গর্ভৱতী মহিলাৰ সৌন্দর্য চর্চা

বিষয়া ভূঞা

মাতৃত্ব নাৰী জীৱনৰ এটি উত্তম সুখানুভূতি ৷ নাৰী জীৱনৰ পূর্ণতাই হৈছে মাতৃত্ব ৷ এই মাতৃত্ব লাভৰ পূর্বে এগৰাকী মহিলাই ন মাহ ধৰি নিজৰ গর্ভত তেওঁৰ সন্তানক কঢ়িয়াই থাকিব লাগে আৰু এই সময়খিনিত মহিলাজনীক গর্ভৱতী বা মহিলাজনীৰ গর্ভাৱস্থা বুলি কোৱা হয় ৷ উৎসাহ আৰু অপেক্ষাৰে ভৰা এই সময়খিনিত মহিলাজনীৰ মনত কিছু ভয়–শংকাও নথকা নহয় ৷ কিন্তু স্বাস্থ্যৱান মহিলাৰ বাবে এইক্ষেত্রত চিন্তাৰ বিশেষ কাৰণ নাই ৷ কিয়নো সন্তান জন্ম দিয়াটো এটা স্বাভাৱিক প্রক্রিয়া ৷ তাৰ মাজতে এটা কথা সত্য যে এই সময়ছোৱাত মহিলাজনীৰ শৰীৰৰ বিভিন্ন হৰমন আৰু গ্রন্থিৰ পৰিৱর্তন হয় যাৰ ফলত তেওঁৰ ছাল, চুলি, শৰীৰৰ আকাৰ আৰু ওজনত প্রভাৱ পৰে ৷ আৰু এই পৰিৱর্তনবোৰেও মহিলাজনীক গর্ভধাৰণৰ আনন্দ দিয়ে ৷ বহুসংখ্যক মহিলাৰ গর্ভধাৰণৰ সময়ছোৱাত তেওঁক আৰু অধিক সুন্দৰ দেখা হৈ পৰে ৷ প্রকৃততে এই সময়ছোৱাত হৰমন উৎপন্ন কৰা গ্রন্থিবোৰৰ পৰিৱর্তনৰ ফলত মহিলাজনীৰ ছালৰ ৰং অধিক উজ্জ্বল আৰু পৰিষ্কাৰ হৈ পৰে ৷

সকলো মহিলাৰ ক্ষেত্রত পৰিৱর্তনবোৰ একে নহয় ৷ গর্ভাৱস্থাৰ প্রথম ভাগত ছালৰ বিশেষ পৰিৱর্তন নহয় ৷ কিন্তু মধ্যভাগৰ পৰা বহুসংখ্যক মহিলাৰ ক্ষেত্রত কিছু পৰিৱর্তন দেখা যায় ৷ শুকান ছাল আৰু অধিক শুকান হৈ পৰে ৷ অতিৰিক্ত শুকান ছালবোৰ বয়সৰ চাপ পৰাৰ দৰে কোঁচ খাই পৰে ৷ সেয়েহে তেনে ছালৰ গৰাকীয়ে ছালখনৰ ক্লিনজিং, টনিং আৰু মইশ্বৰাইজিঙৰ ওপৰত গুৰুত্ব দিব লাগে ৷ ছালখনৰ পুষ্টি দিব পৰা ধৰণৰ ক্রীম ছালৰ বাবে নির্বাচন কৰিব লাগে ৷ শৰীৰত চাবোন ব্যৱহাৰ নকৰি গা ধোৱাৰ আগতে ঘৰুৱা দ্রব্যৰে প্রস্তুত কৰা পেক্ লগাই পিছতহে গা ধুব লাগে ৷

এই সময়ছোৱাত কিছুমান মহিলাৰ গালে–মুখে কিছুমান দাগ পৰিবলৈ আৰম্ভ কৰে৷ গর্ভধাৰণৰ সময় বাঢ়ি যোৱাৰ লগে লগে মুখখন এই দাগেৰে ভৰি পৰে যদিও সন্তান জন্মৰ পিছত লাহে লাহে এই দাগ আঁতৰি যায় ৷ কিছুমানৰ ক্ষেত্রত আকৌ ব্যতিক্রমো দেখা যায় ৷ গর্ভাৱস্থাৰ এই দাগ কেতিয়াবা স্থায়ী হৈ পৰে ৷  তেনে অৱস্থাত নিশ্চয় এগৰাকী সৌন্দর্য বিশেষজ্ঞৰ ওচৰ চপা দৰকাৰ ৷ প্রখৰ ৰদৰ প্রভাৱে এই সমস্যা আৰু অধিক বৃদ্ধি কৰিব পাৰে ৷ সেয়েহে ছানস্ক্রীন লগাবলৈ নাপাহৰিব ৷

প্রায়সংখ্যক মহিলাৰে গর্ভধাৰণৰ ফলত স্তন আৰু পেটত ছাল ফটাৰ নিচিনা দাগ হয় ৷  এই সময়ছোৱাত স্তনৰ আকাৰ আৰু শৰীৰৰ মধ্যভাগৰ আকাৰ বৃদ্ধি হয় আৰু সন্তান জন্ম হোৱাৰ পাছত লাহে লাহে এই আকাৰ সৰু হোৱাৰ ফলত পেট আৰু স্তনত এই দাগ পৰে ৷ বংশানুক্রমিকভাৱেও বহুত মহিলাৰ এই দাগ পৰে ৷ গর্ভধাৰণৰ আৰম্ভণিৰ পৰাই এই বিষয়ৰ প্রতি সচেতন হৈ থাকিলে সমস্যা কিছু কম হৈ থাকে৷ এই সময়ছোৱাত দেহৰ ছাল শুকান হৈ থাকিব দিব নালাগে ৷ শৰীৰ পৰিষ্কাৰ কৰি ৰখাৰ লগতে শৰীৰত ক্রীম সানি ৰাখিব ৷ বেছি শুকান যেন লাগিলে ৰাতি বাদাম তেল সানি ৰাখিব ৷ জোৰ জোৰকৈ নখেৰে খজুৱাই নিদিব ৷  পাৰিলে লাহে লাহে হাত ফুৰাই খজুৱতি মাৰিব ৷ জোৰকৈ খজুৱালে এই দাগবোৰ অধিক স্পষ্ট হৈ পৰে আৰু পিছলৈ কমিবও নোখোজে ৷ তেলীয় ছালৰ গৰাকীৰ এই সমস্যাবোৰ অলপ কম হয় ৷ বেছি তেলীয় হৈ পৰিলেও কিন্তু তেনে ছাল ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে ৷ নহলে শালমইনাৰ দৰে সমস্যাই দেখা দিব পাৰে ৷

গর্ভৱতী মহিলাই এই সময়ছোৱাত নিজৰ খোৱা–লোৱাৰ প্রতি সচেতন হব লাগে ৷ বেছিকৈ তেলত ভজা খাদ্য, বজাৰত পোৱা ঠাণ্ডা পানীয় এইবোৰ খাব নালাগে ৷ খাদ্যত কার্বহাইড্রেট আৰু চেনিৰ পৰিমাণ যিমান পাৰি কমাই ৰাখিব লাগে ৷ ইয়াৰ পৰিৱর্তে সেউজীয়া শাক–পাচলি, ফলমূল বেছিকৈ খাব লাগে ৷ এই সময়ত সুষম খাদ্যহে গ্রহণ কৰিব লাগে ৷ দুজনৰ বাবে খাব লাগে বুলিয়ে খাদ্যৰ পৰিমাণ দুগুণ কৰি পেলাব নালাগে ৷ মাত্র এইটো লক্ষ্য ৰাখিব লাগে আপুনি আৰু আপোনাৰ শিশুৰ পুষ্টিৰ বাবে প্রয়োজনীয় ভিটামিন, প্রটিন আৰু খনিজ আপোনাৰ খাদ্যৰ জৰিয়তে পাব লাগিব ৷ ডাক্তৰেও এই সময়ত মহিলাগৰাকীক ভিটামিন, কেলচিয়াম আৰু আইৰন টেবলেট খোৱাৰ পৰামর্শ দিয়ে ৷

আগতে যদি কোনো ব্যায়াম কৰাৰ অভ্যাস নাই তেতিয়াহলে এই সময়ত নতুনকৈ ব্যায়াম আৰম্ভ নকৰিব ৷ তাৰ পৰিৱর্তে যান–বাহনৰ বা মানুহৰ ভিৰ নথকা ঠাইত খোজ কাঢ়িব ৷ এই সময়ছোৱাত জিৰণিৰো যথেষ্ট প্রয়োজন হয় ৷

মহিলাগৰাকীৰ স্তনৰ আকাৰ এই সময়ত বৃদ্ধি হয় ৷ স্তনৰ আকাৰ বৃদ্ধিৰ লগে লগে নিজৰ ব্রাৰ ছাইজো সলনি কৰি লব লাগে, নহলে পিছলৈ স্তনযুগল অশুৱনি হৈ পৰে ৷ এই সময়ত আৰামদায়ক কপাহী কাপোৰ পৰিধান কৰিব লাগে ৷ বাহিৰলৈ ওলালে কুচি থকা ফ্রক পিন্ধিব লাগে ৷ এনে পোছাকে আপোনাক একো অসুবিধা নকৰে ৷

ইয়াৰ উপৰি সন্তান জন্মৰ পিছত আহে চুলি সৰা সমস্যা ৷ ইয়াৰ বাবে বেছি চিন্তাৰ প্রয়োজন নাই৷ এটা সময়ত এই সমস্যা হলেও পিছলৈ কমি যায় ৷ ডাক্তৰেও প্রসূতি মহিলাক এইবোৰ সমস্যা কম হোৱাৰ বাবে ভিটামিন খোৱাৰ পৰামর্শ দিয়ে ৷ নিজাকৈ মহিলাসকলে চুলিৰ গুৰিত হেয়াৰ টনিক ব্যৱহাৰ কৰিব পাৰে ৷

গর্ভধাৰণৰ সময়ছোৱাত এলাহতে শৰীৰটোক আওকাণ নকৰিব ৷ সপ্তাহত দুই–তিনি দিন চুলি ধুব ৷ ধোৱাৰ আগত তেল সানিব ৷ নিয়মিতভাৱে মুখৰ ছালৰ যত্ন লব ৷ ক্লিনজিং, টনিং, মইশ্বৰাইজিং আৰু ছান প্রটেকশ্বন কৰিবলৈ নাপাহৰিব ৷ সপ্তাহত এদিন বা দুদিন মুখৰ ল গতে গাৰ ছালতো উবটন পেক লগাই চাফা কৰিব ৷ ভাল কিতাপ পঢ়ক, গান শুনক, স্ফূর্তিত থাকক আৰু মাতৃত্বৰ সুখ লাভ কৰক ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.