছনাখনতে ঢাপকৈ বহি পৰিল বৰষা ৷ ৰাতি দহ বাজিছে ৷  এতিয়ালৈকে ৰণৰ দেখাদেখি নাই ৷ ৰিজার্ভ বেংকৰ প্রবেচনাৰী অফিচাৰ হিচাপে কর্মৰত ৰণদীপ চলিহাৰ ৰাতিলৈকে ইমান ব্যস্ততাৰ কাৰণ বুজি নাপাই তাই ৷ অথচ আগতেতো এনেকুৱা কেতিয়াও নাছিল সি বুজনশীল ৰণ আৰু মৰমলগা চিণ্টূক  লৈ এখন সুখৰ সংসাৰ আছিল তাইৰ ৷ ব্যস্ততাভৰা দিনবোৰতো পৰিয়ালৰ লগত অলপ হলেও সময় অতিবাহিত কৰি ভাল পোৱা মৰমিয়াল স্বামী ৰণক লৈ বহুত সুখী আছিল তাই ৷ বেংকৰ পৰা আহি চাহকাপ খায়েই চিণ্টূৰ লগত অলপ সময় খেলিহে জিৰণি লোৱা, বন্ধৰ দিনত বৰষা আৰু চিণ্টূক  লগত লৈ এপাক ফুৰিবলৈ নগলে নোহোৱা ৰণৰ আজি প্রায় এবছৰৰ পৰা হোৱা অস্বাভাৱিক পৰিৱর্তনত ভিতৰি ভাগি পৰিছে তাই ৷

আনহে নালাগে, ঘৰলৈ আহিয়েই লেবেজান হৈ বিছনাত পৰি যোৱা ৰণৰ ওচৰলৈ গৈ কিবা সমস্যা হৈছে যদি খুলি কবলৈ বৰষাই মৰমেৰে কলেও গৰগৰাই উঠে সি ।  তাৰ এহ ব্যৱহাৰত বৰষাও লাহে লাহে খিংখিঙীয়া হৈ পৰিছে আৰু ফলস্বৰূপে দিনে দিনে সিহঁতৰ মাজত দূৰত্ব বাঢ়ি সম্পর্ক বুলিবলৈ মাত্র খোলাটোহে বাকী ৰৈছেগৈ ৷

কৰবালৈ একেলগে যাবলগীয়া থাকিলে ৰণলৈ ৰৈ ৰৈ বৰষাই শেষত অকলেই যাব লগা হয় আজিকালি ৷ আজিও তাৰ ব্যতিক্রম নহল ৷ এসপ্তাহ আগৰে পৰাই স্কুলৰ টিচাৰ–পেৰেণ্টছ মিটিঙলৈ মাক–দেউতাক দুয়োকে যাবলৈ আব্দাৰ কৰি থকা চিণ্টূক কথা দিছিল ৰণে এইবাৰ মিটিঙলৈ যাব বুলি ৷  অলপ পলমকৈ হলেও স্কুল গৈ পাব বুলি ৰণে বৰষাৰ লগত তাক পঠিয়াই দিছিল ৷ বহু দেৰি হৈ যোৱাৰ পিছতো ৰণ গৈ নোপোৱাত বৰষাই ফোন কৰিছিল তালৈ ৷ তিনিবাৰৰ মূৰত ফোনকল ৰিচিভ কৰাৰ পিছত ইথাৰৰ সিপাৰৰ পৰা ভাহি আহিছিল ৰণৰ কণ্ঠস্বৰ আই এম এক্সট্ৰিমলি ছৰি বৰষা ৷ মই যাব নোৱাৰিম ৷ তুমি কিবাকৈ মেনেজ কৰিবা আৰু ৷

পুট পুট পুট

বৰষাই কিবা এটা কবলৈ লোৱাৰ আগতেই ফোনটোৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছিল ৷

অভিমানত ফুলা লুচীখনৰ দৰে ওফন্দি উঠা চিণ্টূৰ মুখখন দেখি বৰষাৰ বুকুখন মোচৰ খাই গৈছিল ৷ কোনোমতে ওঁঠ দুটা চেপি ধৰি বৈ আহিব খোজা চকুপানীখিনিক বাধা দি তাক বুজাই–বঢ়াই ঘৰলৈ যাবলৈ লওঁতেই স্কুলৰ প্রধান শিক্ষয়িত্রী কমলা দেৱীয়ে অফিচ ৰুমলৈ মাতি লৈ গৈছিল দুয়োকে ৷ সন্মুখৰ চকী দুখনত বৰষা আৰু চিণ্টূক বহিবলৈ দি সিহঁত দুটাৰ পোনে পোনে আনখন চকীত বহি লৈছিল তেওঁ ৷ তেওঁৰ সদা পৰিচিত গুৰু গম্ভীৰ কণ্ঠস্বৰেৰে পঢ়া–শুনাত চিণ্টূৰ আগতকৈ মনোযোগ কমি অহাৰ কথা ব্যক্ত কৰিছিল বৰষাক৷ স্কুলৰ যিকোনো অনুষ্ঠানতে মাক–দেউতাক দুয়োজনে উপস্থিত থকাটো স্কুলখনৰ বহুত পুৰণা নিয়ম ৷ কিন্তু অভিভাৱক হিচাপে আশা কৰা মতে স্কুল কর্তৃপক্ষৰ লগত ৰণৰ সহযোগিতাখিনি নোপোৱাত দুখ প্রকাশ কৰিছিল তেওঁ ৷

বৰষাই মাথোঁ মূৰ দুপিয়াই সঁহাৰি জনাইছিল ৷ আগলৈ ইয়াৰ প্রতি লক্ষ্য ৰাখিব বুলি কমলা দেৱীক প্রতিশ্রুতি দি বুকুৰ নিভৃতত প্রচণ্ড বিষ এটা লৈ বৰষা স্কুলৰ পৰা ঘৰলৈ উভতিছিল ৷

দেউতাকৰ প্রতি এসোপামান অভিমান বুকুত বান্ধি শুই যোৱা চিণ্টূৰ চুলিখিনিত আলফুলে হাতখন বুলাই কপালত দুই ওঁঠৰ মৃদু পৰশ দি বৰষাই চকু দুটা মুদি দিলে ৷

কলিং বেলৰ শব্দত চিলমিলকৈ টোপনি আহিবলৈ ধৰা বৰষা সচকিত হৈ উঠিল ৷ দুৱাৰখন খোলাৰ লগে লগে তাইৰ ফালে নোচোৱাকৈ ৰণ সোমাই আহিল ভিতৰলৈ ৷ নৈশ আহাৰ গ্রহণ কৰাৰ পিছত শুবলৈ যোৱাৰ আগতে বৰষাহ কমলা দেৱীয়ে কোৱা কথাবোৰ ৰণক কলে৷ ওলাই আহিব খোজা কান্দোনটো জোৰকৈ চেপি ধৰি ৰাখিবলৈ কৰা বৃথা চেষ্টাৰ ফলত কণ্ঠ থোকাথুকি হৈ পৰিল তাইৰ কি কাৰণে ইমান সলনি হলা তুমি ৰণ কিয় সদায় ৰাতি ইমান পলম হয় তোমাৰ ঘৰ আহি পাওঁতে মোক আগৰ ৰণ ঘূৰাই লাগে ৰণ মোক আগৰ ৰণ ঘূৰাই লাগে ৷

কথাখিনি কৈয়ে কান্দোনত ভাগি পৰিল বৰষা ৷

তাইৰ কান্দোনক আওকাণ কৰি বিৰক্তিৰ সুৰত ৰণে কৈ উঠিলে কিয় অনাহকতে কান্দি থাকা তুমি যি লাগে তাকেইতো দি আছোঁ তোমালোকক ৷ এনেই অশান্তি কৰি নাথাকিবাচোন৷ প্লীজ লীভ মি এলোন বৰষা, প্লীজ ৷

ৰণৰ ব্যৱহাৰত শিলপৰা কপৌৰ দৰে একে ঠাইতে বহি ৰল তাই ৷

কি কয় এই মানুহজনে

যি লাগে তাকেই দিছে মাহৰ মূৰত পইচা কেহটামান আনি হাতত গুঁজি দিয়াটোৱেই এজন স্বামী আৰু এজন পিতৃৰ দায়িত্ব নেকি ?

যিজন মানুহে তাইৰ গাত সামান্য আঁচোৰ এটা পৰিলেও সহিব নোৱাৰিছিল, সেইজন মানুহৰ বাবে আজি তাইৰ চকুপানী মূল্যহীন হৈ গল

মূৰটো আচন্দ্রাই কৰা যেন লাগিল তাইৰ ৷ হঠাৎ ৰণৰ ওচৰৰ পৰা উচাৎ মাৰি উঠি গৈ চিণ্টূ  শুহ থকা বিছনাখনৰ কাষতে মজিয়াত লেপেটা কাঢ়ি বহি লৈ বিছনাখনতে মূৰটো পেলাই শুই পৰিল তাই ৷

পিছদিনা ৰণ আৰু চিণ্টূ ওলাই যোৱাৰ পিছত দৰকাৰী বস্তু কেইবিধমান আনিবলৈ বজাৰলৈ গল বৰষা ৷ বজাৰ কৰি দোকানৰ পৰা ওলাই আহোঁতে ৰণৰ গাড়ীখন সন্মুখেৰে পাৰ হৈ যোৱা যেন পালে তাই ৷ উধাতু খাই দৌৰি গৈ ভালদৰে গাড়ীৰ নম্বৰটো চাই নিষ্চিত হল হয়, এইখন ৰণৰেই গাড়ী হয় কিন্তু এইখিনি সময়ত এইটো ৰাস্তাৰে কি কামত গৈছে তেওঁ মনতে কথাবোৰ পাগুলি অলপো পলম নকৰি তাই  স্কুটীখনেৰে ৰণক অনুসৰণ কৰিলে ৷

ৰণৰ গাড়ীখন এখন স্কুলৰ দিশে গতি কৰিছে ৷ অতি সাৱধানেৰে ৰণৰ পিছে পিছে গৈ থাকিল তাই ৷ স্কুলৰ গেটৰ ওচৰত গাড়ীখন ৰখাই গাড়ীৰ পৰা নামি কাৰোবালৈ অপেক্ষা কৰিছে সি ৷ স্কুটীখন ৰণৰ পৰা অলপ দূৰত ৰাস্তাৰ দাঁতিত ৰখাই বৰষাই আলেঙে আলেঙে তালৈ লক্ষ্য কৰি থাকিল ৷  অলপ সময়ৰ পিছত স্কুলৰ পৰা মৰমলগা সৰু লৰা এজন ৰণৰ দিশে আগবাঢ়ি আহিল ৷ ৰণে তাক কোঁচত লৈ গাড়ীৰ ভিতৰত বহুৱাই বৰষাৰ ওচৰেৰে ফোঁ–ফোঁৱাই গাড়ীখন চলাই গুচি গল ৷

এক মিনিটমান সময় সিহঁত যোৱাৰ ফালে জঠৰ হৈ চাই ৰল বৰষাই ৷ ভৰিৰ তলৰ মাটিখিনিও নোহোৱা হৈ যোৱা যেন লাগিল তাইৰ ৷

পৰকীয়া প্রেম

উস্ আৰু নোৱাৰে ভাবিব তাই ৷

আগষ্ট মাহৰ দেহ পুৰি নিয়া ৰদ আৰু চিন্তাত উশাহটো চুটি হৈ যোৱা যেন অনুভৱ হল তাইৰ ৷ স্কুটীখনতে হাউলি হুকহুকাই কান্দি দিলে তাই ৷ কিমান সময় তেনেকৈ পাৰ হৈছে গম পোৱা নাই তাই ৷

হঠাৎ কান্ধত কাৰোবাৰ হাতৰ স্পর্শত সম্বিৎ ঘূৰি আহিল বৰষাৰ৷ খপজপকৈ চকুপানীখিনি মচি পিছফালে ঘূৰি চাহ ৰণৰ সহকর্মী প্রাণজিতক দেখি উচাপ খাই উঠিল বৰষা ৷

বৌ কি হৈছে তোমাৰ

প্রাণজিতৰ লগত তেজৰ সম্পর্ক নাই যদিও ৰণ আৰু বৰষাৰ নিজৰ ভায়েকতকৈ কোনোগুণে কম নহয় সি ৷

বৰষাৰ পৰা একো উত্তৰ নাপাই ওচৰতে থকা ৰেস্তোৰাঁখনলৈ জোৰকৈয়ে লৈ গল সি তাইক ৷ ৰেস্তোৰাঁৰ ভিতৰলৈ গৈ বহিবলৈ দি পানীৰ বটল এটা তাইলৈ আগববাই দিলে সি ৷

বটলটোৰ পৰা ঘোট ঘোটকৈ কেইঢোকমান পানী গলাধকৰণ কৰি কওঁ–নকওঁকৈ সমস্ত কথা প্রাণজিতৰ আগত বিৱৰি কলে তাই ৷ তাইৰ কথা শুনি তাৰ মুখত চিন্তাৰ ৰেশ বিয়পি পৰিল ৷ কিছু সময় মৌনতা অৱলম্বন কৰি দীঘলকৈ হুমুনিয়াহ এটা এৰি ৱেটাৰজনক মাতি কফী দুকাপ অর্ডাৰ দি কৈ গল সি চোৱা বৌ, দাদাক মই ভালকৈয়ে জানো ৷ তেওঁ অন্ততঃ এহবোৰ কাম কেতিয়াও নকৰে ৷ আচলতে দাদাই আপোনাৰ পৰা বহুত ডাঙৰ কথা এটা লুকুৱাই ৰাখিছে বৌ ৷

কি কি ডাঙৰ কথা প্রাণজিৎ একে উশাহতে সুধি কৌতূহলী চাৱনিৰে প্রাণজিতৰ ফালে চাহ ৰল বৰষাই ৷

তুমিতো জানাই দাদা কিমান সহজ–সৰল আৰু নিষ্ঠাৱান মানুহ ৷ জটিলতা বুজি নোপোৱা দাদাৰ সদায় দৃষ্টি আকর্ষণ কৰিবলৈ চেষ্টা কৰিছিল আমাৰ সহকর্মী হিচাপে নতুনকৈ যোগদান কৰা হিমা দাসৰ ৷ যিকোনো প্রকাৰে দাদাৰ সান্নিধ্যলৈ আহিবলৈ কোনো ধৰণৰ সুযোগ এৰি দিয়া নাছিল তাই ৷ তাইৰ মনৰ পৰিস্থিতিৰ উমান পাই দাদাই যিমান সম্ভৱ তাইৰ পৰা আঁতৰি থাকিবলৈ লৈছিল৷ দাদাৰ পৰা কোনো গুৰুত্ব নাপাই হিমাই এদিন সুবিধা বুজি নিজেই দাদাক প্রেমৰ প্রস্তাৱ দিছিল ৷ তাইৰ প্রস্তাৱত হতভম্ব হৈ পৰা দাদাই একে আষাৰে সেই প্রস্তাৱ নাকচ কৰি কৈছিল আপুনি কি কৈছে আপুনি নাজানে নেকি পত্নী আৰু এটা সন্তানৰ সৈতে মোৰ যে এখন সংসাৰ আছে

দাদাৰ উত্তৰত উচ্চস্বৰত হাঁহি হাঁহি হিমাই বেপৰোৱা সুৰত কৈ উঠিছিল তাতে কি হল আজিকালিতো এইবোৰ সাধাৰণ কথা ।

আৰু কিবা কব খুজিছিল তাই ৷ কিন্তু দাদাই পূর্ণহতীয়া চৰ এটা শোধাহ তাইৰ মুখ বন্ধ কৰি থৈছিল ৷ সেই অপমান সহিব নোৱাৰি হিমাই সেইদিনাৰ পৰাই দাদাই শোধোৱা চৰৰ প্রতিশোধ লবলৈ সুযোগ বিচাৰি আছিল ৷

অলপ সময় ৰৈ কফীকাপত চুমুক দি দীঘলকৈ উশাহটো টানি প্রাণজিতে আকৌ কবলৈ আৰম্ভ কৰিলে ইয়াৰ পিছৰখিনি শুনিবলৈ তোমাক অলপ সাহস লাগিব বৌ ৷

প্রাণজিতৰ কথাবোৰ সাঁথৰ সাঁথৰ লাগিল বৰষাৰ ৷

বলিয়ালি নকৰিবা প্রাণজিৎ ৷ ইমানখিনি শুনিছোঁ যেতিয়া পিছৰখিনিও শুনিব পাৰিম ৷ প্রায় চিঞৰাৰ দৰে কৈ উঠিলে বৰষাই ৷

অলপ সময় ৰৈ ওপৰলৈ চাই চকু দুটা কিছু সময় মুদি প্রাণজিতে আকৌ কৈ গল ইয়াৰ পিছত এদিন সুবিধা বুজি হিমাই দাদাৰ যৌন উৎপীড়নৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰিলে৷ ইনতো ক্ষান্ত নাথাকি তাই দাদাৰ বিৰুদ্ধে ষড়যন্ত্রও ৰচিলে ৷ তাইৰ ষড়যন্ত্রৰ বলি হৈ দাদাই চাকৰিৰ পৰা নিলম্বিত হবলগীয়া হল ৷ দাদাৰ চাকৰিটো হোৱা যিহেতু বেছি বছৰ হোৱা নাছিল আৰু লোনো আছিল তিনিটামান, গতিকে চাকৰিৰ পৰা নিলম্বিত হোৱাৰ পিছত দাদাৰ ঘৰখন চলাবলৈ যথেষ্ট অসুবিধা হৈছিল ৷ এদিন সন্ধিয়া মোৰ ঘৰলৈ আহি দাদাই মানুহ এঘৰত কাম এটা পোৱা বুলি মোক অৱগত কৰিছিল ৷ অলপ আগতে তুমি দেখা সৰু লৰাটো সেই মানুহ ঘৰৰে ৷ লৰাটোৰ মাক–দেউতাক দুয়োজনে চাকৰিয়াল ৷ তাক স্কুললৈ অনা–নিয়া কৰিব লাগে আৰু মাক–দেউতাক ঘৰ গৈ নোপোৱালৈকে তাক চোৱা–চিতা কৰাৰ লগতে ঘৰৰ সকলো কাম কৰিব লাগে ৷ বিনিময়ত ২০০০০ টকা  দিব ৷

আচৰিত হৈছিলোঁ মই দাদাৰ কথা শুনি ৷ প্রত্যুত্তৰত দাদাই কৈছিল নিজৰ পৰিয়ালটোৰ বাবে এইখিনি কষ্ট কৰিব লাগিব আৰু কামৰ একো সৰু–বৰ নাই নহয় ৷ চাকৰিটো বহুত কষ্টৰে লৈছিলোঁ মই ৷ পিছে সেইটো চাকৰি মোৰ কপালতে নাছিল ৷ কিন্তু তুমি মোক কথা দিয়া, এই বিষয়ে মোৰ পৰিয়ালৰ কোনেও যাতে গম নাপায় ৷ বৰষাই গম পালে বহুত কষ্ট পাব মনত৷ সহ্য কৰিব নোৱাৰিব তাই ৷

অনিচ্ছাসত্ত্বেও মই কথা দিবলগীয়া হৈছিল তোমাক একো নকওঁ বুলি ৷ কিন্তু চকুৰ সন্মুখত তোমালোকৰ সংসাৰখন থানবান হৈ যোৱাটো চাই থাকিব নোৱাৰি আজি কৈ দিলোঁ সকলো ৷

বাকৰুদ্ধ হৈ পৰিল বৰষা৷ জঠৰ হৈ একে ঠাইতে বহি ৰল তাই ৷ দুচকু ভেদি লুণীয়া পানীৰ সোঁত এটা বাগৰি আহিল তাইৰ ৷ এক মিনিট মান সময় মৌনতা অৱলম্বন কৰি চকুপানী মচি নিজকে অলপ সংযত কৰি প্রায় দৌৰাৰ দৰেই ৰেস্তোৰাঁখনৰ পৰা ওলাই আহিল তাহ৷ তাইৰ পিছে পিছে প্রাণজিতো ওলাই আহিল ৷

ফোঁপাহ উঠিল বৰষা ৷ দুহাতৰ আঙুলিবোৰ টানকৈ মুঠি মাৰি ধৰি কৈ উঠিলে তাই মোৰ স্বামীৰ সন্মানত আঘাত ইনাজনক মই কেতিয়াও সাৰি যাবলৈ নিদিওঁ প্রাণজিৎ ৷

তাইৰ দুচকুত লি উঠা ক্ষোভৰ জুহকুৰা দেখি প্রাণজিতৰ চকু–মুখত সন্তোষৰ হাঁহি এটি বিৰিঙি উঠিল ৷

প্রাণজিতৰ পৰা বিদায় লৈ ঘৰলৈ উভতিলে বৰষাই ৷ ওভতনি যাত্রাত ওৰেবাটে ৰণৰ কথাই ভাবি গৈ থাকিল তাই ৷ এজন পুৰুষে নিজৰ ঘৰখনৰ বাবে কিমানখিনি কষ্ট সহিব পাৰে পত্নীৰ প্রতি কিমান ভালপোৱা থাকিলে এজন স্বামীয়ে ইমানখিনি কথা লুকুৱাব পাৰে ।

আৰু মই

চিহ্ যে কি ভাবি আছিলোঁ

কথাবোৰ পাকঘূৰণি খাই মন–মগজুত দোলা দি থাকিল বৰষাৰ ৷

******

আগদিনা কাম কৰা মালিকৰ ঘৰত আলহী আহিছিল বাবে কাম অলপ বেছি হৈছিল ৷ ইচ্ছা কৰিও চিণ্টূৰ স্কুললৈ যাব নোৱাৰা আৰু ৰাতি অনিচ্ছাসত্ত্বেও বৰষাক দুর্ব্যৱহাৰ কৰাৰ দুখটোৱে এতিয়াও বুকুৰ কোনোবা এটা কোণত খুন্দিয়াই আছে ৰণৰ ৷ বৰষাৰ আগত ধৰা পৰি যোৱাৰ ভয়তেই সি আজিকালি আঁতৰি থাকে তাইৰ পৰা ৷ ৰাতিৰ সাঁজৰ বাবে পাচলি কাটি থকা ৰণৰ চকুহাল সেমেকি উঠিল ৷

কালি দিনটো বৰ বেয়াকৈ গল আজি অলপ সোনকালে যাব পাৰিলে ভাল আছিল কথাখিনি মনৰ ভিতৰত পাগুলি ভাতকেইটা সোনকালে ৰান্ধি মালিকনীক কৈ আজি অলপ সোনকালে উভতিলে সি ঘৰলৈ ৷

বৰষায়ো আজি আন দিনাতকৈ সোনকালে ৰান্ধি বাঢ়ি চিণ্টূক খুৱাই শুৱাই থলে ৷ গোটেইবোৰ ৰণৰ পছন্দৰ খাদ্য ৰান্ধিছে আজি তাই ৷ কলিংবেলৰ শব্দত বৰষাই দর্জা খুলি দিয়াৰ লগে লগে ৰণে তাইৰ ফালে নোচোৱাকৈয়ে সোমাই আহি বেগটো থৈ বেচিনৰ ওচৰলৈ গৈ হাত দুখন পাৰে মানে ঘঁহি ঘঁহি ধুলে ৷ দিনটো কাম কৰি হাতৰ তলুৱা আৰু নখত লাগি যোৱা দাগবোৰ যাতে বৰষাৰ চকুত নপৰে, তাৰ বাবে এইখিনি কচৰৎ কৰে সি ৷

গা ধুহ ভাত খাই উঠাৰ পিছত বৰষাই ৰণক দুই কান্ধত ধৰি বিছনাত বহুৱাই দি নিজেও বহিলে তাৰ ওচৰত ৷ তাৰ হাত দুখন নিজৰ দুহাতত সুমুৱাই ললে তাই ৷ বাঁওহাতৰ বুুঢ়া আঙুলিটোত অকণমান তেজ বিৰিঙি আছে তাৰ ৷ হয়তো পাচলি কাটি থাকোঁতে আঘাত পাহছিল আঙুলিটোত হাতৰ তলুৱা, আঙুলি আৰু নখত লাগি ৰোৱা কলা দাগবোৰ দেখি নিমিষতে তাইৰ দুচকুত নিয়ৰকণা এখিনি থূপ খালে ৷

কি হৈছে তোমাৰ বৰষা কিয় সদায় এনেদৰে কান্দি থাকা তুমি বেংকত আজিকালি অলপ দেৰিলৈকে কাম থাকে বাবেই ৷

তাৰ কথাষাৰ সম্পূর্ণ নৌহওঁতেই বৰষাই চিৎকাৰ কৰি উঠিলে বন্ধ কৰা ৰণ বন্ধ কৰা ৷ আৰু কিমান মিছা মাতিবা তুমি ।

কিংকর্তব্যবিমূূ হৈ সি বৰষাৰ ফালে একেথৰে চাই ৰল ৷

তাৰ মনৰ অৱস্থাৰ উমান পাই বৰষাই প্রাণজিতৰ মুখত সকলো গম পোৱাৰ কথা অৱগত কৰি কলে হোমৰ জুইক সাক্ষী কৰি বিবাহপাশত আবদ্ধ হৈ তোমালোকৰ ঘৰত প্রথম প্রৱেশ কৰাৰ দিনাই কথা দিছিলা তুমি, আজিৰ পৰা আমি তুমি আৰু মইৰ সলনি আমি হলোঁ ৷ সুখৰ সময়ত আনন্দখিনি ভগাই লম আৰু দুখৰ সময়ত ইজনে সিজনৰ সাহস হৈ থিয় দিম ৷ তুমিয়েই কোৱা নাছিলা জানো ৰণ বিপদৰ সময়ত বুজাবুজি আৰু ইজনে আনজনৰ সাহস হৈ থাকিলেহে সকলো সমস্যাৰ সমাধান পোৱা যায় ৷ তেন্তে এয়া কি ৰণ

কথাখিনি কৈয়ে কান্দোনত ভাগি পৰিল বৰষা ৷

আৱেগৰ ঢৌ এটি বুকুৰ নিভৃতত উথলি উঠি দুচকু সেমেকাই তুলিলে ৰণৰ ৷

বৰষাৰ হাত দুখন সজোৰে খামুচি ধৰি সি কলে সংসাৰ এখনৰ মূল ভেটিটোৱেহ হৈছে বিশ্বাস৷ সেই বিশ্বাসখিনি হেৰুওৱাৰ ভয়ে বুকুখনৰ কোনোবা এটা কোণ কুটি কুটি খাহছিল মোৰ ৷ আজি মোৰ মনটো বহুত পাতল লাগিছে বৰষা ৷ অন্ততঃ তুমি মোক ইমানখিনি বুজিছা যে

কথাখিনি কৈয়েই সি দুবাহুৰে আঁকোৱালি ললে বৰষাক৷ অতদিনৰ মূৰত প্রিয়জনৰ আলিংগনত বৰষাও আৱেগবিক হল হৈ পৰিল ৷ কুৰুকি কুৰুকি ৰণৰ বুকুৰ মাজত সোমাই পৰিল তাই ৷

এজাক চৰাইৰ কিচিৰ–মিচিৰ শব্দ আৰু পদূলিমুখেৰে পাৰ হৈ যোৱা স্বাস্থ্য সচেতন কেইজনমান মানুহৰ মৃদু কোলাহলত কাহিলিপুৱাতে সাৰ পালে বৰষাই ৷ শোৱাপাটী এৰি ঘৰৰ যাৱতীয় কামখিনি কৰি ললে তাই ৷ দেওবাৰ বাবে চিণ্টূক ৰণৰ লগত থৈ ওলাই গল তাই ৷ ৰণে যাবলৈ বাধা দিলে যদিও নুশুনিলে তাই ৷

দুবাৰকৈ কলিংবেল বজোৱাৰ পিছতো কোনো ওলাই  নহা দেখি বৰষাৰ বুকুত লি থকা ক্ষোভৰ জুইকুৰা আৰু বেছি দপদপাই লি উঠিল৷ একেৰাহে তিনি চাৰিবাৰমান কলিংবেলটো বজোৱাৰ পিছত অসংযত চুলিৰে মুখ্য দুৱাৰখন খুলি সন্মুখত বৰষাক দেখি আচৰিত হল হিমা ৷

আপুনিহয়াত ঘেঁহালে তাই ৷

কোনো প্রত্যুত্তৰ নিদিয়াকৈ হিমাক প্রায় ঠেলি দিয়াৰ দৰেই তাইৰ ওচৰেৰে বিজুলী বেগেৰে গৈ কোঠাৰ ভিতৰত সোমাল বৰষা ৷

হিমাৰ অসংযত চুলি, অত–তত পৰি থকা চিগাৰেটৰ সৰু সৰু টুকুৰা, মদৰ বটল আৰু গিলাচেৰে বিশৃংখল হৈ থকা কোঠাটো দেখি বহু ৰাতিলৈকে যে তাই সুৰাৰ ৰাগিত মাতাল হৈ এতিয়ালৈকে বিছনাত পৰি আছে বৰষাৰ বুজিবলৈ বাকী নাথাকিল ৷

নাৰীৰ কি বিচিত্র ৰূপ

ঘৃণাত নাক–মুখ কোঁচ খাই গল বৰষাৰ ৷

বৰষাৰ পিছে পিছে গৈ হিমাই গৰজি উঠিল মোৰ অনুমতি অবিহনে মোৰেই কোঠাত প্রৱেশ কৰিবলৈ কত সাহস পালে আপুনি প্রথম দিনা লগ পাওঁতে আপোনাক বহুত ভদ্র বুলি ভাবিছিলোঁ মই ৷

দুহ ওঁঠত বেঁকা হাঁহিৰ প্রলেপ সানি বৰষাই উত্তৰ দিলে ভদ্রতাৰ পাঠ মোক পেোৱাৰ প্রয়োজন নাই মিছ হিমা দাস ৷ আনৰ সংসাৰ ভাঙি পৰপুৰুষৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিব খোজা এগৰাকী চৰিত্রহীনা নাৰীৰ কোঠাত সোমাবলৈ সন্মতিৰ প্রয়োজন আছে বুলি মই নাভাবোঁ ৷ আৰু আপোনাৰ ভাষণ শুনিবলৈ মই ইয়ালৈ অহা নাই ৷ মাত্র এষাৰ কথা কবলৈহে আহিছোঁ ইয়ালৈ ৷ মোৰ স্বামীৰ লগত আপুনি যি কৰিলে তাৰ উত্তৰ আদালতে দিব আপোনাক ৷

অট্যহাস্য কৰি উঠিল হিমাই ৷ বিছনাখনত বহি এখন ভৰিৰ ওপৰত আনখন ভৰি উঠাই দুয়োখন হাতত ভেজা দি পিছফাললৈ সামান্য হাউলি তাই কলে আপুনি হয়তো মোৰ বিষয়ে ভালদৰে নাজানে৷ এই অঞ্চলৰ ডাঙৰ ডাঙৰ উকীলক হাতৰ মুঠিত ৰাখিব পৰা ক্ষমতা আছে এই হিমাৰ৷ ডাঙৰ ডাঙৰ অফিচাৰ কিছুমানক আঙুলিৰ মূৰত নচুৱাই আছোঁ মই এতিয়াও ৷  মোৰ ক্ষমতাৰ আগত তিষ্ঠিও থাকিব নোৱাৰিব আপোনালোক ৷

এগৰাকী পত্নীৰ স্বামীৰ প্রতি থকা ভালপোৱা আৰু বিশ্বাসৰ জয় হব নে আপোনাৰ ক্ষমতা আৰু প্রতিপত্তিৰ জয় হব সেয়া সময়ত দেখা যাব৷ এতিয়া আহোঁ ৷ আদালতত পুনৰ লগ পাম ৷ হিমালৈ তর্জনী আঙুলি দেখুৱাই কথাখিনি কৈ ওঁঠৰ ওপৰত আৰু নাকত জিলিকি উঠা বিন্দু বিন্দু ঘামৰ কণিকাবোৰ ডিঙিত মেৰিয়াই লোৱা চূর্ণীখনেৰে মচি উচাৎ মাৰি গুচি গল বৰষা ৷

*****

দুবছৰজোৰা অপেক্ষাৰ অন্তত অৱশেষত ৰণে ন্যায় পালে ৷  উপযুক্ত প্রমাণ আৰু সাক্ষী অনুসৰি, হিমা দাসে ৰণৰ ওপৰত আৰোপ কৰা সকলো অভিযোগ মহামান্য আদালতে নস্যাৎ কৰিলে ৷ ৰণৰ ওপৰত মিছা অভিযোগ উত্থাপন কৰাৰ লগতে, তেওঁক ষড়যন্ত্রৰে চাকৰিৰ পৰা নিলম্বিত কৰাৰ অপৰাধত হিমাৰ উপযুক্ত শাস্তি হোৱাৰ লগতে ৰণে হেৰুওৱা চাকৰিটোত পুনৰ নিযুক্তি পালে ৷

সময় গতিশীল ৷ সময়ে ভাঙে যেনেকৈ, গঢ়েও তেনেকৈ ৷ আদালতৰ শেষ ৰায় শুনাৰ লগে লগে বৰষা আৰু ৰণৰ দুচকুৰ পৰা আৱেগৰ বন্যা এজাক নিগৰি আহিল ৷ আৱেগবিক হল ৰণে এখন হাতেৰে বৰষাৰ হাত এখনত সজোৰে খামুচি ধৰিলে ৷ এক নতুন আশা বুকুত বান্ধি আদালত চৌহদৰ পৰা নিজ গৃহ অভিমুখে ধাৱমান হোৱা ৰণ আৰু বৰষাৰ কাণত অনুৰণিত হৈ ৰল সুদূৰৰ পৰা ভাহি অহা এটি গীতৰ কলি

যদি জীৱনৰ ৰংবোৰে লুকা–ভাকু খেলে,

যদি আশাৰ চাকিটি উমি উমি লে,

তথাপি বন্ধু আগুৱাই যাবা

পিছলৈ ঘূৰি নাচাবা ৷

ফোনঃ ৭০০২৫-৫৯৯৭৪

You might also like
Leave A Reply

Your email address will not be published.