প্রকৃতিৰ অপৰূপ সৌন্দর্যৰ আকৰ মানাস ৰাষ্ট্রীয় উদ্যান

মানাসৰ আৰম্ভণি আৰু পৰিচয়

মানৱ সভ্যতাৰ বুকুত বিভিন্ন বৈচিত্র্যময় প্রাকৃতিক প্রাচুর্যৰ ভৰপূৰেৰে গঢ় লৈ উঠা অভয়াৰণ্যৰ ভিতৰত মানাস ৰাষ্ট্রীয় উদ্যান অন্যতম ৷ মানাস ৰাষ্ট্রীয় উদ্যান অসমৰ বাক্সা জিলা আৰু চিৰাং জিলাৰ কিছু অংশ আগুৰি ভূটান–হিমালয়ৰ পাদস্থানত অৱস্থিত ৷ ভূটানৰ পাদদেশত অৱস্থিত হোৱাৰ বাবে ১৯০৭ চনত মানাস সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় ৷ ব্রিটিছৰ আমোলতে প্রাকৃতিকভাৱে গঢ় লৈ উঠা মানাস সংৰক্ষিত বনাঞ্চলক ১৯২৮ চনৰ ১ অক্টোবৰত বন্যপ্রাণী অভয়াৰণ্য হিচাপে মর্যাদা দিয়া হয় ৷ ইয়াৰ আগতে মানাসক সংৰক্ষিত বনাঞ্চল হিচাপেহে গণ্য কৰা হৈছিল ৷ ১৯৫০ চনত চৰকাৰে মানাসক বন্য উদ্যান স্বীকৃতি দিয়ে ৷ ১৯৫১ চনত মানাস বন্য উদ্যানখনৰ আয়তন ৩৯১ বর্গকিলোমিটাৰলৈ সম্প্রসাৰিত কৰা হয ৷ এইদৰে মানাস বন্য উদ্যানৰ আয়তন বৃদ্ধিৰে চৰকাৰে ১৯৭৩ চনত মানাস ব্যাঘ্র প্রকল্প হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ এহদৰে চৰকাৰে মানাসক ক্রমান্বয়ে উন্নতিৰ শিখৰলৈ নি প্রকৃতিখনক সুৰক্ষিত আৰু আকর্ষণীয় কৰি তোলাৰ প্রয়াস কৰি আহিছে৷ চৰকাৰৰ এই দ্রুততম প্রয়াসৰ ফলস্বৰূপে ১৯৮৫ চনত ইউনেই মানাসক বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে ঘোষণা কৰে ৷ ইয়াৰ ফলত মানাসৰ সৌন্দর্য উপভোগ কৰিবলৈ দেশ–বিদেশৰ পৰা যথেষ্ট পর্যটকৰ আগমন ঘটে ৷ পর্যটকৰ আগমনৰ সংখ্যা দেখি ১৯৯০ চনত কাহিতামা সংৰক্ষিত বনাঞ্চল, কোকিলাবাৰী সংৰক্ষিত বনাঞ্চল আৰু পাণবাৰী সংৰক্ষিত বনাঞ্চলক সংযোগ কৰি ৫০০ বর্গকিলোমিটাৰলৈকে সম্প্রসাৰণ কৰাৰ পিছত ১৯৯৫ চনত মানাস ৰাষ্ট্রীয় উদ্যান হিচাপে গঠন কৰা হয় ৷ চৰকাৰে মানাসক প্রাকৃতিকভাৱে অধিক শক্তিশালী কৰাৰ বাবে অকণো কৃপণালি কৰা নাই৷ পর্যটকক আকর্ষণ কৰাৰ বাবে এটাৰ পিছত এটাকৈ পদক্ষেপ গ্রহণ কৰাৰ সময়তে ১৯৮৭ চনত পৃথক ৰাজ্য গঠনৰ দাবীত আন্দোলন আৰম্ভ হয় ৷ ইয়াৰ সমান্তৰালভাৱে মানাসৰ অভ্যন্তৰত চোৰাং চিকাৰীৰ দৌৰাত্ম্যও আৰম্ভ হয় ৷ উগ্রপন্থী আৰু চোৰাং চিকাৰীৰ অবাধ বন ধবংসৰ ফলতে ১৯৯২ ইউনেস্ক্হ মানাসক বিশ্ব বিপদাপন্ন ক্ষেত্র হিচাপে ঘোষণা কৰে ৷ ইউনেস্ক্হ দ্বাৰা মানাসক বিশ্ব বিপদাপন্ন ক্ষেত্র হিচাপে ঘোষণা কৰিলেও মানাসৰ উন্নতিৰ লগতে পর্যটকক আকর্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে ৷ ইয়াৰে অংশ হিচাপে ২০০৮ চনৰ ২৫ ফেব্রুৱাৰীত ইয়াৰ পৰিসৰ  ৯৫০ বর্গকিলোমিটাৰলৈকে সম্প্রসাৰণ কৰা হয় ৷ এসময়ত উগ্রপন্থীজনিত অশান্তিয়ে গা কৰি উঠা এই অঞ্চলত শান্তি স্থাপনৰ বাবে ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰ হয় ৷ ইয়াৰ লগে লগে ক্রমাৎ শান্তিৰ দিশে ধাৱমান হয় সমগ্র বড়েভূমি ৷ শান্তি স্থাপনৰ পিছত ২০১১ চনৰ ২১ জুনত ইউনেস্ক্হ মানাসক বিপদত পৰা বিশ্ব ঐতিহ্যক্ষেত্রৰ তালিকাৰ পৰা আঁতৰ কৰে ৷ ইয়াৰ লগে লগে পুনৰ প্রাণ পাই উঠে মানাস ৰাষ্ট্রীয় উদ্যান৷ দেশৰ বিভিন্ন প্রান্তৰ উপৰি বিদেশী পর্যটকৰ ভ্রমণে চৰকাৰ আৰু উদ্যানখনৰ বিষয়া–কর্মচাৰীক অধিক উৎসাহ যোগাবলৈ ধৰে ৷

জীৱ–জন্তুৰ সমাহাৰঃ

মানাস ৰাষ্ট্রীয় উদ্যানে বন্যপ্রাণী সুৰক্ষা আহনৰ অধীনত ১নং অনুসূচী প্রজাতি হিচাপে ২২বিধতকৈও অধিক লুপ্তপ্রায় প্রাণীক আশ্রয় দি বিশ্বৰ সর্বাধিক উন্নত পর্যায়ৰ সুৰক্ষা প্রদান কৰা উদ্যান হিচাপে গৌৰৱ অর্জন কৰি আহিছে ৷ ইয়াৰ উপৰি মানাস ৰাষ্ট্রীয় উদ্যান অদ্বিতীয় সৌন্দর্যৰ বাবেও প্রসিদ্ধ৷ ইউনেস্ক্হ মানাস ৰাষ্ট্রীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্র বুলি কৰা ঘোষণা বর্তাহ ৰাখিবলৈ এই উদ্যান অসাধাৰণ প্রাকৃতিক ঘটনাৰ লগতে ব্যতিক্রমী প্রাকৃতিক সৌন্দর্যতা আৰু নান্দনিক গুৰুত্ব ক্ষেত্র হিচাপে অন্তর্ভুক্ত হৈছে ৷ সম্প্রতি ৫০০তকৈও অধিক প্রজাতিৰ পক্ষীৰ আশ্রয়স্থল হেতুকে এই উদ্যানখন গুৰুত্বপূর্ণ পক্ষী ক্ষেত্র হিচাপেও পৰিচিত ৷ প্রায় ৬০টা প্রজাতিৰ স্তন্যপায়ী, ৪২ ধৰণৰ সৰীসৃপ, ৭বিধ উভচৰ আৰু ৫০০ৰো অধিক চৰাই উপলব্ধ৷ ইৰ উপৰি ৪৭বিধ ভিন্ন প্রজাতিৰ বৃক্ষ, ৪৯বিধ গুল্ম, ৩৭ বিধ ঘাঁহ, ১৭২বিধ তৃণজাতীয় আৰু ৩৬বিধ লতা পোৱা যায় ৷ পোন্ধৰ বিধ কপৌফুল, ১৮বিধ ভিন্ন প্রজাতিৰ ঢেঁকীয়াজাতীয় উদ্ভিদ আৰু ৪৩বিধ প্রজাতি ঘাঁহ–বনে তৃণভোজাদি জন্তুবোৰক জীৱনদায়িনী খাদ্যৰ যোগান ধৰে ৷ জীৱ–জন্তুৰ ভিতৰত গঁড়, হাতী, বাঘ, নলগাহৰি, শহা, সোণালী বান্দৰ, অসমীয়া ভাটৌ, নাহৰফুটুকী বাঘ, সোণালী মেকুৰী, লতামাকৰী, হেপা, জংঘলী মেকুৰী, বৃহৎ ভাৰতীয় জহামাল, সৰু জহামাল, হিমালয়ান জহামাল, তাল মেকুৰী, বিণ্ঢুৰং, সাধাৰণ নেউল, সৰু নেউল, হিমালয়ৰ কলা ভালুক, শ্লথ ভালুক, গৌৰ, পানী মহ, নীলগাহ, হৰিণ, ভূকা হৰিণ, দল পহু, বনৰীয়া গাহৰি ইত্যাদি মানাস ৰাষ্ট্রীয় অভয়াৰণ্যত বিচৰণ কৰি আছে ৷

জৰীপ অনুযায়ী মানাসত আছে এশিঙীয়া গঁড় ২৮ (২০১৬),  দলহৰিণ ১০০ (২০১৭), বনৰীয়া মহ ৫০৩ (২০১৭), বাঘ ৩১টা (২০১৬-২০১৭), হাতী ১০৩৪টা (২০১৭) ৷

চৰাই

মানস হৈছে ৪৭৬ বিধ পক্ষী প্রজাতিৰ বাসস্থান ৷ বগা পেটৰ বগলী, বেংগল ফ্লৰিকেন, শীর্ণ ঠোঁটৰ শগুন, বগা ফিছাৰ শগুন, ৰজা শগুন ইত্যাদিবোৰ জটিলভাৱে সংকটত পৰা মানাসৰ বিভিন্ন প্রজাতিৰ চৰাহ ৷ আন আন চৰাই যেনে– পেলিকান, হাড়গিলা, ঈগল, আইবিচ, ধনেশ, ভাটৌ আৰু টিঞা আদি ইয়াত পোৱা যায় ৷

পখিলা

২০০ৰো অধিক প্রজাতিৰ পখিলা তথ্যভুক্ত কৰা হৈছে মানসত ৷ এইবোৰৰ লগত অন্তর্ভুক্ত কৰা হয় সাধাৰণ মণ্ডৰমন, কমন চেহলৰ, পিকক পানচি ইত্যাদি ৷

জলচৰ জীৱ

৭৯ বিধৰো বেছি মাছ মানসত পোৱা যায় ৷ অসম ৰুফ কাছ, ঠেক মূৰৰ কোমল চলংযুক্ত কাছও হয়াত পোৱা হয় ৷

কেনেকৈ যাব পাৰি

গুৱাহাটীস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ পৰা ১৪৫ কিঃমিঃ আৰু বৰপেটাৰোড ৰেল ষ্টেচনৰ পৰা ২০ কিঃমিঃ দূৰত্বত মানাস অভয়াৰণ্য অৱস্থিত ৷ আটাহতকৈ ওচৰৰ চহৰৰ পৰা পথৰ দূৰত্ব মানাসলৈ হব কোকৰাঝাৰৰ পৰা ১১২ কিঃমিঃ, নলবাৰীৰ পৰা ৬৬ কিঃমিঃ, গুৱাহাটীৰ পৰা ১৩৭ কিঃমিঃ, নগাঁৱৰ পৰা ২৭৪ কিঃমিঃ ৷

কত থাকিব

  • মুচা জাংগল ৰিছর্ট যোগাযোগ   +৯১ ৮৮১১৮৩২২৮৮, ইমেইল [email protected] .
  • বাঁহবাৰী লজ যোগাযোগঃ +৯১ ৯৪৩৫৫৫১২৯৭, ইমেইল [email protected]
  • শিখৰি লজ যোগাযোগ  +৯১ ৯৫৭৭৪৬৩৭০০)
  • এম এম ই এছ কটেজ এম এম ই এছ, ককিলাবাৰী যোগাযোগঃ  +৯১ ৮০১১৩১১৯৩৬)
  • মানস মটেল পর্যটক লজ যোগাযোগঃ +৯১ ৯৯৫৪৯৫৮৭৯২,
  • ইমেইলঃ [email protected])
  • বিৰিণা লজ যোগাযোগঃ +৯১ ৯৬১৩০৪৯১৪১  , ৯৪৩৫১২০০৫১ , ইমেইল . [email protected]
  • ফ্লৰিকেন কটেজ যোগাযোগঃ  +৯১ ৮৮১২৮৪৪১৫৬  , ৭৮৯৬৬৪৮৯৪০, ইমেইলঃ [email protected]
  • স্মাইলিং তাস্কাৰ যোগাযোগঃ +৯১ ৯৪৩৫২০৬২৯৬, ইমেইলঃ [email protected])
  • মানস ভিউ জাংগল ৰিজর্ট যোগাযোগঃ +৯১ ৯৯৫৭৫১৬১১৬)
  • প্রকৃতি নীড় যোগাযোগঃ +৯১ ৯৪৭৬৮৮৫২৭৭)
  • বন জিৰণি ঘৰ যোগাযোগঃ   এইচ কিউ বিট কার্যালয়, মানাস, ব্যাঘ্র সংৰক্ষণ,+৯১ ০৪৩৫০২২৯২০আন প্রশ্নৰ কাৰণে যোগাযোগঃ  ক্ষেত্র সঞ্চালক, মানাস ব্যাঘ্র সংৰক্ষিত এলেকা, বৰপেটাৰোডঃ  ৭৮১৩১৫, দূৰভাষ ৭৮১৩১৫ , ০৩৬৬৬২৬১৪১৩, +৯১৯৪৩৫১১১১৭২ , ই–মেইল [email protected], উপ–ক্ষেত্র সঞ্চালক, মানাস ব্যাঘ্র সংৰক্ষিত বন, বৰপেটাৰোডঃ  ৭৮১৩১৫, দূৰভাষঃ +৯১৯৪৩৫১০৫৫৭৯ Website http://worldheritagemanas.com/

পর্যটকৰ বাবে উপযুক্ত সময়

মানাহ ৰাষ্ট্রীয় উদ্যান পর্যটকৰ বাবে নৱেম্বৰৰ পৰা এপ্রিল মাহলৈকে খোলা থাকে ৷ অক্টোবৰ আৰু মে মাহত বতৰৰ ওপৰত নির্ভৰ কৰি সাময়িকভাৱে উদ্যানখন পর্যটকৰ বাবে খোলা ৰখা হয় ৷ ডিচেম্বৰ আৰু জানুৱাৰী মাহত জীৱ–জন্তুবোৰ অনায়াসে ঘূৰি ফুৰা চকুত পৰে, সেইবাবে এই দুটা মাহত পর্যটকৰ বহুত ভিৰ হয় ৷

নিৰেণ কুমাৰ শর্মা

৭৩৯৯৮৫৭৮১৭

You might also like
Leave A Reply

Your email address will not be published.