পুৰণি অসমীয়া গহনাৰ পুনঃব্যৱহাৰ

পুৰণি অসমীয়া গহনাৰ পুনঃব্যৱহাৰ

বিশুদ্ধ অসমীয়া গহনা নির্বাচন

পল্লৱী হাজৰিকা

বর্তমান সময়ত পৰম্পৰাগত অসমীয়া গহনাক বাদ দি মহিলাসকলৰ উৎসৱ–পার্বণ, বিয়া–সবাহত সৌন্দর্যই ফুটি উঠিব নোৱাৰে ৷ প্রতিটো সাজৰ লগত মিলাকৈ সাধাৰণ হলেও মহিলাসকলে বর্তমান সময়ত একোটি অসমীয়া গহনা পৰিধান কৰাটো নিয়মৰ দৰেই হৈ পৰিছে ৷

যিহেতু অসমীয়া গহনা আমাৰ অসমীয়াৰ বাবে এক ঐতিহ্যমণ্ডিত সম্পদ ৷ ইতিমধ্যে আগৰ সংখ্যাত উল্লেখ কৰা হৈছে যে সাধাৰণতে অসমীয়া গহনাসমূহ তিনি ধৰণেৰে বনোৱা হয় ৷

  • সম্পূর্ণ সোণৰ ওপৰত ৷
  • ৰূপৰ ওপৰত সোণপাত লগোৱা নতুবা পাত সোণৰ প্রলেপ দিয়া ৷
  • ৰূপৰ ওপৰত মিলা কৰি সোণপানী চৰোৱা ৷

এই সংখ্যাত আপোনালোকৰ বাবে এনে এটা লেখা আগবঢ়াব বিচাৰিছোঁ, যাতে আপোনালোকৰ পুৰণা অসমীয়া গহনাবোৰ এনেয়ে পেলাই নথৈ তাক কেনেকৈ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰে ৷ যদিহে আপোনাৰ ঘৰত বহু বছৰৰ পুৰণি হৈ যোৱা অসমীয়া গহনা আছে, তেন্তে সেই গহনাটো আপুনি নতুন ৰূপত নকৈ গঢ় দি তাক পৰিধান কৰিব পাৰে ৷ দৰাচলতে দেখা যায় যে বহু বছৰৰৰ আগতে ক্রয় কৰা গহনা কেতিয়াবা কিছুমান বিশেষ কাৰণবশতঃ পিন্ধিব পৰা অৱস্থাত নাথাকে আৰু তেনে গহনা ব্যৱহাৰ নকৰাকৈ কেতিয়াবা এনেয়ে পৰি থাকে ৷  কিন্তু আপোনালোকে জানি আচৰিত হব যে  এই পুৰণা গহনা কিন্তু আপোনাৰ বাবে এক সম্পদ ৷ ইয়াক ধুনীয়াকৈ নিকা কৰি পুনঃব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰে ৷

ইয়াৰ বাবে আপুনি অসমীয়া গহনা যিকোনো এখন বিপণীলৈ গৈ তাতে আলোচনা কৰিৰ আগৰ গহনাটোক মাত্র কেইটামান মূল্যৰ বিনিময়ত ধুনীয়াকৈ নতুনত্ব দিব পাৰে ৷ গতিকে এতিয়া আৰু চিন্তাৰ কাৰণ নাই আৰু পুৰণা গহনাক নতুনত্ব দি সুন্দৰ ৰূপত সজাই পৰিধান কৰক ৷

এতিয়া আহোঁ আমি কিদৰে আচল আৰু নকল অসমীয়া গহনা নির্বাচন কৰিম ৷ আচল আৰু নকল গহনা নির্বাচনৰ কেইটামান তেনেই সাধাৰণ উপায় আপোনালোকলৈ আগববালোঁ ৷

যিদৰে আমাৰ অসমীয়া সমাজত অসমীয়া গহনাৰ চাহিদা বর্তমানে যথেষ্ট বাঢ়িছে, তাৰ লগে লগে নকল গহনাৰ পয়োভৰো যথেষ্ট বৃদ্ধি পাইছে ৷ আটাইতকৈ দুখৰ বিষয়টো হল যে এই নকল গহনাসমূহৰ কোনো এটাই ৰূপৰ ওপৰত নির্মিত নহয় ৷ ই অসমীয়া গহনাৰ মান–স্বাভিমানত বাৰুকৈয়ে আঘাত হানিছে ৷ লগতে ই আমাৰ থলুৱা শিল্পীসকলৰ মুখৰ ভাতমুঠি কাঢ়ি নিয়াৰ উপক্রম হৈছে ৷ এইদৰেই যদি বহিৰাগত নকল গহনাই আমাৰ বজাৰ দখল কৰেহি, তেন্তে আমাৰ থলুৱা শিল্পীসকলৰ কি অৱস্থা হব ৷ তেওঁলোক দেখোন কর্মহীন হৈ পৰিব ৷

গতিকে এই লেখাটোৰ মাধ্যমেৰে প্রতিগৰাকী অসমীয়ালৈ বিনম্র অনুৰোধ জনাইছোঁ আপোনালোকে বহিৰাগত অসমীয়া গহনা ক্রয় কৰি কেতিয়াও যেন বিপাঙত নপৰে আৰু প্রৱঞ্চনাৰ বলি নহয় ৷ কাৰণ এই বেলেগ ধাতুৰে নির্মিত অসমীয়া গহনাৰ কোনো মূল্য নাই আৰু সেয়া অসমীয়া জাতিটোৰ বাবে এক ভাবুকিৰ সৃষ্টি কৰিছে ৷

এতিয়া আহোঁ প্রকৃততে আপোনালোকে অসমীয়া গহনা কেনেকৈ নির্বাচন কৰিব ৷ এই প্রক্রিয়াটো সাধাৰণ জনগণৰ বাবে অকণমান অসুবিধাজনক ৷ কাৰণ বহিৰাগত নকল গহনাবোৰো হুবহু আমাৰ অসমীয়া গহনাৰ দৰেই নির্মাণৰ প্রচেষ্টা অহৰহ চলি আহিছে ৷   গতিকে খুব সাৱধানে পর্যবেক্ষণ নকৰিলে নির্ণয় কৰাটো কঠিন ৷ সেয়ে মই এটা অতি উত্তম উপায় বুলি ভাবে যেতিয়াই আপুনি এটা গহনা ক্রয় কৰে, তেতিয়া আপুনি তেওঁলোকক এখন পকা ৰচিদ দিবলৈ কওক, যত উল্লেখ থাকিব যে গহনাটো ৰূপত বা সোণতহে বনোৱা হৈছে ৷ এই ৰচিদখন আপোনাৰ বাবে নির্ভৰযোগ্য প্রমাণ হৈ ৰব আৰু যদি কোনোবাই আপোনাক মিছাতেও এনে ৰচিদ দিয়ে তাৰ বাবে আপুনি ভৱিষ্যতেও আইনী ব্যৱস্থা গ্রহণ কৰিব পাৰিব ৷

এটা মন কৰিবলগীয়া কথা হল যে যেতিয়া কোনো বিক্রেতাই আপোনাক বহুত কম মূল্যত অসমীয়া কেঁচা গহনা বিক্রী কৰে, তেতিয়া আপুনি কিন্তু পতিয়ন নাযাব, কাৰণ ৰূপেৰে নির্মিত এটা গহনা এটা বহুত কম মূল্যত কেতিয়াও দিব নোৱাৰে ৷ এনে ক্ষেত্রত আপুনি অভিজ্ঞজনৰ পৰামর্শ লৈহে গহনা ক্রয় কৰক ৷

পৰাপক্ষত আপুনি অকণমান জনা–শুনা, চিনাকি বিপণীৰ পৰাহে গহনা ক্রয় কৰিবলৈ চেষ্টা কৰিব বা আনৰ পৰা তেওঁলোকৰ কাম ভাল বুলি জানিহে তেনে ঠাইৰ পৰা গহনা ক্রয় কৰক ৷ এনেধৰণৰ সাৱধানতা অৱলম্বন কৰিলে আপুনি নকল গহনা ক্রয়ৰ পৰা বিৰত থাকিব পাৰিব ৷

ইয়াৰ উপৰি আৰু এটা কথা মন কৰিব যে যেতিয়া আপুনি নকল গহনা এটা গলাই দিয়ে তাৰ পৰা আপুনি কোনোধৰণৰ ৰূপ বা সোণ নাপায় ৷ অন্যথা এটা ৰূপৰ বা সোণৰ গহনা গলাই দিলে নিষ্চিতভাৱে আপুনি ৰূপ বা সোণখিনি উলিয়াই লব পাৰিব ৷

এটা বহিৰাগত নকল গহনাই কোনো কাৰণতে আমাৰ ঐতিহ্য বহন কৰিব নোৱাৰে ৷ কিন্তু বিশুদ্ধ অসমীয়া গহনা সদায়েই আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ অতুলনীয় বাইক ৷ নকল গহনা সদায় ব্রঞ্জ, কপাৰ, লো, টিন আদি ধাতুৰে নির্মিত ৷ আনহাতে প্রকৃত বিশুদ্ধ অসমীয়া গহনা ৰূপ আৰু সোণেৰে নির্মিত ৷

মুঠৰ ওপৰত নকল গহনাসমূহ অতি কম মূল্যৰ বুলি প্রলোভন দি বজাৰ দখল কৰিছে ৷ অন্ততঃ আপোনালোকে নিজে এবাৰ জুকিয়াই চাব সোণৰ–ৰূপৰ গহনা জানো ইমান কম মূল্যত ক্রয় বা বিক্রী কৰাটো সম্ভৱ এই নকল গহনাসমূহ নির্মিত হয় বাহিৰত ৷ গতিকে এই গহনাবোৰ বিক্রীৰ বাবদ আমাৰ থলুৱা শিল্পীসকলৰ কোনোধৰণৰ লাভান্বিত নহয় ৷ গতিকে ভাবকচোন আমাৰ থলুৱা শিল্পীসকলৰ ভাতমুঠি কাঢ়ি নিয়াৰ উপক্রম হৈছেনে ।

সামৰণিত ইমানেই কব খুজিম যে পৰম্পৰাগত অসমীয়া গহনাই যুগ যুগান্তৰৰ পৰা আমাৰ অসমীয়াৰ ঐতিহ্য, পৰম্পৰা, কৃষ্টি–সংসৃক্তিৰ বাহক হৈ অসমীয়াক গৌৰৱান্বিত কৰি আহিছে ৷ গতিকে নকল বহিৰাগত গহনা ক্রয় কৰি আমাৰ জাতিৰ গৌৰৱ, ঐতিহ্য ম্লান পৰিবলৈ নিদিব ৷ নৱবর্ষৰ সকলোলৈকে হিয়াভৰা ওলগ যাচিলোঁ৷ নৱবর্ষই সকলোলৈকে লৈ আহক সুন্দৰ, মননশীল, পোহৰেৰে আলোকিত একো একোটা আশাৰ বতৰা ৷ নতুন বর্ষটিত নতুন নতুন ধৰণৰ অসমীয়া গহনা ক্রয় কৰক আৰু নিজকে সুন্দৰ এক ৰৌদ্রোজ্জ্বল ৰূপত সজাই তোলক ৷

ফোনঃ  ৮৬৩৮৩-০২৪৭১

You might also like
Leave A Reply

Your email address will not be published.