চেহেৰা চাই চৰিত্র বিচাৰ

ড: কৰবী বেজবৰুৱা

ফেচ ৰীডিং বা মানুহৰ মুখমণ্ডল চাই মানুহজনৰ ব্যক্তিত্ব, তেওঁৰ ব্যৱহাৰ, তেওঁৰ চৰিত্র, জীৱন ধাৰণৰ মান, কেৰিয়াৰ, শিক্ষা, ভৱিষ্যতৰ বিষয়ে জ্ঞান জ্যোতিষ বিদ্যাৰ আন এক অধ্যায় ৷ এই অধ্যায়ক সামুদ্রিক জ্যোতিষ বুলি জনা যায় ৷ এই বিদ্যাৰ দ্বাৰা অথবা সামুদ্রিক জ্যোতিষৰ জ্ঞানৰ দ্বাৰা মানুহৰ চেহেৰা চাই তেওঁৰ বিষয়ে বহুখিনি তথ্য লাভ কৰিব পাৰি ৷ সামুদ্রিক শাস্ত্রৰ বিষয়ে অগাধ জ্ঞান থকাসকলৰ বাবে প্রত্যেকখন চেহেৰা এখন খোলা কিতাপৰ দৰে ৷ অকপটে পঢ়িব পৰা এখন খোলা কিতাপ ৷ চেহেৰা বা মুখমণ্ডলৰ আকাৰ, নাকৰ গগ, চকুৰ আকৃতি, মুখ–কাণৰ গঠন, ওঁঠ, থুঁতৰি এহ সকলোৰে পৰাহ এজন মানুহৰ বিষয়ে জানিব পাৰি৷ ফেচ ৰীডিং বা মুখমণ্ডলৰ অধ্যয়ন আধুনিক চিকিৎসা বিজ্ঞানতো বহুলভাৱে ব্যৱহৃত হয় ৷ বিশেষকৈ মানসিক চিকিৎসাৰ ক্ষেত্রত মুখমণ্ডলৰ ভাব ভংগীৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় ৷ মানসিক চিকিৎসাৰ পৰামর্শদাতা, আধ্যাত্মিক গুৰু, বুদ্ধিষ্ট মংকসকলে মুখমণ্ডলৰ ওপৰত গুৰুত্ব দি তেওঁলোকৰ চিকিৎসা বা পৰামর্শ দান কৰে৷ দুখ, সুখ, উত্তেজনা, চিন্তা, আনন্দ, স্ফূর্তি সকলো প্রথমে মুখতে স্পষ্টকৈ ধৰা পৰে ৷ এহ খণ্ডত চেহেৰাৰ আকাৰ চাহ ব্যক্তিত্বৰ বিষয়ে অনুমান কৰিব পৰা কিছু টিপছ আগবঢ়হাছোঁ ৷

গোল বা ঘূৰণীয়া চেহেৰা :

এই আকাৰৰ চেহেৰাৰ ব্যক্তিসকলে খুব সংবেদনশীল হয় ৷ আনৰ যত্ন লৈ ভাল পায়, আনৰ দুখত দুখী হয় তথা দুখত সমভাগী হোৱাৰ চেষ্টা কৰে ৷ এনে লোক ভাগ্যশালী হয় ৷ সফলতা লাভ কৰিব পাৰে, দয়ালু হয়, এহ চেহেৰাৰ লোকসকলৰ বিবাহিত জীৱনত এক উচিত সংগী পৰিগণিত হয় ৷ এনে লোক বেছি অত্যুৎসাহী হোৱা দেখা যায়৷

কণী আকৃতিৰ চেহেৰা:

এনে ব্যক্তিয়ে বিভিন্ন বেয়া পৰিস্থিতিৰ মাজতো নিজকে সন্তুলিত কৰি ৰাখি শুদ্ধ সিদ্ধান্ত লৈ আগবাঢ়িব পাৰে ৷ উপার্জনৰ বাবে কৰিবলগীয়া কষ্টক লৈ চিন্তিত নহয়, ব্যৱসায়িক মনোবৃত্তিৰ হয় ৷ সম্পর্কবোৰৰ ক্ষেত্রত কিছু সমস্যা মাজে মাজে দেখা দিয়ে ৷ বিশেষকৈ জীৱনসংগীক লৈ বা তেওঁৰ লগত সৰু সৰু খুঁত–খাট চলি থাকে ৷ বন্বুূত্ব যিমানেই মধুৰ হয়, শত্রুতাও সিমানেই কষ্টদায়ক হয় ৷ এনে লোক বহু উৎসাহী আৰু জেদী হোৱা দেখা যায়৷

বর্গাকাৰ চেহেৰা:

এনে লোকৰ চেহেৰা সকলো ফালৰ পৰা সমান হয় ৷ এনে লোকে সিদ্ধান্ত লওঁতে ক্ষিপ্রতাৰে শুদ্ধ সিদ্ধান্ত লব পাৰে ৷ এনে লোক বুদ্ধিমান, তার্কিক হয় ৷ ভাগ্য খুব মজবুত হয় ৷ কোনো কাম কৰিম বুলি ভাবি ললে তাক কৰিহে শান্তি লাভ কৰে ৷ লীডাৰশ্বিপৰ গুণ থাকে, বৃত্তিগত জীৱনত সাফল্য লাভ কৰা হয়৷ সাংঘাতিক শক্তিশালী মনৰ অধিকাৰী হয় ৷ অচিনাকি মানুহকো সহায় কৰিবলৈ প্রস্তুত হৈ থাকে ৷ পৰিয়ালৰ সদস্যক লৈ ৰক্ষণামূলক মনোভাবৰ হয় ৷ পৰিয়ালকেন্দ্রিক হয় ৷

ত্রিভুজাকৃতি বা ত্রিকোণীয় চেহেৰা ঃ

সাধাৰণতে ক্ষীণ লোকসকলৰ মুখ বা চেহেৰা ত্রিভুজাকৃতিৰ হোৱা দেখা যায়৷ এনে লোক সাধাৰণতে বুদ্ধিমান হোৱা দেখা যায় ৷ তীক্ষ্ণ নজৰসম্পন্ন, সৌন্দর্যপ্রিয় সৃষ্টিকাৰী, ক্ষিপ্রতাৰে কর্ম সম্পাদন কৰিব পৰা, আনক সোনকালে প্রভাৱিত কৰিব পৰা,  গৰম মেজাজী অর্থাৎ অতি সোনকালে খং উঠি যোৱা, কিছু ক্ষেত্রত অহংকাৰযুক্ত হোৱা দেখা যায় ৷ এনে লোক শিল্পক্ষেত্রত, সাংসৃক্তিক ক্ষেত্রত থাকিলে উন্নতি হোৱা দেখা যায় ৷ যিকোনো সমস্যাৰ পৰা নিজৰ ৰচনাত্মক শক্তিৰ দ্বাৰা হেলাৰঙে ওলাই আহিব পাৰে ৷ নিজৰ কামৰ মাজত আনৰ দখল এনে লোকে পছন্দ নকৰে ৷

আয়তাকাৰ চেহেৰা:

এনে চেহেৰাৰ লোকসকল নম্র, ভদ্র, কূটনীতিক, কিন্তু একে সময়তে বিশ্বাসনীয় হয় ৷ এনে লোক নেতৃত্ব দিব পৰা হয় ৷ বিশ্বাসযোগ্যতা আৰু বুদ্ধিমত্তা এনে লোকৰ অতুলনীয় গুণ ৷ জীৱনত উত্থান–পতন বহুবাৰ দেখিব লগা হয় ৷ সংঘর্ষপূর্ণ জীৱন হয়, অতি সোনকালে দুখী তথা হতাশাত ভোগা দেখা যায় ৷

কপালৰ ৰেখা, কপালৰ আকাৰৰ পৰাও মানুহৰ চৰিত্রৰ বিষয়ে জানিব পৰা যায় ৷ যদি কপালখন ঠেক হয় তথা সৰু হয়, তেন্তে দেখা যায়, তেনে লোক শুদ্ধ অন্তৰৰ হয়, যিকোনো কর্ম সম্পূর্ণ দায়িত্বৰে সম্পন্ন কৰে ৷ লাজকুৰীয়া তথা অন্তঃমুখী হোৱা দেখা যায়৷ এনে লোক সচৰাচৰ তর্ক, কাজিয়াৰ পৰা আঁতৰি থকা দেখা যায় ৷ প্রেম আৰু সম্পর্কসমূহক লৈ সম্পূর্ণ সমর্পিত৷ সৰু সৰু সমস্যাসমূহতো সোনকালে ভাগি পৰা দেখা যায় ৷ আৰামপ্রিয়, জটিলতাৰ পৰা দূৰ, খুব বেছি অত্যুৎসাহী নহয় ৷ এনে লোকে জীৱনত সমস্যাৰ পৰা পলায়ন কৰা দেখা যায় ৷

বহল কপাল বা উঠা কপাল যিসকল ব্যক্তিৰ আছে, তেনে লোক বহল মনোভাৱৰ হয়, চতুৰ হয়, আনৰ উপদেশ শুনিলেও কার্যতঃ নিজৰ মতহে পোষণ কৰে৷ আনক সহায় কৰিবলৈ সদায় তৎপৰ, এঠাইত খুব বেছি সময় স্থিৰ হৈ থাকিব নোৱাৰে ৷ সমাজৰ দৃষ্টিত আকর্ষণীয় হৈ থাকিব বিচাৰে৷ জীৱনত সঘনাহ সলনি দেখি থাকে ৷ সম্পর্কসমূহক লৈ খুব সন্তুষ্টি লাভ কৰিব নোৱাৰে ৷

ফোন : ৯৮৬৪৪-৪৫২৩৫

Leave A Reply

Your email address will not be published.