ৰানার্ছ নী

ডাঃ প্রাঞ্জল প্রতিম বৰা

মানুহৰ আঁঠুৰ গাঁঠি বা Knee joint হল আমাৰ শৰীৰৰ ওজন বহন কৰা একপ্রকাৰৰ weight bearing joint আমি কেনেধৰণৰ কাম কৰোঁ, কি পজিচনত কাম কৰোঁ, শৰীৰত ভিটামিনৰ পৰিমাণ, কেলছিয়ামৰ পৰিমাণ, হৰমনৰ পৰিমাণ আদিয়ে আঁঠুৰ সুস্থতাৰ ওপৰত যথেষ্ট প্রভাৱ পেলায় ৷ দীর্ঘ সময়ৰ বাবে অলপ অলপকৈ হলেও আঁঠুৰ ওপৰত জোৰ পৰিলে বা অলপ সময়ৰ বাবে হলেও যদি আঁঠুৰ ওপৰত বেছিকৈ জোৰ পৰে, তেনেহলে আমি আঁঠুৰ সমস্যাত পৰাৰ সম্ভাৱনা থাকে ৷ কামৰ প্রয়োজনীয়তাত আমি আঁঠুৰ ওপৰত অলপ হলেও ৰিস্ক্ লৈয়ে কাম কৰিবলগীয়া হয় বুলি কলেও ভুল নহব ৷ সততে খেলুৱৈ, এথলীটসকল, বা বেছিকৈ দৌৰা বা জঁপিওৱা লোকসকলে আঁঠুৰ আগফালে বা আঁঠুৰ ঘিলাটোৰ ওপৰত এক বিষৰ সমস্যাত ভোগা দেখা যায়৷ যিটোক কোৱা হয় পেটএলা ফিমৰেল্ পেহন্ ছিনড্রম(patello femoral pain syndrome) বুলি ৷ এনে হলে দিনটোৰ কামকাজবোৰ আপুনি নিয়মিতভাৱে কৰি থাকিব পাৰিব, কিন্তু আঁঠুৰ ওপৰভাগত এটা নেৰানেপেৰা বিষ লাগি থাকিব ৷ ভলীবল, বাস্কেটবল, দৌৰ খেল আদিৰ খেলুৱৈসকলৰ মাজত এহ কণ্ডিচনটো বেছিকৈ দেখা যায় বাবে ইয়াক Runners Knee  হিচাপেও জনা যায় ৷ দৌৰা, জঁপিওৱা, squat  বা আঁঠু কোঁচোৱা, stair climbing বা চিৰি বগোৱা আদি কামৰ লগত এনেধৰণৰ আঁঠুৰ আগফালে হোৱা বিষ বা  anterior pain পোনপটীয়াকে জড়িত ৷

ৰানার্ছ নী কি ? 

আমাৰ আঁঠুৰ গাঁঠিটোত যিটুকুৰা সৰু হাড় থাকে, সাধাৰণতে আমি যাক আঁঠুৰ ঘিলা বুলি কওঁ, তাক কোৱা হয়“Patella” পেটএলা bone বুলি ৷ এই Patella হাড়টুকুৰাই আঁঠুৰ ওপৰৰ আৰু আঁঠুৰ তলৰ হাড়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰে, বিশেষকৈ আমি যেতিয়া ভৰিখন চিধাবেঁকা কৰোঁ ৷ যেতিয়া আমি আঁঠুটো কোঁচাওঁ, এই সৰু হাড়টুকুৰা তললৈ যায়, আৰু যেতিয়া আঁঠুটো চিধা কৰোঁ, এই হাড়টুকুৰা ওপৰলৈ আহে ৷ মানে আঁঠুটো প্রত্যেকবাৰ চিধাবেঁকা কৰোঁতে এই হাড়টুকুৰা গ্লাইড হয় ৷ কিন্তু কেতিয়াবা আঁঠুৰ লগত জডিত মাচ্লসমূহ টান হৈ গলে  বা improper movement বাবে এই patella হাড়টুকুৰা ঘঁহনি খায় ৷ লগতে Patella হাড়ডালৰ লগত লাগি থাকা Cartilage অকামিলা হৈ অত্যধিক ঘঁহনি খায় ৷ ফলত আঁঠুত বিষ অনুভৱ হয় ৷

কাৰণঃ 

  • বেছিকৈ দৌৰা বা জঁপিওৱা লোকসকলৰ মাজত ৷
  •  চাইক্লিং কৰা লোকসকলৰ মাজতো এনে আঁঠুৰ বিষ দেখা যায় ৷
  • Overuse বা ৯০ ডিগ্রীতকৈ বেছি আঁঠু কোঁচাই আঁঠুৰ ব্যৱহাৰ কৰিলে ৷
  • আঁঠুৰ ঘিলাৰ ওপৰত জোৰ পৰাকৈ বহিলে ৷
  • Muscle imbalance.

পেটএলো ফিমৰেল ছিনড্রম বা ৰানার্ছ নীৰ লক্ষণঃ

  • আঁঠুৰ ঘিলাৰ ওপৰত বিষ ৷
  • আঁঠুটো বেঁকা কৰি চিধা কৰি দিলে আঁঠুৰ ভিতৰৰ পৰা ক্লিক কৰাৰ দৰে শব্দ পায় ৷
  • আঁঠুত লক্ লগাৰ দৰে অনুভৱ কৰিব ৷
  •  চিৰি  বগালে বাstair climbing কৰিলে আঁঠুৰ ঘিলাৰ ওপৰত বিষ ৷ বিশেষকৈ ওপৰলৈ উঠোতে বেছিকৈ বিষ অনুভৱ হয়৷
  • বেছি সময় বহি থাকিলেও আঁঠুত বিষ অনুভৱ হয় ৷

চিকিৎসাঃ

  • বিভিন্ন ধৰণৰStretching আৰু Strenghtening exercise সহায়ত“Patello femoral pain syndrome” চিকিৎসা কৰা হয় ৷ বিশেষকৈ আঁঠুৰ ওচৰত থকা মাংসপেশীৰ stretching কৰি আৰু weak মাংসপেশীৰ strengthening exercise কৰি আঁঠু বা knee jointstability ঘূৰাই অনা হয় ৷
  • বিষ থকা অৱস্থাত ভৰিখন ৰেষ্টত ৰখা অতি প্রয়োজনীয় ৷
  • শৰীৰৰ ওজন নিয়ন্ত্রণত ৰখা প্রয়োজন ৷  শৰীৰৰ ওজন অধিক হলে ওজন কমোৱাৰ বাবে লবলগীয়া পদক্ষেপসমূহ লোৱা উচিত ৷ 
  • যিকোনো দৌৰা, জঁপিওৱা বা আন কোনো খেলাধূলা বা ব্যায়াম আদি কৰাৰ আগত কিছুসময়ৰ ৱার্ম আপ অতি জৰুৰী ৷
  • আঁঠু কোঁচাই কৰা কামবোৰ বাদ দিয়া উচিত আৰু আঁঠুত knee cap ব্যৱহাৰ কৰা উচিত

ফোন ৮৬৩৮৩৮৮০৭৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.