আইনাৰ আলাপত ডঃ অনিমা চৌধুৰী

বর্ণালী এছ ডেকা

আইনাৰ আলাপৰ এইবাৰ শিতানত আমি পাঠক সমাজলৈ আগববাইছোঁ এনে এজন ব্যক্তিৰ এক সাক্ষাৎকাৰ, যিগৰাকী একাধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ লগতে এজন বিশিষ্ট লেখক আৰু এজন সুসংগঠক ৷

  • অসমৰ সংগীত জগতৰ বর্তমান ছবিখন কেনেকুৱা দেখে ?

বর্তমান সংগীত জগতখনৰ বিষয়ে কবলৈ গলে আগতকৈ বেছি বহল হৈছে ৷ আগতে মাধ্যম সীমিত আছিল ৷ গ্রাম্য সমাজ জীৱন প্রধান উপাদান আছিল ৷ তাৰ পিছত চিনেমাৰ গান আহিল ৷ তাৰ পিছত আহিল আকাশবাণী ৷ এটা সময়ত অনাতাঁৰ শিল্পী বুলি কলে সমীহ কৰিছিল ৷ সেই সময়ত সংগীতক পেছা হিচাপে লোৱা নাছিলোঁ ৷ আৰু সংগীতক লৈ কোনো ধৰণৰ আপোচ কৰিব লগা হোৱা নাছিল ৷ এতিয়া পৰিৱেশ অলপ ধুঁৱলিকুঁৱলী ৷ অলপ উদ্বিগ্ন ৷ অলপ চিন্তিত ৷

  •  ১৯৮২৮৩ চনৰ অসম আন্দোলনৰ ভৰপক সময় তেতিয়া৷ সেই বিভীষিকাময় পৰিস্থিতিত সংগীতৰ জৰিয়তে এক সুস্থ সাংসৃক্তিক বাতাৱৰণ সূচনা কৰাৰ প্রচেষ্টা চলাইছিল৷ সেই সংগ্রামী ইতিহাসৰ কাহিনী অলপ জনাওকচোন৷

আশীৰ দশকটো অসম আন্দোলনৰ ভৰপাক সময়৷ সেইখিনি সময়তে ১৯৮২ চনত ডিব্রুগডত গঢ়ি উঠিছিল সদৌ অসম জনসাংসৃক্তিক পৰিষদ ৷ ভাগ্যক্রমে উক্ত পৰিষদৰ প্রতিষ্ঠাপক সভাপতি হিচাপে পাইছিলো ডঃ ভূপেন হাজৰিকাৰ দৰে বৰেণ্য শিল্পীক ৷ ভূপেন হাজৰিকাৰ লগত আমাৰ ঘনিষ্ঠ সম্পর্ক এই মজিয়াতে হৈছিল ৷ পৰিষদৰ জন্মলগ্নতেই আমি বিষ্ণুপ্রসাদ ৰাভাৰ নির্বাচিত আঠোটি গীত লং প্লেয়িং ৰেকর্ডত অসমৰ ৰাইজৰ হাতত তুলি দিয়াৰ সৌভাগ্য হৈছিল ৷ এই গীতৰ বাণীবদ্ধৰ পিছতেই বৰগীতৰ সখী সুদিন ভায়োৰি লং প্লেয়িং ৰেকর্ডত সেই অসম আন্দোলনৰ ধামখুমিয়াত ৰাইজক উপহাৰ দিছিল ৷ উল্লেখনীয় যে ভূপেন হাজৰিকাৰ গীতৰ ভাষাৰে জুইৰে পুৰা ৮৩ ত ৰাজ্যখনৰ শান্তিসম্প্রীতি বিনষ্ট হৈছিল ৷ উক্ত সময়তে সমন্বয় সাংসৃক্তিক বাহিনী সৃষ্টি কৰি অসমৰ চৌদিশে ভ্রমণ কৰিছিলোঁ ৷ মানুহৰ মাজত গৈ গান লিখিছিলোঁ ৷ মানুহৰ সুখদুখ উপলব্ধি কৰিছিলোঁ ৷

  • আমোলমোল শেৱালিৰ গোন্ধ আপোনাৰ অনবদ্য সৃষ্টি ৷ ইয়াৰ আঁৰৰ কাহিনী অলপ জনাওকচোন ৷

আচলতে আকাশবাণীয়ে ন ন সৃষ্টিৰ প্রেৰণা যোগাইছিল ৷ আকাশবাণীৰ শ্রোতাৰ এক সুকীয়া মান আছে ৷ অনুমোদিত গীতিকাৰকহে গীত গাবলৈ সুবিধা দিছিল ৷ সেই সময়ত কেশৱ মহন্ত, নির্মলপ্রভা বৰদলৈ, নৱকান্ত বৰুৱা এওঁলোকৰ সান্নিধ্য লাভ কৰিছিলোঁ ৷ তেনেকৈ ঠিক এদিন হীৰেন ভট্টাচার্যই তোমাৰ গান শীর্ষক এখন পুথি মোৰ হাতত তুলি দিছিল আৰু তাতেই বিচাৰি পাইছিলোঁ আমোলমোল শেৱালিৰ গোন্ধ ৷ কথা হীৰেন ভট্টাচার্যৰ, সুৰ উৎপল শর্মা আৰু কণ্ঠ মোৰ আছিল ৷ এতিয়াও গীতটোৰ কথা সুঁৱৰি মই আৱেগিক হৈ পৰোঁ ৷

  •  আপোনাৰ বহুকেইটা গীত ৰাইজে আদৰি লৈছে ৷ আপোনাৰ এক সুকীয়া কণ্ঠস্বৰ আছে ৷ আজিকালি আৰু এটা কথা মন কৰিছে আপুনি যথেষ্ট লিখামেলাও কৰে ৷ বহুকেইখন গ্রন্থও ৰচনা কৰিছে ৷ এই যে কণ্ঠৰ পৰা কলমলৈ এক নতুন যাত্রায়ো আপোনাৰ সংগীত চর্চাৰ গতি কিছু মন্থৰ কৰিলে নেকি ?

কথাটো ঠিকেই মন কৰিছা ৷ একেবাৰে উলাই কৰিব নোৱাৰি ৷ গীতেৰেসুৰেৰে কব নোৱাৰা কথাবোৰ কেতিয়াবা গদ্যৰ জৰিয়েতেও কব লগা হয় ৷ প্রকৃততে গ্রন্থ ৰচনা কৰিবলৈ বহু সময়, অধ্যয়ন, অধ্যৱসায় আৰু গৱেষণাৰ প্রয়োজন ৷ ইয়াৰ উপৰি সামাজিক বাতাৱৰণেও মোক অলপ প্রভাৱিত কৰিছে ৷ যাৰ ফলত গীতৰ সৃষ্টি স্তিমিত হৈছে৷ সেইটো মই মানো ৷

  • ইতিহাস ৰচনাৰ ধাৰণা কেনেকৈ আহিল ?

এটা গানৰ সৈতে গীতিকাৰ, সুৰকাৰ বা ব্যৱস্থাপনাই হওক নেপথ্যৰ দিশটো খুব এটা মন কৰা নাযায় ৷ এতিয়া কলৰে পাততে কাউৰী পৰে গীতটোত সুৰকাৰ ৰুদ্র বৰুৱা, গীতিকাৰ কেশৱ মহন্ত আৰু কণ্ঠ খগেন মহন্ত ৷ তেনেদৰে ইমান ধুনীয়া মুকুতাৰ মালা গীতটোৰ গীতিকাৰ মলিন বৰা, সুৰকাৰ দুর্গাপ্রসাদ ভূঞা, গায়ক তাৰিকুদ্দিন আহমেদ ৷ প্রায় ডেৰশ বছৰীয়া অসমীয়া আধুনিক গীতৰ ঐতিহসিক যি পৰিক্রমা, সেয়া আমি এই গ্রন্থখনত ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ ৷

  • বর্তমান অসমীয়া গীতিসাহিত্যৰ দিশটোৰ মূল্যায়ন কিদৰে কৰিব ৷

গীতিসাহিত্য হল এটা জাতিৰ সাহিত্য ৷ যিটো নিঃসন্দেহে এক গুৰুত্বপূর্ণ অংশ ৷ এতিয়া এই দিশৰ আমাৰ যিসকল পথিকৃৎ আছিল সেইসকলৰ সৃষ্টিৰাজিত এক নির্মল, আনন্দৰ জোৱাৰ উমান পোৱা যায় ৷ কণ্ঠ, সুৰ আৰু সংগীতৰ পৰা বিচ্ছিন্ন কৰিও যদি চাওঁ তাতো গীতটোৰ সাহিত্যিক মূল্য literary value পাওঁ ৷

এতিয়াৰ সংকটটো হল গীতিসাহিত্যৰ মান নিম্নগামী হৈছে ৷ ইয়াৰ মূল কাৰণ হল আজিকালি সৰহসংখ্যক সৃষ্টিৰেই বাস্তৱ জীৱন বা ৰাইজৰ লগত প্রত্যক্ষ সংযোগ নাই ৷ ভূপেনদাৰ সময়ত দেখিছোঁ ৷ শস্যতো গান, বসন্ততো গান, বানপানীতো গান, যুদ্ধক্ষেত্রতো গান ৷ প্রতিটো গানত অন্যান্য ৷ এতিয়া সকলো গান একেই যেন লাগে ৷ গানৰ বিচিত্রতাৰ অভাৱ ৷

  • গণশিল্পী হেমাংগ বিশ্বাসক কেনেকৈ লগ পাইছিল ৷ আমি যিমান দূৰ জানো ৷

মই দৰং কলেজত পঢ়িছিলোঁ ৷ তাৰ পিছত মই তেজপুৰৰ পৰা ঔদ্যোগিক নগৰী নামৰূপলৈ কর্মসূত্রে ৰাওনা হলোঁ ৷ সেই পৰিৱেশ আছিল ভিন্ন ৷ নামৰূপত থাকোঁতেই ডিব্রুগড় অনাতাঁৰৰ শিল্পী হলোঁ ৷ তাত থাকোঁতেই এদিন এ এছ এল ক্লাবৰ পৰা বিষ্ণু ৰাভা দিৱসত কলিকতালৈ যোৱাৰ সুযোগ লাভ কৰিছিলোঁ ৷ তাতেই গণশিল্পী হেমাংগ বিশ্বাসক লগ পাইছিলোঁ ৷ মই তেওঁৰ ঘৰলৈ গৈছিলোঁ ৷  তেওঁৰ ঘৰটোৰ নাম জিৰণি ৷ তেনেকৈ আমাৰ মাজত এটা সুসম্পর্ক গঢ়ি উঠিছিল ৷ মই তেওঁৰ সান্নিধ্যত প্রায় ১০ বছৰ আছিলোঁ ৷ সেই অভিজ্ঞতাৰ ভিত্তিত মই মাটি আৰু মানুহৰ শিল্পী হেমাংগ বিশ্বাস শীর্ষক গ্রন্থখন লিখি উলিয়াইছিলোঁ ৷ গ্রন্থখনৰ ৪টা সংস্ক্ৰণ প্রকাশ পাইছে ৷ তাৰে চতুর্থ সংস্ক্ৰণটো বাংলা ভাষাত প্রকাশ হৈছে ৷ বিশিষ্ট লেখক শংকৰ দাসে অনুবাদ কৰিছে ৷ হেমাংগ বিশ্বাসৰ পৰা মই বহু বাহিৰৰ গান শিকিছিলোঁ ৷ জন হেনৰী গীতেই হঁওক বা আন কিবা গীতেই হওক ৷ গণসংগীতৰ ধাৰণাটো তেওঁক লগ পোৱাৰ পিছতহে আহিল ৷ সেইখিনি সময় সঁচাকৈ অপূর্ব ৷

  • অসমৰ বর্তমান সাংসৃক্তিক পৰিৱেশসাপেক্ষে গণশিল্প বা শিল্পীৰ ধাৰণাৰ অৱস্থিতিটো কেনেকৈ বিচাৰি পায় ।

গণশিল্পীসকল হল গণমুখী বা জনমুখী চিন্তাচেতনাৰে সমৃদ্ধ ৷ সেই একেদৰে গণসংগীতেও সমসাময়িক সমাজখনৰ বাস্তৱ ছবিখন তুলি ধৰে ৷ ইয়াৰ বাবে গান সংসৃক্তিৰ এক স্বচ্ছ ৰাজনৈতিক চিন্তাচেতনাৰ প্রয়োজন, যাতে সমাজৰ চৌদিশে নিতৌ সংঘটিত ঘটনাসমূহৰ ভালবেয়া, উচিতনুচিত বা অন্যায়বিচাৰৰ নিৰপেক্ষ বিচাৰবিবেচনাৰে ৰাইজক এটা সঠিক পথ দেখুৱাব পাৰে ৷ যেনে মঘাই ওজাৰ ঢোলৰ চাপত সমসাময়িক সমাজখনৰ ছবি পৰিষ্ফুট হৈছিল ৷

  • নৱপ্রজন্মৰ সংগীত শিল্পীসকলৰ সংগীতৰ প্রতি গভীৰতা কিমান ৷

গভীৰতা আছে একেবাৰে নাই বুলি কব নোৱাৰি এচামে গানবোৰ বিভক্ত কৰিছে ৷ যেনে মঞ্চত গোৱা গান বেলেগ, টিভিত বেলেগ ৷ আজিকালি গানৰ বিভাজন ঠিক এনেধৰণৰ যে গাড়ীত বজা গান বেলেগ ৷ ঘৰত শুনা গান বেলেগ ৷ অৱশ্যে মানুহৰ ৰুচিও সলনি হৈছে ৷

  • বর্তমান পৰিস্থিতিত কেনেধৰণৰ গীত ৰচনা কৰিব মন যায় ?

এতিয়া আমি সদায় সৃষ্টিশীল সামাজিক পৰিৱেশ এটা বিচাৰোঁ ৷ ঐক্যসংহতি, যত মানুহে মুক্ত পৰিৱেশ একাগ্রচিত্তে শুনে ৷ বিশৃংখল অৰাজক পৰিৱেশ চিন্তিত৷ সুন্দৰ সুন্দৰ গীত ৰচিবৰ বাবে সুস্থ বাতাৱৰণ লাগে ৷

হাহিৰে জীৱন সুন্দৰ কৰা চকুৰ পানীৰে নহয়,

তই বাবি বৰ ঢোল, মই বজাম চিফুং, মাজতে বাগৰুম্বা৷ এনে সৃষ্টি খুবেই প্রয়োজন ৷ 

  • অসমীয়া আধুনিক সংগীতৰ ইতিহাস, মাটি আৰু মানুহৰ শিল্পী হেমাংগ বিশ্বাস, বন্দিত ভূপেনদা নিন্দিত ভূপেন হাজৰিকা, সময়ৰ বালিত লিখা ৰব জীৱনৰ যত কথা, লক্ষ্মীনাথ বেজবৰুৱাৰ গান আৰু ছবি, অসমীয়া আধুনিক সংগীতৰ ৰূপকাৰসকল আদি গ্রন্থসমূহত আপুনি অসমীয়া গীতিসাহিত্যৰ যথেষ্ট সমল আছে ৷ বর্তমান নতুনকৈ কিবা গ্রন্থ পাঠক সমাজক দিয়াৰ পৰিকল্পনা আছে নেকি ৷
  • বর্তমান তেনে পৰিকল্পনা নাই ৷ মই অৱসৰ লৈছোঁ ৷
  • আপোনাৰ  জীৱনশৈলীৰ বিষয়ে কওকচোন ৷

এতিয়া মই অৱসৰ লৈছোঁ আৰু পৰিয়ালৰ সৈতে ভ্রমণ কৰোঁ ৷ যিমান পাৰোঁ ফুৰো ৷ জনগোষ্ঠীয় সমাজবিলাক লৈ গৈ ভাল পাওঁ ৷ ৰেৱাজ কৰোঁ ৷

  •  নতুন প্রজন্মৰ সংগীত শিল্পীসকললৈ কি বার্তা প্রেৰণ কৰিব ?

উঠি অহাসকল লৈ এটা কথাই কম যে সংগীত হৈছে এক সাধনা৷ গতিকে এটা গীত ৰচনা কৰাৰ পূর্বে চর্চা, অধ্যয়ন আৰু সাধনা কৰিহে যেন তেওঁলোক আগবাঢ়ে ৷

ফোনঃ  ৯৮৬৪৪২২৪২৮

You might also like
Leave A Reply

Your email address will not be published.