দুর্গন্ধযুক্ত ঘামৰ পৰা পৰিত্রাণ পাবলৈ

বিষয়া ভূঞা

অত্যাধিক গৰমত দেহৰ পৰা ঘাম ওলোৱাটো স্বাভাৱিক প্রক্রিয়া ৷ কম–বেছি পৰিমাণে সকলো ব্যক্তিৰে দেহৰ পৰা ঘাম ওলায় ৷ স্বাভাৱিকভাৱে শৰীৰৰ পৰা ঘাম ওলোৱাটো স্বাস্থ্যসন্মত ৷ কাৰণ শৰীৰত জমা হোৱা অতিৰিক্ত বৈর্য পদার্থহে ঘামৰ জৰিয়তে বাহিৰলৈ ওলায় ৷ কিন্তু তাৰ মাজতে কিছুমান ব্যক্তিৰ ঘাম দুর্গন্ধযুক্ত হয় ৷ ফলত সেইসকল ব্যক্তিৰ স্বাভাৱিক জীৱন যাপনত কিছু অসুবিধাৰ সৃষ্টি হয় ৷ কিছুমান পৰিস্থিতিত তেনেকুৱা এজন ব্যক্তিৰ উপস্থিতিয়ে বাকী দহজনকো অসুবিধাত পেলায় ৷

স্বাভাৱিকভাৱে শৰীৰৰ পৰা ঘাম ওলোৱাটো স্বাস্থ্যসন্মত যদিও এইটো নির্ভৰ কৰে মানুহজনে কি পৰিস্থিতিত কেতিয়া ঘামিছে সেইটোৰ ওপৰতহে ৷ অত্যধিক শাৰীৰিক পৰিশ্রম, ব্যায়াম নাইবা খুব বেছি গৰমত মানুহ এজনৰ সমগ্র শৰীৰ ঘামিব পাৰে ৷ ব্যক্তিভেদে ঘামৰ পৰিমাণ কম–বেছিও হব পাৰে ৷ কিন্তু বেছিকৈ ঘামিছে বাবেই ঘাম দুর্গন্ধযুক্ত হব নোৱাৰে ৷ ঘামৰ দুর্গন্ধ নির্ভৰ কৰে বেছিকৈ দৈহিক অসুস্থতাৰ ওপৰতহে ৷ আপুনিও যদি তেনে সমস্যাৰ সন্মুখীন হৈছে তেতিয়া হলে আহক এইবাৰ গৰমত কিছু সচেতনতাৰে নিজকে এই সমস্যাৰ পৰা আঁতৰাই ৰখাৰ যত্ন কৰক ।

১. গৰমৰ দিনত দুইৰ পৰা তিনিবাৰলৈ গা ধুবলৈ চেষ্টা কৰক ৷ দিনত এবাৰকৈ দেহত পাতলকৈ স্ক্রাব কৰি গা ধুব আৰু দেহৰ প্রতিটো অংগৰ পৰিষ্কাৰ–পৰিচ্ছন্ন ওপৰত চকু দিব ৷

২. নিমপাত সিজোৱা পানী ঠাণ্ডা কৰি চেকি লৈ গা ধোৱা পানীত মিহলি কৰি গা ধুব ৷ ইয়াৰ ফলত ঘামত হোৱা বীজাণু সংক্রমণ বন্ধ হব আৰু দুর্গন্ধ নাথাকিব ৷

৩. গা ধোৱাৰ পিছত সমগ্র শৰীৰৰ পানী ভালদৰে মচি লব ৷ কাৰণ তিতি থকা অংশত বীজাণু সংক্রমণৰ সম্ভাৱনা বেছি হয় ৷

৪. গা ধোৱা পানীত গোলাপৰ পাহি নাইবা গোলাপজল কেইটোপাল নহলে ডিডৰেণ্ঢো মিহলাই লব পাৰে ৷ ইয়াৰ ফলত আপুনি সজীৱতাও অনুভৱ কৰিব আৰু দুর্গন্ধৰ পৰাও মুক্ত হব ৷

৫. গা ধোৱাৰ পিছত গোটেই দেহত টেলকম পাউডাৰ সানিব ৷ তেতিয়াও আপোনাৰ ঘামৰ দুর্গন্ধ কম হব ৷

৬. ঘামত তিতা কাপোৰ নোধোৱাকৈ দ্বিতীয়বাৰ পিন্ধাৰ চেষ্টা নকৰিব ৷

৭. সপ্তাহত এবাৰ হলেও সম্পূর্ণ শৰীৰত চন্দন নাইবা মূলতানী মাটিৰ পেক লগাওক ৷ পেক শুকালে ঠাণ্ডা পানীৰে গা ধুই দিয়ক ৷

৮. তিনি চামুচ বেচনৰ লগত এক চামুচ হালধি, এক চামুচ নেমুৰ ৰস আৰু আধা কাপ কেঁচা গাখীৰ মিহলাই পেষ্ট বনাই সপ্তাহত এবাৰ লগাই শুকোৱাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব ৷ ইয়ে আপোনাৰ শৰীৰৰ ঘামৰ দুর্গন্ধৰ পৰা আপোনাক মুক্তি দিব ৷

৯. গৰমত পানী বেছিকৈ খাওক, বেছি গৰম খাদ্যৰ সলনি শাক–পাচলি, তৰমুজ, তিয়ঁহ, ডাবৰ পানী আদি খাওক ৷

১০. কপাহী কাপোৰ পৰিধান কৰক ৷ বাহিৰলৈ ওলালে ছাতি লৈ ওলাওক ৷ ঘাম মচিবৰ বাবে লগত কপাহী ৰুমাল বা টিছু পেপাৰ ৰাখক ৷

১১. নেমুৰ ৰস আৰু পানী মিহলি কৰি স্প্রে বটলত ভৰাই ৰাখক ৷ গা ধুই উঠি কাষলতিৰ তলত স্প্রে কৰক আৰু এক মিনিটমান সময়ৰ পিছতে মচি পেলাওক ৷

গা ধুই উঠি এটুকুৰা ফিটকিৰি পানীত তিয়াই লৈ অলপ সময় কাষলতিৰ তলত ঘঁহি থাকক ৷ আৰু দিনটোৰ বাবে দুর্গন্ধমুক্ত হৈ থাকক ৷

ফোনঃ ৯৪৩৫৬-৩৫৪৬৬

You might also like
Leave A Reply

Your email address will not be published.