ঠাণ্ডা দিনত ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ কেইটামান সহজ আৰু উপকাৰী টিপছ —
শীতকালত বায়ু শুকান হোৱাৰ বাবে ছালৰ পৰা আৰ্দ্ৰতা কমি যায়, যাৰ ফলত ছাল ৰুক্ষ, খজুৱতি আৰু ফাটি যাব পাৰে। এই সমস্যাৰ পৰা বাচিবলৈ নিয়মীয়াকৈ যত্ন লওকজ্ঞ
প্ৰচুৰ পানী খাওকঃ
শীতত পিয়াহ নালাগিলেও দিনত ৮-১০ গিলাচ পানী খাওক। ই ছালক ভিতৰৰ পৰা হাইড্ৰেট কৰি ৰাখে। চাহ-কফি কম খাওক, কাৰণ ইয়ে শৰীৰৰ পৰা পানী উলিয়াই দিয়ে।
ময়শ্চাৰাইজাৰ নিয়মীয়াকৈ লগাওকঃ
গা ধোৱাৰ পিছত তৎক্ষণাত ঘন ক্ৰীম বা অইণ্টমেণ্ট (যেনে পেট্ৰ’লিয়াম জেলী, শ্বিয়া বাটাৰ বা গ্লিচাৰিন যুক্ত) লগাওক। দিনত ২-৩ বাৰ লগালে ভাল। লোচনৰ পৰিৱৰ্তে ক্ৰীম ব্যৱহাৰ কৰক, কাৰণ ক্ৰীমে অধিক আৰ্দ্ৰতা ধৰি ৰাখে।
গৰম পানীৰে গা নধুবঃ
গৰম পানীয়ে ছালৰ পৰা প্ৰাকৃতিক তেল উলিয়াই দিয়ে। অৱশ্যে কুহুমীয়া গৰম পানীৰে গা ধোৱা ভাল।
হিউমিডিফায়াৰ ব্যৱহাৰ কৰকঃ
ঘৰত হিটাৰ চলোৱাৰ বাবে বায়ু শুকান হয়। হিউমিডিফায়াৰে বায়ুত আৰ্দ্ৰতা বঢ়াই ছালক সুৰক্ষিত কৰে।
- – নাৰিকল তেল বা অলিভ অইল গা ধোৱাৰ পিছত লগাওক।
- – মধু আৰু দৈৰ মাস্ক লগাওক – ই ছালক নৰম কৰি ৰাখে।
- – ওঁঠত পেট্ৰ’লিয়াম জেলী লগাওক যাতে ফাটি নাযায়।
সুৰ্যৰ পৰা সুৰক্ষাঃ
ঠাণ্ডাতো SPF ৩০ যুক্ত চানস্ক্ৰীন লগাওক, কাৰণ ঠাণ্ডা দিন বুলি ছানস্ক্ৰীন নলগোৱাকৈ নাথাকিব।
স্বাস্থ্যকৰ খাদ্যঃ
ভিটামিন চি সমৃদ্ধ ফল কমলা ৰ বতৰ এইয়া। দৈনন্দিন এটা হলেও কমলা খাওক।
বাদাম, মাছ আদি খাওক যিয়ে ছালক পুষ্টি যোগায়।
এই টিপছসমূহ মানি চলিলে ঠাণ্ডা দিনতো ছাল মসৃণ আৰু আৰ্দ্ৰ হৈ থাকিব।
Comments are closed, but trackbacks and pingbacks are open.