মৰমৰ আইনাৰ অকণিহঁত

মৰম লবা ৷ তোমালোকে বাৰু ৰেলত উঠি পাইছানে কেতিয়াবা ৰেল ষ্টেচনলৈ গৈছানে ইঞ্জিন এটাই যেতিয়া বহুতো দবা থকা ৰেলখনক হুৰহুৰাই টানি নিয়ে, দবাবোৰত বহি থকা যাত্রীবোৰক দেখি তোমাৰ নিজৰো ৰেলখনত উঠি কৰবালৈ গুচি যাব মন নাযায়নে মোৰ নিজৰ কিন্তু মন যায় ৷ আমি সৰুতে আজিকালি তোমালোকে দেখা ডিজেল ইঞ্জিনে টনা অথবা বৈদ্যুতিক বা বিজুলী শক্তিৰে টানি নিয়া ৰেলবোৰ নাছিল ৷ তাৰ সলনি আছিল ভাপ ইঞ্জিনে টানি নিয়া ৰেলবোৰ ৷ সেই ৰেলবোৰে ইঞ্জিন চিমনিৰে ডাৱৰৰ দৰে বগা বগা ভাপ উৰুৱাই হুচহুচাই ষ্টেচন এটালৈসোমাই আহে, তেতিয়া সেই দৃশ্যটো দেখি বৰ ভাল লাগিছিল ৷ পানীৰ ভাপ উৰুৱাই অহা ৰেলবোৰৰ ইঞ্জিনটো আছিল ভাপ ইঞ্জিন ষ্টাম ইঞ্জিন ৷ ইঞ্জিন চলোৱাৰ শক্তি হৈছে সেই ভাপবোৰ ৷ ভাপবোৰে সৃষ্টি কৰিবলৈ ইঞ্জিনৰ বয়লাৰবোৰৰ ভিতৰত থকা পানীক গৰম কৰি ভাপলৈ ৰূপান্তৰিত কৰা হয় আৰু খুব বেছি চাপত ভাপবোৰেৰে ৰেলৰ ইঞ্জিনটোও চলাই ৰাখে ৷ ৰেলৰ ইঞ্জিনটোলৈ মন কৰি দেখিছিলোঁ যে তাত থকা দুজনমান মানুহে বেল্চা একোখনেৰে ইঞ্জিনৰ ফার্নেছ বা লি থকা চৌকাটোত কয়লা ঢালি জুই লাই ৰাখে ৷ সেই জুইৰে বয়লাৰৰ পানী গৰম কৰি ভাপৰ সৃষ্টি কৰা হয় ৷ দীঘলীয়া ৰেল যাত্রাত শুই যাওঁতে ৰাতি কেতিয়াবা সাৰ পাই দেখোঁ ৰেলখন ৰৈ আছে ৷ মাহঁতে কয় ৰেলৰ ইঞ্জিন চলাবলৈ ৰেলখনে পানী ভৰাই আছে ৷ উচ্চ চাপৰ ভাপ ইঞ্জিনৰ আৱিষ্কাৰক বিজ্ঞানীজনৰ নাম ৰিছার্ড ড্রেভিথিক ৷ আৱিষ্কাৰৰ চনটো আছিল ১৮০০ ৷ তাৰ আগতে ১৭১২ চনত সাধাৰণ ভাপ ইঞ্জিন আৱিষ্কাৰ কৰে টমাছ নিউকমেনে ৷ পিছত ১৭৬৫ চনত ইংলেণ্ডৰ কাৰিকৰী অভিযন্তা জেমছ ৱাটে ভাপ ইঞ্জিনৰ কাৰণে কনডেন্সাৰৰ বিকাশ সাধন কৰি ভাপ ইঞ্জিনৰ বিকাশ সাধন কৰে ৷ তেওঁ সজা ইঞ্জিনবোৰ সৰু আছিল আৰু এইবোৰ চলাওঁতে কম পৰিমাণৰ কয়লাৰ প্রয়োজন হৈছিল ৷ এই ইঞ্জিনবোৰক প্রথমতে বার্লি শস্য খুন্দা আৰু পানী পাম্প কৰাত ব্যৱহাৰ কৰা হৈছিল ৷ ৰটাৰী ইঞ্জিনৰ বিকাশ সাধন কৰি পিছত সেই ইঞ্জিনক ৰেল চলোৱাৰ কামতো ব্যৱহাৰ কৰা হৈছিল ৷

ভাপ ইঞ্জিনৰ আৱিষ্কাৰৰ পিছত ডিজেল ইঞ্জিন আৱিষ্কাৰ কৰা হয় ৷ ভাপ ইঞ্জিনৰ ইন্ধন যেনেকৈ কয়লা, ডিজেল ইঞ্জিনৰ ইন্ধন হৈছে ডিজেল তেল ৷ ১৮৯০ চনত ৰুড্লফ ডিজেল নামৰ এজন বিজ্ঞানীয়ে ডিজেল ইঞ্জিন আৱিষ্কাৰ কৰে ৷ ১৯২২ চনত ভাৰতবর্ষত প্রথমবাৰৰ বাবে ডিজেল ইঞ্জিন সজা হৈছিল ৷ ৰুড্লফ ডিজেলৰ সম্পূর্ণ নামটো হল ৰুড্লফ ক্রিষ্টিয়ান কার্ল ডিজেল ৷ তেওঁ জার্মানীৰ এজন কাৰিকৰী মেকানিকেল ইঞ্জিনীয়াৰ অভিযন্তা আছিল ৷ ডিজেল ইঞ্জিনবোৰ ভাপ ইঞ্জিনবোৰতকৈ বহুত বেছি শক্তিশালী হয় ৷ ডিজেল ইঞ্জিনেৰে ড্রাক, ৰেল, নাও, জাহাজ আদি চলোৱা হয় ৷ ইয়াৰ পিছত আহিল বিদ্যুৎচালিত ৰেল ৷ বিদ্যুৎ বা বিজুলী শক্তিৰে ৰেলবোৰ চলোৱা হয় ৷

অকণিহঁত তোমালোকে জানা যে কয়লা লালে ডিজেল তেল ব্যৱহাৰ কৰিলে তাৰ পৰা অনিষ্টকাৰী গেছ যেনে– কার্বন ডাই অক্সাইড, কার্বন মন অক্সাইড আদি গেছবোৰে বায়ুমণ্ডলত প্রদূষণৰ সৃষ্টি কৰে ৷ বৈদ্যুতিক ৰেল বা বিদ্যুৎচালিত ৰেলবোৰে বায়ুমণ্ডলত প্রদূষণৰ সৃষ্টি নকৰে ৷ অৱশ্যে যিবোৰ থার্মেল পাৱাৰ ষ্টেচন বা তাপবিদ্যুৎ প্রকল্প আছে, তাত পানীৰ ভাপৰ সৃষ্টি কৰিবলৈ ইন্ধনৰ প্রয়োজন হয় ৷ কাৰণ উচ্চ চাপত থকা ভাপেহে বিদ্যুৎ সৃষ্টি কৰিব পৰা টার্বাইনবোৰ চলাই ৰাখে ৷ তাপবিদ্যুৎ প্রকল্পত যদি কয়লাক ব্যৱহাৰ কৰা হয়, তেন্তে তেনে ধৰণৰ তাপবিদ্যুৎ প্রকল্পবোৰে কিন্তু বায়ুমণ্ডল প্রদূষিত কৰে ৷

সেয়ে প্রদূষণ ৰোধ কৰিবলৈ শেহতীয়াকৈ হাইড্রজেন গেছ ব্যৱহাৰ কৰা হৈছে ৷ হাইড্রজেন গেছ হল এক পৰিষ্কাৰ ইন্ধন ৷ হাইড্রজেন গেছক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ পিছত পানীৰহে সৃষ্টি হয় ৷ প্রাকৃতিক গেছ, সূর্য, পানী, আণৱিক শক্তি আদিৰ পৰা হাইড্রজেন গেছ আহৰণ কৰিব পৰা যায় ৷ পৃথিৱীৰ ভিতৰত জার্মানীয়েই হল প্রথমখন দেশ, যত প্রথমবাৰৰ বাবে    ছেপ্টেম্বৰ মাহ হাইড্রজেন গেছেৰে ৰেল চলোৱা হৈছিল, সেই ৰেলৰ গতিবেগ আছিল ঘণ্টাত এশ ষাঠি কিলোমিটাৰ৷ তদুপৰি ৰেলখনে ছশ কিলোমিটাৰ পথ অতিক্রম কৰাৰ পিছতহে তাত ইন্ধন অর্থাৎ হাইড্রজেন গেছ ভৰাব লগা হৈছিল ৷ হাইড্রজেন গেছেৰে ৰেল চলোৱা এছিয়া মহাদেশৰ প্রথমখন দেশ হৈছে চীন দেশ ৷ হাইড্রজেন গেছচালিত ৰেলবোৰত দেখাতেই ধোঁৱা নোলায়, ৰেলত হাইড্রজেন গেছ আৰু অক্সিজেন গেছৰ ক্রিয়া হৈ পানী উৎপাদন হয় ৷ সেই পানী অতি বিশুদ্ধ খাব পাৰি ৷ ব্রিটেইনৰ দৰে দেশে হাইড্রজেন চালিত ৰেলৰ উৎপাদন হোৱা পানী সংৰক্ষণ কৰাৰ আঁচনি লৈছে ৷ ৰেলখনৰ ইঞ্জিনতে উৎপাদন হয় বিদ্যুৎ, তাপ আৰু পানী ৷  ব্রিটেইনত চলোৱা এই ৰেলবোৰৰ এটা দবাতে হাইড্রজেন গেছৰ টেংক, ফুৱেল চেল ইন্ধন কোষ আৰু বেটাৰীবোৰ স্থাপন কৰা হৈছে ৷ এইবোৰ বর্তমান ৰেলখনৰ ওপৰত বা চালত স্থাপন কৰা হয় ৷ হাইড্রজেন গেছৰ শক্তিক সেউজ শক্তি বোলা হয় আৰু ৰেলবোৰক হাইড্রফ্লেক্স বোলা হয় ৷ ফ্রান্সৰ এলষ্টম নামৰ কোম্পানীটোৱে হাইড্রফ্লেক্স ৰেলবোৰ নির্মাণ কৰিছে ৷ হাইড্রফ্লেক্স ৰেলবোৰে আনকি শব্দৰো প্রদূষণ নঘটায় ৷

ভাৰতবর্ষত ২০২৩ চনৰ ডিচেম্বৰ মাহত কালকা আৰু ছিমলাৰ মাজত প্রথমখন হাইড্রফ্লেক্স ৰেল চলোৱাৰ কথা ভাৰতবর্ষৰ কেন্দ্রীয় ৰেলমন্ত্রীয়ে ঘোষণা কৰিছে ৷  আশা কৰা হৈছে পঁয়ত্রিশখন হাইড্রজেন গেছেৰে ৰেল চলোৱা হব বুলি ঘোষণা কৰা হব ৷

বর্তমান ভাৰতবর্ষৰ আটাইতকৈ দ্রুতগামী ৰেলখন হৈছে বন্দে ভাৰত এক্সপ্রেছ ৷ বর্তমান নতুন দিল্লী আৰু বাৰাণসীৰ মাজত চলা দ্রুতগামী বন্দে ভাৰত এক্সপ্রেছ ৰেলখনৰ গতিবেগ ঘণ্টাত প্রায় ৯৫-১৬০ কিলোমিটাৰ ৷ পিছলৈ এই ৰেলবোৰৰ গতিবেগ ববাই ঘণ্টাত ১৮০ কিলোমিটাৰ পর্যন্ত কৰা হব ৷ বর্তমান বন্দে ভাৰত এক্সপ্রেছ ৰেলবোৰ চলাবলৈ বিদ্যুৎ শক্তি ব্যৱহাৰ কৰা হৈছে৷ আশা কৰা হৈছে ২০২৩ চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে ভাৰতবর্ষত  হাইড্রজেন গেছেৰে ৰেল চলোৱা হব ৷

১৮৮১ চনত অকণিহঁত আমাৰ অসমত প্রথমবাৰৰ বাবে ৰেলৰ লাইন বহোৱা হয় ৷ সেই সময়ত অসমত ইংৰাজৰ শাসন চলি আছিল ৷ গতিকে ডঃ  জন বেৰী হোৱাইট আৰু মিঃ বেঞ্জামিন পিয়ের্চী নামৰ দুজন ইংৰাজৰ তত্ত্বাৱধানত আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী নামৰ কোম্পানীটো প্রতিষ্ঠা কৰা হয় ৷ এই কোম্পানীটোৱেই অসমৰ চাহপাত আৰু কয়লা কঢ়িয়াবৰ কাৰণে ডিব্রুগড়ৰ পৰা মার্ঘেৰিটালৈ পয়ষষ্ঠী কিলোমিটাৰ ৰেললাইন নির্মাণ কৰে ৷ ১৮৮১ চনত ডিব্রুগড়ত ৰেলৰ ৱর্কশ্বপ স্থাপন কৰা হয় ৷ আনহাতে ১৮৮০ চনত ডিব্রুগড়ত প্রথমটো ৰেল ষ্টেচন স্থাপন কৰা হয় ৷ অসমৰ প্রথমখন ৰেল চলাবলৈ ইঞ্জিনটো ভাপ ইঞ্জিন ব্রহ্মপুত্রৰে জাহাজত অনা হৈছিল ৷ আগতেই কোৱা হৈছে ৰেল চলাবলৈ পিছলৈ ভাপ ইঞ্জিনৰ সলনি ডিজেল ইঞ্জিন ব্যৱহাৰ হৈছিল ৷ ২০২১ চনৰ ২৩ অক্টোবৰত অসমৰ প্রথমখন বিদ্যুৎচালিত ৰেলখনে নতুন দিল্লী পৰা আহি গুৱাহাটীৰ কামাখ্যা ষ্টেচনত ৰয়হি ৷ সেইখন আছিল যাত্রীবাহী ৰেল ৷ আনহাতে প্রায় ১৪০ বছৰ পূর্বে ১৮৮২ চনৰ এক মেত ডিব্রুগড়ৰ ষ্টামাৰঘাটৰ পৰা জয়পুৰলৈ অসমৰ প্রথমখন ভাপ ইঞ্জিন চালিত ৰেল চলিছিল ৷ আশা কৰা হৈছে ২০২৩ চনৰ শেষৰ পিনে অসমতো হাইড্রজেন গেছচালিত ৰেল চলিব ৷

সময় বচাবলৈ বহুত ব্যস্ত আৰু অসুখীয়া লোকে বিমান যাত্রা কৰে ৷  পিছে ব্যৱসায়–বাণিজ্যৰ বস্তুবোৰ এঠাইৰ পৰা আন এঠাইলৈ নিবলৈ হলে আমাক ৰেলগাড়ী লাগিবই ৷ তদুপৰি ভ্রমণকাৰীসকলে ৰেলত ভ্রমণ কৰি বেছি ভাল পায় ৷ কাৰণ ৰেলৰ দুয়োকাষে প্রাকৃতিক সৌন্দর্য উপভোগ কৰিব পাৰি ৷  বিভিন্ন ৰাজ্যৰ প্রাকৃতিক পৰিৱেশৰ লগতে খেতি–বাতিৰ বিষয়েও জানিব পৰা যায় ৷

শেষত তোমালোকলৈ মৰমেৰে

তোমালোকৰ মাহী

বন্দিতা ফুকন

ফোনঃ  ৯৮৬৪০-২৫৫১৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.