অভিষেকতে খিতাপ আঁজুৰিলে গুজৰাটে

অভিষেকতে খিতাপ আঁজুৰিলে গুজৰাটে

অপূর্ণ হৈ ৰল কোহলিৰ খিতাপ জয়ৰ স্বপ্ন

যোগেশ কলিতা

প্রচুৰ সালসলনি আৰু নতুন দলৰ অন্তর্ভুক্তিৰে সামৰণি পৰিল আইপিএল–২০২২ ৷ প্রতিযোগিতাখনত দুর্দান্ত প্রদর্শন দাঙি ধৰি অভিষেকতে চেম্পিয়নৰ সন্মান অর্জন কৰিলে গুজৰাট টাইটানছে ৷ আৰম্ভণিৰে পৰাই গ্রুপ পর্যায়ত স্বভাৱসিদ্ধ খেলেৰে ফাইনেলত প্রৱেশ কৰাই নহয় চেম্পিয়নৰ খিতাপো আঁজুৰি আনিলে হার্দিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাটে৷ আইপিএল–২০২২ প্রথমটো দল হিচাপে ফাইনেলত প্রৱেশ কৰা গুজৰাটে ল স্ক্ৰিং ফাইনেল মেচখনত সন্জু ছেমচন নেতৃত্বাধীন ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ প্রথমে বেট ধৰি ৰাজস্থানে গুজৰাটৰ তীক্ষ্ণ বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি ২০ অভাৰত মাত্র ১৩০ ৰানহে কৰিবলৈ সক্ষম হৈছিল ৷ ৰাজস্থানৰ হৈ অপেনাৰ যশস্বী জয়ছোৱাল আৰু জছ বাটলাৰে সুন্দৰ আৰম্ভণি দিলেও গুজৰাটৰ অধিনায়ক হার্দিক পাণ্ডিয়াৰ বলিঙৰ সন্মুখত দিশহাৰা হৈ পৰে ৰাজস্থান ৷ গুজৰাটৰ হৈ হার্দিক পাণ্ডিয়াই ৩টা উইকেট লাভ কৰে ৷ ৰাজস্থানৰ হৈ বাটলাৰে ৩৯, জয়ছোৱালে ২২ ৰান কৰাৰ বিপৰীতে বাকী বেটছমেনসকল সম্পূর্ণৰূপে ব্যর্থ হয় বিপৰীতে গুজৰাটে শুভমন গিলৰ ৪৫, অধিনায়ক পাণ্ডিয়াৰ ৩৪ আৰু প্রতিযোগিতাখনত সুন্দৰ ফর্মত থকা ডেভিদ মিলাৰৰ ৩২ ৰানৰ সহায়ত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে এইবাৰৰ আইপিএলত বেটে–বলে সুন্দৰভাৱে উজলি উঠিছিল গুজৰাটৰ অধিনায়ক হার্দিক পাণ্ডিয়া ৷

উল্লেখ্য যে আইপিএলৰ ইতিহাসত এইবাৰৰ ফাইনেল আছিল দ্বিতীয়খন ল স্ক্ৰিং মেচ ৷ ইয়াৰ পূর্বে ২০১৭ চনত মুম্বাই ইণ্ডিয়ানছে প্রথমে বেটিং কৰি ১২৯ ৰান সংগ্রহ কৰিছিল ৷ উক্ত মেচখনত মুম্বাইৰ প্রতিদ্বন্দ্বী আছিল ৰাইজিং পুনে ছুপাৰ জায়েণ্টছ ৷ মেচখনত মুম্বায়ে এক ৰানত বিজয় সাব্যস্ত কৰি চেম্পিয়নৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷

কভিডৰ পিছত দর্শকপূর্ণ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আইপিএল ২০২২ ৷ কিন্তু এইবাৰ ভাৰতৰে ষ্টেডিয়ামত খেলসমূহ অনুষ্ঠিত হৈছিল ৷ ইয়াৰে লীগ পর্যায়ৰ খেলসমূহ মুম্বাই, নভী মুম্বাই আৰু পুনেত খেলসমূহ অনুষ্ঠিত হৈছিল ৷ মেচ অনুষ্ঠিত হোৱা ষ্টেডিয়ামসমূহ হল ৱাংখেডে, ব্রেবর্ন আৰু ডি ৱাই পাটিল ষ্টেডিয়াম আৰু পুনেৰ এম চি এ আন্তঃৰাষ্ট্রীয় ষ্টেডিয়াম ৷ আনহাতে প্লেফৰ খেলসমূহ কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হোৱাৰ বিপৰীতে বিচিচিআইৰ ঐশ্বর্যশালী এই প্রতিযোগিতাখনৰ ফাইনেল খেল অনুষ্ঠিত হৈছিল আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত ৷ উল্লেখ্য যে গুজৰাটৰ মটেৰা ষ্টেডিয়ামক নতুন ৰূপত সজাই তথা বিশ্বৰ অন্যতম সর্ববৃহৎ ষ্টেডিয়াম হিচাপে নির্মাণ কৰি নৰেন্দ্র মোদী ষ্টেডিয়ামৰূপে নামকৰণ কৰা হৈছে ৷

আইপিএল–২০২২ হৈছে আইপিএলৰ ইতিহাসৰ ১৫সংখ্যক সংস্ক্ৰণ ৷ পূর্বৰ ১৪টা সংস্ক্ৰণৰ অভূতপূর্ব সাফল্যৰ পিছত এইবাৰ ২৬ মার্চ ২০২২ৰ পৰা ২৯ মে ২০২২লৈ অনুষ্ঠিত হৈছিল প্রতিযোগিতাখন ৷ প্রতিযোগিতাখনত ২টাকৈ নতুন দলৰ অন্তর্ভুক্তিৰে মুঠ দহটা দলে অংশগ্রহণ কৰিছিল ৷ গ্রুপ ষ্টেজ আৰু প্লে অফ পদ্ধতিৰে অনুষ্ঠিত প্রতিযোগিতাখনত মুঠ ৭৪খন খেল অনুষ্ঠিত হৈছিল ৷ প্রতিযোগিতাখনত অংশগ্রহণ কৰা দলকেইটা আছিল ক্রমে মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ, ঋষভ পণ্ট নেতৃত্বাধীন দিল্লী কেপিটেলছ, হার্দিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট টাইটানছ, শ্রেয়াছ আয়াৰ নেতৃত্বাধীন কলকাতা নাইট ৰাইডার্ছ, কে এল ৰাহুল নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, ৰোহিত শর্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ, মায়ংক আগৰৱাল নেতৃত্বাধীন পঞ্জাব কিংছ, সঞ্জু ছেমচন নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ্, ফাফ ডু প্লেছিছ নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালোৰ আৰু কেন উইলিয়ামছন নেতৃত্বাধীন ছানৰাইজার্ছ হায়দৰাবাদ ৷

আইপিএলৰ আৰম্ভণিৰে পৰাই এটা ছিজনত সর্বাধিক ৰান কৰোঁতাজনক অৰেঞ্জ কেপ প্রদান কৰি অহা হৈছে ৷ সেই অনুসৰি আইপিএল–২০২২ অৰেঞ্জ কেপ দখল কৰে ৰাজস্থান ৰয়েলছৰ অপেনাৰ বেটছমেন জছ বাটলাৰে ৷ তেওঁ ৮৬৩ ৰান সংগ্রহ কৰে ৷ তদানুসৰি শ্রেষ্ঠ উইকেট দখল কৰোঁতাজনক প্রদান কৰা হয় পার্পল কেপ ৷ সেইহেতু আইপিএল–২০২২ পার্পল কেপ দখল কৰে ৰাজস্থান ৰয়েলছৰে তাৰকা স্পীনাৰ যুজৱেন্দ্র চাহালে ৷ তেওঁ ২৭টা উইকেট দখল কৰে ৷

সময় সদায় কাৰো বাবে একো নাথাকে ৷  সময়ৰ আগত কাৰো বাবে ঠিকনা একেই নাথাকে ৷ সেই কথাৰ প্রমাণ হিচাপে লব পাৰি এইবাৰৰ আইপিএলক ৷ যি আইপিএলত ৰাজত্ব কৰি আছে মুম্বাই আৰু চেন্নায়ে, সেই দল দুটাই এইবাৰ প্লে অফতে স্থান নিষ্চিত কৰিব নোৱাৰিলে ৷ অকল সেয়াই নহয় পইণ্ট তালিকাৰ শেষৰ ফালেহে থাকিল দল দুটা ৷ যি দুটা দলৰ অধিনায়ক দুগৰাকী এজন জাতীয় দলৰ প্রাক্তন অধিনায়ক তথা এজন বর্তমানৰ অধিনায়ক ৷

আইপিএল–২০২২ অসম সংযোগ আছিল এক গুৰুত্বপূর্ণ ঘটনা ৷  প্রথমগৰাকী অসমীয়া হিচাপে ৰাজস্থানৰ হৈ ফাইনেল খেলাৰ গৌৰৱ অর্জন কৰিছিল ৰিয়ান পৰাগে ৷ কিন্তু ফাইনেলত ছন্দ অনুসৰি খেলিব নোৱাৰিলে খেলুৱৈগৰাকীয়ে ৷ কিন্তু দুখন মান খেলত দলক ৰক্ষা কৰিলেও ফাইনেলত দলৰ হতাশজনক প্রদর্শনত নিজৰ ছন্দৰে খেলিব নোৱাৰিলে ৰিয়ানে ৷  কিন্তু প্রতিযোগিতাখনত ৰিয়ানৰ ফিল্ডিঙে সকলোকে আকর্ষণ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূর্ণ কেচ আয়ত্ত কৰাৰ লগতে আইপিএল–২০২২ সর্বাধিক কেচ ধৰাৰ কৃতিত্ব অর্জন কৰে ৰিয়ানে ৷

বিৰাট কোহলিৰো আশা অপূর্ণ হৈ ৰল পুনৰ এবাৰ ৷ অধিনায়ক হিচাপে সফল নোহোৱাৰ পিছত দলীয়ভাৱে এইবাৰ মৰণপণ যুঁজ দিছিল সন্মান ৰক্ষাৰ স্বার্থত ফাফ ডু প্লেছিছৰ নেতৃত্বত ৷ কিন্তু আশা থমকি ৰল প্লে অফত ৷ অনাগত সময় হব বাংগালোৰৰ অপেক্ষাৰ ৷

উল্লেখ্য যে আইপিএলৰ পোন্ধৰটা ছিজনত মুম্বাই ইণ্ডিয়ানছে পাঁচবাৰ, চেন্নাই ছুপাৰ কিংছে চাৰিবাৰ, কলকাতা নাইট ৰাইডার্ছে দুবাৰ তথা ৰাজস্থান ৰয়েলছ, ডেক্কান চার্জার্ছ, ছানৰাইজার্ছ হায়দৰাবাদ তথা নৱ–চেম্পিয়ন গুজৰাট টাইটানছে এবাৰকৈ চেম্পিয়নৰ খিতাপ অর্জন কৰিছে ৷ সেইফালৰ পৰা আইপিএলৰ সবাতোকৈ সফল দল হিচাপে মুম্বাই ইণ্ডিয়ানছ তালিকাৰ শীর্ষত আছে ৷ তাৰ পিছতেই আছে চেন্নাই ছুপাৰ কিংছ ৷

নতুন তাৰকা সৃষ্টিৰ প্লেটফর্ম হিচাপে খ্যাত আই পি এলে দেশ তথা বিদেশৰ জাতীয় দলসমূহক উপহাৰ দিছে বহু তাৰকাৰ ৷ সেই ধাৰা অনাগত দিনতো থাকিব অব্যাহত ৷

ফোনঃ  ৬০০১৫-২১৭৮০

You might also like
Leave A Reply

Your email address will not be published.