জুতি জীৱনৰ

0 1,243

পল্লৱী গোস্ৱামী

মধুশোলেং টেঙাৰে ভকুৱা মাছৰ আঞ্জা

উপকৰণ–

মধুশোলেং – এক মুঠি ৷

ভকুৱা মাছ – ৫-৬ ডোখৰ ৷

নিমখ, হালধি জোখমতে ৷

মিঠাতেল – ডেৰ টেবুল চামুচ ৷

বগা সৰিয়হ কেহটামান ৷

জলকীয়া – ২টা ৷

প্রণালীঃ

প্রথমতে মধুশোলেং শাকমুঠি ভালকৈ বাচি ধুই জোখমতে কাটি লব ৷ মাছ কেইডোখৰ ভালদৰে ধুহ ভাজি লব ৷ তাৰ পিছত সেই তেলতেই অকণমান সৰিয়হ ফুটাই লগতে এটা শুকান জলকীয়া দি মধুশোলেংখিনি বহাই দিব ৷ জোখমতে নিমখ–হালধি দি লৰাই অলপ সময় ভাজিব৷ শাকখিনি পমি যোৱাত জোখমতে গৰম পানী দি লগে লগে ভজা মাছ কেহডোখৰ দি প্রায় পাঁচ মিনিটমান উতলাৰ পিছত নমাই ভাতৰ লগত পৰিৱেশন কৰিব ৷ মধুশোলেং শাক বেছি ভাজিব নালাগে ৷ এনেকুৱা টেঙা আঞ্জা খাবলৈ বৰ সোৱাদ হয় আৰু পেটৰ কাৰণে খুবেই উপকাৰী ৷

ঔটেঙাৰে মোৱামাছৰ টেঙা আঞ্জা

উপকৰণঃ

পূৰঠ ঔটেঙা এটা ৷

মোৱামাছ এপোৱা ৷

মিঠাতেল ডেৰ টেবুল চামুচ ৷

বগা সৰিয়হ অলপ ৷

শুকান জলকীয়া কেহটামান ৷

নিমখ, হালধি এচামুচকৈ ৷

প্রণালীঃ

প্রথমে মোৱামাছখিনি বাচি ভালদৰে ধুই নিমখ–হালধি সানি কোমলকৈ ভাজি লব ৷ ঔটেঙাটো সৰু সৰুকৈ কাটি থেতেলিয়াই অকণমান নিমখ দি সিজাই লব ৷ এতিয়া কেৰাহীত তেল গৰম কৰি বগা সৰিয়হ কেহটামান ফুটাহ, ২টা শুকান জলকীয়া দি ঔটেঙাখিনি ঢালি দিব ৷ অকণমান নিমখ, হালধি দি ভালদৰে লৰাই কিছু সময় উতলিবলৈ দিব৷ ভালদৰে উতল অহাত ভাজি লোৱা মোৱামাছখিনি দি আকৌ ১০ মিনিটমান উতলাই নমাই থৈ ভাতৰ লগত পৰিৱেশন কৰিব ৷ টেঙাৰ আঞ্জাত কোনো মচলা দিব নালাগে ৷

তেঁতেলি টেঙাৰে বৰলীয়া মাছৰ আঞ্জা

উপকৰণঃ

পকা তেঁতেলি টেঙা আধা বাটি ৷

বৰলীয়া মাছ এপোৱা ৷

নিমখ আধা চামুচ ৷

হালধি আধা চামুচ ৷

মিঠাতেল ডেৰ টেবুল চামুচ ৷

শুকান জলকীয়া দুটা ৷

প্রণালীঃ

প্রথমতে পকা তেঁতেলি টেঙাখিনি গৰম পানীত আধা ঘণ্ঢামান সময় তিয়াই থব ৷ লগতে বৰলীয়া মাছকেহটা ভালদৰে বাচি ধুই নিমখ–হালধি সানি কোমলকৈ ভাজি লব ৷ তাৰ পিছত তেঁতেলিখিনি হাতেৰে মোহাৰি গুটি আৰু সিথাখিনি পেলাই লব৷ এতিয়া এখন লোহাৰ কেৰাহীত সামান্য পৰিমাণৰ তেল দি সৰিয়হ আৰু শুকান জলকীয়া ফুটাই তেঁতেলিখিনি চেকনিৰে চেকি ঢালি দিব ৷ লগতে জোখমতে অলপ গৰম পানী দিব৷ সুন্দৰকৈ উতলি অহাত ভাজি থোৱা বৰলীয়া মাছকেইটা দি আৰু অলপ সময় উতলাই নমাই থব ৷  এনেকৈ তেঁতেলি টেঙাৰে বৰলীয়া মাছৰ আঞ্জা খাবলৈ খুব সোৱাদ হয় ৷ টেঙা আঞ্জাত পিঁয়াজ, আদা, নহৰু নিদিয়ে৷ সৰিয়হ আৰু জলকীয়া দিব লাগে ৷

টেঙেচি টেঙাৰে বৰৰ টেঙা আঞ্জা

উপকৰণঃ

টেঙেচি টেঙা এমুঠি ৷

বেচন এবাটি ৷

পিঁয়াজ দুটা ৷

মিঠাতেল দুই টেবুল চামুচ ৷

বগা সৰিয়হ কেইটামান ৷

জলকীয়া দুটা ৷

নিমখ, হালধি আধা চামুচকৈ ৷

প্রণালীঃ

টেঙেচি টেঙা অলপ উঠাই আনি মাটি গুচাই ভালদৰে ধুই এখন কেৰাহীত সিজাহ লব ৷ অলপ ঠাণ্ডা হোৱাত মঠি মঠি চেপি ৰসখিনি এটা আইনাৰ বাটিত উলিয়াই লব ৷ এটা বাটিত অলপ বেচন সামান্য নিমখ, মিহিকৈ কটা পিঁয়াজ–জলকীয়া দি মিহলাই লব ৷ অকণমান পানী দি বেচনৰ ঘোলটো বনাই লব ৷ কেৰাহীত তেল দি বৰ কেহটামান ভাজি লব ৷ এতিয়া কেৰাহীখনৰ তেল কমাই সামান্য পৰিমাণৰ তেলত সৰিয়হ ফুটাই, জলকীয়া দুটা দি টেঙেচি টেঙাৰ ৰসখিনি ঢালি ঢাকোন দি উতলিবলৈ দিব ৷ ভালদৰে উতলাত ভাজি লোৱা বৰকেইটা দি আকৌ অলপ সময় উতলিব দিব ৷ বৰকেইটা ফুলি অহাত টেঙা আঞ্জাখন নমাই ভাতৰ লগত পৰিৱেশন কৰিব ৷ টেঙা আঞ্জাত তেল কমকৈ দিব লাগে ৷

ফোনঃ  ৬০০১৫-২১৭৩০

You might also like
Leave A Reply

Your email address will not be published.