পঞ্চায়ত

শিখা ডি হাৰলালকা

এই সময় যেন ৱেব ছিৰিজৰ সয় ৷ বলীউড আৰু হলীউডৰ পুৰুষাণুক্রমে So Called অভিনয়ক একপ্রকাৰ নস্যাৎ কৰি কেইবাটাও প্লেটফর্মত সগৌৰৱে চলি আছে কেইবাখনো উচ্চমানৰ ৱেব ছিৰিজ৷ আজি আমি কথা পাতিম বাংগালুৰু, আহমেদাবাদৰ পৰা TCS বা অন্য MNC ত  কর্মৰতজনৰ পৰা আৰম্ভ কৰি, জকাইচুকীয়া গাঁৱত শিক্ষাৰ পোহৰ বিলাই থকাজনলৈকে, মাক–দেউতাকৰ ভাল ছোৱালীজনী হৈ সকলো জলাঞ্জলি দি বিয়াত বহাজনীৰ পৰা, বিয়াৰ বয়স পাৰ হৈ যোৱাৰ পিছতো সগৌৰৱে নিজৰ ভৰিত থিয় দি থকা ছোৱালীজনীলৈকে প্রত্যেক যুৱক–যুৱতী, বয়স্ক্জনলৈকে ৷ যাৰ মুখত আপুনি মাথোঁ শুনিব এটাই নাম পঞ্চায়ত ৷

হয়, নামটোৰ পৰা ঠিকেই ধাৰণা কৰিছে ৷ উত্তৰ প্রদেশৰ তেনেই ভিতৰুৱা ফুলেৰা গাঁও পঞ্চায়ত আৰু পঞ্চায়ততেই সচিব হিচাপে নতুনকৈ যোগদান কৰিবলৈ অহা অভিষেক ত্রিপাঠী নামৰ সুদর্শন আৰু উচ্চ শিক্ষিত যুৱকজনৰেই কাহিনী এই পঞ্চায়ত ৷ পিছে আৰম্ভণিতেই অসমীয়া হিচাপে  আমি প্রত্যেকেই গৌৰৱ কৰিবলগীয়া কথা এটাও লুকাই আছে এই ৱেব ছিৰিজখনত ৷ ৱেব ছিৰিজিখনত সংগীত দিছে আমাৰ সকলোৰে পৰিচিত অনুৰাগ শইকীয়াই আৰু কণ্ঠ নিগৰাইছে আমাৰ মৰমৰ শংকুৰাজ কোঁৱৰে ৷ Hiya Tho ঠিক গীতো নহয়, সুৰো নহয়, তাৰ মাজত কিবা এটা ৷ ইতিমধ্যে ছুপাৰ–ডুপাৰ হিট Hiya Tho.

পঢ়াৰ পিছত এটা চাকৰি আৰু তাৰ পিছত আৰম্ভ হয় আচল জীৱন ৷ কিন্তু মনপছন্দৰ চাকৰি কেইজনে পায় ৷ ডাঙৰ চহৰত মাচ্টিনেচনেল কোম্পানীত কাম কৰাৰ বাবে দিন–ৰাতি এক কৰি পঢ়া–শুনা কৰাৰ পিছত আমাৰ এইখন ৱেব ছিৰিজৰ অন্যতম প্রধান চৰিত্র অভিষেক ত্রিপাঠীয়ে চাকৰি পায় পঞ্চায়ত সচিবৰ ৷ আৰু আৰম্ভ হয় তেওঁৰ তিতা–মিঠা অভিজ্ঞতাৰে সমৃদ্ধ পঞ্চায়তৰ চাকৰি জীৱন ৷ অভিষেক ত্রিপাঠীৰ নাম ভূমিকাত অভিনয় কৰিছে জিতেন্দ্র কুমাৰে ৷ চাকৰি সন্তুষ্টি নথকা এটা চাকৰিত এজন লোকে কিমান খং, হতাশা, বিতৃষা আৰু দুখী অনুভৱ কৰিব পাৰে, তাক এশ শতাংশ ৰূপালী পর্দাত ফুটাই তোলাত সফল হৈছে জিতেন্দ্র কুমাৰে ৷

উত্তৰ প্রদেশৰ এখন ভিতৰুৱা গাঁও ফুলেৰা, যত গাঁওবাসী যথেষ্ট সহজ–সৰল, কিন্তু চহৰৰ দ্রুত জীৱন প্রৱাহত অভ্যস্ত অভিষেকে কিদৰে মোকাবিলা কৰে তেওঁ সচিব হিচাপে যোগদান কৰা গাঁও পঞ্চায়তৰ বাসিন্দাসকলৰ ৷ ৱেব ছিৰিজখনৰ এটা এটা ছিকুৱেঞ্চ, এটা এটা ডাইলগ, এটা এটা  দৃশ্য এইটোৰ লগত সিটো এনেকৈ সাঙোৰ খাই আছে যে আপোনাৰ আধা ঘণ্টা চাই এৰিবলৈ মনেই নাযাব ৷ আটাইতকৈ ভাল লগা কথা এই ৱেব ছিৰিজখনৰ ইয়াৰ ষ্টাৰ কাষ্ট বা চৰিত্র চয়ন৷ মূল চৰিত্র ইয়াত এটা বুলি কলে অন্যায় কৰা হব ৷ সন্মিলিতভাৱে প্রত্যেকটো চৰিত্রই প্রাণঢালি অভিনয় কৰিছে ইয়াত ৷ ৰঘুবীৰ যাদৱ, লীনা গুপ্তা যিসকল জ্যেষ্ঠ অভিনেতা–ভিনেত্রীয়ে জীৱনৰ সকলো সময় বলীউডকে দিলে, অথচ আজিও তেওঁলোকক ছাইড এক্টৰতকৈ ওপৰত মর্যাদা দিয়া নহয় বলীউডত ৷  এই দুই অভিনেতা–ভিনেত্রীৰ অভিনয় আপুনি মিছ নকৰিব পঞ্চায়তত ৷ পঞ্চায়ত সচিবৰ সহকাৰী কার্যালয় সহায়কৰ ৰূপত জীৱন্ত অভিনয় কৰিছে চন্দন ৰয়ে ৷ মুঠতে অভিনয়ো যে কেতিয়াবা সঁচা লাগি যায়, মনৰ ভিতৰত  ৰৈ যায় সেয়া Experience কৰিবলৈ আপুনি এইখন ৱেব ছিৰিজ চাবই লাগিব ৷

ইতিমধ্যে পঞ্চায়ত ছিজন–চ্ত কাহিনী কিছু বেলেগ দিশলৈ ধাৱমান হৈছে ৷ C AT পৰীক্ষা দি MNC ত চাকৰি লৈ, গাঁৱৰ চাকৰি এৰি যাবলৈ মন বান্ধি লোৱা আমাৰ হিৰো অভিষেকৰ মন ঘূৰিছে ৷ অভিষেকৰ জীৱনলৈ প্রেম আহিছে ৷ কোন তেওঁৰ প্রেমিকা কি হব এই প্রেমৰ পৰিণতি গাঁৱৰ সহজ–সৰল লোকসকলৰ জীৱনলৈ, শিয়ালৰ দৰে চালাক চতুৰ স্থানীয় এম এল এজনে কি বিপদ মাতি আনিব পঞ্চায়তপ্রধান আৰু সচিবে পাৰিবনে এই বিপদ মষিমূৰ কৰিবলৈ ছাছপেঞ্চ, থ্রিল, ড্রামা আৰু আটাইতকৈ বেছি আছে Comedy with a possitive line. এই আটাইবোৰ মিলি পঞ্চায়তৰ দুয়োটা ছিজনে এতিয়া দর্শকৰ প্রথম পছন্দ হৈ পৰিছে ৷

গোটেই ছিৰিজৰ যদি আটাইতকৈ উল্লেখনীয় দিশটো কি সোধা হয় একে আষাৰতে উত্তৰ দিব পাৰি ষ্টৰী, Script আৰু ডাইলগ ৷ প্রতিটো চৰিত্রৰ মুখৰ সংলাপ শুনিবলগীয়া, ভাবিবলগীয়া ৷

চিনেমেটোগ্রাফী একে আষাৰে বাহ বাহ পোৱাৰ যোগ্য ৷ সকলো বস্তুৰ বাবে ঠাই, পৰিৱেশ সম্পূর্ণ নিখুঁত ৷

এতিয়া আহোঁ কৰবাত দুর্বল হৈছে নেকি পঞ্চায়ত হয়, পৰিচালকে ছিজন–চ্ত বহুতো কথা আধৰুৱা কৰিছে ৷ স্পষ্ট ইংগিত আছে যে আহি আছে পঞ্চায়ত ছিজন–ব৷ নকলে নহয় বাবে কবলগীয়াখিনি এয়া সামান্য কিবা ৷ কিন্তু শেষত কম যে বলীউডৰ কেতিয়াও সৌভাগ্য নহব এনে প্রতিভাধৰসকলক বিচাৰি উলিয়াই তেওঁলোকক স্বীকৃতি দিয়াৰ ৷ নেপটিজিমে গ্রাস কৰা বলীউডৰ দুর্ভাগ্যৰ বাবে এক মিনিটৰ মৌন প্রার্থনা ৷

পঞ্চায়ত সঁচা অর্থত এখন খুবেই মনোৰঞ্জক, অর্থৱহ আৰু সমাজৰ চকু মোকলাই দিব পৰা ছিৰিজ ৷ চাওক, অনুভৱ কৰক, জী উঠক ফুলেৰা গাঁৱৰ বাসিন্দাসকলৰ লগত ৷ আৰু আপোনাক নষ্টালজিক কৰি, চকুত চকুপানী আনিবলৈ অনুৰাগ শইকীয়াৰ সুৰ আৰু কথাসমৃদ্ধ, শংকুৰাজ কোঁৱৰে প্রাণঢালি গোৱাHiya Thoটো আছেই ৷

ফোনঃ  ৮৮২২৯-৭১২১৭

You might also like
Leave A Reply

Your email address will not be published.