পষ্টাৰেল হাইপটেনশ্বন

ৰাজীৱ কাশ্যপ

পষ্টাৰেল হাইপটেনশ্বন হৈছে বহাৰ পৰা থিয় হলে বা শোৱাৰ পৰা বহাৰ লগে লগে ৰক্তচাপ কমি যায় ৷ ইয়াৰ ফলত কিছুমান লোকৰ মূৰ–ঘূৰণি হয়, চকুৰে আন্ধাৰ দেখে বা মূর্ছা গৈ পৰি যাব পাৰে ৷ এইবিধ নিম্ন ৰক্তচাপৰ এটা প্রকাৰ, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক অর্থোষ্টেটিক হাইপটেনশ্বন বুলিও কোৱা হয় ৷ বর্তমান সময়ত বহুতো মানুহে এহবিধ সমস্যাত ভোগা দেখা যায় ৷  অধিকাংশ লোকৰ ক্ষেত্রত পষ্টাৰেল হাইপটেনশ্বন গুৰুতৰ সমস্যা সৃষ্টি নকৰে আৰু বিশেষ চিকিৎসা নকৰাকৈ আৰোগ্য লাভ কৰে ৷ কিছুমান ক্ষেত্রত এই সমস্যাটো দীঘলীয়া সময়লৈ চলি থাকে আৰু গুৰুতৰ সমস্যাৰ লক্ষণ হিচাপে দেখা দিয়ে ৷  এইক্ষেত্রত বহুত পৰীক্ষা–নিৰীক্ষা, চিকিৎসা আৰু বিশেষ যত্নৰ প্রয়োজন হয় ৷

পষ্টাৰেল হাইপটেনশ্বনৰ প্রধান লক্ষণসমূহ হৈছে, শোৱাৰ পৰা বহাৰ লগে লগে নাহবা বহু দেৰি বহি থাকি থিয় হলে মূৰ–ঘূৰণি হয়, চকুৰে অন্ধকাৰ দেখা যায় ৷ কেতিয়াবা লোকজন মূর্ছা যায় পৰি যায় ৷ শৰীৰটো দুর্বল যেন লাগে আৰু কেতিয়াবা ভ্রম হোৱাও দেখা যায় ৷ বয়সিয়াল লোকসকলৰ ক্ষেত্রত এই সমস্যাটো বেছিকৈ হোৱা দেখা যায় ৷

পষ্টাৰেল হাইপটেনশ্বনৰ কাৰণঃ

এজন লোকে যেতিয়া বহাৰ পৰা হঠাতে থিয় হয় বা শুই থকাৰ পৰা বহি দিয়ে হূদযন্ত্রলৈ তেজৰ সঞ্চালন ভৰি বা পেটৰ ফালৰ পৰা কমি যায় ৷ হূদযন্ত্রৰ আশে–পাশে থকা কিছুমান সংবেদনশীল কোষ(Baroreceptor)–এ মগজুলৈ এক সংকেত পঠিয়ায় আৰু ইয়াৰ বাবে হূদস্পন্দন বৃদ্ধি হয় লগতে তেজৰ সঞ্চালনো বৃদ্ধি হয় ৷ এহ সংবেদনশীল কোষবোৰে ৰক্ত পৰিবাহী নলীকাসমূহৰ সংকোচন ঘটাহ ৰক্ত চাপ বৃদ্ধি কৰে ৷ এই সমস্যাটো হোৱাৰ কিছুমান আভ্যন্তৰীণ কাৰক থাকে ৷ সেইবোৰ হৈছে

জলাল্পতা বা ডি–হাইড্রেচনঃ  বেছিকৈ ডায়েৰীয়া বা বমি, ৰ হলে বা কমকৈ পানী খালে, অত্যধিক ব্যায়াম কৰিলে বা বেছিকৈ ঘাম ওলোৱাৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমি যায় আৰু ডি–হাইড্রেচন হয় ৷ ইয়াৰ ফলত তেজৰ আয়তন কমে, যাৰ বাবে দুর্বল লগা, মূৰ–ঘূৰণিৰ লগতে পষ্টাৰেল হাইপটেনশ্বনৰ সমস্যা হয় ৷

হূদপিণ্ডৰ সমস্যাঃ  হূদপিণ্ডৰ কিছুমান সমস্যা যেনে হূদস্পন্দনৰ হাৰ কমি যোৱা(Bradycardia), হার্ট ভালভৰ সমস্যা, হার্ট ফেইলুৰ আদি হলে হূদপিণ্ডই  ব্যক্তিজন থিয় হৈ থকা অৱস্থাত প্রয়োজনীয় তেজ মগজুলৈ যোগান ধৰিব নোৱাৰে, যাৰ বাবে পষ্টাৰেল হাইপটেনশ্বন হয় ৷

  • অন্তঃক্ষৰী গ্রন্থি(Endocrine System)ৰ কিছুমান সমস্যাৰ বাবেও কেতিয়াবা এই ধৰণৰ হাইপটেনশ্বন হয় ৷ উদাহৰণস্বৰূপে থাইৰয়ড গ্রন্থিৰ সমস্যা, এড্রিনেল হৰমনৰ পৰিমাণ শৰীৰত হ্রাস হলে যাক এডিচনচ ৰোগ বোলে, হাইপগ্লাইচিমিয়া তেজত চেনিৰ পৰিমাণ কমি যোৱা, মধুমেহ ৰোগ আদিৰ বাবে এই সমস্যা হব পাৰে ৷ দীঘলীয়া সময়ৰ বাবে মধুমেহ ৰোগ হলে ৰক্তচাপ নিয়ন্ত্রণ কৰা স্নায়ুবোৰ ক্ষতিগ্রস্ত হয় আৰু স্নায়ুবোৰে সঠিকভাবে ৰক্তচাপ নিয়ন্ত্রণৰ সংকেত প্রেৰণ কৰিব নোৱাৰা হয়, যাৰ কাৰণে পষ্টাৰেল হাইপটেনশ্বন হয় ৷
  • কিছুমান স্নায়ুজনিত ৰোগ যেনে– পাৰকিনচনচ ৰোগ, স্বয়ংক্রিয় স্নায়ুতন্ত্রৰ বিসংগতি, ডিমেনচিয়া আদি ৰোগৰ বাবেও এই সমস্যা হয় ৷
  • কিছুমান বয়োজ্যেষ্ঠ লোকৰ গধুৰ খাদ্য খোৱাৰ পিছত ৰক্তচাপ কমি যাব পাৰে ৷ ইয়াক পোষ্ট পেণ্ডাম হাইপটেনচন বুলি কোৱা হয় ৷

বিপজ্জনক কাৰকঃ

¨বয়সঃ  বর্ধিত বয়স পষ্টাৰেল হাইপটেনশ্বন এক কাৰক হয় ৷ ৬৫ বছৰৰ ওপৰৰ লোকসকল বেছিকৈ এই সমস্যাত ভোগা দেখা যায় ৷ বয়োজ্যেষ্ঠ লোকসকলৰ হূদপিণ্ডৰ ওচৰৰ সংবেদনশীল কোষ বেৰৰিচেপটৰসমূহ কার্যক্ষমতা কমি যায় বাবে এই সমস্যাটো হোৱাৰ সম্ভাৱনা বেছি হয় ৷

¨কিছুমান দৰবৰ ব্যৱহাৰঃ  উচ্চ  ৰক্তচাপৰ বাবে ব্যৱহাৰ কৰা কিছুমান দৰব, হূদৰোগৰ কিছুমান দৰব, ডাইউৰেটিকচ, পাৰকিনচন ৰোগৰ দৰব, এণ্টিডিপ্রেচেণ্ট, ইৰেক্টাইল ডিচফাংশ্বনৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা কিছুমান দৰবৰ বাবে এই সমস্যা হব পাৰে ৷

¨গৰম পৰিৱেশত অধিক সময় থাকিলে ঘামৰ দ্বাৰা শৰীৰৰ অধিক পানী ওলাই যায় আৰু শৰীৰত ডি–হাইড্রেচন হয় ৷ এইটো পষ্টাৰেল হাইপটেনশ্বনৰ অন্যতম বিপজ্জনক কাৰক ৷

¨শাৰীৰিক অসুস্থতাৰ বাবে বহুদিন শয্যাশায়ী হৈ থকা লোকৰ প্রায়ে এহ সমস্যাটো হোৱা দেখা যায় ৷

¨মদ্যপান কৰাটো ইয়াৰ অন্যতম কাৰক ৷

পষ্টাৰেল হাইপটেনশ্বনৰ সমস্যাটো অধিক গুৰুতৰ হলে কিছুমান গুৰুতৰ শাৰীৰিক সমস্যা সৃষ্টি কৰে ৷ সেইবোৰ হল

  • মূর্ছা গৈ পৰি যোৱাটো পষ্টাৰেল হাইপটেনশ্বনে সৃষ্টি কৰা প্রধান সমস্যা ৷

ষ্ট্রোকঃ  পষ্টাৰেল হাইপটেনশ্বন হলে যিহেতু বহাৰ পৰা থিয় হলে ৰক্তচাপ কমি যায়, মগজুলৈ ৰক্ত সঞ্চালন কমি যায় ৷ সেয়েহে গুৰুতৰভাৱে এই সমস্যাত ভোগা লোকসকলৰ ষ্ট্রোক হোৱাৰ সম্ভাৱনা থাকে ৷ তদুপৰি পষ্টাৰেল হাইপটেনশ্বনৰ বাবে বুকুৰ বিষ, হূদস্পন্দনৰ সমস্যা, হার্ট ফেইলুৰ আদিও হব পাৰে ৷

 চিনাক্তকৰণঃ  ৰক্তচাপ জুখি প্রধানতঃ এই সমস্যাটো চিনাক্ত কৰা হয় ৷ এজন লোক বহাৰ পৰা পৰা থিয় হলে চিষ্টলিক চাপ ২০ মি/পাৰাস্তম্ভ কমি গলে তেওঁক পষ্টাৰেল হাইপটেনশ্বনত ভোগা বুলি ধৰা হয় ৷ তদুপৰি ২-৫ মিনিট থিয় হৈ থাকিলে ১০ মি/পাৰাস্তম্ভ ডায়েষ্টলিক ৰক্তচাপ কমি গলেও এই সমস্যা হোৱা বুলি ধৰা হয় ৷ ইয়াৰ বাহিৰেও ব্লাড ছুগাৰ, ই–চি–জি, হককার্ডিগ্রাম আদি পৰীক্ষাও কৰি চোৱা হয় ৷

চিকিৎসাঃ  এই সমস্যাটোৰ চিকিৎসাৰ ক্ষেত্রত কাৰণটো প্রথমতে চিনাক্ত কৰি লব লাগে ৷ কিছু ক্ষেত্রত বিশেষ দৰব ব্যৱহাৰ নকৰাকৈ অভ্যাস আৰু জীৱনশৈলীৰ পৰিৱর্তনৰ দ্বাৰাই এই সমস্যা সমাধান কৰিব পাৰি ৷ অৱশ্যে কিছুমান গুৰুতৰ অৱস্থাত ঔষধ ব্যৱহাৰ কৰাটো জৰুৰী হৈ পৰে ৷

পষ্টাৰেল হাইপটেনশ্বনৰ নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত সহায়ক হোৱা কেইটামান ঘৰুৱা উপায় আৰু জীৱনশৈলীৰ তথা অভ্যাসৰ পৰিৱর্তনৰ কেহটামান গুৰুত্বপূর্ণ কথা তলত উল্লেখ কৰিলোঁ ৷

কম্পেচন ষ্টকিঙৰ ব্যৱহাৰঃ  কম্পেচন ষ্টকিং হৈছে ভৰিত পিন্ধিব পৰা চাপ দিব পৰা মোজা ৷ ইয়াক ব্যৱহাৰ কৰিলে ভৰিৰ পৰা তেজৰ সঞ্চালন উন্নত হয় ৷ এই ষ্টকিং দিনৰ সময়ত ব্যৱহাৰ কৰিব লাগে ৷ ৰাতি শোৱাৰ সময়ত খুলি থব লাগে ৷

  • পানী যথেষ্ট পৰিমাণে খাব লাগে বিশেষকৈ বেছি সময় থিয় হৈ থাকিবলগীয়া হলে আগতে পানী অধিক খাব লাগে৷ শৰীৰত পানী আৰু খনিজ লৱনৰ পৰিমাণ নিয়ন্ত্রিত কৰিব লাগে ৷ ডাক্তৰৰ পৰামর্শ অনুসৰি খোৱা নিমখৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে ৷
  • এলকহল সেৱন কৰিলে এহ সমস্যাটো বাঢ়িব পাৰে ৷ সেয়েহে মদ্যপান সম্পূর্ণ বর্জন কৰিব লাগে ৷
  • যিসকল লোকৰ খোৱাৰ পিছত ৰক্তচাপ কমি যায় তেওঁলোকে কম–কমকৈ সঘনাই খাব লাগে ৷
  • নিয়মিত ব্যায়ামৰ দ্বাৰা এই সমস্যাটো যথেষ্ট পৰিমাণে নিৰাময় কৰিব পাৰি ৷ এৰবিক ব্যায়াম যেনে– খোজকা, জগিং কৰা, চাহকেল চলোৱা, সাঁতোৰা, কিছুমান দলীয় খেল আদি নিয়মীয়াকৈ কৰিলে যথেষ্ট সুফল পোৱা হয় ৷ মাংসপেশীৰ শক্তি বৃদ্ধি কৰিব পৰা ব্যায়াম(Strengthening Exercises) কৰিলেও পষ্টাৰেল হাইপটেনশ্বনৰ সমস্যা বহু পৰিমাণে কমি যায় ৷ বিশেষকৈ ভৰিৰ কলাফুলৰ শক্তি ববাবলৈ ব্যায়াম কৰিব লাগে ৷ ভৰিৰ আঙুলিৰ ওপৰত থিয় হব লাগে আৰু ৫-১০ ছেকেণ্ডমান এইদৰে থাকিব লাগে আৰু ১০-১৫বাৰকৈ পুনৰাবৃত্তি কৰিব লাগে৷ শ্বাস–প্রশ্বাস সন্তুলিত ব্যায়াম(Breathing exercise) কৰিলেও যথেষ্ট ভাল ফল পোৱা যায় ৷ ব্যায়াম কৰাৰ ক্ষেত্রত এটা কথা মন কৰিব লাগে যে গৰম ঠাইত ব্যায়াম কৰা নাযায় আৰু অধিক ঘাম নোলায় ৷ যি হাৰত ঘাম ওলায় সেই অনুসৰি পানী, ফলৰ ৰস, অ–আৰ–এছ আদি খোৱা উচিত, যাতে ডি–হাইড্রেচন নহয় ৷
  • সদায় শোৱাৰ পৰা লাহে লাহে উঠিব লাগে ৷ বহাৰ পৰাও তৎক্ষণাৎ থিয় হব নালাগে ৷ শোৱাৰ সময়তো মূৰটো শৰীৰতকৈ কিছু ওপৰত ৰাখিব লাগে ৷

ফোনঃ  ৮৬৩৮২-৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.