আইনাৰ আলাপত বিপুল দাস

বর্ণালী এছ ডেকা

কথক নৃত্যৰ নিৰৱচিছন্ন সাধনাৰে অসম তথা ভাৰতৰ  সাংস্কৃতিক পথাৰখনৰ এটা সমাদৃত নাম বিপুল দাস ৷ দেশ–বিদেশৰ মঞ্চত সাৱলীল ছন্দেৰে কথক নৃত্য প্রদর্শন কৰি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত অসমৰ প্রতিভাৰ পৰিচয় দাঙি ধৰা প্রসিদ্ধ নৃত্যশিল্পী বিপুল দাসৰ সৈতে হোৱা কথোপকথন আইনৰ আলাপত আগবঢ়ালোঁ ।

  • কথক নৃত্যৰ এজন অক্লান্ত সাধক আপুনি ৷ অসমত কথক নৃত্যৰ উৎকৃষ্ট চর্চা হৈছে বুলি ভাবেনে ৷
  • মই ১৯৭৩ চনত নতুন দিল্লীত অৱস্থিত কথক কেন্দ্রত প্রশিক্ষণ গ্রহণৰ উদ্দেশ্যে ৰাওনা হওঁ ৷ মই যিটো সময়ত দিল্লীত ট্ৰেইনিং লবলৈ গৈছিলো সেই সময়ত অসমত কথক নৃত্য প্রশিক্ষণ দিয়া একমাত্র ব্যক্তি আছিল প্রয়াত চাৰু বৰদলৈ ৷ তেওঁ একমাত্র যিয়ে গুৱাহাটীত এই নৃত্য প্রশিক্ষণৰ মূল গুৰি ধৰিছিল ৷ এতিয়া সময় সলনি হল ৷ কথকৰ প্রতি মানুহ জ্ঞাত, লাহে লাহে এই নৃত্যৰ প্রতি মানুহ আগ্রহী হল ৷ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান আৰম্ভ কৰিলে ৷ এতিয়া কব পাৰি যে চর্চা হৈছে ৷
  • কেৱল কথক বুলি নহয় নৃত্যৰ সামগ্রিক পৰিৱেশক লৈ আপুনি সুখীনে ৷
  • ভাৰতীয় শাস্ত্রীয় সংগীতৰ কেইবাটাও নতুন ধাৰা আছে ৷ বিশেষকৈ ভাৰত নাট্যম, কথক, ওডিচি, সত্রীয়া, মণিপুৰী এই ধাৰাকেইটা এতিয়া খুব সুন্দৰভাৱে প্রচলন হৈ আছে ৷ যিটো পূর্বতে সত্রীয়া নৃত্যৰ বাহিৰে আন নাছিল ৷ এতিয়া নৃত্যৰ সামগ্রিক খুব উন্নত বুলি কব পাৰি ৷ প্রশিক্ষার্থী আহিছে আগবাঢ়ি ৷ তদুপৰি ভাৰত চৰকাৰৰ তৰফৰ পৰা জলপানি পাবলৈ সক্ষম হৈছে ৷ এইটোৱে অনুপ্রেৰণা যোগাইছে ৷
  • কথক নৃত্যক পেছা হিচাপে লৈ যুৱপ্রজন্মই সপোন দেখা উচিতনে ৷
  • নিশ্চয় পেছা হিচাপে লব পাৰিব ৷ কিন্তু তাৰ কাৰণে সাধনা আৰু চর্চা লাগিব ৷ সাধনা যাক আমি ৰেৱাজ বুলি কওঁ ৷ নিজৰ পৰিশ্রম আৰু একাগ্রতা লাগিব ৷ গুৰুৰ প্রতি আদৰ, ভক্তি, সন্মান লাগিব ৷ নিশ্চয় নিজৰ লক্ষ্যস্থানত উপনীত হব পাৰিব ৷
  • আপুনি বিদেশত নৃত্য পৰিৱেশন কৰিছে ৷ বাহিৰৰ জগতৰ লগত তুলনা কৰিলে কি কি বিষয় পৃথক দেখে
  • মই বিদেশত বহুত অনুষ্ঠান কৰিছোঁ ৷ ইটালী, গ্রীচ, ফ্রান্স, স্পেইন, গ্রেট ব্রিটেইন, হলেণ্ড, নেদাৰলেণ্ড, আফগানিস্তান ইত্যাদি ৷ বাহিৰত মই এটা বস্তু মন কৰিছোঁ যে অনুষ্ঠানৰ সময় ৷ সময়ত খুব গুৰুত্ব দিয়ে ৷ এটা নির্দিষ্ট সময়ত আৰম্ভ হব আৰু এটা নির্দিষ্ট সময়ত অনুষ্ঠান সমাপ্ত কৰিব লাগিব ৷ যিটো বস্তু আমাৰ হয়াত সাধাৰণতে নহয় ৷ তদুপৰি বাহিৰত আমাৰ সাজসজ্জা, প্রসাধন আৰু আনুষংগিক বিষয়বস্তুবোৰত খুব মনোযোগ দিয়ে ৷
  • কথক নৃত্যৰ পণ্ডিত বিৰজু মহাৰাজৰ আপুনি সান্নিধ্য লাভ কৰিছিল ৷ সেই অভিজ্ঞতা কওকচোন ৷
  • তেখেতৰ অভিজ্ঞতা বহুতেই আছে ৷ মোৰ গুৰু মহাৰাজজী ৷ আমি তেওঁক তেনেকৈ সম্বোধন কৰিছিলো ৷ মই যেতিয়া ১৯৭৩ চনত নতুন দিল্লীত অৱস্থিত কথক কেন্দ্রত প্রশিক্ষণ লব যাওঁ, মোৰ প্রশিক্ষণ জয়পুৰৰ ঘৰানা গুৰু প্রয়াত কুন্দনলাল গাংগানিৰ অধীনত হৈছিল ৷ ৩ বছৰ শিকিছিলোঁ ৷ তাৰ পাছত এটা টার্নিং পইণ্ঢ মই  ১৯৭৬ চনত ভাৰত চৰকাৰৰ পৰা ৰাষ্ট্রীয় জলপানি পাওঁ ৷ এই জলপানি গ্রহণ কৰি মই পণ্ডিত বিৰজু মহাৰাজৰ অধীনত শিকিবলৈ সুবিধা পাওঁ ৷ মই একমাত্র অসমীয়া যিয়ে এই ৰাষ্ট্রীয় জলপানি গ্রহণ কৰি মহাৰাজজীৰ ওচৰত শিকিবলৈ সুবিধা পাহছিলোঁ ৷ সেই ১৯৭৬ৰ পৰা ২০২২ চনলৈ তেওঁৰ লগত এক ঘনিষ্ঠ সম্পর্ক গঢ় লৈ উঠিছিল ৷ তেওঁ বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি আছিল ৷ কথক নৃত্যৰ উপৰি তেওঁ চিত্রকলাত ৰাপ আছিল, বিভিন্ন বাদ্যযন্ত্র বজাইছিল, থুমৰি, দাদৰা, ভজন, হোলী এই গীতসমূহ নিজে কম্পজ কৰিছিল ৷ তদুপৰি এজন সুলেখকো আছিল ৷ তেওঁৰ ৰচিত এখন উল্লেখযোগ্য গ্রন্থ হল ৰসগুঞ্জন অংগ কাব্য ৷ কথকত ব্যৱহাৰ হোৱা মুদ্রাবিলাকৰ নামকৰণ আৰু ভংগিমাবিলাকৰ জোখ–মাপৰ বিষয়বস্তু ভিত্তি কৰি প্রকাশ কৰা গ্রন্থখন কথকক অন্য এক মাত্রা প্রদান কৰিছে ৷ আনহাতে ভজন, থুমৰি, তাৰানা, পদ সন্নিৱিষ্ট কৰি শেহতীয়াকৈ তেওঁ লিখা বৃজ শ্যাম কহে গ্রন্থখনো লেখত লবলগীয়া ৷ তদুপৰি বিভিন্ন নৃত্য–নাটিকাত তেওঁ চৰিত্রসমূহ সুন্দৰকৈ শিকাইছিল ৷ তেওঁৰ পৰিচালনাত ময়ো বহুকেইখন নৃত্য–নাটিকা কৰিছিলোঁ ৷ তাৰ অন্যতম হল কথা ৰঘুনাথ কি ৰূপমতি বাজ বাহাদুৰ কৃষায়ন আদি ৷ মহাৰাজজীৰ সৃজনীশীল মনটো সদায় পৃথক ৷ কথক নৃত্যশৈলীত তেওঁ ফিউজনৰ ধাৰা আনিছিল যদিও দেখিলে contemporary নিচিনা লাগে, তাত কিন্তু কথকশৈলীৰ পৰম্পৰাগত ভাৱধাৰা অটুটু ৰাখিছিল ৷ ব্যক্তিগতভাৱে তেওঁ এজন অত্যন্ত সহজ–সৰল স্বভাৱৰ ব্যক্তি আছিল ৷ কথক নৃত্যৰ বাহিৰে একো চিন্তা কৰাহ নাছিল ৷ আনক সহায় কৰি খুব ভাল পাইছিল ৷ গতিকে নিজকে খুব ধন্য মানো যে মই তেনে এজন মহান ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিলোঁ ৷
  • কিবা স্মৰণীয় মুহূর্ত মনত পৰেনে ৷
  • স্মৰণীয় মুহূর্ত বহুত আছে ৷ এটা উল্লেখ কৰিছোঁ ৷ মহাৰাজজীৰ পৰিচালনাত মই এবাৰ অভিনয় কৰিছিলোঁ ৷ বিখ্যাত ৰোমি–জুলিয়েট নাটকখনত মই গির্জাৰ এজন ফাদাৰৰ চৰিত্র ৰূপায়ণ কৰিছিলোঁ ৷ প্রথমবাৰ ২০০৪ চনত কলকাতাতে মঞ্চস্থ হৈছিল আৰু ২০১৬লৈকে মই বিভিন্ন ঠাইত এহ চৰিত্রটো ৩৭বাৰ কৰিছোঁ ৷ এই কাৰণে মই স্মৰণীয় বুলি কৈছোঁ যে তাত কথক নৃত্যৰ ভূমিকা একো নাছিল ৷ প্রত্যেকটো প্রদর্শনীৰ আগত তেওঁ মোক নতুন ধৰণৰ অভিনয় পাঠ কৰোৱাইছিল ৷
  • কথক নৃত্যত আধুনিকতাৰ পৰশ পৰিছে নেকি ৷ এই পৰিৱর্তন ইতিবাচক নে নেতিবাচক ৷
  • ব্যক্তিগতভাৱে কওঁ অমৰ ভাৰতীয় শাস্ত্রীয় নৃত্যৰ যি পৰম্পৰাগত স্বকীয়তা আছে সেয়া অতুলনীয়৷ কথকৰ ক্ষেত্রত কওঁ এটা সময়ত খুব ভাল আছিল ৷ এই পৰম্পৰাগত স্বকীয়তা অটুট আছিল ৷ এতিয়াও ৮-৯ বছৰৰ অন্তত এটা পৰিৱর্তন আহিছে ৷ বিশেষকৈ সাজসজ্জাৰ ক্ষেত্রত৷ নতুন এচামে ডিজাইনাৰ পোছাক পৰিধান কৰা পৰিলক্ষিত হৈছে ৷ আবুৰটো নোহোৱা হৈছে বিশেষকৈ মহিলাৰ ক্ষেত্রত ৷ গতিকে এহক্ষেত্রত নতুন চামে গুৰুত্ব দিয়াটো বিচাৰোঁ ৷
  • সাধাৰণতে আমাৰ মনলৈ সততে এটা প্রশ্ণ আহে যে পুৰুষে নৃত্য কৰা বা লৰাজনে নৃত্য কৰা বিশেষকৈ শাস্ত্রীয় নৃত্য কৰিব মন কৰিলে মুকলিমনে অনুমতি দিয়া অভিভাৱকৰ সংখ্যা এতিয়াও সীমিত ৷ এই সন্দর্ভত আপোনাৰ অনুভৱ কি
  • পুৰুষ শিল্পী খুব কম ৷ কথাটো ঠিকেই ৷ আচলতে ঘৰখনৰ পৰা সমর্থন লাগিবই ৷ মই মোৰ ঘৰৰ পৰা পূর্ণ সমর্থন লাভ কৰিছিলোঁ ৷ মোৰ পৰিয়ালত কোনো নাছিল কথকৰ লগত জড়িত ৷ লগতে নিজৰ ওপৰত দৃঢ় বিশ্বাস লাগিব ৷ মোৰ প্রশিক্ষণ কেন্দ্রলৈ বহু লৰা আহে দুদিন মান শিকি আৰু নহা হয় ৷ গতিকে নিজৰ মনোবল দৃঢ় হব লাগিব ৷
  • আপুনি কথক নৃত্যৰ জৰিয়তে অসমৰ বিষয়বস্তু বিদেশত উপস্থাপন কৰিছে নেকি ৷ বা এইক্ষেত্রত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি ?
  • কৰিছোঁ প্রথমে মই গুৱাহাটীত সত্রীয়া নৃত্যত ব্যৱহাৰ হোৱা বৰগীত সংমিশ্রণ কৰি কথক কৰিছোঁ ৷ ভূপেন হাজৰিকাৰ গীতৰ ওপৰতো কৰিছোঁ ৷ নতুন দিল্লীত কথক কেন্দ্রত সত্রীয়া আৰু কথক ফিউজন কৰি নৃত্যশৈলী প্রদর্শন কৰি ৰাহজৰ সঁহাৰি লাভ কৰিছোঁ ৷ তদুপৰি ওডিচি, সত্রীয়া আৰু কথক তিনিওটা সংমিশ্রণত ত্রিবান্দি শীর্ষক অনুষ্ঠান কৰিছোঁ ৷  আৰু এটা বিশেষ আইটেম খেয়ালৰ আধাৰত প্রোশিত শীর্ষক অনুষ্ঠান একমাত্র ভাৰতত কৰা ব্যক্তি ময়ে ৷ আগলৈ এনে অনুষ্ঠান কৰাৰ হেঁপাহ আছে ৷
  • কথক নৃত্যক লৈ আপোনাৰ ভৱিষ্যতে সপোন কি আছে
  • পৰিকল্পনা আৰু উদ্দেশ্য বুলি কলে মোৰ এটাই সেয়া হল নতুন প্রজন্মক শুদ্ধ আৰু নিখুঁতভাৱে কথক নৃত্যৰ প্রশিক্ষণ দিয়া ৷ তালিম দি যাম ৷ অনুষ্ঠান কৰি যাম ৷

ফোন ঃ ৯৮৬৪৪-২২৪২৮

You might also like
Leave A Reply

Your email address will not be published.