মনকবিতা ২০২২

মনকবিতা  ২০২২

সোণাপুৰৰ ডেকাচাঙত যোৱা ১৯ ফেব্রুৱাৰী শনিবাৰে ২০২২ চনৰ মনকবিতা অনুষ্ঠানটো অনুষ্ঠিত হৈ যায় ৷ মনকবিতা হল ৰাউল কৌশিক নাথ ফাউণ্ডেচনে ২০২১ চনৰ পৰা আয়োজন কৰিবলৈ লোৱা কবিতা, কথা আৰু গীতৰ এক মনোজ্ঞ অনুষ্ঠান ৷ এই অনুষ্ঠানৰ মূল উদ্দেশ্য হল প্রচলিত কবি সন্মিলনৰ বিকল্প এক মাধ্যমেৰে কবিতা উদ্যাপন আৰু উপলব্ধি কৰা ৷ যোৱা বছৰ এই অনুষ্ঠান উদ্যাপন কৰা হৈছিল আধুনিক অসমীয়া কবিতাৰ চাৰিগৰাকী বাটকটীয়া কবি নৱকান্ত বৰুৱা, অজিৎ বৰুৱা, নীলমণি ফুকন আৰু হীৰেন ভট্টাচার্যৰ কবিতা আৰু গীতৰ পৰিৱেশনৰ মাজেৰে ৷ এই বছৰৰ মনকবিতা উদ্যাপন কৰা হয় জ্ঞানপীঠ বঁটাৰে সন্মানিত কবি নীলমণি ফুকনৰ জীৱন আৰু সৃষ্টিৰাজিৰে ৷ অনুষ্ঠান আৰম্ভ হয় মাজুলীৰ মৃদু শইকীয়াই পৰিৱেশন কৰা শ্রীশ্রীমাধৱদেৱ বিৰচিত এটি বৰগীতেৰে ৷ আদৰণী ভাষণ আগবঢায় ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ ন্যাসৰক্ষী ৰিণিকি ভূঞা শর্মাই ৷ অনুষ্ঠান উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলাগুৰু তথা ইংৰাজী বিভাগৰ মুৰববী অধ্যাপক ড: বিভাস চৌধুৰীয়ে কবি নীলমণি ফুকনৰ কবিতাৰ ওপৰত আলোকপাত কৰে ৷ ইয়াৰ পিছতে কবিৰ কনিষ্ঠ পুত্র অমিতাভ ফুকন আৰু প্রসিদ্ধ ঔপন্যাসিকা জুৰী বৰা বৰগোহাঞিয়ে ফুকনৰ কবিতাৰ ওপৰত আধাৰিত হংসধবনি শুনিছোঁ– কবিতাৰ সংগীত শীর্ষক এটি মনোগ্রাহী অনুষ্ঠান পৰিৱেশন কৰে ৷ বিশিষ্ট নাট–পৰিচালক তথা আবৃত্তিকাৰ নয়ন প্রসাদে কবি নীলমণি ফুকনৰ জীৱন আৰু তেওঁৰ দ্বাৰা ৰচিত গ্রন্থাৱলীৰ বিষয়ে আলোচনা কৰে আৰু নির্বাচিত কিছু গদ্যাংশ পাঠ কৰে ৷ প্রথমবাৰৰ বাবে কবি ফুকনৰ কবিতাত সুৰ সংযোজনা কৰি গীত পৰিৱেশন কৰে ক্রমে জয় বৰুৱা, শংকুৰাজ কোঁৱৰ আৰু মৈত্রেয়ী পাটৰে ৷ জয় বৰুৱাই কবি ফুকনৰ টোপনিতো তেওঁ মোক খেদি ফুৰিছিল শীর্ষক বিখ্যাত কবিতাটোত কৰা সুৰ–সংযোজনাই শ্রোতাসকলৰ মাজত গভীৰ আগ্রহৰ সৃষ্টি কৰে৷ বিশিষ্ট চলচিচত্র পৰিচালক তথা অভিনেত্রী আৰু আবৃত্তিকাৰ ডাঃ সাত্ব্ন্না বৰদলৈয়ে কবি ফুকনৰ কেইবাটিও কবিতা আবৃত্তি কৰে৷ ফুকনৰ কবিতাৰ ইংৰাজী অনুবাদ পাঠ কৰে সাত্যকী ডিকম ভূঞা আৰু অর্কুপল ৰা আচার্যই ৷ আন্তর্জাতিক খ্যাতিসম্পন্ন অভিনেতা তথা ফাউণ্ডেচনৰ অন্যতম ন্যাসৰক্ষী আদিল হুছেইনে যিসকলে কবিতা নপঢ়ে শীর্ষক কবিৰ আন এটি বিখ্যাত কবিতাৰ অসমীয়া আৰু ইংৰাজী অনুবাদ পাঠ কৰে ৷ অংগৰাগ পাপন মহন্তই এগৰাকী জাপানী কবিক সুৱৰি শীর্ষক কবি ফুকনে এতিয়ালৈকে লিখা সর্বশেষ কবিতাটি পাঠ কৰে ৷ অনুষ্ঠানত সাহিত্য অকাডেমিৰ দ্বাৰা প্রযোজিত আৰু যশস্বী চলচিচত্র পৰিচালক গৌতম বৰাৰ দ্বাৰা পৰিচালিত এন্ আনএণ্ডিং এক্সপান্স নামৰ কবি নীলমণি ফুকনৰ জীৱন–ভিত্তিক তথ্যচিত্রখনো প্রদর্শন কৰা হয় ৷ মূল অনুষ্ঠানৰ পৰৱত্ সময়ত লেটাৰেল বেণ্ডৰ লগতে পার্থ, প্রীতম, ভাস্ক্ৰ আৰু অম্বৰ দাসে জ্যাজ্ সংগীত পৰিৱেশন কৰে৷ অংগৰাগ পাপন মহন্তহৰ সুমধুৰ গজল পৰিৱেশনেৰে এই মনোৰম সন্ধিয়াৰ সামৰণি পৰে ৷  অনুষ্ঠানৰ শব্দযন্ত্রী হিচাপে কাম কৰে কংকণ মেচে আৰু আঁত ধৰে বিশিষ্ট অভিনেতা মিণ্ঢু বৰুৱাই ৷ ফাউণ্ডেচনৰ ন্যাসৰক্ষী কৃষ্ণা বৰুৱাই শলাগৰ শৰাই আগবঢায় ৷

উল্লেখ কৰিব পাৰি যে অকালতে মৃত্যুবৰণ কৰা আৰু নিজকে শিল্পী, সংগীতকাৰ আৰু স্বপ্ণদ্রষ্টা হিচাপে ভাবিবলৈ ভাল পোৱা সৃষ্টিশীল আৰু প্রতিভাৱান কিশোৰ ৰাউল কৌশিক নাথৰ সোঁৱৰণত গঠিত ৰাউল কৌশিক নাথ ফাউণ্ডেচনে মনকবিতাৰ উপৰি মাজুলীৰ ডেকাচাঙত ২০২০ চনৰ পৰা মনগীত আৰু এই বছৰৰ পৰা মনতুলিকা নামৰ আন দুটি ব্যতিক্রমী অনুষ্ঠানো অনুষ্ঠিত কৰি আহিছে ৷  মনকবিতাৰ পৰিকল্পনাৰ সৈতে জডিত হৈ আছে নয়ন প্রসাদ, উৎপল বৰপূজাৰী, বিপুলজ্যোতি শইকীয়া, অৰিন্দম বৰকটকী, প্রশান্ত সাগৰ চাংমাইকে আদি কৰি কেইবাগৰাকীও কবি, শিল্পী আৰু সাহিত্যিক ৷ অনুষ্ঠানৰ সামগ্রিক পৰিচালনাৰ দায়িত্বত আছিল ফাউণ্ডেচনৰ পৰিচালন ন্যাসৰক্ষী কৌশিক নাথ ৷

You might also like
Leave A Reply

Your email address will not be published.