আইমনি গোহাঁই ডিহিঙীয়া
ফোনঃ ৭০৮৬৮-৮৬৬৪৮
মাছ আমাৰ দৈনন্দিন খাদ্যৰ এক অবিচ্ছেদ্য অংশ বুলি ক’ব পাৰি। এইবাৰ জুটি জীৱনৰ খিতানত সহজতে কেনেকৈ বাহু মাছৰ জোল বনাব পাৰি তাৰ ৰেচিপি আগবঢ়ালোঁ।
কি কি লাগিব ?
বাহু মাছ ৬–৭ টুকুৰা, ক’লা সৰিয়হ আধা চামুচ, মেথি আধা চামুচ, আদা-নহৰু পেষ্ট ১ চামুচ, সতেজ নাৰিকলৰ আধা কাপ গাখীৰ, নৰসিংহৰ পাত এামুঠি, মিহিকৈ কুটি লোৱা পিঁয়াজ ২টা, মিহিকৈ কুটি লোৱা বিলাহী ২টা, জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মচলাৰ গুড়ি, ৰঙা জলকীয়াৰ গুড়ি আধা চামুচ, শুকান জলকীয়া ১টা, কেঁচা জলকীয়া ২টা।
তৈয়াৰ কৰাৰ প্ৰণালীঃ
প্ৰথমে মাছখিনি ভালকৈ ধুই নিমখ-হালধি সানি অলপ ভাজি লওক। তাৰ পিছত সেই তেলতে সৰিয়হ মেথি আৰু শুকান জলকীয়াৰ ফুৰণ দিব। লগতে নৰসিংহৰ পাত আৰু কেঁচা জলকীয়াও দিব। অলপ ভাজি কাটি থোৱা পিঁয়াজখিনি দিব। পিঁয়াজ ভালকৈ ভাজা খালে কাটি থোৱা বিলাহিখিনিও দি দিব। জোখত নিমখ-হালধি দিব। বিলাহী গলি গ’লে গোটেই মাছখিনি এটা বাটিত একেলগে পানীত গুলি মিহলাই কেৰাহীত দিব। এতিয়া মাছ কেইডোখৰ আৰু জোখত পানী দি অলপ উতলাই থাকিব। ভালকৈ উতলাৰ শেষত নাৰিকলৰ গাখীৰখিনি দি পুনৰ মাজলীয়া জুইত মাছৰ জোলখিনি ৰাখি নমাই গৰমে গৰমে পৰিবেশন কৰিব।
Comments are closed, but trackbacks and pingbacks are open.